পৃষ্ঠা:সূতিকা পটল.djvu/৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


কোনোবা যুগৰ কোনোবা মুনি-ঋষি কোনোবা সমাজৰ বাবে কৰি যোৱা নিয়মে আজিৰ দিনত আজিৰ সমাজক চলাব নোৱাৰে৷ এই কথা কি দৰে সাধাৰণৰ বোধগম্য কৰি দিছে, এবাৰ ৬৪ পৃষ্ঠাত চালেই বুজিব পাৰি৷ এনে কথা যে আৰু কিমান আছে, কিতাপ- খন ঘূৰাই চালেই বুজিব পৰা যাব৷  এতিয়া আমি দেশহিতৈষী হৈছোঁ; কিন্তু আমাৰ দেশহিতৈষিতা বুঢ়া দিনৰ এই বুঢ়াজনৰ সমান হয় নে চোৱাচোন-

গৰ্ভবাস যন্ত্ৰনাক হই বিস্মৰণ৷
মদে মত্ত হই বিষয়ত দিলোঁ মন৷৷
কাম ক্ৰোধ লোভ মোহ হইল প্ৰবল৷
ধৰ্ম্ম চিন্তিবাৰ চিন্তা কৰিল বিকল৷৷
সিতো গৈল গৈল, ভৈল যি ভৈল সি ভৈল৷
অসাৰ সংসাৰে আশা পূৰ্ণ নাহি হৈল৷৷
তাকে জানি দেশৰ সাধন কৰা হিত৷
নকৰিবা ইতো যুগুতিৰ বিপৰীত৷৷ (৪৭ পৃষ্ঠা)

আনৰ পৰা হ’লে এনে মায়া মোহৰ কথাৰ পাচত হৰি ভক্তিৰ উপদেশ পোৱা গ’লহেঁতেন৷ কিন্তু চৌধুৰী ডাঙৰীয়াই কৈছে- মায়ামোহত মুগ্ধ হৈ ধৰ্ম্ম নাচৰি যি কৰিলা, কৰিলা; কিন্তু এতিয়া দেশৰ হিত কৰি সেই পাপ কটোৱা, জীৱন সাৰ্থক কৰা৷ দেশ-সেৱা, জনসেৱা এয়ে পৰম ধৰ্ম্ম৷ কেনে মহৎ আৰু অসাধাৰণ দেশভক্তি৷

 আকৌ, চৌধুৰী ডাঙৰীয়াৰ কবিত্বৰ কথাও অলপ নোৱাৰি৷ তেওঁ এই পুথিখন আৰু লগত দিয়া দুটিত বাদে আন কিবা পুথি লিখিছে নে নাই, এতিয়াও জনা নাই৷ কিন্তু তেওঁৰ কবিত্ব এইখনতে সুন্দৰকৈ ফুটি উঠিছে৷