সমললৈ যাওক

হিৰণ্ময়ী দেৱীৰ বিভিন্ন অনুভৱ

ৱিকিউৎসৰ পৰা
[  ]

বিভিন্ন অনুভৱ
হিৰণ্ময়ী দেৱী

[  ]

বিভিন্ন অনুভৱ
(প্ৰৱন্ধ সংকলন)

 

 
 
 

হিৰন্ময়ী দেৱী

[  ] BIBHINNA ANUBHAV : A collection of articles written and Published by Hiranmoyee Devi, Silpukhuri, Guwahati-781003


প্ৰথম প্ৰকাশ : ডিচেম্বৰ ১৯৯৯ চন


প্ৰকাশিকা—: হিৰণ্ময়ী দেবী


লেখিকাৰ দ্বাৰা সৰ্বস্বত্ব সংৰক্ষিত


বেটুপাত : শ্ৰীমনোজ কুমাৰ ভট্টাচাৰ্য্য


মুদ্ৰণ : ফ্ৰন্টিয়াৰ ইণ্ডাষ্ট্ৰিজ

 যোগেন বৰুৱা লেন, শিলপুখুৰী, গুৱাহাটী-৩


মূল্য : ত্ৰিশ টকা

[  ]
 

 পৰম শ্ৰদ্ধেয় শিক্ষাগুৰু
 মণিকুমাৰ গাঙ্গুলীদেৱৰ পবিত্ৰ স্মৃতিত
 পুথিখনি অৰ্পিত হ’ল।

 

[  ]
 
বিষয় সূচী  পৃষ্ঠা
দুটুপি চকুলো : মণি গাঙ্গুলীলৈ—    
বিদ্যালয়ত নৈতিক শিক্ষা—    
আমাৰ দৈনন্দিন জীৱনত গীতাৰ প্ৰাসঙ্গিকতা—    ২৫
নাৰী : নান্দনিক দৃষ্টিৰে—    ৩৬
বৈদিক যুগৰ নাৰী : মৈত্ৰেয়ী—    ৪৩
কুমাৰ সম্ভৱ : এটি সাধাৰণ আলোচনা—    ৪৮
কোণাৰ্কৰ সূৰ্য্যমন্দিৰ—    ৫৭
যদিওবা আৰু নহ'ল সজা—    ৬৩
নীলিমা দত্তৰ কবিতা—    ৭১
দিব্যপ্ৰভা ভৰালী : কবি আৰু কাব্যকৃতি—    ৮০
উপনিষদৰ কথা—    ৮৯
গুহাপুৰী অজন্তা ইলোৰাত এভুমুকি—    ৯৮
এছ অ' এছ শিশুগ্ৰামলৈ গৈছিলো—    ১০৭

[  ]

দুটুপি চকুলো : মণি গাঙ্গুলীলৈ

 গুৱাহাটী বিশ্ববিদ্যালয়ত ইংৰাজী বিষয়ৰ স্নাতকোত্তৰ শ্ৰেণী খোলাৰে পৰা যোৱা '৬৩ চনলৈকে যিসকল এই বিষয়ৰ অধ্যয়নৰ বাবে আহিছে সেইসকল ছাত্ৰ-ছাত্ৰীৰ সম্ভৱতঃ অধিকাংশৰ বাবেই বিশ্ববিদ্যালয়ত সবাতোকৈ আনন্দৰ, সবাতোকৈ তৃপ্তিৰ সময়কণ আছিল অধ্যাপক মণিকুমাৰ গাঙ্গূলীৰ ক্লাচটো। ঘন্টাৰ পিছত ঘণ্টা ধৰি বিৰতিহীন ক্লাচবোৰৰ ক্লান্তিৰ মাজতো ছাত্ৰ-ছাত্ৰীয়ে পৰম আশাৰে সেইখিনি সময়লৈকে বাট চাই থাকে। ক্লাচৰ বৃহৎ দৰজা- খন নিঃশব্দে খুলি কাড় এপাট অহাদি সুদৰ্শন পুৰুষজন সোমাই আহি প্লেটফৰ্‌মত উঠেহি; পকা বাঙিৰ ৰঙৰ এটি নাতিদীৰ্ঘ ঋজু দেহ, গাত ইস্ত্ৰিৰ স্পষ্ট ভাজবোৰেৰে এষোৰ মিহি ধুতি-পাঞ্জাৱী; বুদ্ধিদীপ্ত মুখখনিত সময়ৰ ৰেখাবোৰে আত্মগোপন কৰিব নোৱাৰে যদিও দেহ-মনত এটি পচিশ বছৰীয়া ডেকাৰ অফুৰন্ত উদ্যম আৰু প্ৰাণ প্ৰাচুৰ্য্য৷ সেইজন মণিকুমাৰ গাঙ্গুলী–গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ তেতিয়াৰ মূৰব্বী অধ্যাপক। যোৱা ১৯ জুলাই তাৰিখে হৃদ-যন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ পয়ষষ্ঠি বছৰ বয়সতে জলপাই- গুৰিত তেওঁৰ মৃত্যু ঘটিছে। ছাত্ৰ হিচাপে অত্যন্ত মেধাবী গাঙ্গূলী- দেৱে ১৯২২ চনতে কলিকতা বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান অধিকাৰ কৰি এম. এ. পাছ কৰে। বৰিশাল [  ] আৰু খুল্‌নাৰ কলেজত অধ্যাপনা কৰাৰ অন্তত বঙ্গ-বিভাজনৰ সময়ত তেওঁ অসমলৈ গুচি আহে আৰু পিছত গুৱাহাটী বিশ্ববিদ্যালয়ত যোগ দিয়ে। বিভাগীয় মূৰব্বী হিচাপে কেবাবছৰো সুচাৰুৰূপে কাম চলাই ’৬৩ চনত তেওঁ অৱসৰ লৈছিল। নতুনকৈ খোলা বিভাগটোৰ উন্নতিৰ বাবে তেওঁ যথেষ্ট খাটিছিল। তেওঁৰ বহুমূলীয়া অনুমোদন অনুসৰি বিশ্ববিদ্যালয় লাইব্ৰেৰীলৈ উক্ত বিষয়ৰ ভালেমান আপুৰুগীয়া পুথি আহিল। কেইজনমান ছাত্ৰ-ছাত্ৰীৰে আৰম্ভ কৰা শ্ৰেণীটোত শিক্ষাৰ্থীৰ সমাগম এতিয়া চকুত পৰা বিধৰ।

 শিক্ষাদান কাৰ্য্যক কেৱল জীৱিকাৰ উপায় বুলি নলৈ জীৱনৰ সাধনাৰূপেও যিসকলে গ্ৰহণ কৰে গাঙ্গূলীদেৱ নিঃসন্দেহে সেইসকলৰ অগশাৰীৰ এজন আছিল। তেওঁ প্ৰায়েই কৈছিল, উঠি অহা ডেকা গাভৰুজাকৰ উজ্জ্বল মুখবোৰেই হেনো তেওঁৰ জীৱনৰ আনন্দ; সেয়ে ল'ৰা-ছোৱালীৰ সান্নিধ্য তেওঁৰ অতি প্ৰিয় আছিল। প্ৰতি জন ছাত্ৰ-ছাত্ৰীৰ লগতে তেওঁ বিশেষভাৱে পৰিচিত হৈ তেওঁলোকৰ ব্যক্তিগত সমস্যাবোৰ বুজি লৈছিল আৰু সেইমতে, সহায়-পৰামৰ্শ আগবঢ়াইছিল। তেখেতৰ চিৰহাস্যময় মুখখন, আকৰ্ষণীয় ব্যক্তিত্ব, সুৰুচিপূৰ্ণ বেশ-ভূষা দেখিলে অনুমান হয় জীৱন-সুধা আকণ্ঠ পান কৰিবলৈ সেই বয়সতো যেন তেওঁ সচা-সচেষ্ট – উঠি অহা চামৰ চিন্তাধাৰাৰ স'তে ফেৰ মাৰি চলিবলৈ সাধাৰণতে অসমৰ্থ হয় বাবেই বুঢ়াসকলক ল’ৰাহঁতে প্ৰায়ে পুতৌৰ চকুৰে চাবলৈ বিচাৰে। কিন্তু তেনে অনুকম্পাৰ উদ্ৰেক কৰিব পৰা কোনো দুৰ্বলতা দেখু-ৱাবলৈ মানুহজন প্ৰস্তুত নাছিল। সেইবাবেই তেওঁ বুঢ়াৰ লগত বুঢ়া যদিও ল’ৰাচামৰ মাজত সিহঁতৰে এজন হৈ দেখুৱাব জানিছিল। পৰীক্ষাৰ্থী ছাত্ৰসকলৰ কাৰণে তেওঁ এজন অত্যন্ত হিচাবী শিক্ষক [  ] আছিল। ইংৰাজী সাহিত্যৰ সীমাহীন সাগৰখনলৈ মাতি আনি পাৰৰ সন্ধান দিয়াৰ সলনি ‘ভূমানন্দ’ৰ আস্বাদ দিবলৈ চেষ্টা কৰি ছাত্ৰৰ ৰং চোৱাৰ প্ৰবৃত্তি তেওঁৰ নাছিল। যি কেইখন কিতাপ তেওঁ পঢ়ুৱাইছিল এটি সীমিত পৰিসৰৰ মাজত সেই পুথিৰ পুংখানুপুঙ্খ আলোচনাৰ দ্বাৰা তেওঁ বিষয়বস্তু সহজ আৰু বোধগম্য কৰি তুলিছিল। নিয়মিত টিউটৰিয়েল ক্লাচৰ উপৰিও পাঠ্যক্ৰমৰ অন্তৰ্গত কোনো বিষয় লৈ আলোচনা চক্ৰ আদি পাতিবলৈ ছাত্ৰক তেওঁ উৎসাহিত কৰিছিল।

 এজন সফল শিক্ষক হ’বলৈ হ'লে শিক্ষণীয় বিষয়-বিশেষত অগাধ জ্ঞান থাকিলেই নহয়; নিজৰ প্ৰাণৰ ৰঙেৰে বোলাই সেই অমূৰ্ত্তক জ্ঞান ছাত্ৰৰ বাবে আকৰ্ষণীয় কৰি তুলিব নোৱাৰিলে মুষ্টিমেয় অত্যন্ত নিষ্ঠাবান ছাত্ৰ-ছাত্ৰীত বাদে বাকীসকলৰ মনোযোগ আকৰ্ষণ কৰাৰ চেষ্টা নিৰৰ্থক। ফলত ক্লাচৰ পিছৰ বেঞ্চিবোৰত গান-বাজনা, কথা-বতৰা, ছবিঅঁকা, ঠাট্টা-মস্কৰা আদি বিভিন্ন ধৰণৰ কাৰ্য্য লুকাই-চুৰকৈ হ'লেও চলি থাকে। সেইপিনৰ পৰা শিক্ষক হিচাপে গাঙ্গূলী-দেৱৰ কৃতিত্ব শলাগিবলগীয়া আছিল। অকল জ্ঞানৰ গভীৰতাই নহয়, তেখেতৰ সৰল ইংৰাজী বক্তৃতাৰ সাৱলীলতা, প্ৰাণস্পৰ্শী প্ৰকাশভংগীয়ে সকলো পৰ্য্যায়ৰ ছাত্ৰ-ছাত্ৰীকে তন্ময় কৰি ৰাখিব পাৰিছিল। যিজন সাহিত্যিকৰ বিষয়েই তেওঁ নপঢ়ুৱাওক, আলোচিত ব্যক্তিত্বৰ স’তে তেওঁ এটি নিবিড় আত্মীয়তাৰ ভাৱ গঢ়ি তুলিব পাৰিছিল। অংগী-ভংগী আৰু অনুৰূপ ভাৱ প্ৰকাশৰ দ্বাৰা এটি নাটকীয় পৰিবেশ সৃষ্টি কৰি মানুহজনে বিষয়বস্তুক এনেভাৱে প্ৰাণবন্ত কৰি তোলে যে ছাত্ৰ-ছাত্ৰীৰ মনত সি মচিব নোৱাৰাকৈ দাগ কাটি যায়। সেইদৰে নিৰহ-নিপানীকৈ আলোচনা কৰা, বাবেই হয়তো ৰাস্কিনৰ [  ] ‘পলিটিকেল ইকনমি’ৰ থিয়ৰি বা হেজ্ লিট, ডি কুইন্সৰ দুৰূহ ৰচনা বিলাকতো ছাত্ৰই সোৱাদ বিচাৰি পাইছিল। সচৰাচৰ তেখেতে তেতিয়াৰ সপ্তম প্ৰশ্ন কাকতৰ ‘চচাৰ’ আৰু প্ৰথম প্ৰশ্নকাকতৰ ছেক্স্‌পীয়েৰৰ ট্ৰেজেডীকিখন পঢ়ুৱাইছিল। চতুৰ্দ্দশ শতিকাৰ সেই ৰঙিয়াল কবিজনৰ কবিতাবোৰ যেতিয়া তেওঁ অন্তৰ ঢালি আবৃত্তি কৰে তেতিয়া প্ৰতিজন ছাত্ৰ-ছাত্ৰীৰো হয়তো তেওঁকেই ‘চচাৰ' বুলি এবাৰ কল্পনা কৰি চোৱাৰ প্ৰবৃত্তি জন্মে। বাস্তবিকতে ধুতি-পাঞ্জা- ৱীৰ সলনি পশ্চিমীয়া সাজযোৰ গাত থকা হ'লে তেওঁক ইউৰোপীয় অধ্যাপক বুলিয়েই নতুন ছাত্ৰই খন্তেকলৈ হ'লেও ভুল কৰিলেহেঁতেন। গাঙ্গুলী ‘চচাৰ’ নাছিল সঁচা; কিন্তু দুখ-বেদনা, নীচতা-দীনতাৰ এই পৃথিৱীখনক তেৱোঁ যেন চচাৰসুলভ উদাৰ আনন্দ আৰু সহা- নুভূতিৰেই গ্ৰহণ কৰিব পাৰিছিল। কিং লিয়েৰৰ শেষ বয়সৰ নিঃ- সঙ্গতা আৰু অসহায় মনোভাৱ সেই বুঢ়া মানুহজনৰ কল্পনাৰ মাধ্যমেৰে যেতিয়া ছাত্ৰৰ চকুত মূৰ্ত্তিমান হৈ উঠে তেতিয়া চকুবোৰ সাধাৰণতে শুকান হৈ নাথাকে। আনহাতে ছেক্স্‌পীয়েৰৰ ’ফল্‌ষ্টাফ’ৰ বোহে- মিয়ান জীৱন-দৰ্শনৰ তৰাং পানী-ডৰাতো তেওঁ এনে স্বাচ্ছন্দেৰে নাদুৰি সাতুৰি ফুৰিব পাৰিছিল যে মুহূৰ্ত্তলৈ তেওঁকেই ’ফল্‌ষ্টাফ’ বুলি ভবাৰ (ক্ষমা-প্ৰাৰ্থনাৰে) লোভ কম ছাত্ৰ-ছাত্ৰীয়েই সম্বৰণ কৰিব পাৰে। অভিনয়-কুশল অধ্যাপকজনে মাজে-সময়ে কিংলীয়েৰ, অথেলো আদি নাটকৰ দুই চাৰিটা দৃশ্য ছাত্ৰ-ছাত্ৰীৰ হতুৱাই মঞ্চস্থ কৰাইছিল।

 শ্ৰেণী-কোঠাৰ আলোচনাৰ বিষয়বস্তু যিমানেই গভীৰ নহওক, ছাত্ৰ-ছাত্ৰীৰ সৈতে হাঁহিবলৈ তেওঁ সততে সুৰুঙা বিচাৰি ফুৰিছিল। “নাইট্‌চ্‌টে’ল’ বোলা পুথিখনৰ এঠাইত চচাৰে ডেকা প্ৰেমিকৰ [ ১০ ] সাধাৰণ লক্ষণ এইদৰে বৰ্ণাইছে— “প্ৰেমিকৰ মনবোৰ কুঁৱাৰ পানী তোলা বাল্টিটোৰ দৰে—এই ওপৰ, এই তল; এই শৰতৰ ফৰকাল আকাশ, এই বাৰিষাৰ ওন্দোলোৱা বতৰ।” “দেখিছা চচাৰে কি কৈছে”.— বুলি হয়তো তেৱেঁই পোনতে হাঁহি মাৰিলে। জাক ল’ৰাই লগে লগে গিৰ্জ্জনি মাৰি হাঁহি দিলে। গহীন বিধৰ লৰা কেইটাই বয়সস্থ প্ৰফেচৰ আৰু ছোৱালীহঁতৰ আগত অপ্ৰস্তুত বোধ কৰি সেমেনা-সেমেনি কৰে। আৰু তিনিকুৰিৰ ডেওনা চেৰাই যোৱা মানুহজনে প্লেটফৰমৰ ওপৰৰ পৰা সেই আমোদজনক পৰিস্থিতিটো প্ৰাণ খুলি উপভোগ কৰে। এদিনাখন তেওঁ ক্লাচত স্কটলেণ্ডৰ কবি ৰবাৰ্ট বাৰ্ণচৰ কবিতা পঢ়ি শুনাইছিল। কবিতাৰ এঠাইত যৌৱন- চপলা গাভৰু এজনীয়ে মনে বিচৰা ডেকাজনক কৈছে- “চাৰ্চলৈ যাওঁতে মোলৈ চাই নেথাকিবা, আই-বোপাইৰ চকুত পৰিব; সেই- বুলি দহোকুৰি শপত, কেৰাহিকৈ চাই চকুৰ টিপ, এটি নমৰাকৈ হ’লে নেথাকিব। ” কথাৰ লগে লগেই ‘একটিং’ যে চলিব সেই কথাষাৰ ভাবি ছোৱালীহঁতৰ তালুয়ে-জিভাই কামোৰ খালে। কিন্তু সুখৰ কথা, কাৰ্য্যক্ষেত্ৰত দেখা গ'ল— সেই কটাক্ষপাতৰ চিকাৰ হ'ল তেওঁৰ সোঁহাতে বহা প্ৰথম বেঞ্চৰ ল’ৰাহঁতহে, বাওঁহাতৰ ছোৱালী- কেইজনী নহয়। হাঁহিত প্ৰকাণ্ড ক্লাচৰুমটো ৰজনজনাই গ'ল। মানুহজনৰ সান্নিধ্যলাভৰ সুযোপ যাৰ ভাগ্যত ঘটিছে তেওঁ ইংৰাজ কবি ক’লৰীজৰ সেই কবিতাফাকি বিশ্বাস কৰিবলৈ বাধ্য —

“Life is but thought, So think I will
That youth and I are housemates still”,

 এই সেইজন মানুহৰ চিৰহস্যময় মুখখনতো এদিন গভীৰ বিষাদে বয়সৰ ৰেখাবোৰ হঠাতে প্ৰকট কৰি তোলা দেখা গৈছিল। সেইটো [ ১১ ] আছিল ১৯৬৩ চনৰ শেষৰ ফালৰ দিন এটা। গাঙ্গূলী চাৰৰ অৱসৰ গ্ৰহণ উপলক্ষে সেইদিনা তেওঁক বিদায়-সম্ভাষণ জনাবলৈ ছাত্ৰ-ছাত্ৰী আৰু সহকৰ্মীসকল গোট খাইছিল। বাহিৰৰ পৰা অহা অধ্যাপক কেইজনে সেইদিনা কৈছিল, কিদৰে হেড অৱ দ্য ডিপাৰ্টমেন্ট’ৰ সহায়-সহযোগ আৰু মৰম-সনা ব্যৱহাৰে এটি আচহুৱা পৰিবেশত, এখন অচিনাকী শিক্ষানুষ্ঠানত তেওঁলোকৰ সকলো সমস্যা সমাধান কৰিছিল। ছাত্ৰ আৰু সহকৰ্মীসকলৰ অভিনন্দন জ্ঞাপনত মাজে মাজে বাধা দি বিচলিত কণ্ঠে মানুহজনে কৈ উঠিছিল— “No, no, I am not worthy of such praise” কোনো কোনো ছাত্ৰ-ছাত্ৰীয়ে তেওঁৰ ভৰি চুই প্ৰণাম কৰিব খোজাত তেওঁ অভিভূত কণ্ঠে কৈছিল, “তোমালোকে মোক একেবাৰে বিদায় দিব খুজিছানে কি? মই প্ৰায়েই ইয়ালৈ আহি থাকিম; তোমালোকে বিচাৰিলে মোক সততে পাই থাকিবা। তোমালোকক এৰি, ইংলিচ-ডিপাৰ্টমেন্টক, গুৱাহাটী বিশ্ববিদ্যালয়ক বাদ দি মই কেনেকৈ জীয়াই থাকিম?” বুকুখন চেপি খুন্দি গুৰি কৰিব খোজা কান্দোনবোৰ লুকুৱাবলৈকে বোধকৰো তেওঁৰ প্ৰিয় গায়িকা-ছাত্ৰীএগৰাকীক ওচৰলৈ মাতি কৈছিল, “নাইটিংগেল, এইবাৰ তুমি এটি গান শুনোৱা।”

 অনবৰত কিতাপ-পত্ৰ লৈয়ে ব্যস্ত থকা ছাত্ৰতকৈ সমাজ সেৱা আদি বাহিৰা কামত অংশ গ্ৰহণ কৰাৰ খ্যাতি থকা ল'ৰা কেই- জনক তেওঁ প্ৰকাশ্যভাৱেই অধিকতৰ স্নেহ আৰু সহানুভূতিৰ চকুৰে চাইছিল। ছাত্ৰ-ছাত্ৰীক প্ৰায়েই তেওঁ কৈছিল, “Do atleast something for the country that makes life worth living”. এৰা, কেৱল জীয়াই থাকিবৰ বাবেই পৃথিৱীৰ শ্ৰেষ্ঠতম জীৱৰূপে জীয়াই থকাৰ কোনো অৰ্থ নাই। সুন্দৰকৈ জীয়াই [ ১২ ] থকাত, আন দহজনৰ হকে জীয়াই থকাতহে জীৱনৰ প্ৰকৃত "পন্দন আছে। এই জন মানুহে সুন্দৰকৈ জীয়াই থাকিব জানিছিল। জীৱনৰ বিয়লি পৰতো তেওঁ তৰুণ হৈয়ে আছিল। আৰু বুঢ়া যদি সচাকৈয়ে তেওঁ হৈছিল, সেই বৃদ্ধৰ কণ্ঠত যেন ৰবাৰ্ট ব্ৰাউনিঙৰ কবিতাৰ ৰবি বেন এজৰাৰ অশ্বাসবাণী— “Grow old along with me; the best is yet to be......"

 পৃথিৱীত যিসকলৰ প্ৰয়োজনীয়তা বেছি সেই সকলক আমি সদা- য়েই কাষত বিচাৰো। কিন্তু তেওঁলোকো যায়গৈ- সৃষ্টিৰ এই নিষ্ঠুৰ সত্যৰ সমুখত মূৰ দোৱাবলৈ মানুহ বাধ্য। কিন্তু সুখৰ কথা, তেওঁলোকৰ প্ৰতিভাৰ, তেওঁলোকৰ কৰ্মৰ, তেওঁলোকৰ চিন্তাধাৰাৰ মৃত্যু কাহানিও নাই। সেই সম্পদৰাজিক অম্লান জ্যোতিৰে জীয়াই ৰখাৰ দায়িত্বভাৰ তেওঁলোকৰ গুণ-মুগ্ধ উত্তৰ-পুৰুষৰ গাত। গতানুগতিক এখনি শোকসভা, দুআষাৰ শ্ৰদ্ধাঞ্জলি, সেয়েই তাৰবাবে যথেষ্ট নহয়। ৰবিঠাকুৰৰ ভাষাত ক’বলৈ গ'লে, “মানুষের শূন্য ভরাবার জন্য, তার মনের মানুষকে নানা ভাবে নানা রসে জাগিয়ে রাখবার জন্য আছে তার শিল্প, তার সাধনা, তার সাহিত্য।”

 যি চকুপানীত স্বৰ্গগতজনৰ মহত্বৰ স্বীকৃতি থাকে, যি শ্ৰদ্ধাঞ্জ- লিত তেওঁৰ অসমাপ্ত কৰ্ত্তব্য সমাপনৰ প্ৰতিশ্ৰুতি থাকে, মৃতকৰ উদ্দেশ্যে সেয়েহে সাৰ্থক চকুলো, সেয়েহে প্ৰকৃত শ্ৰদ্ধাঞ্জলি।●

(এই বৰেণ্য শিক্ষক গৰাকীৰ ১৯৬৫ চনৰ ১৯ জুলাই তাৰিখে দেহাৱসান ঘটে) [ ১৩ ]


বিদ্যালয়ত নৈতিক শিক্ষা


 শিক্ষাই অজ্ঞানতাৰ কাৰাগাৰত বন্দী মানুহক মুক্তিৰ আস্বাদ, স্বৰ্গীয় আলোক আৰু আনন্দৰ সন্ধান দিব পাৰে, জন্মগত নানা সজ-অসজ প্ৰবৃত্তিৰ দাস মাটিৰ মানুহক ভাবীকালৰ মাৰ্গদৰ্শী পোহৰ শিখাৰূপে চিৰদিনলৈ উজলাই ৰাখিব পাৰে। গতিকে মানৱ-জীৱনত শিক্ষাৰ ভূমিকা যে অতি গুৰুত্বপূৰ্ণ, ইয়াৰ প্ৰভাৱ যে সুদূৰ প্ৰসাৰী তাক কোৱা বাহুল্য মাথোন। শিক্ষা এক জীৱন-ব্যাপ্ত প্ৰসঙ্গ। মাতৃ-গৰ্ভৰ অন্ধকাৰৰ পৰা পৃথিৰীৰ পোহৰলৈ অহা দিনৰে পৰা শিশুয়ে অভিজ্ঞতা আহৰণ কৰিবলৈ আৰম্ভ কৰে। পিতৃ-মাতৃৰ। বুকুৰ মাজত, ভাই-ভনী, আত্মীয়-স্বজনৰ স্নেহময় সান্নিধ্যত শিশুৰ শিক্ষা আৰম্ভ হয়। তাৰ পিছতেই মেল খায় আনুষ্ঠানিক শিক্ষাৰ পাতনি। চাৰি-পাচবছৰ বয়সৰে পৰা ল'ৰা-ছোৱালীক কোনো শিক্ষানুষ্ঠানত পৰ্যায়ক্ৰমে নানা বিষয়ৰ শিক্ষা দিয়া হয় যাতে সেই শিশুয়ে প্ৰাপ্তবয়স্ক হৈ এজন, সম্পূৰ্ণ আৰু প্ৰকৃত নাগৰিক ৰূপে নিজৰ ভৰিত থিয় দি জীৱনৰ সকলো প্ৰত্যহ্বান সাহসেৰে গ্ৰহণ কৰিব পাৰে। শিশু অৱস্থাত মানুহৰ মন কুমলীয়া বাঁহৰ নিচিনা, তাক যিপিনেই মন যায় সেইপিনেই পোনাব পাৰি। সৰুতে মানুহে যিবোৰ কথা শিকে সেইবোৰ বুঢ়া বয়সলৈকে সুন্দৰকৈ মনত থাকে। তদুপৰি শিশুয়ে তাৰ কল্পনাপ্ৰৱণ সতেজ মনটোৰে নৱলদ্ধ [ ১৪ ] জ্ঞান আৰু অভিজ্ঞতা আগ্ৰহ আৰু ঐকান্তিকতাৰে গ্ৰহণ কৰে। গতিকে শিশুক এনেবয়সত কি শিক্ষা কেনে পদ্ধতিৰে দিয়া হয় সেই বিষয়ে যথেষ্ট সাৱধানতা অৱলম্বন কৰা আৱশ্যক।

 বিভিন্ন যুগৰ শিক্ষাবিদ্, শিক্ষা-গবেষক আৰু চিন্তাশীল ব্যক্তি- সকলে নিজ জ্ঞান আৰু অভিজ্ঞতাৰে শিক্ষা-সম্পৰ্কে ভিন ভিন তত্ত্ব আগবঢ়াই গৈছে। মধ্যযুগীয় শিক্ষা-ব্যৱস্থা ঘাইকৈ পুৰোহিত শ্ৰেণীৰ হাতত আছিল। বাস্তৱ জীৱনৰ সৈতে সঙ্গতি নথকা কিছুমান জটিল দাৰ্শনিক বিষয়ৰ ওপৰত তৰ্ক বা তেনে বিষয়ৰ সূত্ৰ, সংজ্ঞ। আদি আয়ত্ব কৰাতেই সেইকালত শিক্ষা সীমাবদ্ধ আছিল। প্ৰাচ্য পাশ্চাত্য উভয় দিশতে এনে বাস্তৱ-বৰ্জিত বিষয়ত পাণ্ডিত্য প্ৰদৰ্শনকে শিক্ষা হিচাপে গণ্য কৰা হৈছিল। ইউৰোপত ৰেনেচা অৰ্থাৎ নৱজাগৰণৰ যুগ আৰম্ভ হোৱাত বেকন মন্টেন, জন লক প্ৰমুখ্যে মনীষীসকলে জ্ঞান- বিজ্ঞানৰ ক্ষেত্ৰত এনে অবাস্তৱ শিক্ষাদানৰ বিৰুদ্ধে প্ৰতিবাদৰ ধ্বনি তুলিছিল। ফৰাচী দাৰ্শনিক ৰুছোয়ে পোন প্ৰথমবাৰৰ বাবে শৈশৱৰ প্ৰকৃত মূল্যায়ন কৰিবলৈ প্ৰচেষ্টা চলাইছিল আৰু ল’ৰা-ছোৱালীৰ ৰুচি-অভিৰুচিলৈ লক্ষ্য ৰাখি সিহঁতক হাতে-কামে শিক্ষা দিয়াৰ কথা চিন্তা কৰিছিল। শিশুৰ কুমলীয়া মগজু পুথিগত বিদ্যাৰে ভৰাই তোলাৰ তেওঁ ঘোৰ বিৰোধী আছিল।তেওঁ কৈছিল, “If instead of making a child stick to his book, I employ him in a workshop his hands wor work for the development of his mind. While he fancies hims- elf a workman he is becoming a philosopher. ৰুচোৰ সুযোগ্য অনুগামী পেষ্টালজিৰ মতে শিক্ষা হৈছে “The harmom- ous development of all the powers of the individual”. [ ১৫ ] শিশুৰ শাৰীৰিক, মানসিক, নৈতিক আৰু বৌদ্ধিক বিকাশৰ বাবে তেওঁ শিশুৰ শিক্ষাত ৰুচি অনুযায়ী কায়িক শ্ৰম আৰু পুথিগত বিদ্যা উভয়কে স্থান দিয়াৰ পোষকতা কৰিছিল। এইসকলৰ উত্তৰ- সূৰী হাৰ্বাট,ফ্ৰবেল, জন দিৱে প্ৰভৃতি মনীষীসকলেও শিশু মনস্তত্বলৈ সাৱধানে লক্ষ্য ৰাখি হাতে কামে শিক্ষাৰ মাধ্যমেৰে সিহঁতৰ সুসম ব্যক্তিত্ব-গঠনৰ সম্ভাৱনীয়তা সম্পৰ্কে বলিষ্ঠ মত দাঙি ধৰিছিল।

 বৈদিক যুগত ভাৰতবৰ্ষত গুৰুকুল শিক্ষাৰ ব্যৱস্থা আছিল। ৰাজ- পুত্ৰকে আদিকৰি সমাজৰ বিভিন্ন স্তৰৰ ছাত্ৰই গুৰু-গৃহত থাকি গৃহস্থা- লীৰ যাবতীয় কাম নিজহাতে কৰি গুৰুৰ কাষত বিভিন্ন শাস্ত্ৰাদিৰ শিক্ষা লৈছিল। কিন্তু শাস্ত্ৰজ্ঞানতকৈ ছাত্ৰৰ চৰিত্ৰ-গঠন, ব্যক্তিত্ব বিকাশ আদিৰহে সেইকালত অধিক গুৰুত্ব দিয়া হৈছিল যেন অনুমান হয়। উপমনু, আৰুণি আদি ছাত্ৰসকলৰ কাহিনীয়ে আমাৰ সেই ধাৰণা বদ্ধমূল কৰে। সেইকালত ছাত্ৰসকলে ভিক্ষাবৃত্তিৰে জীৱন-নিৰ্বাহ কৰিব লাগিছিল। বিদ্যাৰ্থীসকলক ৰাইজৰ ওচৰত মূৰ দোৱাবলৈ শিকোৱা, ব্যক্তি আৰু সমাজৰ পাৰস্পৰিক নিৰ্ভৰতা সম্পৰ্কে সজাগ কৰোৱাই সম্ভৱতঃ ভিক্ষাবৃত্তি প্ৰৱৰ্তনৰ উদ্দেশ্য আছিল। সেইকালত সাক্ষাৎ ঈশ্বৰ জ্ঞান কৰা হৈছিল আৰু গুৰুয়েও সামাজিক স্বাৰ্থৰ সমুখত ব্যক্তিস্বাৰ্থ হেলাৰঙে বিসৰ্জন দিছিল। সেইকালত চাৰিত্ৰিক উৎকৰ্ষৰ মূৰ্তিমান স্বৰূপ হিচাপে শিক্ষকসকল সমাজৰ শীৰ্ষ- স্থানত বিৰাজ কৰিছিল। নৈতিক মূল্যবোেধ আৰু ধৰ্ম্মানুভূতিয়ে সিক্ত কৰি ৰখা সেইকালৰ শিক্ষা-ব্যৱস্থাৰ মূল উদ্দেশ্য আছিল এক পৰম ঐশ্বৰিক শক্তিৰ উপলদ্ধিৰ মাধ্যমেৰে আত্মোপলদ্ধি আৰু তাৰে আলো- কত জীৱন গঢ়াৰ প্ৰচেষ্টা।

 ভাৰতত ইংৰাজ শিক্ষাৰ কালছোৱাত গুণগত ভাৱে ভাৰতীয় [ ১৬ ] শিক্ষাৰ মানদণ্ড যথেষ্ট অৱনমিত হ’ল। ভাৰতীয় শিশুৰ সৰ্বতো মুখী উন্নতি বা বিকাশ ইংৰাজ শাসকসকলৰ লক্ষ্য নাছিল। ভাৰ- তৰ মাটিত খাপ নোখোৱা পশ্চিমীয়া শিক্ষা ব্যৱস্থা এইদেশত প্ৰৱ- ৰ্ত্তনৰ দ্বাৰা তেওঁলোকে এনে এচাম শিক্ষিত লোক গঢ়ি উলিওৱাৰ কথা চিন্তা কৰিছিল যিসকল কেইখনমান পাঠ্যপুথি আয়ত্ব কৰি দুই এটা ডিগ্ৰী লৈ বৃটিশ শাসকৰ অনুগত ভৃত্যৰূপে জীৱন যাপন কৰাত বাদে অন্য উচ্চ চিন্তাৰ বাবে উপযুক্ত নহব। তেনে শিক্ষাৰে শিক্ষিত ছাত্ৰ-ছাত্ৰীয়ে শ্ৰমৰ মৰ্যদা পাহৰিলে; পুথিগত বিদ্যাকণৰে কেৰাণী- মহৰীৰ যোগ্যতাহে লাভ কৰিলে। শ্ৰমবিমুখ ভাৰতীয় ছাত্ৰই খাটি- খোৱা পৈত্ৰিক বৃত্তি এৰি পেলালে। পশ্চিমীয়া শিক্ষাৰ বা লাগি ভুৱা মূল্যবোধৰ জন্ম হ’ল। গুৰু-শিষ্যৰ পূৰ্বৰ পবিত্ৰ সম্পৰ্ক বান্ধোন ক্ৰমে শিথিল হৈ আহিল।

