সমললৈ যাওক

পৃষ্ঠা:সূতিকা পটল.djvu/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৪
সূতিকা পটল।

হেন কালে মোহিনীয়ে উহু উহু কৰি।
বোলে মোৰ কঁকাল ফাটিল হৰি হৰি॥
লক্ষ্মী বোলে কঁকালত হাত পিহি দিয়া।
বেদনা সাশ্ৰয় কিছু পাইব এতিয়া॥
দিল সেই মতে কিছু সাশ্ৰয় হইল।
উৰু ভাঙি গৈল বুলি মোহিনী কহিল॥
তাতো সেই ৰূপে গৈয়া হাত বুলাইল।
বেদনাৰ পক্ষে অল্প সাশ্ৰয় মিলিল॥

⸺⸺

বালকৰ মুৰ দেখা পৰিলে।

বিনোদিনী বোলে হেৰা হেৰ লক্ষ্মীবাই৷
প্ৰসৱৰ দুয়াৰত শিৰ দেখা যাই॥
লক্ষ্মী বোলে সত্য কিন্তু এক কৰ্ম্ম কৰা।
উভয় দ্বাৰৰ * মধ্যে হাত দিয়া ধৰা॥
হেঁচা ঠেলা টিপা টাপী একো নকৰিবা।
হাত তলা পাতি মাত্ৰ ধৰিয়া থাকিবা॥
জল দ্বাৰ মলদ্বাৰ উভয়ৰ মাজে।
অস্থি নাহিকয় তাত চৰ্ম্ম মাংস বাজে॥
মস্তক নিৰ্গম কালে আছয় সংশয়।
মধ্য ভাগ ফাটি কাৰো এক ফাঁক হয়॥
অতএব এই কালে কৰা হস্য়াৰ্পণ।
বালকৰ স্কন্ধ নলাইব যতক্ষণ॥

  • উভয় দ্বাৰ—প্ৰসৱৰ দ্বাৰ আরু শৌচ দ্বাৰ।