পৃষ্ঠা:সূতিকা পটল.djvu/৫৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


সূতিকা পটল। যদি আঢ়ৈ ভােলামান ৰক্ত পৰি গৈল। নীলবর্ণ ছিল পূৰ্বৰ বৰ্ণ ভৈল। তেন্তে আৰু ভৰসা হইল জীৱনত । নাকে মুখে জলছিটা দিব সেই মত । সেইরূপে জলত বসাই জোবৰাই। দেখিব পৰীক্ষা কৰি আয়ু আছে নাই । অপত্য সমান স্নেহ নাই ধৰাতলে। নচ দৈবাৎ পৰং বলং সর্ব জনে বুলে। আৰো বােলে নৌকা ডুবয় মানে বাব। ৰােগীক যত্নিব নময় মানে চাব । নাড়ী-ছেদ। লক্ষ্মী বােলে নাড়ী বান্ধি যিৰূপে কাটিবা। শিক্ষা দেওঁ বিনােদিনী মনত ৰাখিব । বিনোদিনী বোলে ময় সি কৰণী জানো। লক্ষ্মী বোলে কোৱাহা তেবেসে ময় মানো। বিনােদিনী বােলে বাঁশ-কর্তনী + ধৰিয়া। ৰেপাদিয়া নাড়ী খও ফেলাতে কাটিয়া । নাভিৰ উপৰে ক্ষুদ্ৰ ৰজু বার। বন্ধনী কাষত সেই কর্তনে কাটয় । লক্ষ্মী বোলে ৰছু যদি অতি ক্ষুদ্ধ হয়। বান্ধিলে নাড়ীত বা ফাটি বসয় । বাঁশ-কর্তনী অর্থাৎ বৰ ছো।