 সৌভাগ্যক্ৰমে এনে সময়তে অভ্যুদয় হ’ল মহামানৱ মহাত্মা গান্ধীব, যি ৰাজনীতি, সমাজনীতি সকলো ক্ষেত্ৰতে জাতীয় চেতনা জগাই তুলিবলৈ প্ৰচেষ্টা আৰম্ভ কৰিলে। শিক্ষা প্ৰসঙ্গত গান্ধীজীয়ে কৈছিল, "By education I mean all round drawing out of the best in child and man-body mind | spirit" যি শিক্ষাই শিশুৰ শৰীব, মন আৰু আত্মাৰ সৰ্ব্বাঙ্গীন বিকাশ সাং- নত সহায় কৰে সেয়েহে প্ৰকৃত শিক্ষা। ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণন, কবি- গুৰু ৰবীন্দ্ৰনাথ, ডঃ জাকিৰ হুছেইন, আবুল কালাম আজাদ প্ৰমুখ্যে আগশাৰীৰ শিক্ষাবিদসকলে স্বাধীন ভাৰতত ভাৰতীয় ঐতিহ্যৰ ভেটিত প্ৰতিষ্ঠিত এক জাতীয় শিক্ষা-ব্যৱস্থা প্ৰৱৰ্ত্তনৰ হকে আহ্বান জনাইছিল। এই সকলৰ মতে আনুষ্ঠানিক শিক্ষা ব্যৱস্থা প্ৰয়োজনীয় শিক্ষাৰ নাম- মাত্ৰ অংশহে। ডঃ ৰাধাকৃষ্ণনৰ ভাষাত “Education is not [ ১৭ ] ৬। what a man knows but what man is. Education is a social process... education is growth. Education is not preparation for life but it is life itself,"লৰা- ছোৱালীক এনে শিক্ষা দিব লাগিব, যি শিক্ষাই বিভিন্ন বিষয়ৰ জ্ঞান দিয়াৰ উপৰিও সিহঁতৰ অন্তৰ্নিহিত সুপ্ত প্ৰতিভা, সুপ্ত চেতনা জগাই তুলিব, সত্যবাদিতা, সাহস, কৰ্তব্যপৰায়ণ, নিয়মানুবৰ্তিতা, সৌন্দৰ্য্য বোধ, দয়া-প্ৰেম কৰুণা আদি মানৱীয় গুণসমূহৰ বিকাশ সাধন কৰিব, সমাজ আৰু নাগৰিক চেতনাৰ উন্মেষ ঘটাব, লগতে স্বাস্থ্য আৰু শাৰীৰিক সামৰ্থ্যৰো উন্নতি সাধন কৰিব। কেবল বিষয় বিশেষৰ শিক্ষনীয় তত্ত্ব আৰু তথ্যবোৰ আয়ত্ব কৰাকে শিক্ষালাভ বুলিব নোৱাৰি, তেনে হোৱা হলে এজন জ্ঞানী পুৰুষ আৰু এটা কম্পিউটাৰ মেচি- নৰ মাজত কোনো পাৰ্থক্য নেথাকিলহেঁতেন

 আজিৰ শিশু কাইলৈ নাগৰিক হব। এই ভবিষ্যৎ নাগৰিক- সকলেই এদিন গুৰি ধৰি দেশখনক উন্নতি পথেৰে আগুৱাই নিব লাগিব। গতিকে এইসকলক এনেভাৱে শিকাই বুজাই তুলিব লাগিব যাতে তেওঁলোকে নিজকে প্ৰকৃত মানুহ, প্ৰকৃত নাগৰিকৰূপে গঢ়ি তুলি দেশৰ ভবিষ্যতৰ দায়িত্ব কান্ধ পাতি লবলৈ সক্ষম হয়। কোঠাৰী শিক্ষা আয়োগৰ প্ৰতিবেদনত যথাৰ্থভাৱেই কোৱা হৈছে, “The des= tiny of India is now being shaped in her class-room." গতিকে ব্যক্তিগত আৰু সামাজিক জীৱনৰ উন্নতিকল্পে বিশ্বৰ কল্যাণ- কামী এখন স্বাধীন ৰাষ্ট্ৰৰ ভবিষ্যৎ নাগৰিক ৰূপে আমাৰ উঠি অহা লৰাছোৱালীহঁতৰ সুস্থ-সবল দেহ, সজ-চৰিত্ৰ গঠনৰ লগতে দেশৰ আইন-কানুনৰ প্ৰতি আনুগত্য, নিয়মানুবৰ্তিতা, শৃঙ্খলাবোধ, সহযো-গিতা আৰু আত্মনিয়োজনৰ দৰে সামাজিক গুণবোৰৰো অভ্যাস আৰু [ ১৮ ] অনুশীলন হব লাগিব।
 পিছে অতি পৰিতাপৰ কথা যে স্বাধীন ভাৰতত যুবশক্তিৰ অনু- শাসনহীনতাৰ সমস্যাই চৰমসীমা পালেগৈ। শিক্ষানুষ্ঠানত শান্তি- শৃঙ্খলা ৰক্ষা কৰাৰ বাবে সময়ে সময়ে পুলিচ-মিলিটাৰী নিয়োগ কৰি- বলগীয়া হয়। পৰীক্ষা-গৃহভ অসৎ উপায়, অৱলম্বন কৰাটো অতি সহজ আৰু সাধাৰণ কথা হৈ পৰিছে। সেই বিদ্যাত হাত পকাব পৰা সকলে নিজৰ সাফল্যৰ বাবে গৌৰৱবোধহে কৰা দেখা যায়। অভিভাৱকসকলেও আজিকালি সেইটো অপৰাধ বুলি গণ্য নকৰা হৈছে। শেহতীয়াকৈ ছাত্ৰীসকলকো এই বিদ্যাত পাকৈত হৈ উঠা দেখা গৈছে। আন এক ভয়াবহ সমস্যা হৈছে উঠি অহা চামৰ নিচাযুক্ত দ্ৰব্যৰ প্ৰতি আসক্তি। এই বদ অভ্যাসে তৰুণ চামৰ চৰিত্ৰ আৰু ভবিষ্যৎ ধ্বংস কৰাৰ উপৰিও সমাজ জীৱনলৈকে বিপৰ্যয় মাতি আনে। শিক্ষক আৰু গুৰুজনৰ প্ৰতি শ্ৰদ্ধাশীল ছাত্ৰ-ছাত্ৰীৰ সংখ্যা সম্প্ৰতি অতি নগণ্য। পৰীক্ষাঘৰত অসদাচৰণত বাধা দিয়া নিৰীক্ষকসকল ছাত্ৰৰ হাতত অপমানিত, প্ৰহৃত হৈছে; তেওঁলোক জীৱন নাশৰ ভাবুকিৰো সন্মুখীন হবলগীয়া হয়। বাটে ঘাটে ছোৱালী জোকোৱা কথাটো আজিৰ স্কুল-কলেজীয়া ছাত্ৰৰ বাবে এক আমোদকৰ বিহীন আমোদ। তেওঁলোকৰ দ্বাৰা সংঘটিত বলাৎকাৰ ধৰ্ষণৰ ঘটনাও বিৰল নহয়। অনাৰ্তাৰ, দূৰদৰ্শন, কথাছবিৰ মাধ্য- মেৰে নানা উত্তেজনাপূৰ্ণ, অপৰাধমূলক ঘটনা দেখি-শুনি কেচা বয়সৰ লৰা-ছোৱালীহঁতে সেইবোৰ ব্যক্তিগত বা সমাজ জীৱনত প্ৰয়োগৰ দ্বাৰা নিজৰ কৌতুহল আৰু উত্তেজনা চৰিতাৰ্থ কৰিবলৈ বিচাৰে।
 আজি কিছুবছৰৰ পৰা এটা কথা চকুত পৰিছে যে বিশ্বৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ-ছাত্ৰীসকলে কোনো ঐতিহাসিক প্ৰয়োজনতেই হওক বা [ ১৯ ] বৰ্দ্ধিত ৰাজনৈতিক সামাজিক সচেতনতাৰ বাবেই হওক, তেওঁলোকৰ চিৰচৰিত বৃত্তি অধ্যয়নলৈ পিঠি দি ৰাজনৈতিক মঞ্চত অৱতীৰ্ণ হৈছে। আমাৰ অসমৰ ছাত্ৰসকলেও সুদীৰ্ঘ ছবছব জোৰা এক আন্দোলন পৰিচালনাৰ দ্বাৰা বিশ্বৰ চকুত চমক লগাইছিল যদিও তাৰেই গইনা লৈ এচাম ছাত্ৰই গুৰু-গোসাই নমনা হৈ ওভট গোৰে নাচিবলৈ ল'লে। “শ্ৰদ্ধাবান্ লভতে জ্ঞানম।” শ্ৰদ্ধা আৰু বিনয়গুণ নেথাকিলে ছাত্ৰৰ অধ্যয়ন ৰূপ তপস্যা কেতিয়াও সফল নহয়। দেশ আৰু জাতিক অৱক্ষয়ৰ গৰাহৰ পৰা ৰক্ষা কৰিবলৈ হ'লে আমাৰ যুব মানসিকতাৰ সংশোধন হবই লাগিব।
 চৰিত্ৰ-গঠন প্ৰক্ৰিয়া সৰুকালতে আৰম্ভ হয়। শিশুৰ মানসিক বিকাশত শিক্ষানুষ্ঠানতকৈ ঘৰখন আৰু চাৰিওপিনৰ সমাজখনৰ বৰঙণি অধিক। পৰিয়াল তথা সমাজৰ অসুস্থ পৰিবেশে শিশুৰ মন স্থিৰ- তাহীন, অপৰাধৱণ কৰি তোলে, সিহঁতৰ বিকাশ বাধাগ্ৰস্ত হয়, ইচ্ছাশক্তিক দুৰ্বল কৰে; ফলত সেই শিশু অবাটে যায়। গতিকে প্ৰাক-বিদ্যালয় কালছোৱাতে পিতৃ-মাতৃ, ঘৰখনে শিশুক নৈতিক আদৰ্শৰ শিক্ষা দিবলৈ যত্ন কৰা উচিত। মিছা কথা কোৱা. চুৰ কৰা, ডাঙৰক অমান্য কৰা, লগ-সমনীয়াৰ সৈতে কাজিয়া কৰা, এলাহ পৰনিৰ্ভৰশীলতা আদি কথাবোৰ যে বেয়া সেই শিক্ষা সিহঁতক দৈন ন্দিন কাৰ্য-কলাপৰ মাজেদিয়ে দিয়া উচিত। ঈশ্বৰ-বিশ্বাসে শিশুৰ নৈতিক ভেটি দৃঢ় কৰে। আগৰ দিনত ককাক-আইকৰ মুখৰ পৰা শুনা নানা ধৰ্ম্মমূলক আখ্যান ধ্ৰুৱ, প্ৰহ্লাদ, একলব্য, উপমন্য আদিৰ কাহিনীয়ে শিশুসকলৰ মনত গভীৰভাৱে ৰেখাপাত কৰিছিল। এনেবোৰ দৃষ্টান্তই শিশুৰ চৰিত্ৰ গঠনত বিশেষভাৱে সহায় কৰে। আজিকা- লিৰ সৰু পৰিয়ালৰ সদাব্যস্ত পিতৃ-মাতৃয়ে তেনে সুবিধা আগবঢ়াব [ ২০ ] নোৱাৰিলেও মনোৰঞ্জক তথা চৰিত্ৰ-গঠনৰ সহায়ক আকৰ্ষনীয় পুথিৰ যোগান ধৰিব লাগে। এনেবোৰ সজ দৃষ্টান্ত বোলছবি, অনাতাঁৰ, দূৰদৰ্শনৰ মাধ্যেমেৰেও শিশুক প্ৰত্যক্ষ কৰাব পাৰি।

 শিশুৰ কায়িক, মানসিক, নৈতিক, বৌদ্ধিক আটাইবোৰ দিশৰে উন্নতি বদি শিক্ষাৰ লক্ষ্য হয় তেনেহলে পঢ়াশলীয়া শিক্ষাৰ কাল- ছোৱাত নৈতিক শিক্ষাদানত গুৰুত্ব প্ৰদান কৰিবই লাগিব। শিশুক সৰু কালতে সৎ-অসৎ, নীতি-অনীতিৰ জ্ঞান দিব নোৱাৰিলে নৈতিক বলেৰে বলীয়ান ছাত্ৰসমাজ এখন আশা কৰিব নোৱাৰি আৰু সত্য-প্ৰেম অহিংসাৰ ভেটিত প্ৰতিষ্ঠিত ভাৰতীয় আদৰ্শ পৰ- ম্পৰা ৰক্ষা কৰিব পৰা নেযাব। গতিকে আমাৰ আনুষ্ঠানিক শিক্ষা- পদ্ধতিত নৈতিক আৰু আধ্যাত্মিক শিক্ষাৰ প্ৰয়োজন কোনোপধ্যেই নুই কৰিব নোৱাৰি।

 আমাৰ প্ৰাচীন ধৰ্ম্মপুথি বিলাকেই সকলো নৈতিক আদৰ্শৰ ভৰাল। গীতা-কোৰাণ বাইবেল আদি ধৰ্ম্মপুথিত পোৱা সজ উপ-দেশ সমূহেই সংসাৰ ধুমুহাত দিশহাৰা মানুহক শাস্তি, সিদ্ধি আৰু মুক্তিৰ পথ দেখুৱায়। গতিকে নৈতিক শিক্ষাৰ কথা ভাবিলেই ধৰ্ম্মীয় শিক্ষাৰ কথা আপোনা-আপুনি আহি পৰে। ভাৰতৰ দৰে বিভিন্ন ধৰ্ম্মীয় মতবাদৰ দেশত বিদ্যালয়ত ধৰ্ম্মশিক্ষা দিয়াত বিশেষ অসুবিধা আছে। ধৰ্ম্মনিৰপেক্ষতা আমাৰ আদৰ্শ হলেও এটা কথা কবই লাগিব যে বস্তুবাদী প্ৰগতিয়েই ভাৰতৰ একমাত্ৰ লক্ষ্য নহয়। ভাৰতীয় দৰ্শনৰ মৰ্ম্মবস্তু হৈছে এক গভীৰ ধৰ্ম্মীয় অনুভূতি, ঐশ্বৰিক শক্তি অটল বিশ্বাস। বস্তুবাদী প্ৰগতিৰ উচ্চ শিখৰ আৰোহন কৰা পশ্চিমীয়া দেশ সমূহেও শান্তি বিচাৰি আধ্যাত্মিকতাৰ দেশ ভাৰতবৰ্ষলৈকে চায়। গতিকে মহান ভাৰতীয় ঐতিহ্য পৰৱৰ্ত্তী [ ২১ ] প্ৰজন্মলৈ বহন কৰিব পৰাকৈ আমাৰ উঠি অহা ছাত্ৰ-ছাত্ৰীসকলক এক উদাৰ ধৰ্ম্মনীতিৰ শিক্ষা দিবই লাগিব। তদুপৰি ধৰ্ম্ম মানে কেবল কিছুমান জটিল তত্ত্ব অনুধাৱন বা আনুষ্ঠানিক ৰীতিৰ অনুশীলন নহয়; যি ধৰি থাকে (ধৃ+মন্) বা অৱলম্বন দিয়ে তাকে ধৰ্ম্ম বোলে। গতিকে মানৱ জীৱনৰ অৱলম্বন-স্বৰূপ ধৰ্ম্মীয় আদৰ্শৰ সুচিন্তিত শিক্ষাদানে কোনো সাম্প্ৰদায়িক বিদ্বেষৰ সৃষ্টি কৰাৰ সম্ভ- ৱনা নাই। বিভিন্ন ধৰ্ম্মৰ উপদেশ-সমূহ মূলতঃ একে। সজকৰ্ম্ম, সজ চিন্তা, দৰিদ্ৰ বা বিপদগ্ৰস্তৰ প্ৰতি কৰুণা, অহিংসা, ভগবৎ বিশ্বাস—এইবোৰ আদৰ্শ সকলো ধৰ্ম্মৰে মূল কথা। এনেবোৰ আদৰ্শৰ ধ্বজাবাহী বিভিন্ন ধৰ্ম্মীয় চৰিত্ৰই নৈতিক মূল্যবোধক হেজাৰ হেজাৰ বছৰ ধৰি সমাজত জীয়াই ৰাখিছে। গতিকে সৰ্ব্বধৰ্ম্ম সমম্বয়ৰ আদৰ্শ আগত ৰাখি উদাৰ নীতিৰে ধৰ্ম্মীয় শিক্ষা প্ৰৱৰ্ত্তন কৰা উচিত। কাৰণ ধৰ্ম্মীয় আৰু নৈতিক শিক্ষাৰ মাজত এৰাব নোৱাৰা সম্পৰ্ক। সকলো ধৰ্ম্মতে মানৱাত্মাৰ উৎকৰ্ষসাধনৰ বাবে একেধৰণৰ নিয়মানুবৰ্ত্তিতাৰ বিধান আছে। গতিকে সত্য প্ৰেম-ন্যায়স্বৰূপ ভগবানৰ আদৰ্শৰ প্ৰতি যদি লৰা-ছোৱালীৰ মন আকৰ্ষিত কৰা নহয় তেন্তে সেই লৰা-ছোৱালী প্ৰকৃত মানুহ হিচাপে গঢ় লৈ উঠিব নোৱাৰে। আনহাতে নৈতিকতাক বাদ দিলে ধৰ্ম্মীয় আচৰণৰো কোনো মূল্য নেথাকে। সেয়ে ধৰ্ম্মৰ যিবোৰ কথা যুক্তিৰ ভেটিত প্ৰতিষ্ঠিত নহয়, বা নৈতিকতাৰ সৈতে যাৰ বিৰোধ আছে সেইবোৰ কথা, শিশুসকলৰ পৰা সাৱধানে আতৰাই ৰাখিব লাগিব।

 শিশুৰ মনত সৰ্ব্বধৰ্ম্মৰ প্ৰতি শ্ৰদ্ধাৰ মনোভাৱ জগাই তুলিব পৰাকৈ সকলো ধৰ্ম্মৰে মূল কথাবোৰ পাঠ্যপুথিৰ অন্তৰ্গত কৰা উচিত। সাহিত্য, সমাজ-অধ্যয়ন আদি বিষয় সমূহৰ মাধ্যমেৰে এই উদ্দেশ্য [ ২২ ] সহজে সাধিত হয়। তেওঁলোকৰ পাঠ্যবস্তুত সত্য-প্ৰেম-ন্যায়ৰ আদৰ্শ, সামূহিক প্ৰচেষ্টাৰ সুফল, জাতীয় ঐক্য, সমতা, ভ্ৰাতৃত্ববোধ আদি গুণবোৰৰ ওপৰত বিশেষভাৱে আলোকপাত হ’ব লাগে।

 বাস্তবিকতে নৈতিক শিক্ষাদানৰ এক অতি সফল আহিলা হ’ল শিক্ষকৰ নিজৰ জীৱন দৃষ্টান্ত। শিক্ষক হ’ল সমাজৰ উচ্চতম স্তৰৰ মানুহ। তেওঁলোকৰ উদ্যোগ হ’ল মানুহ গঢ় দিয়াৰ, যি মানুহৰ দ্বাৰা এদিন সমাজ আৰু ৰাষ্ট্ৰ পৰিচালিত হব। গতিকে শিক্ষককে ৰাষ্ট্ৰৰ ভাগ্য-নিয়ন্তা আখ্যা দিয়া হয়। এজন সফল শিক্ষক হবলৈ হ’লে শিক্ষাদানত দক্ষতা, প্ৰশিক্ষণ আৰু শিক্ষণীয় বিষয়ৰ গভীৰ জ্ঞান হলেই নহব; তেওঁৰ সামাজিক সচেতনতা, স্বাৰ্থহীন মনোভাৱ, দেশ- প্ৰেম, আকৰ্ষণীয় ব্যক্তিত্ব, উদাৰ আদৰ্শবাদ আৰু নৈতিক চৰিত্ৰও থাকিব লাগিব, যেন তেওঁ নিজেই এক জীৱন্ত শিক্ষানুষ্ঠান। ভাৰতীয় পৰম্পৰাত শিক্ষকৰ স্থান দেৱতাৰ শাৰীত। পিতৃ-মাতৃয়ে সন্তান জন্ম দিয়ে, কিন্তু শিক্ষকে অন্ধ মানৱ-শিশুৰ দৃষ্টি মুকলি কৰে জ্ঞানৰ অঞ্জন- শলাকাৰে। শিক্ষকেই জাতিৰ বৌদ্ধিক, মানসিক, আধ্যাত্মিক ঐশ্বৰ্য্য এক প্ৰজন্মৰ পৰা আন এক প্ৰজন্মলৈ কঢ়িয়াই নিয়ে। সেই মহান দায়িত্ব সুচাৰুৰূপে পালন কৰাৰ যোগ্যতা আৰ্জন কৰিবলৈ প্ৰতিজন শিক্ষকে যৎপৰোনাস্তি চেষ্টা চলাব লাগে। এই প্ৰসঙ্গত ডাঃ ৰাধা- কৃষ্ণনে কৈছে, “চৰিত্ৰ জীৱনৰ প্ৰকৃত লক্ষ্য। চৰিত্ৰৰ ওপৰতে এটা জাতিৰ ভাগ্য গঢ় লৈ উঠে। আমি মহান জাতি এটা গঢ়ি তুলি- বলৈ হলে অধিকসংখ্যক চৰিত্ৰবান ডেকা-গাভৰুক প্ৰশিক্ষণ দি লব লাগিব।”

 মুঠকথাত, শিক্ষকৰ এক মৰ্য্যাদাপূৰ্ণ সামাজিক জীৱন থকা দৰকাৰ। সৰু হলেও লৰা-ছোৱালীয়ে তেওঁলোকৰ শিক্ষক-শিক্ষয়িত্ৰী[ ২৩ ] সকলক গভীৰভাৱে পৰ্য্যবেক্ষণ কৰে। শিক্ষকে নিজে যিটো নকৰে বা কৰিব নোৱাৰে সেইটো কৰিবলৈ ছাত্ৰ-ছাত্ৰীক উপদেশ দিলে তেওঁ নিজৰ বিশ্বাসযোগ্যতা হেৰুৱায়, ছাত্ৰ-ছাত্ৰীৰ চকুত হাঁহিয়াতৰ পাত্ৰহে হয়। গতিকে শিক্ষা ফলপ্ৰসূ হবলৈ হলে শিক্ষকে ছাত্ৰক কেবল মৌখিকভাৱে নহয়, নিজৰ জীৱনাদৰ্শেৰে শিক্ষা দিব লাগিব। ছাত্ৰ-ছাত্ৰীৰ সৈতে আন্তৰিক সংযোগ স্থাপন কৰিবলৈ শিক্ষকে অহৰহ চেষ্টা চলাব লাগে। সিহঁতৰ মগজু ভৰাই তোলাতকৈ হৃদয়-বৃত্তি গঢ় দিয়াহে তেওঁৰ মুখ্য কাম।

 আমাৰ দেশে উপযুক্ত শিক্ষকক নায্য সন্মান দিয়াত কাৰ্পণ্য কৰা নাই। দেশৰ সৰ্ব্বোচ্চ সন্মান ৰাষ্ট্ৰপতিৰ পদবীত অধিষ্ঠিত ডাঃ ৰাধাকৃষ্ণন, ডাঃ জাকিৰ হুছেইন তাৰ উৎকৃষ্ট উদাহৰণ। অৱশ্যে সন্মান খাই জীয়াই থাকিব নোৱাৰি। গতিকে সন্মানৰ লগতে শিক্ষকৰ সামাজিক সুৰক্ষা, আৰ্থিক নিৰাপত্তা আদি সমস্যাৰ প্ৰতিও সমাজ আৰু চৰকাৰৰ নজৰ থাকিব লাগিব। আনহাতে শিক্ষকেও আত্মসমালোচনাৰ বাবে সদায় প্ৰস্তুত থাকিব লাগিব। পৰিতাপৰ কথা, শিক্ষক সমাজৰ পূৰ্ব্বৰ ‘স্বে মহিম্নি’ ৰূপ আজি নাই। কেবল ডিগ্ৰীয়েই শিক্ষক নিৰ্ব্বাচনৰ মাপকাঠি হোৱা বাবে বহু অযোগ্য লোকো শিক্ষা বিভাগত সোমাই পৰিছে। শিক্ষকে নিজে পৰীক্ষাত অসৎ উপায় অৱলম্বন কৰা, পৰীক্ষাগৃহত ছাত্ৰক তেনে বেয়া কামত সহায় কৰা, সুৰাপান, গুৰু-শিষ্যাৰ মাজত কেলেঙ্কাৰী আদি, নানা লজ্জাকৰ ঘটনাৰ খলনায়কৰূপে শিক্ষকে সমাজত নিজৰ সন্মান, মৰ্য্যাদা হেৰুৱাইছে। এচামে আকৌ নিবনুৱা সমস্যাৰ পৰা ৰক্ষা পাবলৈ অগতিৰ গতি মাষ্টৰ চাকৰিত সোমাই শিক্ষা-দানক লৰা-ধেমালিৰূপে লোৱা দেখা যায়। শিক্ষকৰ নৈতিকতাহীনতাৰ এক শেহতীয়া দৃষ্টান্ত [ ২৪ ] হৈছে গৃহ শিক্ষকতাত অধিক মনোযোগ আৰু সময় খৰচ। ডাক্তৰ সকলৰ ঘৰুৱা চিকিৎসাৰ লেখিয়াকৈ ইও সম্প্ৰতি এক সামাজিক ব্যাধিত পৰিণত হৈছে। শিক্ষকে পিছ পৰা বা উচ্চাকাঙ্খী, অধিক আগবঢ়া ছাত্ৰ-ছাত্ৰীক প্ৰয়োজনৰ দাবীত ঘৰুৱাভাৱে চাই-চিতি দিয়া এক কথা, আৰু অধিক উপাৰ্জনৰ দ্বাৰা অধিকতৰ ঐহিক সুখৰ লালসাত শ্ৰেণীত শিক্ষাদানত ফাঁকি দি ছাত্ৰ-ছাত্ৰীক ‘প্ৰাইভেট টিউচন’ লবলৈ প্ৰকা- ৰান্তৰে বাধ্য কৰি সমাজৰ মধ্যবিত্ত, শ্ৰেণীৰ মূৰত টাঙোন মৰাটো সম্পূৰ্ণ বেলেগ কথা। শিক্ষকসকলে নিজৰ দায়িত্ব আৰু কৰ্ত্তব্যৰ গুৰুত্ব অনুধাৱন কৰি সততা, নিষ্ঠা আৰু আত্মবিশ্বাসেৰে শিক্ষাদানৰূপী মহৎ কাৰ্যত প্ৰবৃত্ত হলেহে শিক্ষাদানৰ উদ্দেশ্য সফল হব আৰু শিক্ষ- কসকলেও হেৰোৱা সন্মান বহুখিনি ঘূৰাই পাব বুলি আশা কৰিব পাৰি।

 নৈতিক শিক্ষা স্বাধীন ভাৰতৰ জাতীয় শিক্ষা-আঁচনিৰ বিশেষ অঙ্গৰূপে গ্ৰহণ কৰাৰ সপক্ষে গোটেই কেইটি শিক্ষা-আয়োগৰ প্ৰতি- বেদনতে সবল যুক্তি দাঙি ধৰা হৈছে। সেই শিক্ষাবিদ সকলৰ মতে চৰকাৰী, বে-চৰকাৰী সকলো শিক্ষানুষ্ঠানতে সামাজিক নৈতিক, আধ্যা- ত্মিক মূল্যবোধৰ বিকাশমুখী পাঠ্যক্ৰম প্ৰবৰ্ত্তন কৰিব লাগে। স্কুল আৰু কলেজসমূহতো প্ৰথম ডিগ্ৰী শ্ৰেণীলৈকে সকলো ধৰ্ম্মৰ সুনি- ৰ্বাচিত তত্ত্বসমূহৰ সৈতে ছাত্ৰ-ছাত্ৰীক পৰিচিত কৰোৱা দৰকাৰ। অকল সেয়েই নহয়, স্কুলীয়া পাঠ্যক্ৰমত তেনে বিষয়ৰ বাবে কেইটা- মান ঘন্টা আচুতীয়াকৈ ৰাখি সেই শ্ৰেণীত শিক্ষাদানৰ যোগ্যতা থকা বিভিন্ন ধৰ্ম্মাৱলম্বী শিক্ষকক পঢ়বলৈ দিয়া উচিত।

 মুঠতে, আমাৰ জাতীয় শিক্ষা আঁচনিত যুগৰ দাবী পূৰণ কৰিব পৰাকৈ, পৃথিবীৰ অন্যান্য উন্নত দেশৰ সৈতে খোজ মিলাব পৰাকৈ [ ২৫ ] জ্ঞান-বিজ্ঞানৰ চৰ্চ্চা আৰু গবেষণা হব লাগিব আৰু তাৰ লগতে জাতীয় চৰিত্ৰ গঠনৰ উপাদান হিচাপে নৈতিক আৰু ধৰ্ম্মীয় শিক্ষাৰো সমন্বয় সাধন কৰিব লাগিব। এই প্ৰসঙ্গত পণ্ডিত নেহৰুৰ এষাৰ উক্তি প্ৰনিধান যোগ্য "Can't we combine the progress of science and technology with the progress of the mind and the spirit?” কবিগুৰু ৰবীন্দ্ৰনাথেও উপলদ্ধি কৰিছিল যে “মানুহক সত্যৰ জ্ঞান দিয়াই শিক্ষাৰ উদ্দেশ্য। শিক্ষাই প্ৰতিটো শিশুক যুগৰ উদ্দেশ্য বুজি পাবলৈ আৰু যুগৰ দাবী পূৰণ কৰিবলৈ সক্ষম কৰি তুলিব পাৰিব লাগিব।” তেনে উপলদ্ধিৰেই কবিগুৰুয়ে শান্তি নিকেতনত প্ৰাচীন গুৰুকুল শিক্ষা-পদ্ধতিৰ অনুক- ৰণত আজিৰ যুগৰ সৈতে খাপ খোৱাকৈ 'বিশ্ব-ভাৰতী’ গঢ়ি তুলি- ছিল, য'ত এক অন্তৰমুখী, ঈশ্বৰমুখী প্ৰাকৃতিক বাতাবৰণত উচ্চতম পৰ্যায়লৈকে জ্ঞান-বিজ্ঞান আৰু বিভিন্ন কলাৰ শিক্ষা দিয়া হয়।

 বাস্তবিকতে নৈতিকতাৰ শিক্ষা দিবৰ বাবে 'কলা’ এক অতি সুচল মাধ্যম। যি কথা পোনপতীয়াকৈ শিকালে লৰা-ছোৱালীয়ে একো আনন্দ নেপায় তেনে বিষয়ে কলাৰ মাধ্যমেৰে জীৱন্ত, সৰস আৰু উপভোগ্য কৰি তুলিব পাৰি। উদাহৰণ স্বৰূপে “একতাই পৰম বল” কথাষাৰ মৌখিকভাৱে শিকোৱাৰ অপচেষ্টা কৰাতকৈ বুঢ়া আৰু তেওঁৰ খৰিয়াল কৰা পুতেকহঁতৰ সাধুটোৰ সহায়েৰে বা তাৰ নাট্যৰূপ দি সাৰ্থকভাৱে শিকাব পাৰি। তেনে উপলদ্ধিৰেই প্ৰাচীন কালত শিশুক আনন্দ-দানৰ ছলেৰে শিক্ষা দিয়াৰ উদ্দেশ্যে জীৱ-জন্তুক চৰিত্ৰ হিচাপে লৈ পঞ্চতন্ত্ৰ, হিতোপদেশ, গ্ৰীমৰ সাধু আদি শিশু-শিক্ষাৰ পুথি ৰচিত হৈছিল। মহাপুৰুষ শঙ্কৰদেৱে সমাজ সংস্কাৰৰ বাবে কলাকেই উপযুক্ত মাধ্যম হিচাপে গ্ৰহণ কৰি অশিক্ষিত [ ২৬ ] সহজ সৰল গাঁৱলীয়া ৰাইজৰ মনত ধৰ্ম্ম আৰু নৈতিকতাৰ ভাৱ জগাই তুলিবলৈ সাহিত্য, নৃত্য-গীত, ভাওনাৰ সহায় - লৈছিল। স্বভাৱতে কল্পনাপ্ৰৱণ, কৌতুহলী শিশুহঁতৰ ক্ষেত্ৰত এনে পদ্ধতি অধিক কাৰ্য্যকৰী হ’ব।

 বৰ্ত্তমান আমাৰ হাইস্কুলীয়া পাঠ্যক্ৰম মতে তলৰ শ্ৰেণী কেই- তাত 'নীতি-শিক্ষা’ বিষয়টো প্ৰৱৰ্ত্তন কৰা হৈছে। কিন্তু দুখৰ বিষয়, অধিকাংশ লৰা-ছোৱালীয়ে কেবল পৰীক্ষাত নম্বৰ গোটাবৰ বাবেহে উক্ত বিষয়ৰ পাঠসমূহ আয়ত্ব কৰে। গতিকে এইদৰে পোনপতীয়াকৈ নীতি-শিক্ষা দিয়াতকৈ সাহিত্য-বিজ্ঞান, সমাজ-বিদ্যা, বুৰঞ্জী আদি বিষয় যোগ দিলেহে ছাত্ৰ-ছাত্ৰী অধিক উপকৃত হব যেন অনুমান হয়। এজন বিজ্ঞানীয়ে সত্যৰ অন্বেষণত কটোৱা সংঘটষয় জীৱনৰ কাহিনী পঢ়িলেও লৰা-ছোৱালীয়ে অজানিতে নীতি-শিক্ষাৰ পাঠ শিকিব। আমাৰ বোধেৰে নৈতিক শিক্ষা ফলপ্ৰস, কৰিবলৈ হলে বিদ্যা- লয়ৰ বাহিৰে ভিতৰে এক নৈতিক পৰিবেশ সৃষ্টিৰ চেষ্টা অব্যাহত থাকিব লাগিব। স্কুলত এটি আনন্দ আৰু সৌন্দৰ্য্য়ৰ পৰিবেশ থকা- টোও অতি আৱশ্যকীয় কথা। বিদ্যালয়ৰ সকলো স্তৰতে অসা- প্ৰদাযুিক ধৰ্ম্মীয় শিক্ষাৰ ব্যৱস্থা থকা দৰকাৰ। মানৱধৰ্মোপদেশ- মূলক স্তোত্ৰ, ভজন, বৰগীত, গুৰু-বন্দনা ৰাষ্ট্ৰীয় সঙ্গীত, জাতীয় সঙ্গীত, শাস্ত্ৰ নিৰ্বাচিত অংশৰ পাঠ—এনেধৰণৰ ব্যৱস্থাই কোনো ধৰ্ম্মাৱ- লম্বীৰে অনুভূতিত আঘাত কৰাৰ সম্ভাৱনা নাই। লৰা-ছোৱালীক শাৰীৰিকভাৱে সুস্থ সবল, মানসিকভাৱে সজাগ কৰি ৰাখিবলৈ বিভিন্ন ধৰণৰ খেল-ধেমালি, ব্যায়াম, সাংস্কৃতিক বিষয়ৰ প্ৰতিযোগিতা আদিৰ ব্যৱস্থা বিদ্যালয়ত ৰাখিব লাগিব। : শাৰীৰিক সুস্থতাৰ লগত মানসিক সুস্থতাৰ এৰাব নোৱাৰা সম্পৰ্ক। “নায়ুমাত্মা বলহীনেন [ ২৭ ] লভ্য।” তদুপৰি সমাজ আৰু ৰাষ্ট্ৰৰ জীৱনত বিশিষ্ট বৰঙণি আগ- বঢ়োৱা বৰেণ্য নাৰী পুৰুষ সকলৰ জীৱনৰ লৈতে পৰিচিত হব পৰাকৈ সেইসকলৰ ছবি বিদ্যালয় বিভিন্ন কোঠাত অন্ততঃ এখনকৈ ৰাখিব পাৰি। স্কুলৰ পুথিভৰালত ছাত্ৰই লাগ বুলিলেই পোৱাকৈ মহৎ- লোকৰ জীৱনী, উপাদেয় সাহিত্য, নাটক, গল্প আৰু জ্ঞান-বিজ্ঞানৰ লাগতিয়াল পুথি মজুত ৰখা দৰকাৰ।

