পৃষ্ঠা:সূতিকা পটল.djvu/৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৬
সূতিকা পটল।

বহুদিন ৰক্তে ক্লেদে ডুবিয়া আছয়।
সাবুন নিদিলে গাত্ৰ ক্লেদ নুগুছয়॥
গৰ্ভত আছিল সিতো স্থান উষ্ণ স্থান।
বাতাসে ওলাই শীতে কাপয় পৰাণ॥
এতেকতে শিশুক শয্যাক তুলি নিয়া।
ফ্ল্যানেল* কাপড় খণ্ডে গাত্ৰ ঢাকি দিয়া॥

⸺⸺⸺

ক্ষীণকায় বালকৰ পুষ্টকৰ।

ই পক্ষৰ এই কথা কহিব আছয়।
ভূমিষ্ঠ বালক যদি ক্ষীণকায় হয়॥
তেন্তে নাড়ী কাটিবাৰ পূৰ্ব্বে এই কৰা।
অকাটনে নাড়ী খণ্ড বাম হাতে ধৰা॥
মাতৃ পক্ষ পৰা নাড়ী দোহনক কৰি।
অল্প ৰক্ত শিশুৰ উদৰে দিয়া ভৰি॥
উদৰত প্ৰবেশিব নাভি মূল দিয়া।
সেই পথ মাত্ৰ গৰ্ভে আছিল যেতিয়া॥
সি উপায়ে গৰ্ভে ৰক্ত নিলে কিছুমান।
বালক হইব পুষ্ট হৈব বলাধান॥
গৰ্ভ-বাস কালে জননীৰ ৰক্ত-বলে।
অনাহাৰে শিশু ৰক্ষা পায় কেবলে॥
এতেকতে সি কাৰ্য্যক সত্য বুলি ভাবা।
অসত্য বুলিলে তাৰ প্ৰতিফল পাবা॥


  • এক ৰকম গৰম কাপোৰ, বজাৰত কিনিব পায়।