পৃষ্ঠা:সূতিকা পটল.djvu/৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

প্ৰসৱৰ তৃতীয় অৱস্থা,

পোৱাতিৰ শুশ্ৰূষা।

বিনোদিনী বোলে কিবা হয়,  এতক্ষণে ফুল নপড়য়,
 চিন্তাতে আকুল লক্ষ্মী ভৈল মোৰ মন।
লক্ষ্মী বোলে তুমি ভাবা কিবা,  উদৰৰ হাত নুতুলিবা,
 ফুল পড়িবাৰ আছে মাত্ৰ অল্পক্ষণ॥
বিনোদিনী বোলে আছে হাত,  অন্যথা নকৰোঁ কিছুতাত,
 নুবুলিবা মানে নুতুলিবোঁ কদাচিত।
প্ৰসৱৰ ভৈল বহুকাল,  নপড়িলে ফুল নোহে ভাল,
 তোমাত কি মিছা, অন্তৰে হইছোঁ ভীত॥
প্ৰসৱৰ অল্পক্ষণ পাছে,  দেখে ফুল নপড়িয়া আছে,
 আচৰণী হাত প্ৰবেশাই আনে টানি।
যি কৰা উচিত তাকে কৰা,  কিন্তু মোৰ ইতো যুক্তি ধৰা,
 শীঘ্ৰে ফুল পড়িবাৰ কাৰ্য্য কৰা জানি।
লক্ষ্মী বোলে কিনু সৰ্ব্বনাশ,  কথা শুনিলাত আসে হাস,
 পোৱাতিক হত্যা কৰিবাক বোলা মোক।
ফুল টানি আনা মহাভয়,  তাতো বহু ৰক্তস্ৰাৱ হয়,
 নকৰে সংশয় কেৱলে অজ্ঞানী লোক॥
গৰ্ভৰ ভিতৰে নিয়া হাত,  জৰায়ুত কৰে নখাঘাত,
 ফুলৰ কিঞ্চিত ছিঙি থাকে জৰায়ুত।
যদি হোৱে ইতো বিসঙ্গতি,  তেন্তে নাই আৰ ৰক্ষাগতি,
 সুতিকা জ্ববত পাৱে কষ্ট অদভূত॥