 মহান লোকসকলৰ জন্ম বা মৃত্যু তিথি উদযাপনৰ ব্যৱস্থা কৰি সেইসকলৰ জীৱন ও কৰ্ম্মৰাজিৰ বিষয়ে তৰ্ক, আলোচনা, কুইজ আদিৰ ব্যৱস্থা কৰিব পাৰিলে লৰা-ছোৱালী সজ-চিন্তাত ব্যস্ত হৈ থকাৰ লগতে আনন্দ আৰু মানসিক সজীৱতাও লাভ কৰিব, লগে লগে বীৰ পূজাৰ মানসিকতাও গঢ় লব। সিহঁতৰ অন্তৰ্নিহিত প্ৰতি- ভাক জাগ্ৰত কৰি সুপথে পৰিচালিত কৰাৰ প্ৰচেষ্টাৰে সঙ্গীত-নৃত্য- বাদ্য আৰু ৰুচি অনুযায়ী বিভিন্ন বৃত্তিমূলক শিক্ষাৰ প্ৰবৰ্ত্তনে ছাত্ৰ- ছাত্ৰীক জীৱন গঢ়াত প্ৰভূত সহায় আগবঢ়াব পাবে। কাৰ্য্যক্ষেত্ৰত দেখা যায়, শৃঙ্খলাবোধ, সহযোগিতা, নিয়মানুবৰ্তিতা আদি সজ গুণৰ শিক্ষাত পাঠ্যক্ৰমতকৈ বহিঃ পাঠ্যক্ৰমৰহে ভূমিকা অধিক গুৰুত্ব- পূৰ্ণ। অৱশ্যে পাঠ্যক্ৰমকো অৱহেলা কৰিলে নচলিব। গতিকে দুয়োটাৰে সমন্বয়ত শিক্ষাৰ ব্যৱস্থা হাতত লব লাগে। লৰা-ছোৱালী ভবিষ্যৎ জীৱনত আত্মনিৰ্ভৰশীল হব পৰাকৈ স্বায়ত্বশাসনৰ শিক্ষাও বিদ্যালয়ত হোৱা উচিত। জীৱনৰ বাস্তৱতাৰ সৈতে ছাত্ৰাৱস্থাতে পৰি- চয় কৰিবলৈ লৰা-ছোৱালীক সমাজ জীৱনৰ সৈতে জড়িত কৰাব লাগিব। গতিকে সমাজ-সেৱা শিক্ষাৰ এক বিশেষ অঙ্গ হিচাপে ল'ব লাগে। প্ৰাকৃতিক দুৰ্যোগৰ ফলত বা অন্য কোনো সামাজিক সমস্যা সমাধানৰ প্ৰচেষ্টাত তেওঁলোককে জড়িত কৰি শাৰীৰিক, [ ২৮ ] মানসিক, আৰ্থিকভাৱে সাধ্যমতে সহায় আগবঢ়াবলৈ লৰা-ছোৱালীক উদগনি যোগোৱা শিক্ষকসকলৰ কৰ্ত্তব্য। স্কাউট, গাইড, জাতীয় শিক্ষাৰ্থী বাহিনীৰ সদস্যভূক্ত হৈ ছাত্ৰ-ছাত্ৰীয়ে এনে সেৱা সুন্দৰভাৱে আগবঢ়াব পাৰে।

 এইদৰে পাঠ্যক্ৰম আৰু বহিঃ পাঠ্যক্ৰম বিষয়ত লৰা-ছোৱালীক আৱদ্ধ ৰাখিব পাৰিলে ছাত্ৰ-ছাত্ৰীসকল কু-প্ৰভাৱ, কু-চিন্তা, কু-কৰ্ম্মৰ পৰা বিৰত থাকিব, আপোনা আপুনি চৰিত্ৰগঠনৰ পাঠ শিকিব। কিন্তু বিশেষভাৱে মনত ৰাখিবলগীয়া কথা এয়ে যে নৈতিক শিক্ষাৰ সুফল পাবলৈ হলে শিক্ষক-শিক্ষয়িত্ৰীসকল আদৰ্শস্থানীয় হবই লাগিব, যাতে উপদেশৰ লগতে তেওঁলোকৰ ব্যক্তিত্বয়ো লৰা-ছোৱালীক প্ৰভা- ৱান্বিত কৰে। বহু বিদ্যালয়ত দেখা যায় পৰীক্ষাৰ ফলাফল উন্নত কৰাৰ মানসেৰে স্কুল কৰ্তৃপক্ষই বহিঃ পাঠ্যক্ৰম বিষয়সমূহৰ সা-সুবিধা দিয়াত কৃপনালি কৰে। বছৰত এবাৰ বাৰ্ষিক খেল-ধেমালিৰ সময়ত পতা এখন তৰ্ক বা সঙ্গীত-প্ৰতিযোগিতাই ছাত্ৰ-ছাত্ৰীৰ বিশেষ উপকাৰ সাধন নকৰে। ওৰেটো শিক্ষা বছৰত উক্ত বিষয় সমূহৰ চৰ্চ্চা আৰু অনুশীলনৰ বাবে মাহত অন্ততঃ এবাৰকৈ হলেও সময় উলিয়াই দিব লাগে।

 ছাত্ৰ-ছাত্ৰীসকলেই দেশৰ ভবিষ্যৎ আশা-ভৰষাৰ স্থল। দেশৰ স্বাধীনতা অক্ষুন্ন ৰাখিবলৈ হ'লে দেশৰ সমৃদ্ধ ঐতিহ্য বজাই ৰাখি সভ্যতা সংস্কৃতিক প্ৰগতিৰ পথেৰে আগবঢ়াই নিবলৈ হ'লে শিক্ষাৰ ক্ষেত্ৰত সম্ভৱপৰ সকলো সা-সুবিধা আমাৰ সন্তানসকলে পোৱা উচিত। গতিকে এইবোৰ ক্ষেত্ৰত অধিক মনোযোগ, অধিক চিন্তা-চৰ্চ্চা-গবেষণা, অধিক অৰ্থব্যয়ৰ বাট মুকলি ৰাখিব লাগিব।

 ধৰ্ম্ম আৰু নৈতিকতাৰ ক্ষেত্ৰত ভাৰতবৰ্ষত নৱজাগৰণ অনাৰ [ ২৯ ] প্ৰচেষ্টাত জীৱন পাত কৰা বীৰ সন্যাসী বিবেকানন্দই এদিন সগৰ্ব্বে ঘোষণা কৰিছিল “মোক এমুঠি স্বাস্থ্যবান, চৰিত্ৰবান ডেকাগাভৰু দিয়া, মই সমগ্ৰ পৃথিৱী তোলপাৰ লগাই দিম।” নৈতিক আধ্যাত্মিক বলেৰে পৃথিবী তোলপাৰ লগাই দিব পৰা এচাম যুৱক-যুৱতী গঢ়ি তোলাই আমাৰ শিক্ষা-উদ্যোগৰ মুল লক্ষ্য হোৱা উচিত।


( শিক্ষক দিৱস উপলক্ষে পতা সৰ্ব্বভাৰতীয় ৰচনা প্ৰতিযোগিতাত আঞ্চলিক ভিত্তিত প্ৰথম পুৰস্কাৰ প্ৰাপ্ত। ) [ ৩০ ]

আমাৰ দৈনন্দিন জীৱনত
গীতাৰ প্ৰাসঙ্গিকতা

“সৰ্ব্বোপনিষদো গাবো দোগ্ধা গোপালনন্দনঃ
পাৰ্থো বৎসঃ সুধীৰ্ভোক্তা দুগ্ধং গীতামৃতং মহৎ”।

 “আটাইকেইখন উপনিষদ গাইগৰু; গোপালনন্দন কৃষ্ণ গাই খীৰাওঁতা; পাৰ্থ অৰ্থাৎ অৰ্জুন দামুৰি, গীতাজ্ঞান অমৃততুল্য গাখীৰ আৰু সুধীসকল হ’ল সেই অমৃত পান কৰোতা।” এই অনবদ্য শ্লোক টিয়েই থুলমূলকৈ গীতৰ সম্পূৰ্ণ পৰিচয় দাঙি ধৰে। সৰ্ব্ব উপনি- যদৰ সাৰমৰ্ম্মস্বৰূপ যি গীতামৃত ভগৱান কৃষ্ণই তৃতীয় পাণ্ডৱ অৰ্জু- নক পান কৰাইছিল যুগ যুগ ধৰি বিশ্বমানৱে সেই অমৃত পান কৰি ধন্য হৈছে। প্ৰাচীন ভাৰতীয় ঋষি-মুনিসকলৰ জীৱন, জগৎ আৰু ঈশ্বৰ সম্পৰ্কে যি ধাৰণা সেই গভীৰ জ্ঞান উপনিষদসমূহত থুপ খাই আছে। সেই সকলোবোৰ উপনিষদৰে সাৰ অংশ লৈ শ্ৰীমদ্ভগৱৎ গীতা ৰচিত হৈছে। পূৰ্ব্বতে ই ব্যাসদেৱ ৰচিত মহাভাৰতৰ অংশ- বিশেষ আছিল। কিন্তু সেই অংশৰ গভীৰ দাৰ্শনিক মূল্যৰ বাবেই পিছলৈ তাক নিলগাই আনি শ্ৰীমদ্ভগৱৎ গীতা নামেৰে এখন স্বতন্ত্ৰ গ্ৰন্থৰ ৰূপ দিয়া হৈছে। চলিত ৰূপত হোৱা তিনিহাজাৰ বছৰ ধৰি এই গ্ৰন্থ প্ৰচাৰিত হৈ আহিছে। এই মহৎ গ্ৰন্থই বাৰখন উপনিষদৰ [ ৩১ ] পৰৱৰ্ত্তী ত্ৰয়োদশ উপনিষদ ৰূপে স্বীকৃতি লাভ কৰিছে। সেয়েহে পিছৰ কালৰ শংকৰচাৰ্য্য, ৰামানুজাচাৰ্য্য, শ্ৰীধৰস্বামী, মাধবাচাৰ্য্য প্ৰমুখ্যে শ্ৰেষ্ঠ ধৰ্ম্মগুৰুসকলে গ্ৰন্থখনি গভীৰ ভাৱে অধ্যয়ন কৰি নিজ নিজ দৃষ্টিভঙ্গীৰে ইয়াৰ টীকাভাষ্য ৰচনা কৰি গৈছে। আধুনিক যুগত ইংৰাজী, জাৰ্ম্মানী আদি ভাষালৈ এই পুথি অনুবাদ হোৱাত পশ্চি- মৰ দেশসমূহতো ইয়াৰ প্ৰচাৰ আৰু সমাদৰ বাঢ়িল।

 গীতাক হিন্দুৰ এখন ধৰ্ম্মশাস্ত্ৰ বুলি কোৱাতকৈ এখন বিশাল মানবধৰ্ম্মগ্ৰন্থ বুলি কোৱাটোহে অধিক যুক্তিযুক্ত। সংসাৰ মৰুত পথ হেৰুৱাই বিভ্ৰান্ত হোৱা মানুহক গীতৰ অমৰ বাণীয়ে হেজাৰ হেজাৰ বছৰ ধৰি পথ-নিৰ্দ্দেশনা দি আহিছে। মহামানৱ মহাত্মা গান্ধীয়ে গীতা শাস্ত্ৰক জীৱনৰ সাৰথীৰূপে গ্ৰহণ কৰিছিল৷ জীৱনৰ সকলো সমস্যাৰে সমাধান তেওঁ গীতাৰ পাতত বিচাৰি পাইছিল। আচাৰ্য্য ৱিনোবা ভাৱেই কৈছিল, “মোৰ শৰীৰ আইৰ গাখীৰেৰে যিমান বৰ্দ্ধিত হৈছে তাতকৈ গীতাৰ গাখীৰেৰে মোৰ হৃদয় আৰু মন অনেকগুণে বেছি পৰিপোষিত হৈছে। .... গীতা মোৰ প্ৰাণ-তত্ত্ব।” স্বাধীনতা সংগ্ৰামত যোগ দিয়াৰ অপৰাধত কাৰাৰুদ্ধ হৈ থাকোতে এবাৰ তেওঁ জেলৰ চোৰ-ডকাইত নিৰ্ব্বিশেষে সকলো কয়দীৰ আগত প্ৰতি দেওবাৰে অতি সহজ-সৰল ভাষাত গীতা ব্যাখ্যা কৰিছিল। সেই ভাষণসমূহৰে সংকলন ‘গীতা প্ৰবচন' সম্প্ৰতি দেশৰ বাহিৰে ভিতৰে এক জনপ্ৰিয় গ্ৰন্থ। ৰামকৃষ্ণ পৰমহংস, ঋষি অৰবিন্দ, বাল গঙ্গাধৰ তিলক প্ৰভৃতি মনীষীসকলে গীতা অধ্যয়নৰ দ্বাৰা বিশেষভাৱে প্ৰভা- ৱিত হৈ সৰ্ব্বসাধাৰণ ৰাইজে বুজিব পৰাকৈ বিভিন্ন আঞ্চলিক ভাষাত গীতাভাষ্য ৰচনা কৰি গৈছে।

 এচাম মানুহৰ মনত এক ভ্ৰান্ত ধাৰণা আছে যে গীতা সাধু সন্যাসীৰ বস্তু, গোঁসাইঘৰৰ থাপনাতহে তাৰ ঠাই। গীতা পঢ়িলে [ ৩২ ] সংসাৰৰ প্ৰতি বৈৰাগ্য জন্মে, গতিকে ল’ৰা বা ডেকাই গীতা পঢ়িব নেলাগে ইত্যাদি। পিছে গীতাত ৰজাৰ পৰা সাধাৰণ প্ৰজালৈকে, ঘোৰ সংসাৰীৰ পৰা গৃহত্যাগী সন্যাসীলৈকে আটাইৰে জীৱন দৰ্শন সন্নিবিষ্ট হৈছে। জ্ঞাতি নিধন কল্পনাত কাতৰ অৰ্জুনৰ যি দ্বিধা, সংশয়, যি মানসিক অন্তৰ্দ্বন্দ্ব সি মানুহ মাত্ৰৰে জীৱনত দেখা দিব পাৰে। কাৰণ মানুহ ইতৰ প্ৰাণীতকৈ শ্ৰেষ্ঠ, বিবেক সম্পন্ন জীৱ। আদৰ্শৰ সংঘাত, স্বজনৰ প্ৰতি মায়ামোহ, ভয়-সংশয় কাতৰতা আদি মানৱ জীৱনৰ স্বাভাৱিক কথা। গতিকে ভগবান কৃষ্ণৰ সেই উপদেশ অকল অৰ্জুনৰ বাবেই নহয়, সংসাৰ সমুদ্ৰত কক্‌বকাই ফুৰা ত্ৰিতাপ- কিষ্ট প্ৰতিজন মানুহৰ বাবেই ই জীৱনৰ পৰম পাথেয়।

 গীতাৰ শিক্ষা ল’ৰাৰ পৰা বুঢ়ালৈকে সকলোৰে ক্ষেত্ৰত প্ৰযোজ্য। জ্ঞান-কৰ্ম্ম ভক্তিৰ মাধ্যমেৰে কিদৰে জীৱনত ঈঙ্গিত লক্ষ্যত উপনীত হব পাৰি গীতাই সেই শিক্ষা আমাক দিয়ে। দুখযন্ত্ৰণাময় মানৰ জীৱনত অবিচলিতভাবে, প্ৰসন্নচিত্তে নিজ কৰ্ত্তব্যপথত আগবাঢ়ি মানুহে কিদৰে জীৱনত সাৰ্থকতা লাভ কৰাৰ লগতে পূনৰ্জন্মদুখৰ হাত সাৰি ভগবানৰ সান্নিধ্য লাভ কৰিব পাৰে সিয়েই গীতাৰ শিক্ষনীয় বিষয়। জ্ঞান, কৰ্ম্ম, ভক্তি—এই তিনি আলিৰ মূৰতহে সকলতাই আমাক লগ দিয়ে; এই সত্য কেৱল পৰমাৰ্থিক দিশতেই নহয়, মানুহৰ ব্যৱহাৰিক জীৱনতো ই নিৰ্ভুল প্ৰমাণিত হৈছে। উদাহৰণ স্বৰূপে কব পাৰি, ছাত্ৰ–ছাত্ৰীয়ে শিক্ষাজীৱনত সফলতা লাভ কৰিবলৈকো এই তিনিও মাৰ্গৰ সাধন হব লাগিব। “কৰ্ম্মতহে তোমাৰ অধিকাৰ আছে, ফলাফল চিন্তা কৰাৰ অধিকাৰ নাই।” শিক্ষাৰ্থীয়ে কলাফলৰ চিন্তা বাদ দি একাগ্ৰ চিত্তে জ্ঞান সাধনা কৰিব লাগিব। গভীৰ অধ্যয়ন, অনুশীলন আদি কৰ্ম্মৰ মাজেদিহে সেই কাম সম্ভৱ হ'ব। সঙ্গীতৰ সুৰ-তাল-মাত্ৰাৰ জ্ঞান হলেই নহব, নিজ কণ্ঠৰ পৰা তাক কেনেকৈ [ ৩৩ ] ব্যক্ত কৰিব লাগিব সেই কৌশলৰ চৰ্চ্চা নেথাকিলে অৰ্থাৎ ৰেওৱাজ নহলে সঙ্গীতৰ সাধনা, নিস্ফল। অৱশ্যে জ্ঞান, কৰ্ম্মৰ সৈতে ভক্তিৰো সংযোগ হব লাগিব। এই ভক্তি হৈছে আদৰ্শ পুৰুষ অৰ্থাৎ গুৰুৰ প্ৰতি ভক্তি। যিজনৰ পৰা শিক্ষা গ্ৰহণ কৰা হয় সেই জনৰ প্ৰতি অন্তৰত শ্ৰদ্ধাৰ ভাৱ নেথাকিলে প্ৰকৃত জ্ঞানলাভ নহয়। গীতাৰ প্ৰথম অধ্যায়ত মোহাবিষ্ট অৰ্জুনে নিজৰ দোষ দুৰ্ব্বলতা আদি উদঙাই দি ভক্তিভাৱে জ্ঞান ভিক্ষা কৰিছিল বাবেই ভগৱান কৃষ্ণই তেওঁক গীতাৰ পৰম জ্ঞানৰ অধিকাৰী কৰিছিল। আত্ম-বিশ্লেষণৰ দ্বাৰা:নিজৰ দোষ- ক্ৰুটিবোৰ উপলব্ধি কৰিব পাৰিলেহে, যিজনৰ পৰা জ্ঞান আহৰণ কৰা হয় সেইজনৰ কাষত নিজকে উবুৰিয়াই দিব পাৰিলেহে অন্তৰত প্ৰকৃত জ্ঞানৰ উন্মেষ ঘটে। মানুহৰ জীৱনত প্ৰথম গুৰু হ'ল পিতৃ- মাতৃ। সেইসকলৰ প্ৰতি শ্ৰদ্ধাশীল হৈ তেওঁলোকৰ নিৰ্দ্দেশক্ৰমে জীৱনপথত আগবাঢ়িলে ভবিষ্যত জীৱনত সুখলাভৰ সম্ভাৱনা অধিক হয়।

 গীতাৰ ওঠৰটা অধ্যায়ৰ সাৰমৰ্ম্ম প্ৰকৃতপক্ষে সাংখ্যযোগ নামৰ দ্বিতীয় অধ্যায়টোতে থুপাই থোৱা হৈছে, পৰৱৰ্ত্তী অধ্যায়বোৰত সেই তত্ত্বসমূহৰ পুনৰালোচনা মাথোন হৈছে। দ্বিতীয় অধ্যায়ত দেহৰ ক্ষণস্থায়িত্ব আৰু আত্মাৰ অমৰ বিচাৰৰ লগতে স্বধৰ্ম্ম পালনৰ প্ৰয়ো- জনীয়তাৰ কথা আলোচিত হৈছে। আমাৰ দেহ আৰু এই দেহসজাৰ ভিতৰত বাস কৰা আত্মাৰ পাৰ্থক্য আমি সততে পাহৰি থাকো। আমাৰ ভ্ৰান্ত দৃষ্টিত এই দেহটোৱেই “মই। সেইবাবে দেহৰ সামান্য কষ্টতে আমি অধীৰ হওঁ। আত্ম অনুকম্পাই আমাৰ মন দুৰ্ব্বল কৰি তোলে। দেহৰ পৰিচৰ্য্যাতে আমাৰ সকলো সময় ব্যয় কৰো, কিন্তু আত্মাৰ বিকাশ বা অগ্ৰগতিৰ বাবে যে আমি একোকে কৰা নাই সেই কথা আমাৰ মনলৈ নাহে। দেহটো সেৱাৰ উপকৰণহে, দেহৰ সেৱাই [ ৩৪ ] জীৱনৰ চৰম লক্ষ্য হব নোৱাৰে। দেহটোৱে আত্মাক কিছুদিনৰ বাবে, স্থিতি দিয়ে বাবেই আমি দেহৰ যতন লব লাগে। আমি এঠাইৰ পৰা আন ঠাইলৈ যাতে নিৰাপদে, সুকলমে যাব পাৰো তাৰ বাবেই উঠি ফুৰা গাড়ীখনক তেল-তুল দি কৰ্ম্মক্ষম কৰি ৰাখিব লাগে। ঠিক সেইদৰে আত্মাৰ বিকাশ আৰু উন্নতিৰ খাতিৰতে দেহটো যত্ন- পূৰ্ব্বক নিৰোগী আৰু কৰ্ম্ম ক্ষম কৰি ৰাখিব লাগে। তাতোকৈ বেছি গুৰুত্বপূৰ্ণ ভূমিকা দেহৰ নাই -সেই কথা আমি সততে মনত ৰখা উচিত। তদুপৰি আমি দেহটোক যিমানেই আলফুলকৈ নেৰাখো সি এদিন নাশপ্ৰাপ্ত হই। গতিকে দেহটোৰ প্ৰতি অযথা অনুকম্পা নেৰাখি সময় থাকোতেই তাক যিমান পাৰা কামত লগোৱা। জন্ম মৃত্যু জীৱনৰ এৰাব নোৱাৰা কথা। কাপোৰ পুৰণি হলে তাক দলিয়াই পেলাই নতুন এখন লোৱাদি আত্মায়ে জৰাজীৰ্ণ পুৰণি দেহ এৰি নতুন দেহ গ্ৰহণ কৰে। সংসাৰ পৰিৱৰ্ত্তণশীল। সময়ৰ গতি- শীলতাক কোনেও বাধা দিব নোৱাৰে। ল’ৰাৰ পৰা মানুহ ডেকা হয়, ডেকাৰ পৰা বুঢ়া অৱস্থা পায়। সেইবোৰ পৰিৱৰ্তন যদি আমি অকাতৰে মানি লব পাৰো,বাৰ্দ্ধক্যৰ অৱশ্যম্ভাৱী পৰিণতি মৃত্যুকো একেধৰণে মানি লবলৈ আমি চেষ্টা নকৰো কিয়? নশ্বৰ দেহ আৰু অবিনশ্বৰ আত্মৰ পাৰ্থক্যৰ কথা মনত ৰাখিবলৈ যত্ন কৰিলে মানুহৰ মৃত্যুভয় কমি যাব, প্ৰিয় পৰিজনৰ সৈতে চিৰবিচ্ছেদো সহনীয় হব। “এয়া পত্নী পুত্ৰ-কন্যা মোৰ, কেবল মোৰ” -এনেবোৰ অন্ধ আসক্তি দূৰ কৰিবলৈকো মানুহ সক্ষম হব।

 গীতাত স্ব-ধৰ্ম্ম পালনৰ আৱশ্যকতাত যথেষ্ট গুৰুত্ব আৰোপ কৰা হৈছে। অন্যায় অবিচাৰৰ বিৰুদ্ধে অস্ত্ৰধাৰণ কৰাটো ক্ষত্ৰিয়ৰ ধম্ম, গতিকে অৰ্জুনে আত্মীয়-স্বজনৰ মায়া ত্যাগ কৰি হলেও নিজ ধৰ্ম্ম পালন কৰিবই লাগিব। যিজন কৰ্ত্তব্য পথৰ পৰা বিচ্যুত হয় [ ৩৫ ] তেওঁ নৰকগামী হয়, অন্য কথাত তেনে লোকে ঈপ্সিত লক্ষ্যত উপ- নীত হোৱাৰ তৃপ্তি, শান্তি জীৱনত কেতিয়াও লাভ কৰিব নোৱাৰে। এইষাৰ কথা আমাৰ দৈনন্দিন জীৱনতো বিশেষ ভাবে খাটে। পৃথিৱীৰ প্ৰতিজন মানুহৰে নিজা নিজা কৰ্ত্তব্য থাকে। পিতৃ-মাতৃ গুৰুজনৰ প্ৰতি, ভাই-বন্ধু, ওচৰ-চুবুৰীয়াৰ প্ৰতি, সন্তানৰ প্ৰতি আমাৰ ভিন ভিন কৰ্ত্তব্য আছে। প্ৰতিজন লোকেই নিয়াৰিকৈ নিজ কৰ্ত্তব্য পালন কৰিবলৈ যত্নপৰ হ'লে পৃথিৱীৰ অধিকাংশ সমস্যাই আপোনা- আপুনি সমাধান হব। গীতাত আলোচিত ‘স্বধৰ্ম্ম আমি সাধাৰণ অৰ্থত বুজা ধৰ্ম্ম নহয়। মানুহে যিটো কাম কৰি ভাল পায়, যি কাম তেওঁৰ বাবে সহজসাধ্য, যি কামৰ মাজেৰে তেওঁৰ প্ৰতি- ভাই বিকাশ লাভ কৰে, যি কামত তেওঁ মানসিক তৃপ্তি আৰু আনন্দ লাভ কৰে সেয়েই তেওঁৰ স্বধৰ্ম্ম।.. গীতাৰ উপদেশ, স্বধৰ্ম্মৰ পৰা মানুহ কেতিয়াও আঁতৰি আহিব নেলাগে। মাছ পানীত থাকে, সেয়া সিহঁতৰ স্বধৰ্ম্ম, মাছবোৰক গাখীৰৰ নদীলৈ মাতিলে সিহঁত নিশ্চয় নাহিব। নাহিব। কাৰণ সিহঁতে জানে, পানীতকৈ গাখীৰ ভাল যদিও গাখীৰত সিহঁত মৰি যাব। কোনোবাটো শিশুৰ ছবি, অঁকাৰ চখ; তাক সেইটো কামত লাগি থাকিবলৈ দিলে সি পিছলৈ, তাৰ মাজেৰেই নিজ প্ৰতিভা বিকাশৰ সুযোগ পাব। কিন্তু তাক যদি ছবি অঁকাৰ সলনি জোৰকৈ নাচ-গানত লগাই দিয়া হয় তেন্তে সেই কামত সি কোনো বিশেষ অগ্ৰগতি লাভ কৰিব নোৱাৰিব। তদুপৰি কামৰ মাজেৰে লাভ কৰা আনন্দৰ পৰাও সি বঞ্চিত হব। গতিকে লৰা-ছোৱালীৰ কি প্ৰবৃত্তি বা সিহঁতৰ মাজত কি প্ৰতিভা লুকাই আছে তাক সাৱধানে বিচাৰ কৰি চাই সেইমতে যদি সিহঁ- তক ভিন ভিন কৰ্ম্মত লগাই দিয়া হয় তেন্তে সিহঁতৰ মানসিক তৃপ্তিৰ লগতে প্ৰতিভা আৰু ব্যক্তিত্ব বিকাশৰ পথো মুকলি হব। [ ৩৬ ]

 " গীতাত ‘স্থিতপ্ৰজ্ঞ' অৰ্থাৎ স্থিৰবুদ্ধিৰ লোকৰ বৰ্ণনা প্ৰসঙ্গত কোৱা হৈছে যে যিজন দুখত কাতৰ নহয়, আনন্দতো উদ্বাউল নহয় যিজন ক্ৰোধ-ভয়-আসক্তিশূণ্য তেনে ব্যক্তিকেই স্থিতপ্ৰজ্ঞ বোলা হয়। সেইজনেই হ’ল আদৰ্শ পুৰুষ। বাস্তৱিকতে এই মৃত্যুশীল পৃথিৱীত কোনো কথাৰ বাবেই অতিশয় আনন্দ বা অতিশয় দুখ কৰাৰ যুক্তি নাই। সংসাৰত ধন-জন-যৌৱন আদি সকলো সুখেই অনিত্য। কাল ধুমুহাই মুহুৰ্ত্ততে সকলো মোহাৰি সামৰি লৈ যাব পাৰে। সেইবাবে দুখ বেজাৰত ভাঙি পৰাটোও অৰ্থহীন কথা। প্ৰিয় পৰি- জনৰ মৃত্যুত কিছুমান লোক অতিশয় কাতৰ হৈ পৰা দেখা যায়। কিন্তু শিলত মূৰ আচাৰিলেও মৃতকক কেতিয়াও ওভোতাই আনিব নোৱাৰি। তদুপৰি সময় পাৰ হোৱাৰ লগে লগে শোক অপোনা আপুনি পাতলি আহে। এইবোৰ কথা চিন্তা কৰি ধৈৰ্য্য সহকাৰে শোক সহিবলৈ চেষ্টা কৰাটোহে জ্ঞানীৰ কাম। মানুহে কাৰো প্ৰতি অত্যধিক আসক্তি ৰখা উচিত নহয়। বহু আশা কৰি বুকুৰ উমেৰে ডাঙৰ কৰা সন্তানৰ পৰা পিছত একো নেপালে মানুহ দুখ আৰু হতাশাত ভাগি পৰা দেখা যায়। কিন্তু সন্তানৰ প্ৰতি অত্যধিক আসক্তি নেৰাখি উদাসীন ভাৱে সিহঁতৰ প্ৰতি কেবল নিজ কৰ্ত্তব্য কৰি গ'লে পিছলৈ তেনে দুখ পাব লগা নহয়। সেইদৰে ভয়-ক্ৰোধ আদি ধ্বংসকাৰী ৰিপুবোৰক দমন কৰিব পাৰিলে সুখে-শান্তিৰে জীৱন কটাব পাৰি। গতিকে দেখা যায় যে স্থিতপ্ৰজ্ঞ কথাষাৰৰ গভীৰ দাৰ্শনিক অৰ্থ আছে যদিও আমাৰ দৈনন্দিন জীৱনৰ আচাৰ- আচৰণত ই সদায় প্ৰযোজ্য। স্থিৰ বুদ্ধিৰ লোক সংযমৰ প্ৰতিমূৰ্ত্তি; তেওঁ সংসাৰতে থাকি সংসাৰিক বিষয় সুখ ভোগ কৰে, অথচ নিয়ম- সংযমব মাজেৰে চলি সাংসাৰিক কামৰ মাজেৰেই তপস্যাৰ ফল পায়। তেনে লোকে কেতিয়াও চিত্তৰ প্ৰসন্নতা নেহেৰুৱায়। [ ৩৭ ] গীতাৰ তৃতীয় অধ্যায়ত কৰ্ম্মযোগৰ বিস্তাৰিত ব্যাখ্যা আছে। মানুহে কাম নকৰাকৈ এখন্তেকে থাকিব নোৱাৰে; উশাহ-নিশাহ লোৱা, লৰচৰ কৰা, মল-মূত্ৰ ত্যাগ কৰা কামবোৰ আমি স্বাভাৱিক ভাৱে কৰি থাকো। সেই নিয়মে আমাৰ দৈনন্দিন কৰ্ত্তব্যবোৰো সময়মতে কৰি যাব লাগে। কৰ্ম্মবিমুখ মানুহৰ দেহ-মন; ৰোগৰ বাহ হয়। “এলেহুৱাৰ মগজু চয়তানৰ কাৰখানা।” কামত ব্যস্ত থাকিলে নিয়মিত অঙ্গসঞ্চালনৰ ফলত শৰীৰ সুস্থ সৱল হয়, মন প্ৰফুল আৰু সৃষ্টিক্ষম হৈ উঠে, চিন্তা-শক্তিৰ বিকাশ ঘটে, লগতে তেনে- জনৰ সংসাৰ-যাত্ৰাও সুচল হয়। সৎভাবে, আন্তৰিকতা সহকাৰে কৰা কৰ্ম্মৰ দ্বাৰা সমাজ আৰু দেশৰো মহৎ উপকাৰ সাধিত হয়। কৰ্ম্মৰ লগত যেতিয়া আন্তৰিকতা থাকে সেই কৰ্ম্ম অনন্ত শক্তিৰ উৎস হৈ পৰে। কৰ্ম্ম এখন আৰ্চীৰ নিচিনা, ইয়াৰ মাজেৰে আমাৰ দোষ-ত্ৰুটি অক্ষমতাবোৰ ওলাই পৰে। তেতিয়া সংশোধন, অভ্যাস আৰু অনুশীলনৰ দ্বাৰা কৰ্ম্ম দোষমুক্ত আৰু নিৰ্ম্মল হৈ পৰিব। ইয়াৰ পৰা এটা কথা স্পষ্ট হয় যে বহুতে ভবাৰ দৰে মানুহ কাম কৰি কৰি নমৰে, কাম নকৰাৰ বাবেহে মৰে। কাম নকৰিলে শৰীৰত মেদ বাঢ়ে, মেদবহুল শৰীৰ নানা ৰোগ-বেমাৰৰ ভড়াল। নিষ্কৰ্মা মানুহক নানা দুশ্চিন্তা দুৰ্ভাৱনাই আগুৰি ধৰি মৃত্যু ওচৰ চপাই আনে। “চিন্তা জ্বৰো মনুষ্যানাং বস্ত্ৰানাং আতপো জ্বৰঃ”—মানুহৰ ব্যাধি চিন্তা আৰু কাপোৰৰ ব্যাধি হ’ল ৰ’দ। গতিকে দেহটোৱে কষ্ট পাব বুলি ভাবি আমি নিষ্কৰ্ম্মা হৈ বহি থাকিব নেলাগে। যিটো দেহ দুদিন পিছত জুইত জাহ যাব বা কবৰত সোমাব সেইটো দেহে দুখ পাব বুলি কৰ্ম্মহীন জীৱন যাপন কৰাটো মূৰ্খামি মাথোন। মৃত্যু যে অৱশ্যম্ভাৱী সেই কথা আমি সততে পাহৰি থাকিবলৈ যত্ন কৰো। কিন্তু অন্তৰত মৃত্যু-ভাৱনা জাগ্ৰত কৰি ৰাখিব পাৰিলে আমাৰ ঈশ্বৰ [ ৩৮ ] বিশ্বাস দৃঢ় হব, মানুহে সজ কথাত আনন্দ অনুভৱ কৰিবলৈ শিকিব, কু-প্ৰবৃত্তিবোৰ আতৰিব আৰু সৎ কৰ্ম্মৰ বাবে অন্তৰত হাৱিয়াস জাগিব।

 গীতাৰ ওঠৰটা অধ্যায়ত এইদৰে আমাৰ দৈনন্দিন জীৱনৰ প্ৰয়োজনীয় আৰু শিক্ষণীয় অজস্ৰ বিষয়ৰ আলোচনা কৰা হৈছে। আমি এটা কথা মনত ৰখা উচিত যে কেইবা হেজাৰো বছৰ আগতে ৰচিত এই শাস্ত্ৰসমূহৰ সকলো কথাই আজিৰ যুগত প্ৰযোজ্য বা গ্ৰহ- ণীয় হব নোৱাৰে, তাৰ ভিতৰতে যিবোৰ বিশ্বজনীন সত্যৰ অৱতাৰণা কৰা হৈছে সেইবোৰে কাল, স্থান নিৰ্ব্বিশেষে মানৱ জাতিক পথ নিৰ্দ্দে- শনা দি আহিছে। এটা মন কৰিবলগীয়া কথা এয়ে যে আত্মাৰ মুক্তিলাভৰ বাবে গীতাই মানুহক কেতিয়াও সংসাৰ ত্যাগ কৰিবলৈ উপদেশ দিয়া নাই। সংসাৰতে থাকি ঈশ্বৰৰ চৰণত নিজকে সমৰ্পণ কৰি সংযমৰ অনুশীলনৰ দ্বাৰা ছয় ৰিপুক বশত ৰাখি, ইন্দ্ৰিয়বৰ্গক সজ কামত লগাই জীৱনত সাৰ্থকতা লাভ কৰাৰ লগতে পৰকালত মোক্ষলাভৰ পথ কিদৰে সুগম কৰিব পাৰি তাৰ শিক্ষাহে গীতাই আমাক দিয়ে। গীতাই মানুহৰ আগত কেবল জ্ঞান-ভক্তি-কৰ্ম্মৰ আদৰ্শই দাঙি ধৰা নাই সেই আদৰ্শসমূহ কাৰ্য্যক্ষেত্ৰত কেনেকৈ পালন কৰিব লাগে তাৰ কৌশলো মানুহক শিকাইছে। গ্ৰন্থখনিৰ অধ্যায়সমূহক সাংখ্যযোগ, কৰ্ম্মযোগ, ভক্তিযোগ আদি নামকৰণ কৰা হৈছে, সেই ‘যোগ’ শব্দৰ অৰ্থ হৈছে কলা বা কৌশল। “যোগ কৰ্ম্মসু কৌশলম্” অৰ্থাৎ যোগ হৈছে কৰ্ম্ম কৰাৰ কৌশল। উদা- হৰণ স্বৰূপে ষষ্ঠ অধ্যায়ত, মনটোক বিষয়ৰ পৰা টানি আনি সম্পূৰ্ণৰূপে ভগৱৎমুখী কৰিবলৈ সাধকে কোন ঠাইত কেনে আসনত কেনেভাৱে বহি ধ্যানাবিষ্ট হব লাগে তাৰ বিবৰণ আমি পাওঁ।

