পৃষ্ঠা:সূতিকা পটল.djvu/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০
সূতিকা পটল।


পথালিয়া শিশুকে হাতত বুঝি পাই।
তাতে হাত বাহিৰিব সম্ভব সদাই॥
দ্বিতীয় উপায় বুঝিবাৰ আৰু কঁও।
নাৰিকেল তৈলক হাতত ঘষি লও॥
বাম কিংবা ডাহিন নহৌক যি কি হাত।
প্ৰসৱ দুৱাৰে দেঁও বালকৰ গাত॥
তাতো বুঝি পাঁও দ্বাৰে আছে কোন অঙ্গ।
মস্তক পাইলে মনে পাঁও বড় ৰঙ্গ॥
হস্ত কিংবা পদৰো চিহ্নকো তাতে ধৰোঁ৷
যি কৰা উচিত তাক ক্ৰমে ক্ৰমে কৰোঁ॥
আগে হস্ত পদ কিবা হেতু বাহিৰয়।
পুনঃ বিনোদিনীৰ প্ৰশ্নত লক্ষ্মী কয়॥
ছয় মাস গৰ্ভ পূৰ্ণ হৈলে গভিনীৰ॥
বালকৰ হয় উৰ্দ্ধ পদ অধঃ শিৰ॥
অবশিষ্ট কাল শিশু এইৰূপে থাকে।
আৰ পূৰ্ব্বে উদৰত ঘুৰে পাকে পাকে॥
পদ বা মস্তক থিৰ যাৱে নথাকয়।
হাত কিংবা পাও বাহিৰিয়া প্ৰসৱয়॥
ছয় মাস অপূৰ্ণে প্ৰসৱে সূত যাৰ।
হস্ত নতু পদ ওলাই সন্তানৰ তাৰ॥
যিতো দুঃখিনীয়ে মৃত শিশু প্ৰসৱয়।
তাৰো হস্ত কিংবা পদ আগে বাহিৰয়॥
গৰ্ভে বালকৰ শিৰ জল দোষে ফুলে৷
হস্ত পদ ওলাই মাত্ৰ নোলাই সমূলে॥