পৃষ্ঠা:সূতিকা পটল.djvu/৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৭
সূতিকা পটল।

বান্তৰ ঔষধ।

যিতো শিশু খৰিচা দুগ্ধেৰে বাতিয়ায়।
খুৱাইলে তাকে * তাৰ উপকাৰ পায়॥
মধ্যে মধ্যে বালকক খুৱাইব তিতা।
সুমিষ্ট সামগ্রী দিব লবণ মিশ্রিতা॥
যি সময়ে বালকৰ দন্ত বাহিৰয়।
সি সময়ে বালকৰ বহু ৰোগ হয়॥

⸻⸻

অচৈতন্য হলে উপায়।

দেখি আছা বালক আছয় খেলা কৰি।
অচৈতন্য হৈয়া পৃথিবীত যায় পড়ি॥
চক্ষুঃ উলটিয়া উঠে মুখ ম্লান হয়।
নলড়ে নচড়ে কাষ্ঠ প্রায় হৈয়া ৰয়॥
সি সময়ে চক্ষে মুখে জল ছিটা দিবা।
হাত-বিচনীক ধৰি সঘনে বিচিবা॥
সিতো কাৰ্য্য কৰন্তে চৈতন্য পাই যায়।
কেওবা চৈতন্য পায় কেওবা নপায়॥
নহলে চৈতন্য তাতো তুলি উৰ্দ্ধ শিৰে৷
শিৰে জল ধাৰা কৰিবেক ধীৰে ধীৰে॥
ইতো দুই ক্রিয়াত হোৱয় উপকাৰ।
অজীর্ণৰ গুণে হয় জানিবাহা সাৰ॥

  • অর্থাৎ ওপৰত কোৱা চূণৰ পানীমিহলোৱা গাখীৰ।