 গীতাই মানৱ সমাজৰ বাবে আৰু এক মহৎ শিক্ষা আগবঢ়াইছে, [ ৩৯ ] সি হ’ল ধৰ্ম্মীয় উদাৰতাৰ শিক্ষা। গীতাৰ দৰ্শন বেদান্তৰ একেশ্বৰবাদী দৰ্শন। আত্মাৰ মুক্তিৰ বাবে বিশ্বৰ নিয়ন্তা, সৰ্ব্ব শক্তিৰ আধাৰ এক পৰম পুৰুষৰ উপাসনাই একমাত্ৰ প্ৰশস্ত পথ হিচাবে গীতাই আঙুলি- য়াই দিছে। সেই পিনৰ পৰা চাবলৈ গলে ইছলাম ধৰ্ম্ম, খ্ৰীষ্টান ধৰ্ম্ম আদিৰ সৈতে আমাৰ ধৰ্ম্মীয় আদৰ্শৰ কোনো বিভিন্নতা নাই। আন- হাতে চিত্তশুদ্ধিৰ পন্থা হিচাবে যজ্ঞ, দান, বিভিন্ন দেৱ-দেৱীৰ পূজা অৰ্চ্চনাকো গীতাই নাকচ কৰা নাই। নিৰাকাৰ ঈশ্বৰৰ পূজা কৰা সৰ্ব্ব- সাধাৰণৰ পক্ষে সম্ভৱ নহয় বাবেই মানুহে ভগৱানৰ সাকাৰ ৰূপ কল্পনা কৰি লয়। মৌখিক উপদেশ পালন কৰিবলৈ টান বাবেই তেনেবোৰ উপদেশ নিজ জীৱনত পালন কৰি সফলকাম হোৱা এজনক মানুহে গুৰুজ্ঞান কৰি অন্তৰৰ শ্ৰদ্ধা-ভক্তি নিবেদন কৰে। আমি ভগ- বানক পাহৰি থকাতকৈ কিছু কামনা লৈ তেওঁক স্মৰণ কৰাও ভাল। ভক্তি সকাম হলেও ভগৱানে তাক দলিয়াই নেপেলায়। পুনঃ পুনঃ অনুশীলনৰ দ্বাৰা এই সকাম ভক্তিয়েই এদিন নিষ্কামতা লাভ কৰিব। কৰ্ম্ম যদি শুদ্ধ ভাৱনাৰে পূৰ্ণ আৰু সেৱাৰসময় হয় তেন্তে সাধাৰণ কৰ্ম্মও ভগবানৰ উপাসনা স্বৰূপ হয়। গীতাত ভগবান কৃষ্ণই কৈছে, “যে যথা মাং প্ৰপদ্যন্তে তাংস্তথৈৱ ভজাম্যহম্”–যেয়ে মোক যিভাৱে উপাসনা কৰে তেওঁ সেই ভাবেই মোক পায়। এই মহত্বপূৰ্ণ কথাষাৰে স্পষ্ট কৰি দিয়ে যে সনাতন হিন্দুধৰ্ম্মত প্ৰকৃততে অন ধৰ্ম্মৰ প্ৰতি কোনো বিৰোধ নাই, ই সকলো ধৰ্ম্মীয় মতবাদকে প্ৰেম আৰু উদা- ৰতাৰে স্বীকাৰ কৰি লয়।

 গীতাৰ শিক্ষা কেবল মানুহৰ ব্যক্তিগত জীৱনতে নহয়, দেশৰ সামাজিক আৰু ৰাজনৈতিক জীৱনতো প্ৰযোজ্য। অন্যায়-অনীতি, দুৰ্নীতি ভণ্ডামিয়ে আজি আমাৰ সমাজ জীৱন ছটি ধৰিছে। ধৰ্ম্মৰ নামত ভায়ে ভায়ে কটাকটি, মৰামৰি কৰি দেশ চাৰখাৰ কৰিছে। [ ৪০ ] শ্ৰদ্ধা-ভক্তি, সংযম, আন্তৰিকতা, কৰ্ত্তব্যনিষ্ঠা, কৰ্ম্মপ্ৰেৰণা আদি মূল্য- বোধসমূহ আধুনিক জীৱনৰ পৰা ক্ৰমে লোপ পাই আহিছে। অথচ এনেবোৰ মানবীয় গুণৰ অনুশীলন অবিহনে সুস্থ, শান্তিময় সমাজ জীৱন সম্ভৱ নহয়। বৰ্ত্তমানৰ পৰিস্থিতিয়ে যে সমাজক হতাশা আৰু ধ্বংসৰ মুখে আগবঢ়াই নিছে তাত কোনো সন্দেহ নাই। অৱস্থাৰ পৰিপ্ৰেক্ষিতত গীতাৰ মহাবাণীয়ে আমাক পৰিত্ৰাণৰ পথ দেখুৱাব পাৰে। এই পৃথিৱীত কোনো মানুহেই জীৱনত সম্পূৰ্ণতা লাভ কৰিব নোৱাৰে! কিন্তু সম্পূৰ্ণতাৰ প্ৰতি হাবিয়াস, সম্পূৰ্ণ- তাৰ মুখে এটি পদক্ষেপ—সেয়েই মানৱ জীৱনক মহত্ব প্ৰদান কৰে। সমাজৰ প্ৰতিজন লোকে গীতাৰ বাণীসমূহ কিঞ্চিৎমানো হৃদয়ঙ্গম কৰি সেইমতে চলিবলৈ চেষ্টা কৰিলে অমাৰ ব্যক্তিগত জীৱনৰ লগতে সমাজ-জীৱনো নিঃসন্দেহে উন্নততৰ হব। O [ ৪১ ]

নাৰীঃ নান্দনিক দৃষ্টিৰে

 সৃষ্টিকৰ্তা ভগৱানে সৃষ্টিৰক্ষাৰ খাতিৰতে জীৱজগতক নাৰী আৰু পুৰুষ এই দুই শ্ৰেণীত বিভক্ত কৰি উভয়ৰে অন্তৰত পাৰস্পৰিক আকৰ্ষণৰ বীজ সিচিলে। এই আকৰ্ষণৰ প্ৰধান উদ্দীপক হ’ল দৈহিক ৰূপ। সুন্দৰ বস্তু দেখিলে আমি স্বাভাৱিকতে আনন্দ লাভ কৰো আৰু সেই বস্তুৰ প্ৰতি আকৃষ্ট হওঁ। পশু পক্ষীৰ ক্ষেত্ৰত দেখা যায়, সাধাৰণতে মাইকী জনীতকৈ মতাটো বেছি চকুত লগা। মত কুকুৰা চৰাইটোৰ শাৰীৰিক সৌন্দৰ্য্যৰ তুলনাত মাইকীজনী নিচেই সাধাৰণ। মতা ময়ুৰটোৱে চালি ধৰি বন-বননিৰ শোভা বঢ়াৱ। মতা সিংহটো কেশৰেৰে দেখিবলৈ অধিক সুন্দৰ। কিন্তু মানুহৰ ক্ষেত্ৰত সাধাৰণতে ইয়াৰ বিপৰীতটোহে দেখা যায়। কোম- লতা, কমনীয়তাৰ প্ৰতীক নাৰীয়েহে দৈহিক সৌন্দৰ্যৰ দ্বাৰা চিৰদিন পুৰুষৰ মন আকৰ্ষণ কৰি আহিছে। সেয়েহে নাৰীক ‘ফেয়াৰ ছেক্স’ অৰ্থাৎ ‘ধুনীয়া লিঙ্গ’ আখ্যা দিয়া হয়। নাৰীৰ সৃষ্টি সম্পৰ্কে প্ৰাচীন ভাৰতীয় সাহিত্যত এটি মনোৰম অখ্যান আছে। সৃষ্টিকৰ্তাই হেনো পুৰুষ জাতি সুজন কৰাৰ অন্তত দেখিবলৈ পালে, সৃষ্টিৰ সকলো উপাদান ইতিমধ্যে শেষ হৈ গ'ল, নাৰী গঢ়িবলৈ তেওঁৰ হাত শুদা। সেয়ে উপায়ান্তৰ নেদেখি প্ৰকৃতিৰ বিভিন্ন বস্তুৰ পৰা তেওঁ গোটালে নাৰী গঢ়াৰ উপাদান। তেওঁ সংগ্ৰহ কৰিলে “জোনৰ পৰা সুগোল আকৃতি, লতা-গছৰ পৰা ভাঁজবোৰ, খাগৰিৰ দেহৰ লাহী গুণ, পাহি[ ৪২ ] মেলা ফুলৰ মনোমোহা ৰূপ; ক্ৰমাঘয়ে তললৈ সৰু হৈ অহা হাতীৰ শূঁৰৰ শোভা, হৰিণীৰ চাৱনি, মৌ-মাখিৰ গুণ-গুণনি, সূৰ্য্যকিৰণৰ উষ্ণতা, মেঘৰ ক্ৰন্দসী স্বভাৱ, বতাহৰ চঞ্চলতা, শহাপহুৰ ভীতি- বিহবলতা,ময়ুৰৰ ৰূপৰ গৰ্ব্ব, ভাটো চৰাইৰ বুকুৰ কোমলতা, বজ্ৰৰ কঠোৰতা, মৌৰ মাধুৰ্য্য়, বাঘৰ নিষ্ঠুৰতা, জুইৰ পোহৰ, বৰফৰ শীত- লতা, কোকিলৰ মৌ-মিঠা কণ্ঠ, বগলীৰ চতুৰালি আৰু চক্ৰবাক চৰাইৰ প্ৰেমৰ একনিষ্ঠতা। এইদৰে প্ৰকৃতিৰ সৌন্দৰ্য্য তিলে-তিলে আহৰণ কৰি নাৰীক গঢ় দি সেই তিলোত্তমা নাৰীক তুলি নিলে পুৰুষৰ হাতত।” এই আখ্যানটিয়ে নাৰীৰ প্ৰকৃত দৈহিক, মানসিক ৰূপৰ সম্যক পৰিচয় দাঙি ধৰক বা নধৰক, নাৰীৰ ৰূপে পুৰুষৰ কল্পনাশক্তিক, সৌন্দৰ্যবোধক কিদৰে তানুপ্ৰাণিত, উজ্জীৱিত কৰে তাৰ সুন্দৰ আভাষ দিয়ে।

 আকৰ্ষণীয় ৰূপ-মাধুৰ্য্যৰ অধিকাৰিণী, সৃষ্টি ক্ষমতাসম্পন্না নাৰী জাতিক প্ৰকৃতিৰ সমাৰ্থক হিচাপে গণ্য কৰা হয়। প্ৰকৃতি জগৎ আৰু নাৰী কবি-শিল্পীসকলৰ সৌন্দৰ্য্য চেতনা আৰু শিল্পানুভূতি প্ৰকাশৰ প্ৰধান মাধ্যম। প্ৰেমমুগ্ধ কবিয়ে অনুভৱ কৰে, বিশ্বৰ সকলো সৌন্দৰ্য্য তেওঁৰ প্ৰেয়সীৰ দেহ-মনত থুপ খাই থাকে। প্ৰিয়াৰ ভ্ৰু- যুগলৰ কাষত মদনৰ ধেনুয়ে হাৰ মানে; তেওঁৰ কেশৰশি যেন আষা- ঢৰ ঘনকৃষ্ণ মেঘ; ওঁঠত কুঁহিপাতৰ ৰং আৰু কোমলতা;উঠন বুকুত পদুম কলিৰ সুকোমল শোভা, খোজত ৰাজহংসৰ ধীৰ লয়লাস গতি। সংস্কৃত কাব্যত এনে বিশ্বাসে। প্ৰচলিত আছিল যে সুন্দৰী নাৰীৰ পদা- ঘাততহে অশোক গছত ফুল ফুলে। এইদৰে নাৰী-সৌন্দৰ্যৰ অপাৰ সাগৰত ডুব দি বিভিন্ন যুগৰ কবি-সাহিত্যিকসকলে অজস্ৰ অমূল্য মণিমুক্তা বুটলি আনি সাহিত্য ভড়াল চহকী কৰি গৈছে। চিত্ৰকৰৰ তুলিকাতো নাৰী-সৌন্দৰ্য্যৰ অসামান্য প্ৰকাশ দেখিবলৈ পোৱা যায়। [ ৪৩ ] ৰাফেলৰ ‘মেডোনা, লিওনাৰ্দ দ্যা ভিঞ্চিৰ মনালিচাৰ হাঁহি মুগ্ধ শিল্পীৰ শিল্পচেতনাৰ কালজয়ী প্ৰকাশ। এইদৰে ভাস্কৰ সকলেও শিল বা ধাতুৰ মাধ্যমেৰে নাৰীৰ দেহ আৰু মনৰ বৈশিষ্ট্যপূৰ্ণ ৰূপ ফুটাই তোলে। আমাৰ মঠ-মন্দিৰ বা প্ৰাচীন কীৰ্তিস্তম্ভসমূহত বিভিন্ন ভঙ্গিমাত খোদিত নাৰীমূৰ্ত্তিসমূহ নাৰীৰূপমুগ্ধ শিল্পীৰ শিল্প চেতনাৰ উৎকৃষ্ট নিদৰ্শন। সেয়ে হয়তো কবিগুৰু ৰবীন্দ্ৰনাথে লিখি- ছিল, “সুধু বিধাতাৰ সৃষ্টি নহ তুমি নারী, পুৰুষ গঢ়েছে তোৰে সৌন্দৰ্য্য সঞ্চাৰি, আপন অন্তৰ হতে.......”

 নিজৰ শাৰীৰিক সৌন্দৰ্যৰ প্ৰতি নাৰী নিজেও কম সচেতন নহয়। নিজকে সুন্দৰকৈ সজাই পৰাই আকৰ্ষণীয় কৰি তোলাটো তিৰোতাৰ এক স্বাভাৱিক প্ৰবৃত্তি। আ-অলঙ্কাৰৰ প্ৰতি আসক্তি নাৰীৰ চিৰকলীয়া স্বভাৱ। দেখা যায়, সু-প্ৰাচীন কালৰে পৰা নাৰীৰ মাজত ৰূপ-সজ্জা, কেশসজ্জাৰ পৰম্পৰা আছে। পুৰণি কালত যেতিয়া আজিৰ দৰে বজাৰ ভৰি থকা প্ৰসাধন সামগ্ৰীৰ প্ৰচলন নাছিল, তেতিয়া গছৰ ফুল-পাত-বেণ, চন্দন আৰু সেইবোৰৰ পৰা তৈয়াৰ কৰা নানান প্ৰাকৃতিক সামগ্ৰীৰে নাৰীয়ে ৰূপ-চৰ্চ্চা কৰিছিল। কালি- দাসৰ শকুন্তলাত আমি পঢ়িবলৈ পাওঁ কিদৰে মুনিকন্যা শকুন্তলাক স্বামী-গৃহলৈ পঠিয়াবৰ পৰত সখীহঁতে সজাই-পৰাই তোলোতে প্ৰকৃ- তিয়েই সাজ-পাৰ, প্ৰসাধন সামগ্ৰী আদি সকলো সম্ভাৰৰ যোগান ধৰিছিল। জেতুকা, বৰহমথবি, নেমুটেঙা, কেঁচা হালধি আদি বিবিধ প্ৰাকৃতিক বস্তু প্ৰসাধন সামগ্ৰী হিচাপে নাৰী সমাজত আজিও সমা- বৃত। মহিলা আলোচনীসমূহত ৰূপ-চৰ্চ্চীৰ শিতান এটা সদায় থাকে। দেহটোৰ প্ৰতি অধিক সচেতনতা বৌদ্ধিক দিশত নাৰীৰ ক্ষেত্ৰত সচৰাচৰ দেখা দৈন্যতাৰ এক বিশেষ কাৰণ বুলিও বহুতে মত প্ৰকাশ কৰে।

 হৰিণাৰ মঙহেই বৈৰী হোৱাৰ দৰে নাৰীৰ দৈহিক সৌন্দৰ্য্য [ ৪৪ ] সততে তেওঁলোকৰ বিপদৰ কাৰণ হোৱা দেখা যায়। নাৰী-দেহৰ প্ৰতি সহজে লালায়িত, অসংযমী পুৰুষৰ হাতত ধৰ্ষণ, বলাৎকাৰ আদিৰ বলি হৈ নাৰীয়ে মান সম্মানৰ লগতে বহুক্ষেত্ৰত প্ৰাণ পৰ্য্যন্ত হেৰুৱাব লগীয়া হয়। এহাতে নাৰীৰ ৰূপ-মুগ্ধ কবি-শিল্পীয়ে মহৎ সৃষ্টিৰ বাবে অনুপ্ৰেৰণা লাভ কৰিছে, আনহাতে সেই আকৰ্ষণতে এচাম অসৎ পুৰুযে অনেক অপকৰ্ম্মত লিপ্ত হৈ তিৰোতাৰ ঘোৰ সৰ্ব্বনাশ সাধি কাললৈ কুখ্যাতি আৰ্জি গৈছে। সীতাৰ ৰূপৰ প্ৰতি লালায়িত ৰাৱণে তেওঁক হৰণ কৰি নিয়া ঘটনাক কেন্দ্ৰ কৰিয়েই ৰামায়ণ মহাকাব্যৰ উৎপত্তি। গ্ৰীক মহাকাব্য ইলিয়াডতো দেখা যায় হেলেনৰ ৰূপত অন্ধ পেৰিছৰ দুস্কৃতিৰ ফলস্বৰূপে মহা মহা গ্ৰীক বীৰসকলৰ সৈতে ট্ৰয়নগৰ সমূলঞ্চে ধ্বংস হৈছিল। নাৰীদেহৰ আকৰ্ষণ ৰোধ কৰিবলৈকে সম্ভ- ৱতঃ মুছলমান সম্প্ৰদায়ৰ মাজত বোৰ্খাৰ প্ৰচলন হৈছিল। আনহাতে নাৰীয়েও নিজৰ ৰূপ-যৌৱনক অস্ত্ৰ হিচাপে লৈ পুৰুষৰ মন জয় কৰি নিজৰ স্বাৰ্থ পূৰণ কৰাৰ অলেখ দৃষ্টান্ত আছে। দেহোপজীৱিনী সকলে পুৰুষক প্ৰলুব্ধ কৰিবলৈকে নানাভাৱে সজাই-পৰাই ৰাখে বাবে তেওঁলোকক বেশ্যা (বেশে ভৱা, বেশ + যৎ, আপ) বোলা হৈছিল। নাৰীৰ ৰূপৰ সমুখত পুৰুয কেনেকুৱা অসহায় কীৰ্ত্তনৰ 'হৰমোহন' অধ্যায়টো পঢ়িলেই বুজিব পাৰি।তাহানি কালত উগ্ৰ- তপা ঋষিৰ চিত্তচাঞ্চল্য ঘটাই তপস্যা ভঙ্গ কৰিবলৈ সুন্দৰী অপ্সৰা সকলক পঠিয়াই দিয়া হৈছিল।

 অৱশ্যে ভগৱানে নাৰীক কেৱল এট সুন্দৰ দেহৰে নহয়, এটি সুকুমাৰ মনৰো অধিকাৰী কৰি পঠাইছে। পুৰুষৰ উগ্ৰ, অসহিষ্ণু প্ৰকৃতিৰ বিপৰীতে সাধাৰণতে নাৰীহৃদয় দয়া, প্ৰেম, ক্ষমা, কৰুণা, লজ্জা, ধৈৰ্য্য়, সৌন্দৰ্য্যবোধ আদি ভালেমান সৃজনাত্মক গুণৰ উৎস। ভগৱানে নাৰীক সন্তান জন্ম আৰু লালন-পালনৰ দ্বাৰা সৃষ্টি ৰক্ষাৰ [ ৪৫ ] ওপৰঞ্চি দায়িত্ব প্ৰদান কৰিছে আৰু সেই কাৰ্য্যৰ বাবে উপযোগীকে উপৰোক্ত গুণ-সমূহৰ অধিকাৰিণী কৰি পঠাইছে। এনেবোৰ গুণক 'স্ত্ৰীশক্তি' ৰূপে অভিহিত কৰা হৈছে। কল্যাণময়ী মাতৃৰূপিনী নাৰীয়ে গৃহৰ শ্ৰী ৰক্ষা কৰে, জীৱন সুন্দৰ আৰু সুখৰ কৰি তোলে, মাতৃ-জায়া ভগ্নী-কন্যা ৰূপে ৰৌদ্ৰদগ্ধ পুৰুষৰ জীৱনলৈ শান্তি, আনন্দ কঢ়িয়াই আনে। কবি নজৰুল ইছ্‌লামে গাইছিল, “পুৰুষ এনেছে দিবসের ঘালা তপ্ত রৌদ্ৰদাহ / কামিনী এনেছে যামিন শান্তি সমীরণ বারি- বাই।” কোৱা বাহুল্য যে এনেবোৰ গুণৰ উপযুক্ত কৰ্ষণৰ দ্বাৰাহে আজিৰ ধ্বংসমুখী পৃথিৱীক ধ্বংসৰ গৰাহৰ পৰা ৰক্ষা কৰাৰ আশা পোষণ কৰিব পাৰি। সেয়েহে মহামানৱ মহাত্মা গান্ধী, আচাৰ্য্য বিনোৱা ভাৱে, স্বামী বিবেকানন্দ প্ৰভৃতি মহাপুৰুষসকলে নাৰীক সমাজত অতি উচ্চস্থান দিছিল। সমাজ গঢ়াত, সমাজক সু-পথে পৰিচালিত কৰাত নাৰীৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা এইসকলে একমুখে কৈ গৈছে।

 নাৰীৰ সুক্ষ্ম কল্পনাশক্তি, স্বাভাবিক সৌন্দৰ্য্যবোধৰ বাবেই ৰন্ধা- বঢ়া, নৃত্য-গীত, তাঁ‌ত-শিল্প, বেজী-সূতাৰ কাম আদি বিভিন্ন শিল্প- কলাত তিৰোতাৰ ৰাপ বেছি আৰু সহজে পাৰদৰ্শিতাও লাভ কৰিব পাৰে। পুষ্প-সজ্জা, গৃহ-সজ্জা আদি কাম সমাজত তিৰোতাৰ এক- চেতীয়া বুলি ক'ব পাৰি। বিভিন্ন কুটীৰ শিল্প উদ্যোগত মিহি কাম- বোবৰ বাবে সাধাৰণতে মহিলা শ্ৰমিক নিয়োগ কৰা দেখা যায়। আজিকালি কিছুসংখ্যক ছোৱালীয়ে উপযুক্ত প্ৰশিক্ষণৰ অন্তত ‘বিউটি ক্লিনিক' খুলিবলৈ লৈছে। অৱশ্যে শেহতীয়াকৈ দেখা গৈছে এনে কিছু অনুষ্ঠান সৌন্দৰ্য্য-চৰ্চ্চাৰ সলনি অনৈতিক কাৰ্য্য-কলাপৰহে থল হৈ পৰিছে।

 অতীতলৈ উভতি চালে দেখিবলৈ পাওঁ অতি প্ৰাচীন কালৰে পৰা সমাজত নাৰীক কাব্য-সাহিত্য, চিত্ৰাঙ্কন, নৃত্য-গীত আদি ললিত [ ৪৬ ] কলাৰ শিক্ষা দিয়াৰ ব্যৱস্থা আছিল। মহাভাৰতত উল্লেখ আছে, অজ্ঞাতবাসৰ কালত বৃহন্নলাৰূপী অৰ্জ্জুনে বিৰাট ৰজাৰ কন্যাক নৃত্য- গীতৰ শিক্ষা দিছিল। মোগল ৰজাসকলৰ হেৰেমতো জাহানাৰা,জেবু- ন্নিছা প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট মহিলা কবিৰ অভ্যুদয় ঘটিছিল।

 নাৰীৰ মাজত প্ৰতিভাৰ অভাৱ কোনোকালে ঘটা নাই। তাহানি বেদৰ স্তোত্ৰ ৰচনা কৰা নাৰী-ঋষি, জ্ঞান-বিজ্ঞানৰ চৰ্চ্চা কৰা বিদূষী মহিলাসকলৰ কথা আমি জানো। কিন্তু তেওঁলোকৰ সংখ্যা নিচেই নগণ্য আছিল। তাৰ কাৰণ সহজেই অনুমেয়। যুগে যুগে আমাৰ সমাজ ব্যৱস্থাই নাৰীৰ কান্ধত সাংসাৰিক দায়িত্বৰ এনে মেটমৰা বোজা তুলি দি আহিছে যে তাৰ চেপাত নাৰীৰ মাজত থকা সকলো সুকুমাৰ প্ৰবৃত্তি, সকলো সৌন্দৰ্যবোধ অবাবতে শুকাই যায়। কিছুমান দীনহীন কামত অনবৰতে ব্যস্ত থাকিবলগীয়া হয় বাবেই তিৰোতাৰ মাজত থকা শিল্পীসত্ত্বাৰ প্ৰায়েই অকালতে মৃত্যু ঘটে। বহু ক্ষেত্ৰত চকুত পৰে, বাল্যকালত নৃত্য-গীত শিল্প-সাহিত্যত প্ৰচুৰ সম্ভা- ৱনাৰ পৰিচয় দিয়া একোজনী ছোৱালীয়ে বিয়াৰ পিছত নিজৰ সকলো প্ৰতিভাৰ মূৰ খাই কেৱল ঘৰুৱা কামতে জীৱনটো শেষ কৰি দিয়ে। ফলস্বৰূপে শিল্প-সাহিত্যৰ জগৎখনত মহিলাৰ দিশৰ পৰা পাব পৰা বহুখিনি সম্পদ অনাবিস্কৃত হৈ ৰৈ যায়।

 গতিকে নাৰী কেৱল দৈহিক সৌন্দৰ্য্য সম্পৰ্কেই নহয়, সুপ্ত হৈ থকা সৌন্দৰ্য্যানুভূতিৰ বিষয়েও সচেতন হ'ব লাগিব। দীন হীন সাংসাৰিক জীৱন এটাৰ উৰ্দ্ধলৈ গৈ নিজৰ অন্তৰ্নিহিত প্ৰতি- ভাক কিবা এক শিল্প-সাধনাৰ মাধ্যমেৰে জগতৰ আগত দাঙি ধৰিবলৈ প্ৰতিগৰাকী নাৰী যত্নপৰ হোৱা উচিত। নাৰী স্বভাৱতে কল্পনা- প্ৰৱণ, আবেগ-প্ৰৱণ। এই সুকুমাৰ প্ৰবৃত্তিবোৰে নাৰীক সুন্দৰৰ পূজাৰীৰূপে নিজকে প্ৰতিষ্ঠা কৰাত যথেষ্ট সহায় কৰে। স্বীকাৰ [ ৪৭ ] নকৰি উপায় নাই যে নাৰী চৰিত্ৰত নীচতা, স্বাৰ্থপৰতা, পৰশ্ৰীকাত- ৰতা, মানসিক সংকীৰ্ণতা আদি ধ্বংসমুখী প্ৰবৃত্তিবোৰৰো অভাৱ নাই, যিবোৰ দোষ-দুৰ্ব্বলতাই একোখন সুখৰ সংসাৰ থান্‌বান্‌ কৰে, সমাজ জীৱন বিষময় কৰি তোলে। সৰুৰে পৰা উপযুক্ত পৰিবেশ, উপযুক্ত সা-সুবিধা, শিক্ষা-দীক্ষাৰ অভাৱতেই হয়তো তিৰোতাৰ মগ- জুত এনেবোৰ কু-চিন্তাই বাহ লয়। আজিৰ শিক্ষিত মহিলাই নাৰীচৰিত্ৰৰ এই কলঙ্ক মোচনৰ বাবে সচেতন প্ৰচেষ্টা চলাব লাগে।

 নাৰী সৌন্দৰ্য্য আত্মিকশক্তি, পবিত্ৰতাৰ আধাৰ স্বৰূপ। ভাৰ- তীয় হিন্দু সমাজত সেয়ে নাৰীক দেৱীৰূপে কল্পনা কৰি পূজা-অৰ্চনা কৰাৰ পৰম্পৰা প্ৰচলিত। “কীৰ্ত্তি শ্ৰীবাক্ চ নাৰীনাং স্মৃতি মেধা ধৃতি ক্ষমা”—গীতাত উল্লেখিত নাৰী চৰিত্ৰৰ উপৰোক্ত গুণস- মূহৰ কৰ্ষণে বাস্তবিকতে তিৰোতাক দেৱীৰ পৰ্য্যায়লৈ উন্নীত কৰিব পাৰে। গতিকে নিজকে বুজিবলৈ, নিজকে চিনিবলৈ আমি সদায় সচেষ্ট হোৱা উচিত। নিজৰ কমনীয়তা, ব্যক্তিত্ব আৰু প্ৰতিভাৰে পৃথিৱীৰ হিংসা-কলুষ, অসুন্দৰতা দূৰ কৰি জীৱন আৰু জগৎ সুন্দৰ কৰি তোলাত সাধ্যমতে অৰিহণা যোগোৱাটো প্ৰতিগৰাকী নাৰীৰে জীৱনৰ

লক্ষ্য হোৱা উচিত। ০

[ ৪৮ ]

বৈদিক যুগৰ নাৰী : মৈত্ৰেয়ী


 হিন্দু সকলৰ সবাতোকৈ পুৰণি ধৰ্ম্মগ্ৰন্থ বেদক প্ৰাচীন ভাৰতীয় আৰ্য্য সভ্যতাৰ ইতিহাস বুলিব পাৰি। ‘বেদ’ শব্দৰ অৰ্থ হৈছে জ্ঞান। চাৰিখন বেদৰ মাজত ঋক্‌বেদেই আটাইতকৈ পুৰণি। ইয়াৰ ৰচনা কাল খ্ৰীষ্টপুৰ্বব ২৫০০ ( দুহেজাৰ পাচশ) বছৰৰ ওচৰওচৰি বুলি পণ্ডিতসকলে মত প্ৰকাশ কৰিছে। এইখন বেদত প্ৰাচীন ভাৰতীয় আৰ্যসকলৰ ধ্যান-ধাৰণা, ৰীতি-নীতি, জীৱন-ধাৰণ পদ্ধতিৰ বিৱৰণ পোৱা যায়। এই গ্ৰন্থৰ পৰা সেই যুগৰ সমাজত নাৰীৰ স্থান কেনে আছিল সেই বিষয়েও নানা তথ্য আহৰণ কৰিব পৰা গৈছে। সেইবোৰ তথ্যৰ পৰা বুজিব পৰা যায় যে বৈদিক যুগত নাৰীৰ স্থান যথেষ্ট ওপৰত আছিল। আৰ্য্য়সমাজত নাৰী আছিল স্বামীৰ অৰ্দ্ধা- ঙ্গিনী, সহধৰ্ম্মিনী বা সহধৰ্ম্মচাৰিণী। পত্নী কাষত নেথাকিলে পুৰুষৰ কোনো যাগ-যজ্ঞ সফল নহৈছিল। সীতাৰ অবিহনে ৰামে যজ্ঞ সম্পাদনৰ বাবে স্বৰ্ণ-সীতা নিৰ্মাণ কৰাৰ কথা আমি ৰামায়ণত পঢ়ি- বলৈ পাওঁ। বেদৰ শ্লোকত নাৰীক ‘দেৱী’, ‘কল্যাণী’, ‘সুভগা’ আদি সম্বোধন কৰা দেখা যায়। হিন্দু বিবাহত যিবোৰ মন্ত্ৰ উচ্চা- ৰণ কৰা হয় সেইবোৰৰ পৰা এটা কথা প্ৰতীয়মান হয় যে সেই যুগৰ গৃহস্থীত নাৰীৰ পুৰুষৰ সৈতে সম-মৰ্য্য়দাই আছিল সমাজৰ কাম্য। ধৰ্ম্ম-অৰ্থ-কাম কোনো ক্ষেত্ৰতে ভাৰ্য্যাক অতিক্ৰম কৰিব নোৱাৰিব বুলি বিবাহৰ দিনা স্বামী প্ৰতিশ্ৰুতিবদ্ধ হয়। দুয়োৰে [ ৪৯ ] সন্মিলিত প্ৰচেষ্টাতে সংসাৰৰ চকৰি ঘূৰিব, দুয়ো যেন একেখনি ৰথতে সংযুক্ত এযুৰি অশ্ব। দুয়ো সকলো সমস্যাৰে সমভাগী, ইহ. কাল-পৰকালৰ এৰাব নোৱাৰা সঙ্গী। বৈদিক সমাজত নাৰীক পৰ্দ্দাৰ আঁৰত ৰখাৰ নিয়ম নাছিল। আজিৰ মহিলাৰ দৰেই তেওঁলোকে মুকলিমুৰীয়াকৈ সমাজত বিচৰণ কৰিছিল। সেই কালত বাল্য-বিবাহ প্ৰথা নাছিল বুলিয়েই অনুমান হয়। শিক্ষা-দীক্ষা লাভৰ অন্তত উপযুক্ত বয়সত তেওঁলোকৰ বিয়া হৈছিল। কন্যাই সয়ম্বৰ প্ৰথাৰে নিজে বৰ নিৰ্বাচন কৰা কথা আমি প্ৰাচীন সাহিত্যত পঢ়িবলৈ পাওঁ। সেইকালত উচ্চ বৰ্ণৰ ছোৱালীক লৰাৰ দৰেই লগুণ দিয়াৰ ব্যৱস্থা আছিল। তেওঁলোকে ও সাৱিত্ৰী অথবা গায়ত্ৰী মন্ত্ৰ জপ কৰিছিল, অন্যান্য শাস্ত্ৰৰ লগতে বেদে অধ্যয়ন কৰিছিল। ছোৱালীৰ শাৰী- ৰিক, মানসিক, নৈতিক, আধ্যাত্মিক সকলো দিশতে উচ্চ শিক্ষালাভৰ পথ সুগম আছিল। কিছুসংখ্যক জ্ঞান-পিপাসু ছোৱালীয়ে বিয়া- বাৰু নকৰাই আজীৱন ব্ৰহ্মচাৰিণী ৰূপে সত্য-শিৱ-সুন্দৰৰ সাধনাত ব্ৰতী হৈছিল; তেওঁলোক ব্ৰহ্মবাদিনী নামে পৰিচিত হৈছিল। ঋক্‌- বেদত আমি বিশ্বৱাৰ, ৰোমশ, লোপামুদ্ৰা বাক্, ঘোষা, পৌলোমী, প্ৰমুখ্যে ভালেমান নাৰীঋষি ৰ নাম পাওঁ যিসকলে বেদমন্ত্ৰ ৰচনা কৰি মন্ত্ৰ-দ্ৰষ্টা ঋষিৰ শাৰীত স্থান পাইছিল।

 সেইযুগৰ কিছুসংখ্যক নাৰী শিক্ষাদান কাৰ্য্যতো নিয়োজিত আছিল বুলি জনা যায়। ব্যাকৰণবিদ, পাণিনিয়ে এহাতে উপাধ্যায়া’ আৰু ‘আচাৰ্য্য।, আনহাতে ‘উপাধ্যায়ী' আৰু ‘আচাৰ্যানী’ শব্দকেই- টাৰ ব্যাখ্যা আগবঢ়াই কৈছে যে আগৰ শব্দদুটাই স্বয়ং শিক্ষাদান কৰা নাৰী আৰু পিছৰ দুটাই শিক্ষকৰ পত্নীক বুজায়। সংহিতা, ব্ৰাহ্মণ, উপনিষদকে আদি কৰি বিশাল বৈদিক সাহিত্যত ভালেমান বিদূষী মহিলাৰ উল্লেখ আছে। বৃহদাৰণ্যক উপনিষদৰ মতে ৰাজৰ্ষি [ ৫০ ] জনক সেইকালৰ এজন বিদ্যোৎসাহী আৰু শাস্ত্ৰজ্ঞ ৰজা আছিল। তেওঁৰ ৰাজসভাত বিদ্বান পুৰুষ-নাৰীসকলৰ সততে সমাগম হৈছিল সেইসকলৰ মাজত নানা দাৰ্শনিক, তত্ত্বগধূৰ বিষয় লৈ তৰ্কৰ অৱতাৰণা হৈছিল। এনে বিতৰ্কত জয়লাভ কৰোতাজনক ৰজাই অৰ্থ-সম্পদ, গো ধন আদিৰে পুৰস্কৃত কৰিছিল। পৰম বিদুষী নাৰী গাৰ্গী আৰু ঋষি যাজ্ঞিবল্ক্যৰ মাজত হোৱা তেনে এক বিতৰ্কই বৃহদাৰণ্যক উপনি- ষদৰ পাতত বিশেষ স্থান অধিকাৰ কৰি আছে। অসামান্য জ্ঞানৰ অধিকাৰী যাজ্ঞবল্ক্যই সকলো ঋষিকে তৰ্কত পৰাজিত কৰিলে, কিন্তু গাৰ্গীক কোনোপধ্যেই পৰাস্ত কৰিব নোৱাৰিলে। আনহাতে গাৰ্গী- য়েও তেওঁক হৰুৱাব নোৱাৰিলে। ফলত তৰ্কযুদ্ধত দুয়োজনকে সম- তুল্য বুলি ঘোষণা কৰা হ'ল।

