পৃষ্ঠা:সূতিকা পটল.djvu/৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫০
সূতিকা পটল।

লক্ষ্মী বোলে একো চিন্তানাই,  ফুল আসিবেক থাকা চাই,
 সমস্তৰে নোহে, কাৰো মাত্ৰ সি জঞ্জাল।
বিনোদিনী বোলে সত্য ভৈল,  মোহিনীৰ ফুল পড়ি গৈল,
 ৰাম ৰাম বোলা চিন্তা গৈল, ভৈল ভাল॥
পুত্ৰ মুখ দেখিল মোহিনী,  আনন্দিতা লক্ষ্মী বিনোদিনী,
 বন্ধুগণ মিলি কৰে সুমঙ্গল গান।
গোবিন্দ গোবিন্দে ৰাখা পায়,  শ্যামলালে ৰক্ষ শ্যামৰায়,
 চিদানন্দ কৰা চিদানন্দৰ কল্যাণ॥

⸺⸺

প্ৰসৱ অন্তত “বাঘিনী-প্ৰসূতি”

ন’হাৰ উপায়।

বিনোদিনী বোলে লক্ষ্মী কি কৰিবোঁ এবে
উদৰৰ হাত তোলোঁ তুমি বোলা যেবে॥
লক্ষ্মী বোলে অল্প কাল ৰাখা মাত্ৰ হাত।
কাপড় বেষ্টন কৰিবাক আছে তাত॥
কপাহি কাপড় খণ্ড দীৰ্ঘ ভাঁজে ধৰি।
আপনি লক্ষ্মীয়ে লৈল দুই ভাঁজ কৰি॥
উদৰৰ অধঃ উৰ্দ্ধ উভয় ভাগত।
মেৰাই ৰাখিল মেৰ আটিলেক যত॥
টানিয়া বাঁধিল আৰু ৰাখিল যতনে।
পোৱাতিও সুখ মানিলেক মনে মনে॥
মেৰাই বাঁধিলে তাক দুই গুণ হয়।
ৰক্ত ভাঙিবাৰ আৰ নাথাকে সংশয়॥