পৃষ্ঠা:সূতিকা পটল.djvu/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

॥•

যাই। এইখিনি, হাঁহ, পাৰা, ছাগল প্ৰভৃতি পুহি তেওঁ নিজে উপাৰ্জ্জন কৰা ধন। সেইবাবে এইখিনি তেওঁৰ স্মৃতিৰ অৰ্থে কোনো সদ্ কামত ব্যয় কৰা আমাৰ কৰ্ত্তব্য আছিল। পুত্ৰ সন্তান এটি প্ৰসৱ কৰি ৺যজ্ঞেশ্বৰী দেবীৰ মৃত্যু হোৱাৰ সমান দুখ লগা কথা তেওঁৰ জ্ঞাতি-বান্ধৱসকলৰ ওচৰত একো নাই। এইদৰে যে আমাৰ নজনা দেশত কিমান তিৰোতাই ইষ্টমিত্ৰক কন্দুৱাই অকাল মৃত্যুত প্ৰাণত্যাগ কৰিব ধৰিছে তাৰ সংখ্যা নাই৷ সেইদেখি এই পুথিখন ছপাই তেওঁ যি কালৰোগত পৰি ইহলীলা সম্বৰিলে, তাক দমন কৰিবলৈকে অলপমানো সহায় কৰি, অসমীয়া তিৰোতাক ডাঙৰ বিপদ এটিৰ পৰা উদ্ধাৰৰ এটি সঙ্কীৰ্ণ পথ দেখাই দিব পৰাতকৈ একো ভাল স্মৃতি চিহ্ন হ’ব নোৱাৰে জানি, এই পুথিখন তেওঁৰ নামে ছপা কৰা হ’ল। সেইবাবেই ইয়াৰ মূল্য সম্ভৱমতে সস্তা কৰা হৈছে। আৰু ইয়াৰ লাভখিনিও কোনো সদ কামত প্ৰকাশিকাৰ নামে ব্যয়িত হ'ব। এই উদ্দেশ্য জানি গ্ৰন্থকাৰৰ সুযোগ্য পুত্ৰ ৺শ্যামলাল চৌধুৰী চব্ ডিপুটি কলেক্টৰে তিনমাহ আগতে এই পুথিৰ সকলো স্বত্ব আমাক এৰি দিছে। বড় দুখৰ বিষয় তাৰ পাচত যোৱা আহিন মাহত এনেহেন সাধুজনৰ মৃত্যু হ’ল। আমি সৰ্ব্বান্তঃকৰণে তেওঁৰ আত্মাৰ সদগতি কামনা কৰিছোঁ৷ ইতি-

পলাশবাড়ী,
আঘোন, ১৩১৫ চন
শ্ৰীনবীনচন্দ্ৰ তালুকদাৰ।