 এইখন উপনিষদতে আন এগৰাকী বিদূষী মহিলাৰ কাহিনী আমি পঢ়িবলৈ পাওঁ। তেওঁ হ'ল মৈত্ৰেয় মুনিৰ কন্যা, যাজ্ঞবল্ক্যৰ পত্নী- মৈত্ৰেয়ী। বৈদিক যুগৰ ঋষি-মুনিসকলে তপ-আচৰণ, জ্ঞানান্বে- বণ-:-আৰু শিক্ষাদান কৰাৰ লগতে বিয়া-বাৰু কৰাই সংসাৰ-ধৰ্ম্মও পালন কৰিছিল। বয়স ভাটি দিলে তেওঁলোকে বানপ্ৰস্থ অৱলম্বন কৰিছিল অৰ্থাৎ ঘৰ-সংসাৰ এৰি অৰণ্যত থাকি কেবল আধ্যাত্মিক চিন্তা-চৰ্চাতে জীৱনৰ বাকী দিনকেইটা কটাইছিল। যাজ্ঞবল্ক্যময় উপযুক্ত বয়সত সংসাৰ ত্যাগ কৰিবলৈ ওলাই তেওঁৰ সকলো সা- সম্পত্তি, গৰু-গাই আৰু ভৰালৰ শষ্য তেওঁৰ দুয়োগৰাকী পত্নী মৈত্ৰেয়ী আৰু কাত্যায়নীৰ মাজত ভগাই দিব খুজিছিল। মৈত্ৰেয়ী এগৰাকী জ্ঞান-পিপাসু আৰু আধ্যাত্মিক ভাৱাপন্ন মহিলা আছিল। তেওঁ চিন্তা কৰিলে, পাৰ্থিৱ সুখ, বিষয়-বাসনাৰ: অসাৰতা উপলব্ধি কৰিয়েই স্বামী ব্ৰহ্ম জ্ঞান লাভৰ বাবে অৰণ্যলৈ যাবলৈ ওলাইছে, অথচ সেইবোৰ নিৰৰ্থক বস্তুকে তেওঁলোকক গটাই দি যাব খুজিছে। তেওঁ স্বামীক [ ৫১ ] প্ৰশ্ন কৰিলে,—“অকল তোমাৰ সা-সম্পত্তিৰে নহয়, গোটেই পৃথিবীৰ সকলো সম্পদৰ অধিকাৰী যদি ময়েই হওঁ, তেন্তে সেই ঐশ্বৰ্য্যই মোক অমৰত্ব দিব পাৰিবনে?” উত্তৰত স্বামীয়ে ক'লে,-“নিশ্চয় নোৱাৰে, সেই সম্পত্তিৰে তুমি সংসাৰত সুখেৰে খাই লৈ থাকিব পাৰিবা, কিন্তু তাৰ দ্বাৰা অমৰত্ব লাভ কেতিয়াও হব নোৱাৰে।” তেতিয়া মৈত্ৰেয়ীৰ মুখত উচ্চাৰিত হ'ল সেই কালজয়ী প্ৰশ্ন--“যেনাহং নামৃতা স্যাম্ কিমহং তেন কুৰ্য্যাম্?” অৰ্থাৎ যি বস্তুয়ে মোক অমৃতত্ব লাভত সহায় নকৰে তেনে বিষয়-সম্পদ লৈ মই কি কৰিম? মৈত্ৰে- য়ীৰ সেই জ্ঞানগৰ্ভ উক্তি শুনি পৰম আনন্দিত হৈ মুনিবৰে ক'লে, “তুমি অতি সুন্দৰ কথা কৈছা, তুমি সচাকৈয়ে মোৰ বৰ প্ৰিয়। তেন্তে আঁহা, তোমাৰ আসনত বহি, মই তোমাৰ আগত পৰম ব্ৰহ্মৰ বিষয়ে কম। মই ব্যাখ্যা কৰি যাওতে তুমি কথাবোৰ গভীৰ ভাবে চিন্তা কৰিবা।” তেতিয়া ঋযিয়ে অমৰত্ব লাভৰ উপায় হিচাপে মৈত্ৰেয়ীক ব্ৰহ্মজ্ঞান দিলে। যাজ্ঞবল্ক্য-মৈত্ৰেয়ী সংবাদ নামে জনাজাত তেওঁলোক দুয়োৰে এই কথোপকথনত পৰমাৰ্থ-তত্ত্বৰ বিশদ ব্যাখ্যা আছে আৰু ই উপনিষদৰ শ্ৰেষ্ঠ শিক্ষাৰূপে পৰিগণিত হৈছে।

 “যেনাহং নামৃতা স্যাম্ কিমহং তেন কুৰ্য্য়াম্‌?” – মৈত্ৰেয়ীৰ সেই অমৰ উক্তি অকল তেওঁৰে নহয়, পৃথিৱীৰ সকলো জ্ঞানপিপাসু, সত্যান্বেষী লোকৰ অন্তৰৰো অন্তৰ-তলিৰ প্ৰশ্ন। স্বৰূপাৰ্থত ই যেন ভাৰ- তাত্মাৰ হৃদয় ভেদি ওলোৱা এক চিৰন্তন প্ৰশ্ন। মৈত্ৰেয়ীৰ সেই উক্তৃিত মানৱ হৃদয়ৰ চিৰন্তন অতৃপ্তি ধ্বনিত হৈছে – সকলো পায়ো সুখ নাই, কিবা যেন নাই নাই ভাৱ, যিটোক ইংৰাজ কবি মেথিউ আৰ্নল্ডে ‘স্বৰ্গীয় অতৃপ্তি’ ( Divine discontent) বুলিছে। পাশ্চাত্যৰ অনেক দাৰ্শনিক পণ্ডিতে সেই সুপ্ৰাচীন কালতে ভাৰতীয় নাৰীৰ এনে গভীৰ জ্ঞান আৰু আধ্যাত্মিকতাৰ উচ্চ প্ৰশংসা কৰি গৈছে। [ ৫২ ] এইষাৰ কথা সম্পূৰ্ণ সত্য যে ঐশ্বৰ্য-বিভূতিয়ে মানুহৰ দৈহিক বা ঐহিক বাসনা পৰিতৃপ্ত কৰিব পাৰে, কিন্তু প্ৰকৃত সুখ-শান্তি কেতিয়াও দিব নোৱাৰে। মানুহ তেজ-মঙহৰ শৰীৰ মাত্ৰ নহয়, যি কেৱল ভোগৰ দ্বাৰাই পৰিতৃপ্ত হব পাৰিব; সুখ-সম্ভোগৰ প্ৰতি মানুহৰ লালসাৰ অন্ত ক'তো নাই, যিমানে পায় সিমানে পোৱাৰ বাসনা বাঢ়িহে যায়। উপনিষদৰে আন এঠাইত কৈছে, “ন জাতু কাম কামানাং উপভোগেন শাম্যতি, হবিষ। কৃষ্ণবৰ্ত্মেৰ ভূয়ৰেবা- ভিবৰ্দ্ধতে” অৰ্থাৎ জুইত ঘিঁউ ঢালিলে যিদৰে জুইকুৰা বেছিকৈহে জ্বলি উঠে সেইদৰে ভোগ্যবস্তুবোৰো যিমানে পোৱা যায় সিমানে পোৱাৰ বাসনা বাঢ়ি গৈ থাকে। সেয়ে সংসাৰত প্ৰকৃত আৰু স্থায়ী শান্তি লাভৰ উপায় হৈছে ভোগ-বাসনাক সংযত কৰি জ্ঞানৰ অন্বেষণ কৰা। অজ্ঞানতাই সকলো দুখৰ কাৰণ। যিজন তত্ত্বজ্ঞানী, জীৱন আৰু জগৎ সম্পৰ্কে যিজনৰ প্ৰকৃত ধাৰণা আছে সেইজনেই প্ৰাণত নিবিড় শান্তি অনুভৱ কৰে। মানৱাত্মা হৈছে ঐশ্বৰিক শক্তিৰ এক ফিৰিঙতি, বিশ্ব-চৈতন্যৰ এক অংশ মাথোন। ভোগ-বিলাসৰ হেজাৰ সম্ভাৰেও আত্মাক তৃপ্ত কৰিব নোৱাৰে। ধুলি-মাকতিয়ে আইনা- খন ঢাকি ৰাখিলে তাত যিদৰে বস্তুৰ ৰূপ ভালদৰে প্ৰতিফলিত নহয় সেইদৰে ঐহিক সুখ-ভোগৰ বাসনাই অন্তৰ আৱৰি ৰাখিলে জীৱনৰ মূল সত্য কি বুজা নেযায়। তেনে অৱস্থাত প্ৰকৃত জ্ঞানৰ উদয় হব নোৱাৰে। সেয়ে মৈত্ৰেয়ীয়ে ক্ষণস্থায়ী পাৰ্থিৱ সম্পদলৈ পিঠি দি মানুহক অমৰ কৰিব পৰা পৰম জ্ঞানৰ বাবে হাবিয়াস কৰিছিল। —“মৃত্যোৰ্মা অমৃতং গময়”। আমি সচাকৈয়ে গৌৰৱবোধ কৰিব পাৰো যে হেজাৰ বছৰৰ আগেয়ে, যেতিয়া পশ্চিমৰ দেশবোৰে সভ্যতাৰ পোহ- ৰকে পোৱা নাছিল তেনে যুগতে ভাৰতীয় নাৰী মৈত্ৰেয়ীৰ কণ্ঠত মান- ৱাত্মাৰ চিৰন্তন পিপাসা এইদৰে বলিষ্ঠ ভাষাৰে ধ্বনিত হৈছিল। [ ৫৩ ]

কুমাৰসম্ভৱঃ

   এটি সাধাৰণ আলোচনা

 কুমাৰসম্ভৱ কাব্য মহাকবি কালিদাসৰ কবি-প্ৰতিভাৰ এক উৎকৃষ্ট নিদৰ্শন। এই কাব্যত দেবাদিদেৱ মহাদেৱ আৰু হিমালয়-দুহিতা পাৰ্ব্বতীৰ প্ৰেম আৰু বিবাহৰ কাহিনী ৰূপায়িত হৈছে। কাব্যখনিৰ নামটোৱে, হৰ-পাৰ্ব্বতীৰ মিলনৰ ফলত যুদ্ধৰ দেৱতা কুমাৰ কাৰ্ত্তিকৰ জন্মকে সূচায় যদিও তেওঁলোকৰ মিলনতে কাব্যৰ পৰিসমাপ্তি ঘটিছে। কাব্যখনিৰ অষ্টম সৰ্গলৈকে কবিগৰাকীৰ পূৰঠ হাতৰ পৰিচয় থকা বাবে সেই অংশ তেওঁৰ স্বৰচিত বুলি সন্দেহাতীত ভাবে গ্ৰহণ কৰা হৈছে। নিজৰ নাম-ধাম বংশ-পৰিচয় সম্পৰ্কে কালিদাস নিমাতে থকাৰ সুযোগ লৈ পৰবৰ্ত্তী কালৰ ভালেমান কবিয়ে নিজৰ লেখা কালি- দাসৰ নামত চলাই দিবলৈ যত্নপৰ হৈছিল। কাব্যখনিৰ নবমৰ পৰা সপ্তদশ অধ্যায়লৈকে অংশটো অন্য কবিৰ সংযোজন বুলি পণ্ডিত সকলে ঐক্যমত প্ৰকাশ কৰিছে। গতিকে কব পাৰি, কালিদাস ৰচিত কুমাৰসম্ভৱত কুমাৰৰ জন্মৰ সম্ভাৱনাহে নিহিত আছে, জন্ম বা তাৰ পিছৰ কাহিনী চিত্ৰিত হোৱা নাই।

 আলংকাৰিকসকলে সংস্কৃত কাব্যক দুভাগত ভগাইছে—খণ্ডকাব্য আৰু মহাকাব্য। আধুনিক সাহিত্যত চুটি গল্প আৰু উপন্যাসৰ যি পাৰ্থক্য সংস্কৃত সাহিত্যত খণ্ড-কাব্য আৰু মহাকাব্যৰ পাৰ্থক্যও কম বেছি পৰিমাণে তেনেই।খণ্ডকাব্যত এক সীমাবদ্ধ সময়ৰ ঘটনা- ৰাজি বা তাৰ পৰা উদ্ভুত ভাৱ-অনুভূতিক কাব্যিক ৰূপ দিয়া হয়। [ ৫৪ ] উদাহৰণ স্বৰূপে মেঘদূত খণ্ডকাব্যত আষাঢ়ৰ প্ৰথম পুৱা যক্ষৰ মনত উদয় হোৱা ভাৱ-অনুভূতিৰ বৰ্ণনা আছে। আনহাতে কুমাৰসম্ভৱ মহাকাব্য, যিহেতু এই কাব্যত পাৰ্ব্বতীৰ জন্মৰে পৰা শিৱৰ সৈতে বিবাহলৈকে এক সুদীৰ্ঘ সময়ৰ ঘটনা বৰ্ণোৱা হৈছে। মহাকাব্যত কেইবাটাও সৰ্গ বা অধ্যায় থাকে। ইয়াত কাব্যৰ নায়কজন দেৱতা নাইবা উচ্চকুলজাত ব্যক্তিত্বসম্পন্ন পুৰুষ হ’ব লাগে। ঘাইকৈ শৃঙ্গাৰ, বীৰ নাইবা কৰুণ ৰস প্ৰকাশক সেই কাব্যই ধৰ্ম্ম-অৰ্থ-কাম-মোক্ষ এই চতুবৰ্গৰ কোনোবাটোৰ সাধন কাব্যৰ বিষয়বস্তু হিচাপে লয়। কাব্যৰ প্ৰথমটো শ্লোকত হয় মঙ্গলাচৰণ, নহয় কাব্যৰ বিষয়বস্তুৰ অৱতাৰণা হ’ব লাগে। কুমাৰসম্ভৱত এই লক্ষণসমূহ বিদ্যমান বাবেই ই মহাকাব্যৰূপে পৰিচিত।

 প্ৰাচীন গ্ৰন্থ শিৱপুৰাণত থকা মহাদেৱ পাৰ্ব্বতীৰ প্ৰেম-পৰিয়ণৰ কাহিনীটি জুমুঠি হিচাপে লৈ তাত নিজৰ সাতৰঙী কল্পনাৰ প্ৰলেপ সানি, অনুপম ভাষা-শৈলীৰ সোণ-পানী চৰাই কালিদাসে যি অনবদ্য কাব্যবস্তু সৃষ্টি কৰিলে সি প্ৰেমৰ কবি হিচাপে কালিদাসৰ শ্ৰেষ্ঠত্ব, প্ৰতিপন্ন কৰে। শিৱ-পুৰাণৰ হৰ-পাৰ্ব্বতীৰ বিয়াৰ কাহিনীয়ে ভাৰতৰ সকলো প্ৰান্তৰে পুৰণি কবি-শিল্পীসকলক অনুপ্ৰাণিত কৰিছিল। অজন্তা-ইলোৰাৰ গুহাতো হৰ-পাৰ্ব্বতীৰ বিবাহৰ চিত্ৰ শিলত খোদিত হৈ আছে। শিৱ-পাৰ্ব্বতীৰ বিয়া সম্পৰ্কিত গীতে অসমীয়া লোকসাহিত্যতো বিশিষ্ট স্থান পাইছে।

 কাব্যখনৰ প্ৰতিটো সৰ্গৰে একোটা বিশেষ নাম আছে। এই মহাকাব্য আৰম্ভ হৈছে ভাৰতৰ উত্তৰ দিশ তথা ভাৰতীয় সামাজিক সাংস্কৃতিক জীৱন আৱৰি থকা গিৰিৰাজ হিমালয়ৰ বৰ্ণনাৰে “অস্ত্যুত্তৰস্যাং দিশি দেৱতাত্মা হিমালয়ো নাম নগাধিৰাজঃ।” কালিদাসৰ লেখনীত হিমালয় পৰ্ব্বতৰ গাম্ভীৰ্য্য, ইয়াৰ সকলো ঐশ্বৰ্য্য, সমাহিত

[ ৫৫ ] সৌন্দৰ্য্য পাঠকৰ চকুৰ আগত যেন জীৱন্ত হৈ উঠে। কিৰাট কিন্নৰ আদিৰ বাসস্থান, সিদ্ধসকলৰ তপোভূমি এই পৰ্ব্বতমালাৰ তুষাৰাবৃত শৃঙ্গত ৰ'দৰ ৰশ্মিয়ে সোণালী ৰহন সানে, নামনি অঞ্চলত ছাঁ‌-পোহৰ মায়াময় খেলা। নানা মূল্যবান খনিজ, বনজ সম্পদৰে চহকী এই পৰ্ব্বতত সিংহ-হাতী, আদি নানা জন্তু আৰু চিকাৰীসকলে বিচৰণ কৰে। চামৰী হৰিণাই অৰণ্যৰ শোভা বঢ়ায়, দুষ্প্ৰাপ্য ঔষধিজাতীয় গছে ৰাতি বনভূমি পোহৰাই তোলে। বিবিধ পুষ্পৰাজি, কস্তুৰী মৃগৰ সুবাসে বনাঞ্চল অমোল-মোলাই থাকে। হিমালয়ৰ চাক্ষুস অভিজ্ঞতা বিনে এনে প্ৰাণময় বৰ্ণনা কাৰো পক্ষে সম্ভৱ নহয় যেন লাগে।

 মেৰু পৰ্ব্বতৰ সখা এই হিমালয়ৰে জীয়ৰী পাৰ্ব্বতী বা উমা। দক্ষৰাজ নন্দিনী যি সতীয়ে স্বামীনিন্দা সহিব নোৱাৰি প্ৰাণ-ত্যাগ কৰিছিল তেৱেঁ‌ই পুনৰ্বাৰ শিৱক স্বামীৰূপে পোৱাৰ মানসেৰে জন্ম ললেহি হিমালয় পত্নী মেনকাৰ গৰ্ভত। লাহে লাহে পাৰ্ব্বতী যৌৱন প্ৰাপ্তা হ'ল; বিধাতাই যেন বিশ্বৰ সকলো সৌন্দৰ্য্য অনি উমাৰ দেহতে থূপ খুৱালেহি। পাৰ্ব্বতীৰ ক’লা চুলিটাৰী দেখি চামৰী হৰিণাই লাজতে নিজৰ চোঁ‌ৱৰ যেন নেজ লুকুৱাই থয়।

 প্ৰিয়া বিচ্ছেদত শোকাৰ্ত্ত মহাদেৱ হিমালয়ৰে কোনো এক নিৰ্জ্জন শৈল-শিখৰত তপস্যাত মগ্ন হৈ আছিল। নাৰদৰ মুখে উমাই তেওঁকে স্বামীৰূপে পাব বুলি জানিব পাৰি পিতৃ হিমালয়ে নিজ কন্যাক দুগৰাকী সখীসহ শিৱৰ সেৱা-শুশ্ৰষাত নিয়োজিত কৰিলে। সুচৰিতা উমাই পিতৃআজ্ঞা পালি ফুল, কুশবন, তীৰ্থজল আদি সংগ্ৰহ কৰি মহাদেৱক আহ্ণিক পূজা-অৰ্চ্চনাত সহায় কৰে।

 কাব্যৰ ২য় সৰ্গত দেখা যায়, তাৰকাসুৰৰ অত্যাচাৰত ত্ৰস্তমান দেৱতা সকলে ব্ৰহ্মাৰ কাষ চাপি নানাভাৱে তুতি-নতি কৰি তেওঁলোকৰ

[ ৫৬ ] বিপদৰ কথা জনাই তাৰকাসুৰ নিধনৰ উপায় বিচাৰিলে; ব্রহ্মাই উপায় দিলে— শিৱ-পাৰ্ব্বতীৰ মিলনত যিজন কুমাৰৰ জন্ম হ’ব তেৱেঁ‌ই তাৰকাসুৰক বধ কৰিব পাৰিব। তেতিয়া দেৱতাসকলৰ সমস্যা হ’ল কেনেকৈনো তপস্যাত সমাহিত মহাসংযমী শিৱৰ তপো ভঙ্গ কৰি তেওঁক উমাৰ প্ৰতি আকৰ্ষিত কৰিব পৰা যায় ।

 ৩য় সৰ্গত দেৱৰাজ ইন্দ্রই প্ৰেমৰ দেৱতা কামদেৱক মতাই নি শিৱৰ চিত্ত-চাঞ্চল্য ঘটাবলৈ অনুৰােধ কৰিছে। দেৱৰাজৰ কথামতে কামদেৱে সখা বসন্ত আৰু পত্নী ৰতিদেৱীৰ সৈতে শিৱৰ তপস্যাভূমিত উপস্থিত হ'লগৈ। লগে লগে হিমালয়ৰ সেই প্রান্তত অকাল বসন্তই দেখা দিলে। গছত থিতাতে কুঁহিপাত ওলাল। নান বৰণীয়া ফুলেৰে প্রকৃতি সুন্দৰ, সুবাসিত হ’ল । গছৰ ডালত পৰি কুলি চৰায়ে মন মতলীয়া কৰা গীত জুৰিলে ; গছৰ তলত শুই থকা কৃষ্ণষাড় পহুহালৰ মতাটোৱ তাৰ শিঙৰ আগেৰে আলফুলকৈ মাইকী জনীৰ চকুৰ গুৰি খজুৱাই দিলে। তাই প্ৰেমৰ আবেশত চকু মুদি পৰি থাকিল। পশু-পক্ষীৰ প্রাণতাে পুলক জগোৱা এনে পৰিবেশতে মদনে তেওঁৰ পুষ্পবাণ শিৱৰ প্রতি নিক্ষেপ কৰিবলৈ উদ্যত হ’ল । হঠাতে মানসিক বিকাৰ অনুভৱ কৰি ক্রোধান্বিত শিৱই চকুমেলি চালে ; লগে লগে তেওঁৰ তৃতীয় নয়নৰ পৰা একুৰা জুই ওলাই মদনক ভস্ম কৰি পেলালে ।

 ৪র্থ সৰ্গত আৰম্ভনিৰ পৰা প্রায় শেষলৈকে স্বামীহাৰা ৰতিদেৱীৰ বিলাপ। স্বামীৰ মনােহৰ দেহ-সৌষ্ঠৱ মুহূৰ্ত্ততে এমুঠি ছাঁ‌ইত পৰিণত হােৱা দেখি তেওঁ সংজ্ঞাহীন হৈ পৰিল । পিছত চেতনালাভ কৰি স্বামীসঙ্গসুখৰ অতীত মুহূৰ্ত্তবােৰ মনত পেলাই তেওঁ আকুল ভাৱে বিনাবলৈ ধৰিলে। স্বামীসখা বসন্তক তেওঁ খাটনি ধৰিলে, চিতা এখন সাজি দিবলৈ, যাতে তেওঁ স্বামীৰ সহমৰণে গৈ বিচ্ছেদ[ ৫৭ ] যন্ত্ৰণাৰ হাত সাৰিব পাৰে। এনেতে দৈৱবাণী হ'ল, ৰতিদেবীয়ে মৃত্যুবৰণ কৰাৰ আৱশ্যক নাই, ব্ৰহ্মাৰ পূৰ্ব্বৰ এক অভিশাপৰ ফল- তহে মদনৰ এনে দশা হৈছে। তপস্যাৰ বলত যিদিনা পাৰ্ব্বতীয়ে হৰক পতিৰূপে লাভ কৰিব সিদিনাই মদনে পূৰ্ব্বৰ দেহ ঘূৰাই পাব। সেই দৈৱবাণীয়ে ৰতিদেৱীক কিছু শান্ত কৰিলে।

 ৫ ম সৰ্গৰ বিষয়বস্তু হল উমাৰ তপস্যা। চকুৰ আগতে মদন ভস্ম হোৱা দেখা পাই পাৰ্ব্বতীয়ে নিজৰ দৈহিক ৰূপ লাৱণ্যকে শত- ধিক্কাৰ দিলে। এইবাৰ তেওঁ শিৱক জয় কৰিবলৈ কঠোৰ তপস্যাৰ সংকল্প ললে। আদৰৰ কোমলাঙ্গী কন্যাৰ সেই প্ৰতিজ্ঞাৰ কথা শুনি মাক মেনকাই তেওঁক নিবৃত্ত কৰিবলৈ নানাভাৱে বুজনি দিলে। কিন্তু উমা অচল-অটল। পিতৃৰ অনুমতি লৈ উমাই তপস্যাৰ বাবে হিমালয়ৰ এক নিৰ্জ্জন স্থান বাচি ল'লে। ৰাজ-বসন সোলোকাই থৈ তেওঁ বল্কলৰ সাজ গাত মেৰিয়াই ল'লে। স্বৰ্ণহাৰৰ ঠাইত কণ্ঠত আৰি ল'লে ৰূদ্ৰাক্ষৰ জপমালা। গ্ৰীষ্মৰ প্ৰখৰ তাপত উমাই চাৰিপিনে চাৰিকুৰা জুই জ্বলাই সূৰ্য্যমুখে চাই পঞ্চাগ্নিৰ সাধনা কৰে ঠেৰেঙা লগা শীতকালত এবুকু পানীত নামি তপ-আচৰণ কৰে। পানীত থকা আনবোৰ পদুম সূৰ্য্য অস্ত যোৱাৰ লগে লগে জয় পৰে। কিন্তু উমাৰ অনিন্দ্যসুন্দৰ মুখ-পদ্ম দিনৰাতি সমানে ফুলি পানীৰ শোভা বঢ়ায়। তপস্যাৰ কঠোৰ সাধনাত বহু তপস্বীয়ে গছৰ সৰি পৰা পাত খাই প্ৰাণ ধাৰণ কৰে। কিন্তু পাৰ্ব্বতীয়ে তপস্যা কালত তেনে পাত এটিও হাতেৰে নুচুলে। সেয়ে উমাৰ আন এটি নাম হল ‘অৰ্পণা'। উমাৰ তপস্যাই মহাদেৱৰ আসন টলালে। তেওঁ এক জটাধাৰী তৰুণ তপস্বীৰ ৰূপ ধৰি উমাৰ ওচৰ পালেগৈ। অচিনাকী ব্ৰহ্মচাৰীক দেখি উমাই তেওঁৰ যথোচিত সেৱা-সৎকাৰৰ ব্যৱস্থা কৰিলে। যুবা সন্যাসীজনে পোনতে তপস্যা-সংক্ৰান্ত দুই-চাৰি আষাৰ কথা পাতি [ ৫৮ ] উমাৰ সৈতে সহজ হৈ ললে। তেওঁ জানিবলৈ বিচাৰিলে, কাক পাবৰ উদ্দেশ্যে উমাই দেৱদুলৰ্ভ ৰূপ-যৌৱনলৈ পিঠি দি সেইদৰে দুস্কৰ ব্ৰত আচৰণ কৰিছে। সখী এগৰাকীয়ে উমাৰ মনৰ কথা তেওঁক জনোৱাত এইবাৰ ব্ৰহ্মচাৰীয়ে শিৱক নিন্দা কৰি নানা কথা কবলৈ ধৰিলে। বৃষভবাহন, শ্মশানবিহাৰী, জটাধাৰী, দিগম্বৰ শিৱৰ ভয়ঙ্কৰ ৰূপৰ বৰ্ণনা দি তেওঁ ক'লে যে উমাই তেওঁক, পাবলৈ হেপাহ কৰাটো বলিয়ালি মাথোন। কথা শুনি ক্ষুদ্ধ হৈ উমা সেই ঠাইৰ পৰা আতৰি যাবলৈ উদ্যত হল, কাৰণ যিজনে মহৎলোকৰ নিন্দা কৰে, অকল তেঁৱেই নহয়, শুনোতাজনো পাপৰ ভাগী হয়। সেই মুহূৰ্ত্ততে শিৱই নিজৰূপ ধাৰণ কৰি হাঁহি মাৰি ক'লে, “হে পাৰ্ব্বতী, তুমি তপস্যাৰে মোৰ হৃদয় জয় কৰিলা, আজিৰ পৰা মই তোমাৰ দাস।”

 পৰৱৰ্তী অধ্যায় হৈছে বিবাহৰ বাবে কন্যা খোজা-বঢ়াৰ পৰ্ব্ব। পাৰ্ব্বতীয়ে শিৱক জনালে যে পিতৃ হিমালয়হে তেওঁৰ বিবাহৰ গৰাকী। সেয়ে সদাশিৱই অনতিবিলম্বে অৰুন্ধতী সহ সপ্তঋষিক পঠালে হিমা- লয়ৰ ৰাজধানী ওষধিপ্ৰস্থানলৈ বিয়াৰ প্ৰস্তাৱ লৈ। নগাধিৰাজ হিমালয়ে প্ৰস্তাৱ শুনি, পত্নীৰ সৈতে আলোচনা কৰি সানন্দে বিয়াত সন্মতি দিলে।

 ৭ ম সৰ্গ হৈছে উমাপৰিণয়ৰ বিস্তৃত বিৱৰণ। দিন-বাৰ শুভ- ক্ষণ চাই বিবাহ-লগ্ন স্থিৰ হ’ল। আয়তীসকলে কইনাক নোৱাই- ধুৱাই বিবিধ মাঙ্গলিক আচাৰ পালন কৰিলে। বিভিন্ন প্ৰাকৃতিক প্ৰসাধনৰে উমাক সজাই পৰাই তোলা হ'ল। দৰাৰ ঘৰতো অনুৰূপ আচাৰ-আচৰণৰ অন্তত বৰৰূপী সদাশিৱ বৃষভত উঠি কন্যাঘৰত উপস্থিত হ’লহি আৰু সুচাৰুৰূপে বিবাহকাৰ্য্য সম্পন্ন হ'ল।

 কুমাৰসম্ভৱৰ দুই চাৰি সংস্কৰণত হৰ-পাৰ্ব্বতীৰ বিয়াৰ লগে লগে কাব্যৰো পৰিসমাপ্তি ঘটিছে; কিন্তু কিছু সংস্কৰণত ‘উমাসুৰতবৰ্ণনম্' [ ৫৯ ] নামে অষ্টম অধ্যায় এটিৰো সংযোজন হৈছে। এই অধ্যায়ত হৰ- পাৰ্ব্বতীৰ সম্ভোগৰ বৰ্ণনা দিয়া হৈছে। এই সম্ভোগৰ বৰ্ণনাই পূৰ্ব্বৰ অধ্যায়সমূহৰ শিৱ-চৰিত্ৰৰ দেৱত্ব বা ঐশী স্বৰূপ, ম্লান কৰি তেওঁক এজন সাধাৰণ নৱ-বিবাহিত স্বামীৰ শাৰীলৈ নমাইছে। অৱশ্যে কবিয়ে ইয়াত শালীনতাৰ সীমা চেৰাই যোৱা নাই। তেওঁৰ ইঙ্গিত- ময় সুন্দৰ বৰ্ণনাই মানৱ জীৱনৰ সেই বাস্তৱ সত্য়ক কলা-সুষমা দান কৰিছে।

 থুল-মুলকৈ এয়েই হ’ল কুমাৰসম্ভৱ মহাকাব্যৰ কাহিনী। কালি- দাসৰ কাব্যৰ এক উল্লেখযোগ্য বৈশিষ্ট্য হৈছে উপমা আৰু অৰ্থান্ত- বন্যাস অলংকাৰৰ প্ৰচুৰ ব্যৱহাৰ। উপমা প্ৰয়োগত কালিদাসক কোনেও চেৰ পেলাব নোৱাৰে। “উপমা কালিদাসস্য” বুলি এষাৰ কথাই আছে। একেদৰে অৰ্থান্তৰন্যাস অলংকাৰৰ প্ৰয়োগতে তেওঁ সিদ্ধহস্ত। কবিয়ে কোনো এক বিশেষ উক্তিৰ সত্যতা প্ৰতিপন্ন কৰিবলৈ অন্য প্ৰসঙ্গৰ পৰা আন এষাৰ কথাৰ অৱতাৰণা কৰে। উদাহৰণ স্বৰূপে কুমাৰসম্ভৱৰ ৫ম সৰ্গত ছদ্মবেশী শিৱই উমাৰ বাবে তপস্যাৰ প্ৰয়োজন নাই—এই কথাষাৰৰ সত্যতা প্ৰতিপন্ন কৰিবলৈ গৈ কৈছে—

“দিবং যদি প্ৰাৰ্থয়সে বৃথা শ্ৰমঃ/ পিতুঃ প্ৰদেশাস্তৱ দেৱভূময়ঃ
অথোপযন্তাৰমলং সমাধিনা/ন ৰত্নমন্বিষ্যতি মৃগ্যতে হি তৎ” (৫ঃ৪৫)

অৰ্থাৎ তুমি যদি তপস্যাৰ দ্বাৰা স্বৰ্গ পাবলৈ কামনা কৰিছা তেন্তে তোমাৰ শ্ৰম বৃথা, কাৰণ তোমাৰ পিতৃৰ ৰাজ্যখনো দেৱভূমি। যদি উপযুক্ত স্বামীলাভৰ বাবে এই তপস্যা তথাপিতো ইয়াৰ প্ৰয়োজন নাই। ৰত্নই কাকো বিচাৰি নেযায়, ৰত্নকহে আনে বিচাৰি ফুৰে। ন ‘ৰত্নং অন্বিষ্যতি মৃগ্যতে হি তৎ'—এই বাক্যাংশক শ্লোকফাকিৰ পৰা উঠাই আনিলেও তাৰ ভাৱাৰ্থৰ কোনো ভাৰতম্য নঘটে। এনে [ ৬০ ] অৰ্থান্তৰন্যাসৰ উদাহৰণ কালিদাসৰ ৰচনাৰ পাতে পাতে। বিষ- বৃক্ষোহপি সংবৰ্ধ্য স্বয়ম্‌ছেত্তং, অসাম্প্ৰতম্‌" নিজে ৰোৱা বিহগছৰ পুলিটোও উঘালি পেলোৱা উচিত নহয়; শৰীৰমাদ্যং খলু ধৰ্ম্মসাধনম্ —দেহৰ যত্ন লোৱাটো ধৰ্ম্মাচৰণৰ প্ৰথম খোজ; কঃ ইঙ্গিতাৰ্থস্থিৰ নিশ্চয়ং মমং পয়শ্চ নিম্নাভিমুখং প্ৰতীপয়েৎ-কোনো সংকল্পত স্থিৰ কৰা মন আৰু নামনিলৈ বৈ অহা পানীৰ গতি কোনে ৰোধ কৰিব পাৰে?; ন যযৌ ন তুস্থৌ- আগবাঢ়িব নোৱাৰে, পিছলৈকো যাব নোৱাৰে-- বিদ্বৎ সমাজত মুখে মুখে চলি অহা এনে প্ৰবচনবোৰ যে কুমাৰসম্ভৱৰ পৰাই উদ্ধৃত সেইকথা আমি বহুতেই নেজানো। এনে বোৰ উক্তিয়ে কালিদাসৰ গভীৰ জীৱন বীক্ষাৰ পৰিচয় দাঙি ধৰে।

