পৃষ্ঠা:সূতিকা পটল.djvu/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

গ্ৰন্থকাৰৰ ভূমিকা।

 গৰ্ভ অৱস্থাৰ সাৱধানতা, প্ৰসৱৰ ব্যৱস্থা, শিশুপালন, তাৰ ৰোগৰ কাৰণ বা ঔষধ, কামৰূপী স্ত্ৰীলোকসকলে নাজানে।

 সেইকাৰণে শৰীৰত আৰু মনত মহাকষ্ট ভোগ কৰে আকে তাকে জানি মহাত্মা যদুনাথ ডাক্তৰৰ কৰা ’’ধাত্ৰী শিক্ষাৰ” প্ৰথম ভাগৰ কামৰূপী ভাষায়ে সস্তা কথা দি পদ কৰিলোঁ৷

 গ্ৰামিক লোকে পদ পুথিক শ্ৰদ্ধা কৰি ঘৰৰ কাঠিত বহি ৰাগ টানি পঢ়ে। তাতে স্ত্ৰীলোকে শুনিব এই ভৰসা।

 পণ্ডিতবৰ শ্ৰীযুত বাবু অভয়াচৰণ শৰ্ম্মা দয়াৰ প্ৰতিমূৰ্ত্তিস্বৰূপ। তেওঁ দয়া গুণে লিপিশুদ্ধি কৰি দি ছপাবৰ অভয় দিয়াত ছপালোঁ।

শ্ৰীগোবিন্দৰাম চৌধুৰী।

পাতনি।

 ৺গোবিন্দৰাম চৌধুৰী ডাঙৰীয়াৰ সূতিকা পটল কিমান উপকাৰী তাক এবাৰ পঢ়ি চালেই বুজিব পৰা যাব। এই কিতাপখন তেওঁৰ নিজা নহয়; বঙালীভাষাৰ ’’ধাত্ৰীশিক্ষা” বুলি কিতাপ এখনৰ অনুবাদ হে। কিন্তু ই যেই সেই অনুবাদ নহয়; ইয়াক অসমীয়াৰ আৰু অসমীয়া ভাষাৰ নিজা কৰি লোৱা অনুবাদ। ইয়াত ৰোগবোৰৰ বঙালী নাম আৰু ঔষধৰো বঙালী নাম অসমীয়া ভাষাত দিয়া হৈছে। ভালকৈ ঘৰুৱা বঙালী নজনাৰ পক্ষে ই এটি কম সুবিধা নহয়।

 অৱশ্যে, সুতিকা পটলত যিমান কথা আছে সকলোকে অনুসৰণ কৰি চলিব নোৱাৰি। আৰু তাত যিবোৰ ঔষধৰ কথা লেখিছে সেইবোৰ সকলো ঠাইতে পোৱা টান, আৰু পালেও ব্যৱহাৰ কৰা টান। কিন্তু তাত যিবোৰ উপদেশ আছে, তাক সকলোৱে অতি সহজতে পালন কৰিব পাৰে; আৰু আমাৰ বিশ্বাস, সেইবোৰ পালন কৰি চলিলে প্ৰসূতি আৰু সন্তানৰ উভয়ৰে বহু