সমললৈ যাওক

পৃষ্ঠা:সূতিকা পটল.djvu/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩১
সূতিকা পটল।


হিম দুগ্ধ হিম জল * মহা উপকাৰী।
লিখিলে পুস্তক যায় মিছাতেহে বাড়ি॥
সি কালত তপত আহাৰ কৰাইলে।
প্ৰসৱৰ পক্ষে প্ৰসূতিৰ কষ্ট মিলে॥
তপত আহাৰ পালে ৰক্তস্ৰাৱ হয়।
সি সময়ে তপ্তাহাৰে কষ্টৰ সংশয়॥
প্ৰসূতি প্ৰসৱ কালে পিয়াসতে মৰে।
সজল নয়নে জল খুজি পাৱে ধৰে॥
নিষ্ঠুৰ নিৰ্দ্দয় ধাত্ৰী নেদেৱয় জল।
কাকুতি মিনতি কৰে পিয়াসে বিকল॥
সি সময়ে হিম দুগ্ধ কিংবা হিম জল।
দিবাহা নিৰ্ভয়ে বাঞ্ছা নকৰি বিকল॥
হিম দুগ্ধ দিলে দুই উপকাৰ তাত।
পিপাসা তো হৰে বলো পাৱয় তাহাত॥
ঈশ্বৰৰ মহিমাৰ কোনে পাৱে অন্ত।
এতেকে তেঁওৰ নাম দয়ালু অনন্ত॥
চিদানন্দে চিদানন্দ ৰাখহ সানন্দ।
চিদানন্দ যাৰ নাই সেই নিৰানন্দ॥
গোবিন্দৰ পদ চিন্তি গোবিন্দ দাস৷
ৰচিলে পয়াৰ ইতো, নহবা নিৰাশ


  * হিম দুগ্ধ, হিম জল-বৰফ মিহলোৱা গাখীৰক হিম দুগ্ধ আৰু বৰফৰপানীক হিম জল বুলিছে। গাওঁত এই দুই বস্তুৰ অভাৱ; তেনে থলত বৰ শীতল পানী আৰু তপত গাখীৰ ঠাণ্ডা কৰি দিব পাৰি।