 কালিদাসৰ ৰঘুবংশ মহাকাব্যৰ নায়ক মানুহ। ৰজা-মহাৰজাৰ দিগ্বিজয়ৰ কাহিনী তাত চিত্ৰিত হৈছে। মেঘদূত কাব্যৰ নায়ক যক্ষ মানুহ আৰু দেৱতাৰ মাজৰ স্তৰৰ এক কাল্পনিক প্ৰাণী। আন- হাতে কুমাৰসম্ভৱৰ নায়কজন হ’ল ত্ৰিজগৎপতি স্বয়ং মহাদেৱ। কুমাৰ সম্ভৱৰ ২ য় সৰ্গৰ স্থান হ’ল ব্ৰহ্মলোক—য'ত অসুৰ নিধনৰ উপায় বিচাৰি দেৱতাসকলে ব্ৰহ্মাৰ স্তুতি প্ৰাৰ্থনা কৰিছে। এই সৰ্গটোৱে কালিদাসৰ হিন্দুদৰ্শন সম্পৰ্কে গভীৰ জ্ঞানৰ পৰিচয় দাঙি ধৰে। কাব্যখনি দেৱ-দেৱীক লৈ লিখা যদিও সেইসকলৰ গাত তেজ মঙহৰ মানুহৰ হাঁহি-কান্দোন, আশা-নিৰাশা, প্ৰেম-ভালপোৱা আৰোপ কৰা সমগ্ৰ কাব্যখনতে ভাৰতীয় সমাজ-ব্যৱস্থা, ৰীতি-নীতি, বিশেষকৈ হিন্দু বিবাহ-সংস্কৃতিৰ ওপৰত প্ৰভূত আলোকপাত হৈছে। ৰঘুবংশৰ সৈতে গ্ৰন্থখনিৰ ভালেমান শ্লোকৰ সাদৃশ্য আছে। কিছু শ্লোকত কথাৰ নহলেও ভাবৰ সাদৃশ্য দেখা যায়। দুয়োখনতে একোটা সৰ্গৰ বাবে একোটা ছন্দ ব্যৱহাৰ কৰা হৈছে।

 কালিদাস অকল প্ৰেমৰ কবি নহয়, তেওঁ প্ৰকৃতিৰো কবি। হৈছে। [ ৬১ ] প্ৰকৃতিক তেওঁ অতি অন্তৰঙ্গতাৰে গভীৰভাৱে পৰ্য্যবেক্ষণ কৰে, তেওঁৰ সকলো উপমা, দৃষ্টান্ত প্ৰকৃতিৰ বুকুৰ পৰাই লোৱা। আনহাতে ছেক্সপীয়াৰৰ দৰে মানৱ-চৰিত্ৰ চিত্ৰণতে তেওঁ অসাধাৰণ দক্ষতাৰ পৰিচয় দিয়ে। ভাৱৰ সৰলতা, স্বচ্ছতা, ভাষাৰ সঙ্গীতময়তাই তেওঁৰ কাব্যক বিনাদ্বিধাই সন্মানৰ শীৰ্ষস্থানত থাপিছে। মহাকাব্য হিচাপে ৰঘুবংশক শ্ৰেষ্ঠ স্থান দিয়া কৃতী সমালোচক ডঃ ৰায়দাৰে (Dr. Ryder) পৰিশেষত মন্তব্য কৰিছে, “কুমাৰসম্ভৱত এনে কিছু অন্তৰ

পৰশ উক্তি, এনে কিছু ঐশ্বৰ্যময় চিত্ৰকল্প আছে যিবোৰ পৃথিবীয়ে কেতিয়াও বিস্মৃতিৰ গৰ্ভত লয় পাবলৈ এৰি দিব নোৱাৰে।” [ ৬২ ]
 

কোণাৰ্কৰ সূৰ্য্যমন্দিৰ

 উৰিষ্যা মন্দিৰৰ দেশ। এই ৰাজ্যৰ ভুবনেশন, পুৰী আদি ঠাইত যিপিনেই চোৱা যায় সেইপিনেই মন্দিৰ। তাৰে মাজত কোণাৰ্কৰ মন্দিৰে দেশ-বিদেশৰ পৰ্যটকসকলৰ সৰ্বাধিক মনোযোগ আকৰ্ষণ কৰি আহিছে। বঙ্গোপসাগৰৰ পাৰৰ পৰা মাত্ৰ তিনি কিলোমিটাৰ নিলগত, এক বালিময় বিস্তীৰ্ণ প্ৰস্তৰত অৱস্থিত এই মন্দিৰটোত প্ৰাচীন ভাৰতীয় স্থাপত্য আৰু ভাস্কৰ্য্যশিল্পই চৰম উৎকৰ্ষ লাভ কৰা দেখা যায়।

 কোণাৰক উৰিষ্যাৰ পুৰী জিলাৰ এক ক্ষুদ্ৰ অঞ্চল। ভুৱনেশ্বৰ আৰু পুৰী দক্ষিণ পূৱ ভাৰতীয় ৰেলৱেৰ দুটা ডাঙৰ ষ্টেচন। এই দুয়ো ঠাইৰ পৰা কোণাৰকলৈ যাতায়তৰ সুন্দৰ পথ আছে। পুৰীৰ পৰা কোণাৰকলৈ সাগৰৰ পাৰৰ পাইন গছৰ অৰণ্যৰ কাষে কাষে পথছোৱাৰ ভ্ৰমণ অভিজ্ঞতা অতি আনন্দদায়ক।

 কোণাৰক নামটি “কোণাৰ্ক” শব্দৰ অপভ্ৰংশ মাথোন। সূৰ্য্যক অৰ্কও বোলা হয়। সম্ভৱতঃ কোনো বিশেষ স্থানৰ পৰা কোণীয়াকৈ সূৰ্য্যদেৱতাৰ এই মন্দিৰ নিৰ্ম্মাণ হোৱা বাবেই ইয়াক ‘কোণাৰ্ক’ অৰ্থাৎ ‘কোণৰ সূৰ্য্য’ বোলা হৈছিল। সাগৰ তীৰত অৱস্থিত কোণাৰ্কৰ সূৰ্য্যমন্দিৰ আৰু পুৰীৰ জগন্নাথ মন্দিৰে তাহানি সমুদ্ৰ পথেৰে ভাৰ- তৰ মাটিত ভৰি দিয়া ইউৰোপীয় নাৱিকসকলৰ দৃষ্টি বিশেষভাৱে আকষণ কৰিছিল। তেওঁলোকে কোণাৰ্কৰ মন্দিৰক “কলা পেগোদা” [ ৬৩ ] আৰু চূণকাম কৰা জগন্নাথৰ মন্দিৰক “বগা পেগোদা বুলিছিল।

 সূৰ্য্য মন্দিৰ নিৰ্মাণ সম্পৰ্কে নানা কিম্বদন্তী জলসমাজত প্ৰচ- লিত। এটি প্ৰবাদমতে কৃষ্ণপুত্ৰ শাম্বই নিজ পিতৃৰ অভিশাপত কুষ্ঠৰোগাক্ৰান্ত হৈ পিছত পিতৃৰ উপদেশ অনুসৰি মিত্ৰবনত বাৰবছৰ সূৰ্য্যক আৰাধনা কৰাৰ অন্তত ওচৰৰে চন্দ্ৰভাগা নামৰ জলধাৰাত স্নান কৰি ৰোগমুক্ত হৈছিল। কৃতজ্ঞ শাম্বই সেয়ে মিত্ৰবনত সূৰ্য্য- মন্দিৰ স্থাপন কৰি নৈৰ বুকুত পোৱা সূৰ্য্যদেৱৰ মূৰ্ত্তি তাত প্ৰতিষ্ঠা কৰিছিল। জগন্নাথ মন্দিৰত সংৰক্ষিত হাতেলিখা বিৱৰণী মতে উৰি- য্যাৰ কেশৰী বংশৰ ৰজা পুৰন্দৰ কেশৰীয়ে এই স্থানত পোনতে মন্দিৰ স্থাপন কৰে। পৰবৰ্তী কালত গংগাবংশৰ প্ৰতাপী ৰজা নৰসিংহদেৱে পূৰ্ব্বৰ মন্দিৰৰ সন্মুখ ভাগত বৰ্তমানৰ এই সুবিশাল কাৰুকাৰ্য্যখচিত মন্দিৰ সাজি উলিয়ায় ১২/১৩ শ শতিকাত। ষোড়শ শতিকাৰ মাজভাগত বিদেশী আক্ৰমণকাৰী সকলে মন্দিৰ ধ্বংস কৰাৰ প্ৰচেষ্টাত বিফল হৈ চূড়াৰ কলচী আৰু পদ্মধ্বজ লৈ যায়। মন্দিৰত প্ৰতিষ্ঠিত “মিত্ৰদেৱ বিৰিঞ্চিদেৱ” নামে খ্যাত বিগ্ৰহ আক্ৰ মণকাৰীয়ে অপবিত্ৰ কৰাৰ ভয়ত পুৰীৰ মন্দিৰলৈ স্থানান্তৰ কৰা হৈছিল। সেইদিন ধৰি সূৰ্য্য মন্দিৰত কোনো বিগ্ৰহ নাই। মন্দিৰৰ সমুখ-ভাগত থকা কাৰুকাৰ্য্যময় অৰূপ স্তম্ভটি আতৰাই নি জগন্নাথ মন্দিৰৰ দুৱাৰমুখত স্থাপন কৰা হয়। এচাম গবেষক পণ্ডিতৰ মতে, আক্ৰমণকাৰী যৱসকলৰ সৈতে হোৱা যুঁজত জয়লাভৰ কীৰ্তিচিন স্বৰূপে ৰজা নৰসিংহদেৱে এই গগনচুম্বী ঐশ্বৰ্য্যশালী মন্দিৰটো নিৰ্ম্মাণ কৰিছিল।

 বিগ্ৰহ স্থানান্তৰৰ পিছৰ পৰা মন্দিৰত পূজা-সেৱা বন্ধ হৈছিল। পৰিত্যক্ত অৱস্থাত উপৰি ভাগত গছ-গছনি, গজি মন্দিৰৰ গাঁথনি ক্ৰমে দুৰ্বল কৰি পেলায়। উল্লেখযোগ্য এই মন্দিৰ নিৰ্ম্মাণত [ ৬৪ ] সামান্য পৰিমাণে চূণ আৰু বালিৰ বাদে আন একো মা-মছলা ব্যৱহৃত হোৱা নাছিল। জোৰা দিবলগীয়া অংশত লোহাৰ “ক্লেম্প” ব্যৱহাৰ কৰা হৈছিল। বাকী অংশত এনে নিপুনতাৰে থাকথাককৈ শিলবোৰ সজোৱা হৈছিল যে তাৰেই সম্পূৰ্ণ ভাৰসাম্য ৰক্ষাপূৰ্ব্বক মন্দিৰৰ বিশাল অৱয়ৱ নিৰ্ম্মিত হৈছিল। পিছত বিদেশী আক্ৰমণ- কাৰীয়ে কলচী আৰু পদ্মধ্বজ অপসাৰণ কৰাত মন্দিৰৰ মস্তকভাগ ঢিলা হৈ পৰে। সাগৰৰ লুনীয়া বতাহ আৰু উৰি অহা বালিয়েও শিলবোৰৰ বিস্তৰ ক্ষতিসাধন কৰিছিল! ফলস্বৰূপে, প্ৰায় ডেৰশ ফুট ওখ এই মন্দিৰৰ উপৰিভাগ ক্ৰমান্বয়ে খহিবলৈ আৰম্ভ কৰে। ১৮৪৮ খৃষ্টাব্দৰ প্ৰচণ্ড ধুমুহাই ওপৰ অংশ খহাই মন্দিৰটোক এক ধ্বংসস্তু- পত পৰিণত কৰে। খহি পৰা শিলবোৰ বাচি-বাচি জনসাধাৰণে নিজৰ ব্যৱহাৰৰ বাবে লৈ যায়। কুৰ্দা নামে ঠাইৰ ৰজাই আনকি মন্দিৰ চৌহদৰ তিনিখন প্ৰৱেশদ্বাৰ ভাঙি-চিঙি মূল্যবান শিলবোৰ নিজৰ চৌহদত মন্দিৰ সাজিবৰ বাবে লৈ যায়।

 অৱশ্যে দিন যোৱাৰ লগে লগে ৰাইজ আৰু চৰকাৰ ভাৰতীয় শিল্পকলাৰ অতুলনীয় নিদৰ্শন এই মন্দিৰৰ ক্ৰমবৰ্দ্ধমান অৱক্ষয়ৰ প্ৰতি সজাগ হৈ উঠিল। ভালেমান দিনৰ পৰা চেগাচোৰোকাকৈ চলি থকা সংৰক্ষণ প্ৰচেষ্টাৰ অন্তত ১৯০১ চনত ভাৰত চৰকাৰৰ ‘আৰ্কিয়- লজিকেল’ বিভাগৰ দ্বাৰা এই কাম শৃঙ্খলাবদ্ধভাৱে আৰম্ভ হয়। মন্দিৰৰ চৌপাশে স্তুপীকৃত শিল-বালি আতৰাই পেলোৱাত অপূৰ্ব্ব শৈলকৰ্ম্মৰে অলঙ্কত ৰথচক্ৰ আৰু ঘোঁৰাৰ সৈতে মন্দিৰৰ সুউচ্চ বুনিয়াদ লোকদৃষ্টিৰ সমুখলৈ আহে। প্ৰকৃতপক্ষে তেতিয়াৰ পৰাহে ই দেশী-বিদেশী হেজাৰ-বিজাৰ পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰে। কোণাৰকৰ বিগ্ৰহ-বিহীন সূৰ্য্যমন্দিৰে দৰ্শকক এনেদৰে আকৰ্ষিত কৰে কিয়? উত্তৰত ক'ব লাগিব, মন্দিৰৰ বিশালতা, ইয়াৰ অপূৰ্ব্ব [ ৬৫ ] নিৰ্ম্মাণ কৌশল আৰু শিলত খোদিত জীবন্ত যেন লগা মূৰ্ত্তিসমূহেই এই আকৰ্ষণৰ ঘাই কাৰণ। স্বৰূপাৰ্থত ই এটা মন্দিৰ নহয়, বাৰ- যোৰ অভিনৱ কাৰুকাৰ্য্যখচিত চকাৰে গতিশীল ভংগীমাত কাটি উলিওৱা সাতোটা ঘোঁৰাই টনা এখন বিয়াগোম ৰথৰ আকৃতিত সজা একাধিক মন্দিৰৰ সমষ্টিহে। মহাৰাষ্ট্ৰৰ গুহাপুৰী ইলোৰতো একেটি শিলৰ পৰা কাটি উলিওৱা, কৈলাশ মন্দিৰ নামে এটি ৰথৰ আকৃতিৰ মন্দিৰ দেখিবলৈ পোৱা যায়। কিন্তু কোণাৰ্ক মন্দিৰৰ অপূৰ্ব্ব শৈলকৰ্ম্ম, সোণাৰীৰ নিপুনতাৰে কৰা সুক্ষ্ম অলঙ্কৰণে কৈলাশ মন্দিৰৰ কাৰু-কাৰ্য্যও যেন ম্লান কৰিছে। ভাৰতীয় মন্দিৰসমূহত স্থাপত্য আক ভাস্কৰ্য শিল্পই হাত ধৰাধৰিকৈ কাম কৰে। কোণা- ৰ্কৰ সূৰ্য্যমন্দিৰত এই দুয়োটাৰে সু-সমন্বয়ে ইয়াক বিশ্বৰ এক অত্যুৎ- কৃষ্ট শিল্পৰ মৰ্য্যাদা প্ৰদান কৰিছে।

 মূল মন্দিৰ, সমুখৰ বাটচ'ৰা সদৃশ মন্দিৰ, যাক “ভোগমোচন” বোলা হয়, আৰু কাষতে থকা ভোগ-মণ্ডপৰ ভগ্নাৱশেষ লৈয়ে এই মন্দিৰ প্ৰকল্প। মূল মন্দিৰৰ তিনিদিশ আৰু সমুখ ভাগৰ বহল চিৰিৰ দুয়োকাষে খোদিত বছৰৰ বাৰটা মাহৰ প্ৰতীক বাৰযোৰ ৰথচক্ৰৰ নিৰ্ম্মাণ কৌশল দেখি স্তম্ভিত নহৈ নোৱাৰি। চকাৰ বেৰ আৰু ভিতৰৰ ষোল্লদাল দণ্ডত সোণৰ গহণাত কৰাৰ দৰে সুক্ষ্ম শিল্পকৰ্ম্ম, তাৰ মাজে মাজে দেৱ-দেৱী, চৰাই-চিৰিকতি আৰু মানৱৰ মুৰ্ত্তি। চকাৰ বিভিন্ন অংশ আৰু মন্দিৰৰ দুৱাৰত প্ৰতিফলিত সূৰ্য্যকিৰণৰ দ্বাৰা হেনো দিনটোৰ সময়ৰ সঠিক নিৰূপন কৰিব পাৰি। মন্দিৰৰ সুউচ্চ ভেটীৰ নিচেই তলৰ অংশত খোদিত সৰু-সৰু অজস্ৰ হাতীলৈ লক্ষ্য কৰিলে এনে লাগে যেন সিহঁত দলে-বলে আনন্দমনেৰে চৰি ফুৰিছে; কোনোবা অংশত হাতীয়ে পানী খাইছে, ক'ৰবাত আকৌ খঙাল হাতীয়ে গছ-বন ভাঙি তহিলং কৰিছে, গছকত মানুহ মৰিছে। [ ৬৬ ] হাতী চিকাৰৰ উত্তেজনাময় মুহূৰ্ত্তবোৰ, বন্দী হাতীৰ আত্মসমৰ্পন কাৰুণ্য অদ্ভুত দক্ষতাৰে শিলৰ বুকুত ফুটাই তোলা হৈছে। ৰাজকীয় জীৱনৰ সকলো আড়ম্বৰ, ৰজাৰ দৈনন্দিন জীৱনৰ সকলো কৰ্ম্ম—অস্ত্ৰ-চালনা, মৃগয়া, বিলাস-ভ্ৰমণ, হাতী-ঘোঁৰা সমন্বিতে যুদ্ধ যাত্ৰা আদিৰ ছবি, শিলত খোদিত হৈছে। তেনে শিল্পকৰ্ম্মৰ সংখ্যাধিক্যলৈ চাই, প্ৰতাপী ৰজাৰ পৰাক্ৰম, যশস্যাৰ কাহিনী যাউতি-যুগীয়া কৰিবলৈকে মন্দিৰ নিৰ্ম্মিত হোৱাৰ অনুমান সঁচা যেন লাগে। আনহাতে যিসকলে কপালৰ ঘাম, বুকুৰ তেজেৰে মন্দিৰ সাজি উলিয়াইছিল সেই দুখীয়া কাৰিকৰ তথা সৰ্ব্বসাধাৰণ ৰাইজৰ জীৱন যাত্ৰা তাত ৰূপায়িত হোৱা নাই। তদুপৰি দেৱ-দেৱী গৰ্ন্ধৱ-কিন্নৰ, জন্তু, চৰাই আৰু ধৰ্মীয় অখ্যানত বৰ্ণিত নাগ-নাগিনী, চীন দেশীয় ড্ৰেগন আদিও শিলত কাটি উলিওৱা হৈছে। এটা মন কৰিবলীয়া কথা যে মন্দিৰৰ বিভিন্ন অংশত থকা সকলো শৈল-কৰ্ম্মৰে শৈল্পিক মান একে স্তৰৰ নহয়। মুখত স্বৰ্গীয়ানুভূতি ফুটি উঠা পাৰ্শ্ব দেৱতাৰ পূৰ্ণাবয়ব মূৰ্ত্তি, বিভিন্ন বাদ্য-যন্ত্ৰৰ সৈতে ভৰিৰ তাল দি থকা বাদকসকল, প্ৰৱেশ পথৰ দুয়োকাষে থকা হাতীৰ ওপৰত জপিয়াই পৰা সিংহমূৰ্ত্তিৰ দৰে বলিষ্ঠ, গতিশীল ভাস্কৰ্য্যৰ লগতে কিছুমান একেবাৰে সাধাৰণ স্তৰৰ খোদাই কাম দৰ্শকৰ চকুত পৰে।

 সূৰ্য্যমন্দিৰত মানৱ জীৱনৰ জৈবিক দিশটো প্ৰকট কৰি তোলা ভালেমান শিলামূৰ্ত্তি আছে। দেহৰ বিভিন্ন ভঙ্গিমা বা লয়লাস প্ৰদৰ্শন কৰা নাৰীমূৰ্ত্তি, আলিঙ্গনাবদ্ধ বা চুম্বনৰত মিথুন মূৰ্ত্তিয়ে সততে দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰে। অসমৰ বাইহাটা চাৰিআলিৰ কাষৰ মদন কামদেৱ মন্দিৰতো এনেধৰণৰ মিথন মূৰ্ত্তি কিছুমান আছে। হিন্দুধৰ্ম্মত মানুহৰ বাবে ধৰ্ম্ম-অৰ্থ-কাম-মোক্ষ এই চতুবৰ্গ সাধনৰ পথ মুকলি। গতিকে মন্দিৰৰ শিলত মানুহৰ স্বাভাৱিক কামনা [ ৬৭ ] বাসনা খোদিত হোৱাত বাধা নাই। কলাই আনকি নগ্নতাকে। শিল্পৰ গৰিমা প্ৰদান কৰে।

 এই মন্দিৰৰ তিনিটা স্তৰত খোদিত শিলামূৰ্ত্তিসমূহে মানৱ জীৱ- নৰ তিনিটা স্তৰ⸺শৈশৱ, যৌৱন আৰু বাৰ্ধক্যক প্ৰতিনিধিত্ব কৰা বুলিও বহুতে ব্যাখ্যা আগবঢ়ায়। মন্দিৰ দেৱালৰ নৃত্যৰতা নাৰী- মূৰ্ত্তি সমূহৰ বিভিন্ন দেহ-ভঙ্গিমা বা মুদ্ৰাক লৈয়ে বিখ্যাত ওডিছি নৃত্যৰ পৰিকল্পনা হোৱা বুলি শুনা যায়। অসমত জাপিৰ দৰে উৰিষ্যাত কোণাৰ্কৰ ৰথচক্ৰ জাতীয় সংস্কৃতিৰ প্ৰতীকৰূপে গ্ৰহণ কৰা হৈছে। মুকথাত, কোনাৰ্ক সমৃদ্ধ শিল্পকৰ্ম্মই উৰিষ্যাৰ সাংস্কৃতিক জীৱনত গভীৰ প্ৰভাৱ বিস্তাৰ কৰি আহিছে আৰু ভবিষ্যতেও কৰিব। [ ৬৮ ]

যদিওবা তাজ নহল সজা

 অসমীয়া সাহিত্যৰ নৱন্যাস যুগৰ বিশিষ্ট কবি কাব্যভাৰতী ধৰ্ম্মেশ্বৰী দেৱী বৰুৱানী অসমীয়া সাহিত্যৰ পাঠক মাত্ৰৰে পৰিচিত। এই গৰাকী চিৰৰুগ্না কবিয়ে এটি পঙ্গু দেহ লৈ ওৰেটো জীৱন বিছ- নাতে কটোৱা সত্বেও কিদৰে একনিষ্ঠভাৱে কাব্য সাধনা কৰি অস- মীয়া সাহিত্যৰ ভড়াল চহকী কৰি গল সেইকথা আটায়ে জানে। কিন্তু বহুতেই নেজানে যে এই নাৰীৰ জীৱনটো এক সুদীৰ্ঘ প্ৰেমৰ ইতিহাস, যি প্ৰেমে তেওঁক জীয়াই থকাৰ প্ৰেৰণা দিলে, দৃষ্টিহীন দুচ- কুত সুন্দৰৰ স্বপ্ন দিলে, নিৰাশৰ অটল গৰ্ভত লুকাই থকা কবিতাৰ নিজৰাটি পাৰ ভাঙি অসমী আইৰ চোতাললৈ বোৱাই দিলে। সেই প্ৰেমেৰে সিক্ত, তেওঁৰ জীৱন-কাহিনী এটি কবিতাৰ দৰে মধুৰ, এখনি উপন্যাসৰ দৰে উপাদেয়। সেই প্ৰেম আছিল দাম্পত্য প্ৰেম।

 পিতৃ যজ্ঞোৰাম শৰ্ম্মা, মাতৃ ৰম্ভাপ্ৰিয়া দেৱীৰ চাৰিটি কন্যা সন্তানৰ সংসাৰখনত ধৰ্ম্মেশ্বৰী দেৱী আছিল আদৰৰ নুমলীয়া জীয়ৰী। পৰিয়ালৰ লোকৰ পৰা শুনা মতে, তেওঁলোকৰ ঘৰ আছিল গুৱাহা- টীৰ শিলপুখুৰীত, বৰ্ত্তমান পঞ্চবটী আশ্ৰম থকা ঠাইত। সেইকালৰ সামাজিক নিয়মমতে কন্যা-সন্তানে পৈত্ৰিক সম্পত্তিৰ উত্তৰাধিকাৰ নেপাইছিল। গতিকে চাৰিওটি কন্যাৰ বিয়া হৈ যোৱাৰ পিছত পিতৃয়ে তেওঁৰ মাটি-সম্পত্তি গুৰু-গৃহক দান কৰি গ'ল। সেই মাটিতেই গুৰুৱে পঞ্চবটী আশ্ৰম গঢ় দিছিল। ধৰ্ম্মেশ্বৰী দেৱীক তেতিয়াৰ [ ৬৯ ] ব্ৰাহ্মণ সমাজৰ ৰীতি অনুসৰি বাৰ বছৰ বয়সতে বিয়া দিয়া হৈছিল। তেওঁৰ স্বামী আছিল প্ৰখ্যাত ৰসেন্দ্ৰ ভৰালী বংশৰ গুৱাহাটী নিবাসী ৰাধানাথ চিৰস্তাদাৰৰ পুত্ৰ দুৰ্গানাথ ওৰফে দুৰ্গী বৰুৱা। সুদৰ্শন, চৰিত্ৰবান ডেকা দুৰ্গানাথ সেই সময়ৰ গুৱাহাটীৰ এগৰাকী অতি উদ্যোগী আগশাৰীৰ ব্যৱসায়ী আছিল।

 কৈশোৰৰ ল'ৰা-ধেমালি এৰি ধৰ্ম্মেশ্বৰী এঘৰত বোৱাৰী হৈ সোমালহি। কুমলীয়া মনত হয়তো বুজা-নুবুজা কিমান আশা, কিমান স্বপ্ন-বায়েকহঁতৰ দৰে এদিন তেওঁ মাক হ’ব, স্বামী-পুত্ৰ-কন্যাৰ সেৱাৰ আনন্দৰ মাজেৰে আন দহগৰাকী তিৰোতাৰ দৰে দিনবোৰ সুখ-শান্তিৰে কটাই দিব। “কিন্তু মানুহে পাঙে ঈশ্বৰে ভাঙে।” বিয়াৰ দুই তিনি বছৰ পিছতে ধৰ্ম্মেশ্বৰী বাতৰোগত আক্ৰান্ত হয়। কোনো ধৰণৰ চিকিৎসাই তেওঁক ৰোগমুক্ত কৰিব নোৱাৰিলে। লাহে লাহে বাতবিষে তেওঁৰ ভৰি-হাত কোঙা কৰি আনিলে। হুইল চেয়া- ৰত বহি ইফাল সিফাল কৰাত বাদে বিচনাই তেওঁৰ আশ্ৰয় হ'ল। দুৰ্গী বৰুৱাৰ জীৱনলৈ এইদৰে আচম্বিতে অভাৱনীয় দুৰ্যোগ নামি আহিল। মৌ-বৰষা মাতটিৰে কোমল হৃদয় ধৰ্মেশ্বৰীৰ সৈতে এটি সুখময় দাম্পত্য জীৱনৰ যি সপোন তেওঁ দেখিছিল সি ধূলিস্যাৎ হৈ গ'ল। কিন্তু সকলো অন্তৰতে লুকুৱাই ৰাখি দুৰ্গানাথে পত্নীৰ ৰোগৰ উপশম আৰু মানসিক শান্তিৰ বাবে যথাসম্ভৱ সকলো কৰি গ’ল। ৰোগ-যাতনাৰ বাবে সততে বিমৰ্ষ হৈ থকা দেখি এদিন তেওঁ পত্নীক ক'লে, “এইদৰে মন বেয়া কৰি বহি থকাতকৈ মনলৈ অহা ভাৱবোৰ কবিতাৰ আকাৰে লিখি যোৱাচোন।” পত্নীয়ে সেই কামৰ বাবে নিজৰ অযোগ্যতা প্ৰকাশ কৰাত তেওঁ ভালে-বেয়াই সকলো লিখি যাবলৈ উপদেশ দিলে। হয়তো পত্নীৰ জন্মগত কাব্য-প্ৰতিভাৰ উমান পায়েই তেওঁ সেইদৰে কৈছিল; কথাষাৰে গুণ নিলে। নাৰীজীৱনৰ [ ৭০ ] চৰম সুখ মাতৃত্বৰ পৰাও বঞ্চিত সেই তৰুণীয়ে হয়তো লেখা-মেলাৰ যোগেদিয়েই ভৱিষ্যতৰ বুকুত নিজ স্বাক্ষৰ এৰি যোৱাৰ কথা চিন্তা কৰিলে। তেওঁৰ চিন্তা-ভাৱনা লাহে লাহে অন্তৰ্মুখী হ’ল। চকু- পানী সামৰি তেওঁ হাতত কলম তুলি ল'লে। দুৰ্গী বৰুৱাই তেওঁৰ সকলো লেখা সযতনে সামৰি থৈছিল। তেওঁ নিজেও এজন সাহিত্য প্ৰেমী আছিল। তেওঁৰ উদগনি আৰু চেষ্টাতে লাহে লাহে ইখন সিখন আলোচনীত ধৰ্ম্মেশ্বৰীৰ কবিতা প্ৰকাশ হ’বলৈ ধৰিলে! দুখ বেজাৰত ভাঙি পৰা নাৰীগৰাকীয়ে যেন এন্ধাৰৰ মাজতে এচেৰেঙা পোহৰ দেখা পালে।

 পত্নীৰ শাৰীৰিক অৱস্থাৰ একো উন্নতি নেদেখি দুৰ্গানাথ বৰুৱাই উন্নত চিকিৎসা আৰু জলবায়ু পৰিবৰ্তনৰ বাবে তেওঁক দুবছৰ কলি- কতা আৰু পুৰীত ৰাখিছিল। তেওঁ পত্নীক হুইল চেয়াৰত বহুৱাই সাগৰৰ পাৰত ফুৰাইছিল, বিভিন্ন দেৱ-দেৱীৰ মন্দিৰ দৰ্শন কৰাইছিল, কলিকতাৰ মঞ্চত যাত্ৰা-থিয়েটাৰ দেখুৱাইছিল। স্বামীৰ মৰম-যত্ন, লগতে সাগৰৰ সীমাহীন বিস্ময়কৰ সৌন্দৰ্য্য, মন্দিৰত দেৱতাৰ অপূৰ্ব মূৰ্ত্তি, বিবিধ সুগন্ধি পূজাৰ ফুলে তেওঁৰ কবিপ্ৰাণ ভৰাই তুলিলে। হৃদয়ৰ উদ্বেলিত ভাৱাবেগে কবিতাৰ ৰূপ ললে। ৰাতিৰ ধুমুহাই খুন্দি থৈ যোৱা পদুমনি পুৱাৰ সূৰ্য্য-কিৰণত ঠন ধৰি উঠাৰ দৰে স্বামীৰ মৰম-ভালপোৱা, উৎসাহ উদগনিত ভাঙি পৰিব খোজা মনটো টনকিয়াল হৈ উঠিল। গভীৰ আত্মপ্ৰত্যয়েৰে এইবাৰ তেওঁ কাব্য-সাধনাত নিবিষ্ট হ'ল। ১৯২৯ চনত তেওঁৰ ওঠৰটি কবিতাৰ সংকলন ‘ফুলৰ শৰাই’ দুৰ্গানাথ বৰুৱাই নিজে ছপাই উলিয়ালে। পুথিখনি পত্নীৰ হাতত তুলি দি তেওঁ ক'লে, এই ‘ফুলৰ শৰাই’ খনিকে তুমি নিজৰ সন্তান বুলি ভাবিবা; নিজৰ পৰা যাৰ জন্ম হয় সেয়ে আত্মজ বা সন্তান। এই কবিতাখিনিও তোমাৰ আত্মাৰ পৰা [ ৭১ ] উদ্ভৱ হৈছে, গতিকে এইটিয়েই তোমাৰ সন্তান।” কাকত আলো- চনীত ধৰ্ম্মেশ্বৰীৰ কবিতা প্ৰকাশ হৈ ওলালে কবিতকৈও বেচি আনন্দিত ত হয় তেওঁৰ স্বামী। তেখেতে অতি সযতনে পত্নীৰ লেখাবোৰ এটি ফাইলত সংৰক্ষণ কৰিছিল আৰু মাজে মাজে পত্নীক আশ্বাস দিছিল, “অলপতে তুমি আৰু এটি সন্তান পাবা।” মৌন কবিয়ে মাথোন এটি হাঁহিৰে সঁহাৰি দিয়ে। সেই হাঁহিত ফুটি উঠে ব্যথিত হিয়াৰ গভীৰ কৃতজ্ঞতা।

 দুবছৰ বাহিৰত কটোৱাৰ মুৰত কবি পুনৰ গুৱাহাটীৰ ঘৰলৈ উভটি আহে। ৰোগ-ব্যাধিয়ে ক্ৰমে তেওঁৰ চকুৰ দৃষ্টিও কমাই আনিলে, পিছলৈ তেওঁ একেবাৰে নেদেখা হ’ল। দুৰ্গী বৰুৱাই ধৰ্ম্মেশ্বৰী দেৱীৰ ভাগিনীয়েক সেইকালৰ প্ৰখ্যাত আইনজ্ঞ স্বৰ্গীয় শিশিৰ কুমাৰ বৰুৱাৰ পৰিয়ালটোক নিজৰ ঘৰলৈ আনিলে। সেই আত্মীয়-পৰি- জনসকলৰ সান্নিধ্য আৰু সেৱা-শুশ্ৰুষাতে নিঃসন্তান দম্পতীয়ে জীৱ- নত নোপোৱা পাৰিবাৰিক সুখকণ বিচাৰি ল'লে। পৰিয়ালৰ লোকৰ পৰা শুনা মতে, স্বামীৰ সকলো চিন্তা-ভাৱনাৰ কেন্দ্ৰবিন্দু আছিল তেওঁৰ অসুখীয়া পত্নী। পত্নীয়ে মেলে-মিটিঙে য’লৈকে যাব খোজে তলৈকে ‘হুইল-চেয়াৰ’ৰ সহায়ত নিয়াৰ ব্যৱস্থা তেওঁ কৰিছিল। ব্যক্তিগত সকলো দুখ-বেজাৰ অন্তৰতে লুকুৱাই ৰাখি প্ৰফুল-চিত্তে তেওঁ নিজহাতে, পত্নীৰ সেৱাশুশ্ৰুষা কৰিছিল; নিজৰ ব্যৱসাযিক ব্যস্ততাৰ মাজতো শীতকালি সন্ধিয়া ৰুগীয়া পত্নীৰ কোঠাত নিজহাতে কয়- লাৰ চুলা জ্বলাই দিছিল। তেওঁৰ একমাত্ৰ লক্ষা আছিল—পত্নীয়ে যাতে সকলো দৈহিক যাতনাৰ কথা পাহৰি নিৰৱচ্ছিন্নভাৱে কাব্য-সাধনা কৰিব পাৰে। পত্নী গৰাকীয়েও নিজহাতে স্বামীক ৰান্ধি-বাঢ়ি খুৱাব নোৱাৰে যদিও হুইল চেয়াৰতে বহি গৃহস্থই ভালপোৱা পাচলি কুটি -কাটি যতনাই দি স্বামীসেৱাৰ তৃপ্তি অকণ বিচাৰিছিল। লাহে লাহে [ ৭২ ] কবিগৰাকীৰ হাত দুখনো অৱশ হৈ আহিল, তেওঁ লৈখাৰ ক্ষমতা কণো হেৰুৱালে; কবিতা তেওঁ গাইহে যায়, নাতি-নাতিনী, ভাগিন -ভতিজা, বন্ধু-বান্ধৱেহে সেইবোৰ লিপিবদ্ধ কৰে। বিষৰ যন্ত্ৰণা কটোৱা উজাগৰী নিশাৰ ভাৱ-অনুভূতিবোৰ দিনটোৰ কোলাহলময়তাত হেৰাই যোৱাৰ ভয়ত সেইবোৰ কাগজত টুকি থবলৈ দোকমোকা- লিতে জগাই দিয়াৰ কথা তেখেতৰ নাতিনী দুই-এগৰাকীয়ে আজিও সোঁৱৰে।

