পৃষ্ঠা:সূতিকা পটল.djvu/৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৪
সূতিকা পটল।

ইতো সাৱধানত নহব কৃমি আৰ।
যত্নিবেক জননী নিয়মে ৰাখিবাৰ ॥
জননী নেদিব মিষ্ট আপােন সন্তানে।
ইতাে কথা কেতিয়াও গােবিন্দে নামানে॥

⸻⸻

মূত্ৰৰ দুৰ্গুণ।

যদি শিশু প্ৰস্ৰাৱ কৰিলে ভূমিভাগে।
চুণ ঘোলা জলৰ সমানে দাগ লাগে॥
সিতো বালকৰ নােহয় পুষ্ট কায়।
আহাৰ নোহয় জীর্ণ, বৃথা যিবা খায়॥
তাৰ ভােজ্য বিষয়ত হব সাবধান।
পেটে ক্ষুধা ৰাখি খুৱাইব অল্প মান॥
দুগ্ধ ভাগ ঘটাইব ঘন নকৰিব।
মিষ্ট বস্তু কিছুদিন খাবাক নেদিব॥
প্ৰহৰৈক ৰাত্ৰি অন্তে আহাৰ বর্জিত।
খুৱাইলে হইব হিতত বিপৰীত॥
প্রভাতত নিদ্রা ভাগি তুলিব জগাই।
দিব শুদ্ধ অল্প কাঁচা পানীক খুৱাই॥
কিছুদিন খুৱাইলে হব উপকাৰ।
অগ্নি বৃদ্ধি কৰিবাক শক্তি আছে তাৰ॥
বিপৰীত প্রস্রাবৰো কৰে বহুগুণ।
দ্ৰাবক ঔষধ কাক বােলে কওঁ শুন॥

⸺⸻