পৃষ্ঠা:সূতিকা পটল.djvu/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬
সূতিকা পটল।


লক্ষ্মী বোলে সিতো মন্দ; ততোধিক কৰে।
বল দিয়া দিয়া বুলি হুকি ডাবি ধৰে॥
বল দিয়া কিংবা বহা যুক্তি নহে ভাল।
কোন সময়ৰ কাৰ্য্য নুবুজয় কাল॥
পোৱাতীৰ প্ৰথম অৱস্থা যত কাল।
তাত প্ৰসৱৰ যত্ন ই বড় জঞ্জাল॥
বল দিলে প্ৰসৱয় গৰ্ভিণীৰ সুত।
কোনে কোত শুনিছা হেনয় অদভুত॥
প্ৰথম অৱস্থা কালে দিয়া বহু বল।
অবলা গৰ্ভিণী আৰো হোৱয় দুৰ্ব্বল॥
দ্বিতীয় অবস্থা বল প্ৰকাশৰ কালে।
বল প্ৰকাশিতে আৰ নপাৰয় ভালে॥
সেই হেতু প্ৰসৱৰ বিলম্ব হোৱয়।
প্ৰথমে বলৰ এই কুফল ফলয়॥
এতেকতে প্ৰথম অৱস্থা যত কাল।
প্ৰসৱ হউক বুলি নকৰি জঞ্জাল॥
মাজে মাজে দেখিবেক জৰায়ুৰ দ্বাৰ।
বন্ধন মুকলি কোন অৱস্থা তাহাৰ॥
যদি বুজিলেক জৰায়ুৰ * দ্বাৰ মুক্ত।
তেৱে প্ৰসৱৰ যত্ন কৰা যুক্তিযুক্ত॥
জৰায়ুৰ দ্বাৰ মুক্ত জানিবেক যেৱে৷
দ্বিতীয় অৱস্থা বুলি মানিলেক তেৱে॥

  • জৰায়ু— গৰ্ভৰ যি ভাগত সন্তান থাকে সেই ভাগৰ নাম জৰায়ু৷