 পত্নীক দ্বিতীয় সন্তানটি দিয়াৰ কথা চিন্তা কৰি থাকোতেই ১৯৪৩ চনত হঠাতে পঙ্গু কবিক অথাই সাগৰত পেলাই থৈ সেইজন উদাৰ মহান প্ৰেমিক স্বামী স্বৰ্গগামী হয়। চিৰৰুগ্না সেই নাৰীয়ে মৃত্যুক সততে আহ্বান জনাইছিল নিজৰ বাবেহে। কিন্তু ভাগ্যৰ কি পৰি- হাস, মৃত্যুয়ে তেওঁক নিনিলে, তেওঁৰ জীৱনৰ পোহৰকণ তেওঁৰ “ভগা জীৱন-তৰীৰ কাণ্ডাৰী” প্ৰিয়তম স্বামীকহে কাঢ়ি লৈ গ'ল। চাৰিওপিনে শূণ্য দেখিলে। ছোৱালীকালৰে পৰা যাৰ ডেউকাৰ উমত অক্ষম দেহটিৰে তেওঁ সকলো ধৰণৰ নিৰাপত্তা পাইছিল, মৰমৰ পোহৰত তেওঁ এদিন নিজকে আবিস্কাৰ কৰিবলৈ সক্ষম হৈছিল, যিজনাৰ অকৃত্ৰিম প্ৰেম-ভালপোৱাই তেওঁৰ শূন্য, নিশ্চল জীৱনটোক অৰ্থ দিলে, গতি দিলে সেইজন হঠাতে তেওঁৰ জীৱনৰ পৰা হেৰাই গল। কবিৰ জীৱনত জীৱনত এইটোৱে আছিল সবাতোকৈ প্ৰচণ্ড আঘাত। তেওঁ আকৌ এবাৰ ব্যৰ্থতাৰ হতাশাৰ সন্মুখীন হ’ল, তেওঁৰ কাব্য- বীণত নতুনকৈ এটি কৰুণ সুৰৰ সংযোজন ঘটিল। কবিৰ পৰৱৰ্ত্তী কালৰ ভালেমান কবিতাত স্বামীৰ প্ৰতি গভীৰ প্ৰেম আৰু কৃতজ্ঞতা আৰু সিজনৰ বিয়োগত অসহনীয় মৰ্ম্মবেদনা জীৱন্ত ৰূপত প্ৰকাশ পাইছে। স্বামীয়ে তেওঁৰ পত্নী-প্ৰেমৰ নিদৰ্শন হিচাপে, প্ৰেমিক চাহ জাহানৰ দৰে তাজমহল সাজি থৈ যোৱা নাই, কিন্তু ওৰেটো জীৱন [ ৭৩ ] অক্ষম পত্নীক যি নিস্বাৰ্থ, নিৰ্ভেজাল প্ৰেম দি গ'ল তাৰ তুলনা নাই। কবি গৰাকীয়ে লিখিছে-

“যদিওবা সজা নাই দেৱ
বাহিৰত ওখ দৌল এটি
কি অসীম কৰুণা তোমাৰ
কিবা স্নেহ দিলা মোৰ প্ৰতি।” (অশ্ৰু-অৰ্ঘ্য)

 বাস্তবিকতে, চাহজাহানৰ পত্নী-প্ৰেমৰ চানেকী তাজমহলত এজন সম্ৰাটৰ ঐশ্বৰ্য্য, ক্ষমতা প্ৰদৰ্শনৰ গৰ্ব্ববোধ লুকাই আছে। কিন্তু সাধা- ৰণ মানুহ দুৰ্গী ৱৰুৱাৰ প্ৰেম জুয়ে পোৰা সোণৰ দৰে বিশুদ্ধ। এগ- ৰাকী চিৰদুঃখী নাৰীৰ অশ্ৰুময় জীৱন-যমুনাৰ তীৰত ত্যাগৰ কষটি শিলত সেইজন প্ৰেমিকে অক্ষয় প্ৰেমৰ যি কীৰ্তিস্তম্ভ ৰচি থৈ গ'ল সি যুগে যুগে মানুহক জীয়াই থকাৰ প্ৰেৰণা দিব। কালৰ হেজাৰ প্ৰদূষণেও তাক নিষ্প্ৰভ কৰিব নোৱাৰে।

 এইখিনিতে উল্লেখযোগ্য যে স্বামীয়ে প্ৰকাশ কৰিবলৈ হেপাহ কৰা দ্বিতীয় কাব্য সংকলনটি ১৯৫২ চনত ‘প্ৰাণৰ পৰশ’ নামেৰে ছপা হৈ ওলায়।

 অসুখীয়া জীৱনটোত ছাঁৰ দৰে গাতে লাগি থকা কবিৰ প্ৰাণৰ দেৱতা এইবাৰ ধ্যানৰ দেৱতা হ’ল। তেওঁৰ প্ৰিয়তম সপোনত তেওঁৰ কাষলৈ আহে। সপোন ভাঙে, “টোপনি ভাগিল, চেতনা লভিলো প্ৰিয়তম তুমি নাই। সাগৰৰ মণি পায়ে হেৰুৱালো- মুকুতা হেৰাল হায়।” আকুল হৈ কবিয়ে “পৰ্ব্বত-ভৈয়াম-নগৰে- সাগৰে” বিচাৰি ফুৰিলে, কিন্তু ক’তো প্ৰাণৰ দেৱতাৰ সন্ধান নেপালে। অসহায় কবিয়ে বিচনাকে সাৱটি কেবল ভাবে। গভীৰ মননৰ অন্তত তেওঁ সত্যৰ সন্মুখীন হ’ল। অৱশেষত “বিশ্ব বিদাৰি এটি প্ৰতিধ্বনি”

তেওঁ শুনিবলৈ পালে— [ ৭৪ ]

“অচিন্ত্য অব্যক্ত  ৰূপে আছে তোৰ
 হিয়া মণিকূট মাজে
দেখা পাবি তাতে  প্ৰাণৰ দেৱতা
 মোহন মূৰতি ৰাজে।” ( প্ৰিয়লৈ)

 এইবাৰ কবিয়ে নিজৰ অন্তৰতে স্বামীৰ অস্তিত্ব অনুভৱ কৰিলে। গীতা-উনিষদত পৰম বিশ্বাসী কবিয়ে উপলদ্ধি কৰিলে যে অজ্ঞান- তাই সকলো দুখ-কষ্টৰ মূল। সেয়ে পৰম পিতাৰ চৰণত নিজকে সম্পূৰ্ণ সঁপি দি জ্ঞান অন্বেষণতে তেওঁ শান্তি বিচাৰিলে। এগৰাকী ধৰ্ম্ম প্ৰাণা হিন্দু নাৰীৰ স্বাভাৱিক বিশ্বাসেৰে তেওঁ পৰজন্মত এক ৰোগ-শোকহীন চিৰ আনন্দময় লোকত স্বামীৰ সৈতে মিলনৰ সপোন দেখিলে— “পাৰ্থিব দেহ এই পৃথিৱীতে / যিদিনাই হ’ব লীন। হিয়াই হিয়াই মিলিম সিদিনা / বজাম মিলন বীণ”। ( সৰলা কৌমুদী )। কবিয়ে দৃঢ়ভাৱে বিশ্বাস কৰে, “জগতৰ জীৱ-চৈতন্য মাত্ৰেই পৰম-ব্ৰহ্মৰ একোটি অংশ বিশেষ। সেয়ে তেওঁৰ পৰৱৰ্ত্তী কবিতাত পাৰ্থিব স্বামী আৰু জগৎ স্বামীৰ বন্দনা একাকাৰ হৈ গৈছে। তেওঁৰ সসীম প্ৰেম অসীমৰ উদ্দেশ্যে ধাবিত হৈছে। এনে এটি পৰ্য্যায়ত জাগতিক দুখ-কষ্টৰ প্ৰতি কচুপাতৰ পানীৰ দৰে নিৰ্লিপ্ত হৈ এক বিশ্বময় আনন্দৰূপত অৱগাহন কৰি কবি তৃপ্ত হৈছে; ইন্দ্ৰিয়াতীত সৌন্দৰ্যানুভূতিৰ কাব্যিক প্ৰকাশে তেওঁৰ কবিতাত ৰহস্যবাদৰ ছয়া- ময়া পোহৰ পেলাইছে। ধৰ্ম্মেশ্বৰী দেৱীক এগৰাকী আগশাৰীৰ অতী- ন্দ্ৰিয়বাদী কবি আখ্যা দিব পাৰি। তেওঁৰ তৃতীয় আৰু শেহতীয়া কাব্য সংকলন ‘অশ্ৰুধাৰা আৰু জীৱন তৰী’ৰ কবিতাত ঘাইকৈ এনে অপাৰ্থিব সুৰ ধ্বনিত হৈছে।

 এয়েই থলমুলকৈ ধৰ্ম্মশ্বৰী দেৱীৰ প্ৰেমৰ ইতিহাস, ইয়েই তেওঁৰ কাব্যৰো ইতিহাস। যি যুগত পুৰুষৰ বহুবিবাহ ভাতৰ লগত পানী [ ৭৫ ] খোৱাৰ দৰে সহজ কথা আছিল, যি যুগত নিঃসন্তান বা ৰুগীয়া পত্নীৰ কথাই নাই, পুত্ৰ-সন্তান জন্ম দিব নোৱাৰা পত্নীয়েও সতিনী-খটাৰ দৰে অভিশাপ মূৰ পাতি লবলগীয়া হৈছিল, সেই যুগত দুৰ্গানাথ বৰুৱাই ওৰেটো জীৱন শাৰীৰিক ভাৱে অক্ষম, মাতৃত্বৰ পৰা বঞ্চিত পত্নীকে আগত লৈ চাই থাকিল; অসীম ত্যাগস্বীকাৰ, গভীৰ প্ৰেম -সহানুভূতিৰে তেওঁৰ সুপ্ত প্ৰতিভা জগাই তুলি তাৰ বিকাশৰ পথ মোকলাই দিলে। ধৰ্ম্মেশ্বৰী দেৱীৰ কাব্য-কৃতিৰ কথা সুঁৱৰিলে এই ত্যাগী মহানুভৱ পুৰুষজনকো আমি নিশ্চয় সুঁৱৰিব লাগিব। অসমীয়া ভাষা-সাহিত্য, অমৰ প্ৰেমিক দুৰ্গানাথৰ ওচৰত একপ্ৰকাৰে ঋণী বুলি ক'লেও বঢ়াই কোৱা নহ’ব। [ ৭৬ ]

নীলিমা দত্তৰ কবিতা

 সাম্প্ৰতিক অসমীয়া কাব্য সাহিত্যত নীলিমা দত্ত এটি সুপৰিচিত নাম,। কম বয়সৰ পৰাই কবিতা ৰচনাত হাত দি শ্ৰীমতী দত্তই এতিয়ালৈকে এটি এটিকৈ পাচোটি কবিতা সঙ্কলন সঙ্কলনৰে অসমীয়া কবিতাৰ ভঁড়াল পুষ্ট কৰিছে। উল্লেখযোগ্য যে কবিতাৰ উপৰিও তেখেতে দৰ্শন আৰু সাহিত্য বিষয়ক কেইবাখনো মূল্যবান গ্ৰন্থ, কেইবাখনো উপন্যাস আৰু শিশু-সাহিত্যৰো কেইখনমান পুথি ৰচনা কৰিছে। তেখেতৰ প্ৰথম কবিতা সংকলন “শেষ নাই” ১৯৬৫ চনত প্ৰকাশ হয়। তাৰপিছত একাদিক্ৰমে ১৯৭১ চনত 'অন্ধকূপ’, ১৯৭৩ চনত ‘প্ৰভাকৰ', ১৯৮৮ চনত ‘সুৰৰ ছবি আৰু প্ৰাণৰ সুৰ’ আৰু শেহতীয়াকৈ ১৯৯৪ চনত ‘জোকাৰ’ নামৰ কাব্যগ্ৰন্থ ছপা হৈ ওলাইছে। এই সংকলন কেইটিত প্ৰকাশ হোৱা দুশৰো অধিক কবিতাৰ উপৰিও বিভিন্ন কাকত আৰু আলোচনীত তেখেতৰ কবিতা আমি পঢ়িবলৈ পাওঁ।

 নীলিমা দত্তৰ কবিতাত ৰোমান্টিক আৰু আধুনিক কবিতাৰ দুয়োটা ধাৰা মিলিত হৈছে বুলি ক'ব পাৰি। মানৱসুলভ আবেগ- অনুভূতি, প্ৰকৃতি জগতৰ প্ৰতি, বিভিন্ন সাংসাৰিক ঘটনাৰ প্ৰতি স্পৰ্শ- কাতৰ কবিপ্ৰাণৰ সঁহাৰি যুগে যুগে, দেশে দেশে একেই। মাত্ৰ চৌদিশৰ গতিশীল পৰিস্থিতিয়ে সেই ভাৱ অনুভূতিত বিশেষ ৰহণ সানি দিয়ে। সেইকণ যুগ-বৈশিষ্ট্যৰ বাহিৰে কবিতা সদায় একে। [ ৭৭ ] কবিতাৰ প্ৰকৃত বস্তু হৈছে তাৰ প্ৰাণ, তাৰ আত্মা। বিভিন্নজনে বিভিন্ন ধৰণে পিন্ধি উৰি ভাল পায়। সময় বা স্থান বিশেষে মানুহৰ সাজ- পাৰৰ ধৰণ-কৰণ সলনি হয়। সেইদৰে কবিতাৰ অবয়ব অৰ্থাৎ আঙ্গিক যুগে যুগে সলনি হ'ব পাৰে। কিন্তু তাৰ আত্মা চিৰন্তন; সেই আত্মাই অৰ্থাৎ তাৰ মূলগত ভাৱে, তাৰ গভীৰতা, সাৰ্বজনী- নতাইহে কবিতাক প্ৰকৃত সৌন্দৰ্য্য, আৰু যুগজয়ী কীৰ্ত্তি দান কৰে। গতিকে, ক'ব পাৰি, অতীত আৰু বৰ্তমানৰ সমন্বয়তেই সৃষ্টিৰ বুনি- য়াদ দৃঢ়ভাবে গঢ় লয়। কাব্য-সাহিত্যৰ ক্ষেত্ৰতো একেটা কথাই খাটে।

 শ্ৰীমতী দত্তৰ কবিতাত আমি পাওঁ – কবিৰ প্ৰকৃতি প্ৰীতি, গ্ৰামীণ জীৱনৰ প্ৰতি মোহ; সমসাময়িক জীৱনত মূল্যবোধৰ অৱ- ক্ষয়ত আহত কবিপ্ৰাণে অতীত ৰোমনৰ মাজত আশ্ৰয় বিচাৰে, মৃত্যুৰ জেউতিৰে জীৱন উদ্ভাসিত কৰি যোৱা মহান পুৰুষ-নাৰীৰ আদৰ্শেৰে ব্যক্তি ও সমাজ উদ্বুদ্ধ হোৱাৰ সপোন দেখে। প্ৰকৃতিৰ হৃদয়গ্ৰাহী বৰ্ণনা আৰু শব্দ ও ছন্দৰ মাধুৰ্য্যৰ পিনৰ পৰা তেওঁৰ কবিতা নিঃসন্দেহে ৰোমান্টিকধৰ্মী। ৰবীন্দ্ৰ সাহিত্যৰ অনুৰাগী পাঠিকা কবি গৰাকী এইক্ষেত্ৰত কবিগুৰুৰ দ্বাৰা প্ৰভাৱিত হোৱা বুলি অনুভৱ হয়। দাৰ্শনিক গভীৰতাৰ কথা বাদ দি ক’ব পাৰি যে শ্ৰীমতী দত্তৰ কবিতাত দুৰ্বোধ্যতা নাই। আনহাতে কবিতাত মন্ময়তা, মেধা আৰু হৃদয়ৰ সমন্বয়সাধন, “গভীৰ ব্যঞ্জনাৰে অনুভৱক খণ্ড খণ্ড ৰূপত প্ৰকাশ প্ৰচেষ্টা”, ছন্দবন্ধনৰ পৰা মুক্তি আদি সাম্প্ৰতিক কবিতাৰ গুণবোৰৰ তেওঁ ৰচনাত বিদ্যমান। বৰ্তমান যুগৰ দ্বিধা, সন্দেহ, সমস্যাৰ প্ৰকাশ, নানা প্ৰশ্নৰ অৱতাৰণ তেওঁৰ কবিতাতে আমি দেখিবলৈ পাওঁ।

 জনগণৰ জীৱন সংগ্ৰামৰ প্ৰতি সজাগতা কবিগৰাকীৰ কাব্যৰ [ ৭৮ ] এক বিশেষ গুণ। ভোকাতুৰ, নিঃস্ব মানুহৰ জীৱন সংগ্ৰামৰ ছবি তেওঁ বিশেষ অন্তৰঙ্গতাৰে ফুটাই তুলিবলৈ সক্ষম হৈছে। “ক্ষুধা”, ‘কৰমণ্ডল’, ‘এটি হুমুনীয়াহ’, ‘শ্ৰমৰ দান’, ‘পুৰস্কাৰ’ আদি কবিতা তাৰ সাৰ্থক উদাহৰণ—

“সিহঁত টোপনি গ'ল
ভাগৰ জুৰোৱ গান গাই
সিহঁতৰ খহতা ছালত লাগি ৰ’ল
গোট মাৰি ক'লা পৰা
দলনিৰ জোকৰ কামোৰ
আৰু তেজৰ চেকুৰা” ( শ্ৰমৰ দান )

 যুগ যুগ ধৰি সমাজত চলি অহা ধনী-দুখীয়াৰ মাজৰ অসমতা শক্তিমান বা কৌশলীসকলৰ দ্বাৰা দুৰ্বল শ্ৰেণীৰ শোষণ-নিপীড়নে কবিক সততে পীড়া দিয়ে; সকলো অসমতা, অন্যায় অবিচাৰৰ অৱ- সান বিচাৰি তেওঁ এক সামাজিক বিপ্লৱৰ সপোন দেখে—

“ৰুদ্ৰ ত্ৰিনয়নত জুই জ্বলে
মানুহৰ কোছ খোৱা কপালত
জুই জ্বলে দুৰ্দাম সঙ্কল্পৰ বাবে
উমি উমি তুঁহ জুইত
এনেকৈয়ে দাবানল জ্বলে
নতুন এখন পৃথিৱীৰ বাবে।” (এনেকৈয়ে জ্বলে )

 এদিন সীমান্তৰ সেউজী ধৰণী অগ্নিগৰ্ভ হ'ল, যুদ্ধৰ বিভী- ষিকাই শিশুৰ হাঁহি, গৰখীয়াৰ বাঁহী স্তব্ধ কৰি দিলে, নিত্য-ব্যৱহাৰ্য্য বস্তুৰ উৎকট অনাটনে সদা শংকিত মানুহজাকক সকলো উচ্চ চিন্তাৰ পৰা আজুৰি আনি পেটসৰ্বস্ব কৰি তুলিলে। এইবোৰ সমস্যাই কবিপ্ৰাণত যি হাহাকাৰ তুলিছিল তাক তেওঁ ভালেমান কবিতাত [ ৭৯ ] সুন্দৰভাৱে ফুটাই তুলিছে।

 সাম্প্ৰতিক পৃথিবীত চিৰন্তন মুল্যবোধৰ অৱক্ষয় দেখি, মানুহৰ ধবংসাত্মক প্ৰবৃত্তি, নৈতিক অধঃপতন, বস্তুসৰ্বস্ব জীৱনবোধ প্ৰত্যক্ষ কৰি কবি সততে ব্যথিত হয়; তেওঁ বুজি পায়—শ্ৰেয়ৰ পৰিবৰ্তে প্ৰেয়ৰ সন্ধানে মানুহক আজি অশান্ত, অতৃপ্ত কৰি তুলিছে; সুখৰ মৰীচিকা খেদি মানুহে দুখৰ মৰণহে সাৱটি লৈছে।

“মানুহৰ এতিয়া দুৰ্ঘোৰ অভাৱ
কৰিছে হৃদয় বিক্ৰী
অন্ধকাৰ বজাৰত।” ( অভাৱ )

 কিন্তু সেই বিক্ৰীৰ বিনিময়ত মানুহে জানো প্ৰকৃতাৰ্থত কিবা পাইছে? সেই প্ৰাপ্তিৰ প্ৰাসাদৰ ভেটি অতিকৈ দুৰ্বল। কুৰি শতি- কাৰ শেষত নতুন মানুহে প্ৰৱঞ্চনাৰ ফন্দীৰে কৌশলৰ কুটিল বাহ সাজিছে। কিন্তু এজাক ৰিব্‌ ৰিব্‌ বতাহতে সি ছিন্নভিন্ন হৈ গৈছে।

 তথাপিতো কবিগৰাকীয়ে জীৱনৰ প্ৰতি আস্থা হেৰুওৱা নাই। পৰিবৰ্তনশীল এই পৃথিৱীত স্থিতাৱস্তা বাহাল নাথাকে। যুগৰ এই কালিমাৰ শোধন এদিন নিশ্চয় হ’ব। এজাক নতুন বতাহ বলিছে, বতাহজাকে এটি নতুন বতৰা আনিছে। সেই বতৰা আমি জানিব লাগিব, ভাবিব লাগিব, শুনিব লাগিব-(এজাক বতাহ)।

“পথাৰত জুই জ্বলিছে
লঠঙা গছত আৰু শুকান পাতত জুই জ্বলিছে
পোহৰৰ শিখা ৰঙা হৈ উঠিছে
হাঁ‌হাকাৰ জীৱনবোৰত লগে লগে
আশাই উকি মাৰিছে
কিজানিবা গজেই আকৌ সেউজীয়া পাত,
কোমল পাত।” (এন্ধাৰৰ পৰা পোহৰলৈ)

[ ৮০ ]

‘এনেকৈয়ে জ্বলে', 'এন্ধাৰৰ পৰা পোহৰলৈ’, ‘সাৰ পাব সকলো মানুহ’, ‘প্ৰস্তুতি’, ‘যৌৱন’ আদি ভালেমান কবিতাত এই আশা- বাদৰ ৰেঙণি আমি দেখিবলৈ পাওঁ। পৰিবৰ্তনৰ বাবে সমাজৰ তৃণমূল সংস্কাৰৰ প্ৰয়োজন হ'ব। সেয়ে তেওঁ ডেকা শক্তিৰ প্ৰতি আহ্বান জনাইছে। যি যুৱশক্তিৰ মুক্তিপিয়াসী প্ৰাণে এদিন—

“ভাঙি দিলে কত শিলৰ প্ৰাচীৰ
মুক্ত কৰিলে কাৰা
পাৰ হৈ ক’ত জীৱন-জপনা
বোৱালে প্ৰাণৰ ধাৰা.....” (যৌৱন)

 আজি সেই যৌৱনৰ ‘বিকৃত বিলাস’, ক্লীৱতা দেখি কবি ব্যথিত। কবিয়ে কামনা কৰে–প্ৰগতিৰ সুৰ আৰু ছন্দেৰে পৃথিৱী আৰু মানু- হক সুন্দৰ কৰাৰ প্ৰতিশ্ৰুতিৰে এন্ধাৰৰ পৰা পোহৰলৈ যৌৱনৰ জয়যাত্ৰা পুনৰ আৰম্ভ হওঁক।

 নিষ্ঠুৰ সময়ৰ আঘাতত কবিগৰাকী বাৰুকৈয়ে আহত। জীৱনৰ যাত্ৰা পথত দুখ-যন্ত্ৰণাৰ কাঁইটে তেওঁৰ ভৰি দুখনি থকা-সৰকা কৰিছে। ‘যন্ত্ৰণা’, ‘সময়’ আদি কবিতাত কবিৰ নিৰাশৰ ভাৱ ধৰা পৰি যায়। কিন্তু সেইবুলি তেওঁ হতাশা-নিৰাশাৰ কাষত আত্ম-সমৰ্পণ কৰা নাই। সেই হতাশাক অতিক্ৰম কৰি জীৱনৰ দৈনন্দিন তুচ্ছতাক ভৰিৰে মোহাৰি থৈ এক প্ৰজ্ঞা-সমুজ্জল জীৱনলৈ উধাবৰ বাবে কবিৰ যি হাবি য়াস সি কেইবাটিও কবিতাত সোচ্চাৰ হৈ উঠিছে। দীৰ্ঘকাল দৰ্শনৰ অধ্যাপিকা, দাৰ্শনিক ভাৱাপন্ন কবিগৰাকীৰ কবিতাত ‘অস্তিত্ববিহীন স্থিতিৰ মুহূৰ্তবোৰ', 'কোন মই, কোন তুমি' আদি উত্তৰবিহীন প্ৰশ্ন- বোৰ সততে বাঙ্‌ময় হৈ উঠে। সাহিত্যিক জাঁ পল ছাত্ৰেৰ উদ্দেশ্যে লিখা ‘এজন দাৰ্শনিকলৈ’, ‘সেউজীয়া বাছ’, ‘পৰম হংস’, ‘দ্বিমত’ আদি কবিতা তেখেতৰ দাৰ্শনিক দৃষ্টিভঙ্গীৰ উল্লেখযোগ্য উদাহৰণ। [ ৮১ ]

 প্ৰকৃতিৰ প্ৰতি কৰিগৰাকীৰ আকৰ্ষণ দুৰ্বাৰ। কবিসকলে তৃতীয় নয়নেৰে প্ৰকৃতিৰ একোটি সাধাৰণ বস্তুতে ইন্দ্ৰিয়াতীত, বিস্ময়কৰ সৌন্দৰ্য্য, কোনো পৰম সত্যৰ প্ৰকাশ দেখে। কবিৰ সৌন্দৰ্য্যবোধ: পৰ্য্যবেক্ষণ ক্ষমতা, সংবেদনশীলতা সৰ্বসাধাৰনতকৈ বেছি। হ্ৰদৰ পাৰত আপোনা-আপুনি ফুলি থকা সাধাৰণ ডেফোভিল ফুলডৰাৰ সৌন্দৰ্য্য সেয়ে কবি ওৱাৰ্ডচ্ও‌ৱাৰ্থৰ স্মৃতিৰ মণিকোঠাত অমূল্য সম্প- দৰূপে চিৰকাললৈ সঞ্চিত হৈ ৰৈছিল। শিলৰ চহৰত ফুল ফুলাবলৈ মাটি নাই, চোতালত আবৰ্জনা কোঠালিত বস্তুৰ দ’ম, শব্দ প্ৰদূষণৰ মাজত কবি যেন শ্বাসৰূদ্ধ হ’ব খোজে। সেয়ে প্ৰকৃতিৰ মাজলৈ ওলাই আহি তেওঁ মুকলিকৈ উশাহ লবলৈ বিচাৰে। নগৰীয়া সভ্য তাৰ কৃত্ৰিমতাৰ পৰা মুক্ত, প্ৰকৃতিৰ কোমল কোলাত লালিত-পালিত শান্ত নিৰিবিলি গ্ৰাম্য জীৱনৰ প্ৰতি সেয়ে কৰিগৰাকীৰ মোহ। পথ- ৰুৱা বাটেৰে বাঁহীত মুখ দি গৰখীয়াই গৰু লৈ ঘৰলৈ ওভতে “হাতত এমুঠি শাক গৃহিণীৰ বাবে৷” -হাড়-ভঙা শ্ৰমৰ অন্তত, ঘামৰ টোপাল: মচি-মচি আদিবাসী: কৃষক-কন্যাই গোদাবৰী নদীৰ এচলু পানীৰে-ভাগৰৰ ধূলি ধুবলৈ বিচাৰে ৷ উপজি পুৱাতে জালুকবাৰীৰ পথেৰে মাণিকী মধূৰী শইচ কঢ়িয়াই নিয়া গাড়ীবোৰৰ গৰুৰ ডিঙিৰ টিলিঙাৰ মিঠা শব্দ কবিয়ে মনৰ কেছেটত সফলতাৰে ধৰি ৰাখিবলৈ সক্ষম হইছে। কবিৰ চাকৰিকালৰ,বাসৃস্থান জালুকবাৰীৰ অনাদৃত বিল -দলনিও তেওঁৰ বাবে অপৰূপ সৌন্দৰ্য্যৰ খনি—

“ঘৰ আৰু অৰণ্যৰ
পখী আহি মিলিব ইয়াতে
ৰূপৱতী তোমাৰ চ'ৰাতে।”

 অকল প্ৰকৃতিৰ বুকুলৈকে নহয়,মানৱ মনৰ বৈচিত্ৰপূৰ্ণ জগত খনলৈকো কবিয়ে তন্নয়তাৰে দৃষ্টিপাত কৰিছে। পিতৃ-মাতৃৰ সৈতে [ ৮২ ] সন্তানৰ যি অদৃশ্য অথচ অবিচ্ছেদ্য বন্ধন, মাতৃৰ ওপৰত শিশুৰ যি পৰম নিৰ্ভৰতা, পিতৃত্বৰ যি ভৰসা তাক মৰ্মস্পৰ্শী ভাষাৰে ফুটাই তোলাত কবি বিশেষভাৱে কৃতকাৰ্য্য হোৱা বুলি ক'ব পাৰি। আশা নিৰাশৰ দোমোজাত দোদুল্যমান মাতৃ হৃদয়ৰ ভয়-শঙ্কা, ব্যাকুলতা, আবেগ-বিহ্বলতা কবিগৰাকীৰ ব্যক্তিগত অভিজ্ঞতাৰ স্পৰ্শত জীৱন্ত হৈ তেওঁৰ কিছুসংখ্যক কবিতাক বিশেষ গভীৰতা আৰু গৰিমা প্ৰদান কৰিছে-

 “আচলতে মাতৃপ্ৰাণ ইমান কাতৰ/ আমাৰ শঙ্কাত কঁপে পৃথিৱী নিজেই। আমাৰ দুখত কান্দে সৰগৰ সাতোটা তৰাই।”

 মনস্তত্ববিদ্‌ কবিগৰাকীয়ে শিশুৰ কল্পনা ৰঙীন বিস্ময়ভৰা জগতখনলৈ শিশুৰ দৃষ্টিয়েই চাবলৈ চেষ্টা কৰিছে।

“এটি সুৰ গুন গুন
এটি তৰা এটি জোন
দুটামান শিলগুটি
কাঠৰ টুকুৰাবোৰে
ৰচা তাৰে কৌতুহল জাল।”

 ‘শিশুৰ কৌতুহলী মনে নানান সমস্যাৰ শিশুসুলভ সমাধান বিচাৰে, নানান প্ৰশ্নৰে ডাঙৰক বিব্ৰত কৰে—

মা, “তোক মই মা বুলি কওঁ
দেউতাই তোক দেখো মণি বুলি মাতে?”

 ‘ফুলনিত ফুল আছে”, ‘মানৱ শিশু’, ‘শান্তিৰ মমতা’, ‘পৰিতৃপ্তি', শিশুৰ ৰাতি, ক্ষুদ্ৰ প্ৰশ্ন আদি শিশু মনস্তত্ব বিষয়ক ভালেমান কবিতা তেখেতে ৰচনা কৰিছে।

 এগৰাকী সমাজ সচেতন ব্যক্তি হিচাপে সমাজৰ দুৰ্নীতি-অনীতি -ভণ্ডামিৰ প্ৰতিও কবিগৰাকীয়ে কটাক্ষপাত কৰা দেখা যায়। বাপুজীৰ [ ৮৩ ] আদৰ্শৰ দোহাই দি সমাজত চলা অন্যায় অবিচাৰ দেখিও নেদেখা হোৱা সমাজৰ বৰমূৰীয়া সকলৰ প্ৰতি ‘নকল’ নামৰ কবিতাটিত তেওঁ তীব্ৰ ব্যঙ্গ নিক্ষেপ কৰিছে। এগৰাকী নাৰী হিচাপে আমাৰ পুৰুষ- প্ৰধান সমাজ ব্যৱস্থাত নাৰীৰ ওপৰত চলা শোষণ-নিপীড়নৰ বিৰুদ্ধেও তেওঁৰ কবিতাত প্ৰতিবাদ ধ্বনিত হোৱা শুনা যায়।

 স্বদেশপ্ৰেম শ্ৰীমতী দত্তৰ কবিতাৰ এক অন্তৰ্নিহিত গুণ। ভালে- মান কবিতাৰ গভীৰত ই অন্তঃসলিলা ফন্তুৰূপে প্ৰৱাহিত। এজন ভাৰতবাসী হিচাপে কবিয়ে নিজকে লৈ গৰ্ব অনুভৱ কৰে। দেশৰ পবিত্ৰ সৌন্দৰ্যৰাশিয়ে “যুগে যুগে দৃষ্টিত সানিছে মোৰ পৰম বিস্ময়।” এই দেশৰ ঐতিহ্য, আধ্যাত্মিকতা তেওঁৰ চেতনাত ব্যাপ্ত হৈ তেওঁৰ জীৱনক যেন সৌন্দৰ্য আৰু গভীৰতা প্ৰদান কৰিছে। ‘ৰূপহী অসম’ নামৰ কবিতাটিত তেওঁ মাতৃভূমি অসমৰ প্ৰাকৃতিক শোভা বৰ্ণনাৰ লগতে গাঁৱলীয়া জীৱনত সাধাৰণতে দেখা পোৱা প্ৰেম-প্ৰীতি একতাৰ বান্ধোনৰ গুণ গাইছে

“এটি মাত্ৰ আলিবাট
মৰমেৰে বান্ধি থোৱা দুখনি গাঁৱৰ।”

 আঙ্গিকৰ দিশৰ পৰা বিচাৰ কৰিলেও দেখা যায় যে তেখেতৰ কবিতাত নতুন আৰু পুৰণিয়ে হাত মিলাইছে। ছন্দ-বন্ধনৰ পৰা মুক্ত যদিও এই কবিতাই ছন্দৰ লালিত্য হেৰুৱাই পেলোৱা নাই। ঠায়ে ঠায়ে ভাষাৰ সুমধুৰ লয়ে অন্তৰ আন্দোলিত কৰি যায়। উপ- যুক্ত শব্দৰ নিৰ্বাচনে কবিতাৰ মৰ্মাৰ্থ হৃদয়ঙ্গম কৰাত সহায় কৰিছে। অৱশ্যে অ'ত-ত'ত দুই এটা শব্দৰ অপপ্ৰয়োগে চকুত নপৰা নহয়। তেখেতৰ উপমা, প্ৰতীক, মানসচিত্ৰ ‘মাটিৰ তলৰ শিপা’ৰ পৰা ‘মেঘৰ দলং’ পাৰ হৈ দূৰ নক্ষত্ৰলোকলৈকে পৰিব্যাপ্ত হৈ আছে। ইতি- পূৰ্বেই কোৱা হৈছে যে শ্ৰীমতী দত্তৰ কিছুমান কবিতা দাৰ্শনিক [ ৮৪ ] গভীৰতাই কিছু জটিল কৰি তুলিলেও তাত বোধগম্যতাৰ অভাৱ দেখা নাযায়।

 অলপতে কবিগৰাকীৰ আৰু এটি কাব্য সংকলন প্ৰকাশ পোৱাৰ কথা। শেহতীয়া কাব্য গ্ৰন্থ ‘জোকাৰ’ৰ পাতনিত কবিয়ে কৈছে, জোকাৰ ৰচনাৰ কালছোৱাত দুঃসময়ৰ তীব্ৰতা অনুভৱ কৰি আহিছোঁ৷ সময়ৰ জোকাৰটি বেদনাময় হ’লেও সুৰৰ জন্মলগ্নই উকি মাৰিছে প্ৰতিবাৰে শান্তিৰ ষ্টেচন পোৱাৰ আগজাননীত।” জিঘাংসু সময়ৰ শ্বাসৰূদ্ধ পৰিবেশ আতৰি গ'লে শান্তিৰ স্নিগ্ধ ছায়াত কবিৰ প্ৰাণবীণা হয়তো ন-ন সুৰৰ আলাপেৰে পুনৰ বাঙ্‌ময় হৈ উঠিব। অসমীয়া কাব্য সাহিত্যৰ ভঁড়াল সাৰ্থক সৃষ্টিৰে সমৃদ্ধ কৰা এই গৰাকী কবিৰ কাব্য প্ৰতিভাই সমাজত স্বীকৃতি লাভ কৰক-এয়েই আমাৰ কামনা।••

[ ৮৫ ]

দিব্যপ্ৰভা ভৰালী :
   কবি আৰু কাব্যকৃতি

 চল্লিশৰ দশকৰ আৰম্ভনিতে কাব্য-চৰ্চাত হাত দিয়া দিব্যপ্ৰভা ভৰালী অসমৰ আগশাৰীৰ মহিলা কবিসকলৰ অন্যতম।” অসমীয়া, ইংৰাজী, বঙালী তিনিও ভাষাতে সাহিত্য-চৰ্চা কৰা এইগৰাকী প্ৰতিভাময়ী নাৰীয়ে ১৯৪৩ চনতে তেতিয়াৰ সাদিনীয়া ‘আসাম ট্ৰিবিউন’ কাকতত এটি ইংৰাজী প্ৰৱন্ধেৰে সাহিত্যিক জীৱনৰ পাতনি মেলিছিল। ‘হিন্দুস্তান ষ্টেণ্ডাৰ্ড’ আৰু কলিকতাৰ আন এখন ইং- ৰাজী কাকত ‘এডভাঞ্চ'ত তেওঁৰ কেইবাটাও মূল্যবান প্ৰৱন্ধ তাহানি কালতে ছপা হৈছিল। ১৯৪৮ চনত তেওঁৰ প্ৰথম ইংৰাজী কবিতা March to Freedom বাতৰি কাকতত প্ৰকাশিত হৈছিল। ৰাম- কৃষ্ণ মিছনৰ মুখপত্ৰ ‘উদ্বোধন’ নামৰ আলোচনীত পঞ্চাশৰ দশকতে নিয়মিত ভাৱে তেওঁৰ বঙালী কবিতা ওলাইছিল। যিটো যুগত উচ্চ শিক্ষা লাভ কৰা মহিলাৰ সংখ্যা সমাজত নিচেই নগণ্য আছিল সেই যুগতে দিব্যপ্ৰভা ভৰালীয়ে মাতৃভাষাৰ উপৰিও অন্যান্য ভাষাত সাহিত্য-চৰ্চা কৰা কথাটো বাস্তবিকতে মন কৰিবলগীয়া।

 সাহিত্যিক ভাষাতত্ত্ববিদ স্বৰ্গীয় দেৱানন্দ ভৰালীৰ নুমলীয়া কন্যা দিব্যপ্ৰভাৰ ১৯২২ চনত গোলাঘাটত জন্ম হৈছিল। ১৯৩৮ চনত তেওঁ যোৰহাটৰ ছোৱালী হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষা দি ‘মিকানিক্স’ত 'লেটাৰ’ সহ প্ৰথম বিভাগত উত্তীৰ্ণ হৈছিল। জগন্নাথ বৰুৱা কলেজৰ পৰা প্ৰথম বিভাগত ইন্টাৰমিডিয়েট পৰীক্ষাত উত্তীৰ্ণ [ ৮৬ ] হৈ তেওঁ বিদ্যানুৰাগী দেউতাকৰ অনুপ্ৰেৰণাত ঘৰতে পঢ়ি স্নাতক ডিগ্ৰী লাভ কৰে। দিবা প্ৰভাই ঘৰ-সংসাৰ নকৰিলে।

 ‘অৰ্পনা', ‘মালঞ্চ’, ‘ভাৰত-তীৰ্থ’ আৰু ‘একাদশী’ নামেৰে কবি গৰাকীৰ চাৰিটা কবিতা সংকলন এতিয়ালৈকে প্ৰকাশ হৈছে। আঢ়ৈ কুৰি কবিতাৰ সংকলন ‘অৰ্পনা’ ১৯৪৭ চনত ছপা হৈ ওলায়। চল্লি- শৰ দশকৰ আৰম্ভনিতে অসমীয়া ভাষাত নতুন কবিতাৰ দুৱাৰ মুকলি হৈছিল যদিও পূৰ্বৰ ৰোমান্টিক ধাৰাটোও ক্ষীণভাৱে বৈ আছিল; ‘অৰ্পনা’ও সেই ধাৰাটোতে মিলিত হৈছিল। যৌৱন সুলভ প্ৰেম আৰু নৈসৰ্গিক সৌন্দৰ্য ‘অৰ্পনা’ৰ কবিতাসমূহৰ ঘাই উপজীব্য। সেই কবিতাৰাজি প্ৰেম-বিৰহ, আশা-নিৰাশা, স্বপ্ন-বাস্তৱব দোমোজাত ব্যথিত আলোড়িত এক নাৰী হৃদয়ৰ দাপোন স্বৰূপ। প্ৰেমত আকুল নাৰী-প্ৰাণৰ বিহ্বলতা, বিৰহ-জ্বালা, লাজ-ভয়-সংকোচ তেতিয়ালৈকে পুৰুষ কবিয়েহে কল্পনাৰে মাধ্যমেৰে নিজৰ কবিতাত ৰূপায়িত কৰি- ছিল। কিন্তু ইয়াত যেন বিৰহিনী ৰাধিকাই নিজেই অন্তৰৰ পাৰ ভঙা প্ৰেমাবেগ উদঙাই দেখুৱাইছে।—

“কত কবিতাৰ সুৰ বাজিছিল সেইদিনা।
ছন্দে ছন্দে বাজিছিল হৃদয়ৰ বীণ
কত মধু মূৰ্চ্ছনাৰ অমিয়া জোকাৰ লাগি
জাগিছিল জীৱনত বসন্তৰ দিন” ( পূৰ্ণিমা)

জীৱনক মোহনীয়, বৰ্ণময় কৰি তোলা সেই
মধুৰ দিনবোৰ।
“দিনবোৰ মোৰ ৰঙীন লহৰমালা
উঠিছে মৰিছে কৰিছে কতনো খেলা।” (বৈচিত্ৰ)

 কিন্তু কবিৰ প্ৰেম অতৃপ্ত হৈয়ে ৰ’ল, কাকো তেওঁ হিয়া উজাৰি [ ৮৭ ] দিব নোৱাৰিলে। “সিৰে সিৰে বৈ যোৱা অতৃপ্ত বাসনা / এতিয়াও হোৱা নাই শেষ।” সেই প্ৰেম চিৰ নবীন, কাৰণ তাত নোপো- ৱাৰ জেতুকাবুলীয়া বেদনা আছে কিন্তু ভোগৰ ক্লান্তি, অৱসাদ নাই; সি চিন্ময় প্ৰেম, হিয়াৰ সৈতে হিয়াৰ এৰাব নোৱাৰা বন্ধনৰ এক বিমূৰ্ত্ত চেতনা—

“দুচকুৰ অগোচৰ তুমি মোৰ
 নোহোৱা মনৰ;
হিয়াই হিয়াই গঁথা স্নেহৰ গাঁথনি আজি
  কত জনমৰ ” (স্পন্দন)


 বিৰহে প্ৰেমৰ আকৰ্ষণ তীব্ৰ কৰে, মধুৰ কৰে, কাৰণ তাত বেদনাৰ বোল থাকে। "বিৰহ মধুৰ মোৰ হৃদয়ৰ প্ৰেম-উপহাৰ।” অকলশৰীয়া জীৱনৰ কিবা এক অনামী বিষন্নতাই তেওঁৰ প্ৰায় সকলো প্ৰেমৰ কবিতা আচ্ছন্ন কৰি ৰাখিছে। কবি যতীন্দ্ৰনাথ দুৱৰাৰ কবি- তাৰ দুখবাদ, নিৰাশাবাদে কবিগৰাকীক বিশেষভাৱে প্ৰভাৱিত কৰা যেন লাগে। কিন্তু নিৰাশাবাদত তেওঁৰ কাব্যৰ পৰিসমাপ্তি ঘটা নাই। জীৱনত বাসনাৰ ধন বিচাৰি নাপালে যদিও আশাকে অৱলম্বন কৰি তেওঁ জীয়াই থাকিল। অৱশেষত কবিৰ প্ৰেম পৰিণত হ’ল - এক প্ৰশান্তিময় বৈৰাগ্যৰ, নিৰ্লিপ্তিৰ ভাৱত। কবিৰ ৰিক্তপ্ৰাণে পৃথিৱীৰ সকলো মায়া-মোহ অসাৰ অৰ্থহীন বিবেচনা কৰি ধূপৰ দৰে নিজকে নিঃশেষ কৰি দিবলৈ বিচাৰিলে। "ন জাতু কামঃ কামনামুপভোগেন শাম্যতি” “উপভোগৰ দ্বাৰা কামনাৰ প্ৰশমন নঘটে।" কবিৰ যেতিয়া এই উপলব্ধি হ’ল তেতিয়া তেওঁ “কামনাৰ ৰাগ পুৰি আৰতি-প্ৰদীপ” জ্বলালে, “সমাহিত বাসনাৰ চিতাভষ্মৰে নৈবেদ্য সম্ভাৰ" আগবঢ়ালে, পৰম প্ৰিয়জন সৃষ্টিকৰ্তা ভগৱানলৈ ৰূপান্তৰিত হ'ল আৰু তেতিয়াই [ ৮৮ ] নিৰাশাবাদৰ ঠাই ললে গভীৰ আশাবাদে। “দূৰ দিগন্তৰ সোণো- ৱালী ৰেখা / আজি কিয় পুনু পাৱ তই দেখা /চিৰ অন্ধকাৰ আৱৰণী ভেদি / জ্বলে কাৰ আলোশিখা? শত জনমৰ বাঞ্চিত তোৰ/হোৱা নাই যাৰে দেখা।” ( তপস্বিনী)। সংকলনটিত এনে বৈৰাগ্য ভাৱৰ কেইবাটিও সাৰ্থক কবিতা আছে।

 ভাৰতীয় দৰ্শন আৰু আধাত্মিকতাত জীপ লোৱা কবি প্ৰাণে এই নিখুঁ‌ত, সুন্দৰ বিশ্ব-প্ৰকৃতিৰ অন্তৰালত উপলব্ধ পৰম সত্ত্বাত -আত্মবিলোপনেই মানৱ জীৱনৰ চৰম লক্ষ্য হিচাপে গ্ৰহণ কৰিলে; কাণ্ডাৰী-বিহীন তেওঁৰ জীৱন তৰীত সেইজনকেই কৰ্ণধাৰ ৰূপে পাবলৈ তেওঁৰ হাবিয়াস জাগিল। এইদৰে ৰূপ-ৰস-গন্ধ-স্পৰ্শৰ অনুভূতিৰ, অতীন্দ্ৰিয়ানুভূতিলৈ উত্তৰণ ঘটিল আৰু নলিনী-কাব্যৰ দৰে তেওঁৰ কবিতাতে ৰহস্যবাদৰ ছয়া-ময়া জিলিঙনি পৰিল—“ছয়া-ময়া মাথোঁ‌ সোঁৱৰণী/ দূৰ-দূৰণিত শুনা ৰিণিৰিণি।”?

 প্ৰকৃতিৰ সৌন্দৰ্য্য কবিৰ বাবে কাব্যিক আনন্দৰ উৎস, প্ৰকৃতি তেওঁৰ প্ৰেমৰ পটভূমি। পূৰ্ণিমাৰ জোনাকত কবিয়ে অতীতৰ মধু- স্মৃতি ৰোমন্থন কৰে, বিষাদময় বৰ্তমানটোক জুকিয়াই চায়। অৰ্পনাৰ প্ৰকৃতি বিষয়ক কবিতা কেইটি কবিৰ সূক্ষ্ম পৰ্যবেক্ষণ শক্তি আৰু সৌন্দৰ্য্যানুভূতিৰ পৰিচায়ক-“শুকুলা ডাৱৰে আকাশ ভৰা/ বলুকা পাৰৰ কঁহুৱা ডৰা/লুইতৰ সেই থিয় বালিগৰা ৰ’দত জিলিকি পৰা উজলিল কাৰ পূৰবী ৰাগত সেই ছবিময় ধৰা।” (মধু জাগৰণ)। বিহগী কবি ৰঘুনাথ চৌধুৰীদেৱৰ দৰে এইজনা কবিয়েও অনাদৃত ফুল আৰু চৰাই-চিৰিকতিক সৌন্দৰ্য্য আৰু অনুপ্ৰেৰণাৰ উৎস হিচাপে লৈছে। হেটুলুকা চৰাইটোৰ মাতত তেওঁ-“হৰিষে-বিষাদে ভৰা অতীতৰ কত কথাৰ” সম্ভেদ পায়, ভূমিচম্পা ফুলপাহত নিজৰ [ ৮৯ ] অকলশৰীয়া জীৱনৰ প্ৰতিবিম্ব দেখে।

 অৰ্পনাৰ কবিতাসমূহ বিভিন্ন ছন্দত লিখা। যৌৱন-সুলভ ৰঙীন কল্পনা আৰু আবেগ-উচ্ছাস, লগতে ভাৱৰ উপযুক্ত শব্দৰাজিৰ নিৰ্বাচনে কবিতাখিনিক প্ৰাণ দিছে। ভাষাৰ সাৱলীলতা আৰু সংগীতময়তাই অৰ্পনাক সুখপাঠ্য কৰি তুলিছে।

 কবিৰ প্ৰেমানুভূতি যেতিয়া ইন্দ্ৰিয়াতীত পৰ্য্যায় পালেগৈ তেতিয়া জন্ম লাভ কৰিলে “মালঞ্চ” নামৰ দ্বিতীয়টি সংকলনৰ কবিতাসমূহে। এইখিনি কবিতা ১৯৪৯-৫০ চনৰ ভিতৰত ৰচিত। ১৯৫৪ চনত প্ৰকা- শিত এই পুথিখনিত থকা একুৰি এঘাৰটি কবিতাৰ কোনো শিৰো- নামা নাই। মাত্ৰ ভাব, ভাষা আৰু ছন্দৰ পাৰ্থক্য অনুযায়ী ক্ৰমিক সংখ্যাৰে সজোৱা হৈছে। অটাইখিনি কবিতা সেই পৰম-পুৰুষক উদ্দ্যেশি, যিজন—‘বিৰাট অনন্ত' “বিশ্বব্যাপি চেতনা অৰূপ”, যিজন “চিৰজাগ্ৰত সত্ত্বা চিদ্‌ঘন আনন্দ স্বৰূপ—“যাক দেখা নাই দুচকুৰে/ চিনাকী তথাপি যেন যুগ যুগান্তৰে; যাৰ শুনা নাই বাণী কাণে/ পৰাণ বীণত মাথোঁ‌ কঁ‌পিছে সঘনে/যাৰ অবিচ্ছিন্ন সুৰৰ লহৰ।” একে আষাৰতে ক'বলৈ গ'লে মালঞ্চ কবি গৰাকীৰ আধ্যাত্মিক উপ- লব্ধিৰ কাব্যিক প্ৰকাশ। কবি অসীমৰ পিয়াসী, অমৃতৰ অভিলাষী। ব্যাকুল বিশ্ব বীণাত বাজি উঠা সুৰ-তাল-ছন্দই কবিক আপোন পাহৰা কৰে৷ বিশ্ব প্ৰকৃতিৰ ৰূপ-সাগৰত ডুব দি তেওঁ অৰূপ ৰতন বিচাৰি ফুৰে। “কাৰ সি চৰণ ধ্বনি ৰিণি ৰিণি / দূৰণিত ধীৰে মিলি যায়, কাৰ যেন কণ্ঠস্বৰ / অশ্ৰুত মধুৰ / মলয়াত উঠে ঠেকা খাই।” কবিতা সমূহৰ মাজেৰে কবিৰ যি আত্মানুসন্ধানৰ প্ৰচেষ্টা সেই প্ৰচে- ষ্টাত তেওঁৰ আত্মা আলোকিত হৈছে, প্ৰকৃতিৰ ৰহস্যময়ী ৰূপ ভাস্বৰ হৈ উঠিছে। ভাৰতীয় দৰ্শনৰ আত্মা সম্পৰ্কে কবিৰ যি বদ্ধমূল ধাৰণা [ ৯০ ] মালঞ্চৰ কবিতাৰাজি তাৰেই কাব্যিক অভিব্যক্তি বুলিব পাৰি। “তুমি যেন সৰু এটি তৰা / অকলশৰীয়া দূৰ নীল আকাশত / মই যেন পথহাৰা জোনাকী পৰুৱা এটি/সেউজীয়া ধৰণী বুকুত।” উচ্চ ভাৱৰ এই কবিতাখিনিয়ে কবিগুৰু ৰবীন্দ্ৰনাথৰ গীতাঞ্জলিৰ কবিতালৈ মনত পেলাই দিয়ে। সু-কবি ৰত্নকান্ত বৰকাকতীদেৱৰ ভাষাত "মালঞ্চৰ এই গীতি-কবিতা সমষ্টিৰ ভিতৰেদি প্ৰৱাহিত হৈছে ৰহস্যমধুৰ এটি অন্তৰ্মুখী ভাৱ, এটি আধ্যাত্মিক ব্যঞ্জনা, অনন্তাভিমুখী, স্পৃহা আৰু নিভাঁ‌জ প্ৰকৃতি-প্ৰেম।” আন এজন সমালোচক পণ্ডিতপ্ৰৱৰ যোগী- ৰাজ বসুৱে কৈছিল—"The poems record the heavenward promptings of the human soul--the yearning of the finite for the infinite--the longing of the river for the ocean."

 ১৯৭৮ চনত প্ৰকাশ হোৱা, দিব্যপ্ৰভা ভৰালীৰ তৃতীয় কাব্য সংকলন ‘ভাৰততীৰ্থ’ সোতৰটি দীঘলীয়া দেশপ্ৰেমমুলক কবিতাৰ সমষ্টি। “সৰ্বাৰ্থ সাধিকা দেৱী আৰাধ্যা জননী জন্মভূমিৰ প্ৰতি ক বৰ গভীৰ শ্ৰদ্ধা আৰু ভালপোৱা সংকলনটিৰ কবিতাৰ ছত্ৰে ছত্ৰে ফুটি উঠিছে। ঐতিহ্যমণ্ডিত, সু-প্ৰাচীন এই দেশৰ মহান জাতীয় আদৰ্শ, ধৰ্ম-সংস্কৃতি তথা দাৰ্শনিক চিন্তা আৰু আধ্যাত্মিক জ্ঞান- গৰিমাক লৈ কবি গৰ্বিতা। নিজৰ সেই গভীৰ উপলব্ধিৰ প্ৰতি পাঠকৰ মন আকৰ্ষণ কৰাই কবিৰ উদ্দেশ্য বুলি পুথিখনিৰ পাতনিত তেওঁ নিজেই উল্লেখ কৰিছে। "শ্ৰৱণে শুনক আজি/মধুৰ মংগল- বাণী দূৰ অতীতৰ, নয়নে দেখক সেই তপোবন/ সিন্ধুৰ তীৰৰ।” দেশৰ মহান সন্তানসকলৰ গুণ-গানৰ দ্বাৰা আৰু দেশৰ অতীত গৌৰৱ আৰু শৌৰ্য-বীৰ্য্যৰ কথা সোঁ‌ৱৰাই দেশবাসীক উদ্বুদ্ধ কৰাই [ ৯১ ] কবিৰ মূল উদ্দেশ্য। পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাত সাধাৰণতে পদ- দলিত হৈ থকা নাৰীক তেওঁ মহিমাময়ী ৰূপত অংকন কৰি সেইসকলৰ মাজত লুকাই থকা সম্ভাৱনাৰ প্ৰতি পাঠকৰ দৃষ্টি আকৰ্ষণ কৰিছে; দেশৰ সংকটৰ সন্ধিক্ষণত দেশবাসীক তেজস্বী ভাষাৰে কৰ্তব্যৰ বাবে আহ্বান জনাইছে। মুঠতে সাহিত্য-সেৱাৰ মাজেৰে কবিয়ে প্ৰকৃততে দেশৰ প্ৰতি সেৱা আগবঢ়াইছে। উদ্দেশ্যধৰ্মী এই কবিতাখিনি কিছু ক্ষেত্ৰত বিবৃতিমূলক যেন লাগে যদিও কবিতাৰ উচ্চভাৱ আৰু মৰ্ম- বাণীৰ বাবেই ই পাঠকৰ আদৰণীয়। ভাৱৰ উপযুক্ত বাহক হিচাপে তৎসম শব্দৰ সঘন ব্যৱহাৰে পুথিখনিক এক বিশেষ গাম্ভীৰ্য্য দিছে। অৱশ্যে ‘অৰ্পনা' আৰু 'মালঞ্চ’ৰ ভাষাৰ সাৱলীলতা, সূক্ষ্ম কল্পনা আৰু ছন্দৰ লালিত্য ইয়াত কিছু ম্লান পৰা যেন অনুভৱ হয়।

 কবিৰ চতুৰ্থ আৰু শেহতীয়া কাব্যগ্ৰন্থ 'একাদশী’ ১৯৯০ চনত ছপা হৈছিল যদিও, কবিতা কেইটি বহুবছৰ আগতে ৰচিত। কবি- তাৰ সংখ্যা এঘাৰটি মাথোন। মন কৰিবলগীয়া কথা যে পুথিখনিৰ মাধ্যম বঙলা ভাষা। সংকলনটোৰ অন্তৰ্ভূক্ত 'নিবেদিতা' ১৯৫২ চনত ৰচিত তেওঁৰ প্ৰথম বঙালী কবিতা। ছোৱালীকালৰে পৰা মহান সন্ন্যাসী স্বামী বিবেকানন্দৰ ব্যক্তিত্ব আৰু দৰ্শনৰ প্ৰতি বিশেষ- ভাৱে আকৃষ্টা দিব্যপ্ৰভাই তেওঁৰ লিখনিসমূহ মনোযোগেৰে অধ্যয়ন কৰিছিল। একাদশীত ঘাইকৈ ভাৰতৰ মহান নাৰী-পুৰুষ কেইগ- ৰাকীমানৰ গুণানুকীৰ্তন কৰা হৈছে। কিন্তু নামত প্ৰশস্তি যদিও সেই তেজোদ্দীপ্ত কবিতা কেইটাৰ মাজেৰে তেওঁ অতীত ভাৰতৰ শৌৰ্য-বীৰ্য্য, জ্ঞান-গৰিমাৰ উজ্জ্বল ৰূপটো প্ৰকটকৈ তুলি ধৰি বিভ্ৰান্ত দেশবাসীক উদ্বুদ্ধ কৰিবলৈ প্ৰয়াস কৰিছে। মানুহৰ অসীম-সম্ভা- ৱনাৰ কথা সোৱঁ‌ৰাই দি কবিয়ে গাইছে-“হে মানৱ, নহ তুমি [ ৯২ ] বদ্ধ এই দেই কাৰাগারে / অসহায় মেষ-শিশুসম / মুক্ত তুমি শক্তি- মান....।” সমাজ, ৰাষ্ট্ৰৰ বাবে নীতি নিৰ্দেশনাও তেওঁৰ কবিতাত আছে। "ভারতের হৃদয়-বীণায় ধ্বনিছে যে ঐক্যতান চিরন্তন আধ্যা- ত্মিক গীতি। সে সুরে মিলাতে হবে যত তব ঐহিক প্ৰয়াস /সমাজ রাষ্ট্ৰের যত নীতি।” ভাৰতীয় ৰাজনীতিৰ সমালোচনা কৰি কৈছে— “সুধু তন্দ্ৰাবাদ / নহে তব লক্ষ্য জীৱনের লক্ষ্য তব বিশ্বজয়, কোষমুক্ত কর এইবার / অসি-তব আধ্যাত্ম জ্ঞানের।" 'ভাৰত তীৰ্থ'ৰ দৰে ‘একাদশী'ৰ কবিতাকেইটিও কবিৰ জাজ্বল্যমান দেশপ্ৰেম আৰু আধ্যাত্মিকতাৰ উজ্বল চানেকী। কিন্তু ভাৱ-ভাষা, কাব্যিক ব্যঞ্জনাৰ দিশৰ পৰা 'একাদশী' অধিক সমৃদ্ধ। দুয়োখনি পুথিয়ে কবিৰ গভীৰ শাস্ত্ৰজ্ঞানৰ পৰিচয় দাঙি ধৰে।

 কবিতাৰ আংগিক যুগে যুগে সলনি হ’ব পাৰে, কিন্তু কবি- তাই যি সত্যৰ বাণী বহন কৰে, যি শাশ্বত প্ৰমূল্যসমূহৰ প্ৰতি মানুহৰ মন আকৰ্ষণ কৰে তাৰ দেশ-কাল নিৰ্বিশেষে কোনো পৰি- বৰ্তন নাই। যি কবিতাই অন্তৰ আলোড়িত কৰাৰ লগতে আলো- কিতও কৰে, পাঠকৰ বাবে অনাবিল আনন্দৰ সৈতে এক মৰ্মবাণীও কঢ়িয়াই আনে তাকেই সাৰ্থক কবিতা বুলিব পাৰি। সংবেদনশীল কবিপ্ৰাণ আৰু সহৃদয় পাঠকৰ অন্তৰৰ সংযোগ সাধন হ'লেহে কাব্য সৃষ্টিৰ উদ্দেশ্য সাধিত হয়— যি গুণৰ অভাৱত সাম্প্ৰতিক কালত কাব্যৰ প্ৰতি পাঠকৰ এক স্বাভাৱিক অনীহা সমাজত গঢ় লৈ উঠা দেখা গৈছে। দিব্যপ্ৰভাৰ কবিতা সম্পৰ্কে ক'ব পাৰি যে তেওঁৰ কাব্যৰ আবেদন পোনপটীয়া, ই আনন্দ দানৰ লগতে এক মহত্তৰ জীৱনৰ বাবে পাঠকক অনুপ্ৰেৰণাও যোগায়।

 এই কবি গৰাকী তেওঁৰ প্ৰাপ্য স্বীকৃতি লাভৰ পৰা দুখ লগাকৈ [ ৯৩ ] বঞ্চিত। তেওঁৰ কবিতা সম্পৰ্কে আলোচনা-বিলোচনা তেনেকৈ হোৱা নাই। কুৰি বছৰ বয়সৰ পৰাই নিৰৱচ্ছিন্নভাৰে ভাষা জননীৰ সেৱা কৰা, সম্প্ৰতি বয়সেৰে চাৰিকুৰিৰ ওচৰ চপা চিৰকৌমাৰ্য্যব্ৰতী এই কবি গৰাকী সৌ সিদিনাখনহে সাহিত্যিক পেঞ্চন এটিৰ বাবে যোগ্য বিবেচিত হৈছে; এনেবোৰ কথাই তেওঁৰ কাব্যকৃতিক ম্লান কৰিব নোৱাৰে, বৰঞ্চ চৰকাৰ আৰু ৰাইজৰ উদাসীনতা, নিৰপেক্ষ বিচাৰ আৰু গুণগ্ৰাহিতাৰ অভাৱৰহে পৰিচয় দিয়ে। আমি মাত্ৰ কবিজনাৰ সৃষ্টিৰ এক সাধাৰণ পৰিচয়হে দাঙি ধৰিলো। কবিগৰাকীৰ অ-প্ৰকাশিত কবিতা আৰু গীতসমূহ ছপাই উলিয়াবলৈ কোনো ব্যক্তি বা প্ৰতিষ্ঠান আগবাঢ়ি আহিলে তেখেতৰ লগতে অসমীয়া ভাষা-সাহিত্যৰে উপকাৰ সাধন হ’ব।

[ ৯৪ ]

উপনিষদৰ কথা

 ভাৰতীয় দৰ্শন, ধৰ্ম্ম, সংস্কৃতিৰ উৎসভূমি স্বৰূপ উপনিষদ সমূহে যুগ যুগ ধৰি বিশ্বৰ চিন্তা জগতলৈ বিশেষভাৱে উল্লেখযোগ্য বৰঙণি আগবঢ়াই আহিছে। যীচুখ্ৰীষ্টৰ জন্মৰ প্ৰায় এহেজাৰ বছৰ আগতে, যি সময়ত পশ্চিমৰ দেশবোৰত সভ্যতাৰ পোহৰ পৰা নাছিল, তেনে সময়তে ভাৰতত বেদ উপনিষদ আদি ধৰ্ম্ম শাস্ত্ৰসমূহ ৰচিত হৈছিল। এই মহান ধৰ্ম্মগ্ৰন্থসমূহত থকা উচ্চ, অধ্যাত্মজ্ঞানৰ বাবেই পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ লোকে ভাৰতবৰ্ষক চিৰদিন শ্ৰদ্ধাৰ চকুৰে চাই আহিছে। উপনিষদৰ আবেদন দেশ কাল নিৰ্ব্বিশেষে সৰ্ব্বজনৰ বাবে; উপ- নিষদৰ অমৰ বাণীতে ভাৰতবৰ্ষৰ চিৰন্তন আত্মা বাঙ্ময় হৈ উঠে।

 বৈদিক সাহিত্যক মোটামুটিকৈ তিনি শ্ৰেণীত ভাগ কৰা হয়- সংহিতা, ব্ৰাহ্মণ আৰু উপনিষদ। সংহিতা আৰু ব্ৰাহ্মণ খণ্ডত যাগ- যজ্ঞৰ বিৱৰণ, সেইবোৰৰ আচৰণ পদ্ধতি, উদ্দেশ্য, ফলাফল আৰু তাৰ দাৰ্শনিক ব্যাখ্যা আছে। কিন্তু উপনিষদত এনেবোৰ কথা নাই। প্ৰাচীন যুগৰ ঋষি-মুনি সকলে বহু চিন্তা-চৰ্চ্চা, গভীৰ সাধনাৰ দ্বাৰা সৃষ্টি, আত্মা, আৰু ভগৱান সম্পৰ্কে যিবোৰ কথা উপলব্ধি কৰি- ছিল সেইবোৰ বেদৰ এই উপনিষদ অংশটোতে থুপ খাই আছে। সেইসকলৰ পদপ্ৰান্তত যিসকল শিষ্যই শিক্ষা লাভ কৰিছিল তেওঁ লোকেও_সাধনা আৰু অনুশীলনৰ দ্বাৰা সেই আধ্যাত্মিক চিন্তা- ধাৰাৰ বিকাশ আৰু উৎকৰ্ষ সাধন কৰিছিল। এইদৰেই ক্ৰমে ক্ৰমে [ ৯৫ ] বহু উপনিষদৰ সৃষ্টি হৈছিল। অৰণ্যত সৃষ্টি হোৱা বাবে এই শ্ৰেনীৰ গ্ৰন্থ প্ৰথমে আৰণ্যক নামেৰেও পৰিচিত হৈছিল। চাৰিখন বেদৰ যিকোনো এখনৰ অংশ হিচাপে সৃষ্টি হোৱা উপনিষদসমূহ গদ্য আৰু পদ্য উভয় ছন্দতে ৰচিত। বেদৰ যাগ-যজ্ঞাদি আনুষ্ঠানিক পৰ্ব্ব কৰ্ম্ম- কাণ্ড ৰূপে পৰিচিত। ইয়াত বৈদিক দেৱ-দেৱীসকলৰ উদ্দেশ্যে ৰচিত স্তুতি-প্ৰাৰ্থনাও লিপিবদ্ধ হৈছে। কিন্তু উপনিষদত আছে বিশ্বৰ ৰহস্যজাল ভেদ কৰি জীৱনৰ গুঢ়াৰ্থ বিচাৰি উলিওৱাৰ প্ৰচেষ্টাৰে তীব্ৰ জ্ঞান-পিপাসা, বেদৰ যিটো অংশক জ্ঞানকাণ্ড বোলা হয়।

 উপনিষদ শব্দৰ অৰ্থ বিভিন্নজনে বিভিন্ন ধৰণে কৰিছে। প্ৰফেছৰ ডয়ছনৰ ( Prof. Deusson) মতে উপনিষদৰ অৰ্থ হৈছে, ‘ৰহস্যগত জ্ঞান’। পণ্ডিত মেক্স, মূলাৰৰ ধাৰণা, গুৰুৰ কাষত বহি দাৰ্শনিক শিক্ষা লোৱা বাবেই সেইবোৰক উপনিষদ বোলা হয়। অধিক গ্ৰহণযোগ্য ধাৰণা মতে, বেদৰ ওচৰা ওচৰিকৈ, বেদক আশ্ৰয় কৰি গঢ় লোৱা বাবেই সেই গ্ৰন্থ বেদান্ত বা উপনিষদ নামেৰে জনাজাত। উপনিষদৰ সংখ্যা সম্পৰ্কেও নানাজনে নানা মত প্ৰকাশ কৰে। শুনা যায়, ইয়াৰ সংখ্যা হেনো দুশৰ কম নহব। এতিয়ালৈকে উপনিষদৰ বহুত সংকলন প্ৰকাশ হৈ ওলাইছে। কিন্তু তাৰে মাত্ৰ বাৰখনহে বৈদিক যুগৰ উপনিষদ বুলি ঠাৱৰ কৰা হৈছে। ‘ঐতৰেয়’, ‘বৃহদাৰণ্যক’, ‘ছান্দোগ্য’, ‘তৈত্তিৰীয়’, ‘কৌষীতকি' আৰু 'কেন', এই ছয়খন উপ- নিষদক অতি প্ৰাচীন আৰু বেদান্ত দৰ্শনৰ উৎস বুলি ধাৰণা কৰা হয়। ‘কঠ’ বা ‘কঠক’, ‘শ্বেতাশ্বতৰ’, ‘ঈশ’, ‘মুণ্ডক্য', ‘মাণ্ডুক্য’ আৰু ‘প্ৰশ্ন’ নামৰ বাকী ছয়খনে বেদান্তৰ বাহিৰেও সাংখ্য আৰু যোগ দৰ্শনক প্ৰভা- ৱিত কৰা দেখা যায়। বেদ সংহিতা আৰু ব্ৰাহ্মণ ভাগত যজ্ঞানুষ্ঠা- নেই প্ৰধান অংশ যদিও তাতে যি দাৰ্শনিক চিন্তাৰ প্ৰকাশ' দেখা যায় সি প্ৰধানতঃ ব্ৰাহ্মণ সম্প্ৰদায়ৰে সৃষ্টি। কিন্তু উপনিষদৰ যি [ ৯৬ ] দাৰ্শনিক চিন্তাৰ ধাৰা তাত ক্ষত্ৰিয়সকলেই প্ৰধান অংশ গ্ৰহণ কৰিছে; সকল ক্ষত্ৰিয়ই নহয়, তিৰোতা আৰু অন্য জাতিৰ লোকে। সেই অংশৰ সৈতে জড়িত হৈ থকা দেখা যায়।

 বৈদিক যুগত উপনিষদৰ প্ৰতিপত্তি আৰু মৰ্য্যাদা বৰ বেছি আছিল। সেই গ্ৰন্থত থকা মৌলিক বচনসমূহ অভ্ৰান্ত সত্য হিচাপে ধৰা হৈছিল; বিভিন্ন দাৰ্শনিক তত্ত্বৰ সমৰ্থনত সেইবোৰ, আপ্তবাক্যৰূপে ব্যৱহৃত হৈছিল। সকলো উপনিষদৰ সামৰ্ম্ম লৈয়ে শ্ৰীমদ্ভগবৎ গীতা ৰচিত হৈছিল, যি গীতাত ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক নিমিত্ত কৰি বিশ্ব- মানৱক জ্ঞান-কৰ্ম্ম-ভক্তিৰে আলোকিত সত্য, শুদ্ধ, সাৰ্থক জীৱনৰ পথ আঙুলিয়াই দিছে। পৰৱৰ্তী কালত ঋষি বাদৰায়নে উপনিষদৰ দাৰ্শনিক তত্ত্বসমূহ সূত্ৰৰ আকাৰে লিখি “ব্ৰহ্মসূত্ৰ” নামে গ্ৰন্থ ৰচনা কৰিছিল। উপনিষদত সন্নিবিষ্ট উচ্চ অধ্যাত্মজ্ঞানেই বিশ্বত আজি- কোপতি হিন্দু ধৰ্ম্ম আৰু সংস্কৃতিৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিছে। হিন্দু ধৰ্ম্মত পিছলৈ যাগ-যজ্ঞ প্ৰভৃতি কৰ্ম্মৰ চলন্তি প্ৰায় নোহোৱাৰ দৰেই হ’ল; কিন্তু উপনিষদৰ ধৰ্ম্মবাণীয়ে বৌদ্ধ, জৈন, শাক্ত, বৈষ্ণৱ, শৈৱ সকলো পন্থৰ লোককে আজিও প্ৰভাৱিত কৰে। বিৱৰ্ত্তনৰ পথেমে আগবাঢ়ি পিছলৈ যি হিন্দুধৰ্ম্মই ভাৰতত প্ৰতিষ্ঠা লাভ কৰিলে সি উপনিষদৰ ভেটিতে প্ৰতিষ্ঠিত।

 সাধাৰণতে দৰ্শনসমূহ তথ্যৰ ভিত্তিত যুক্তি আৰু সিদ্ধান্তৰ সম- ন্বয়ত গঢ় লৈ উঠে। কিন্তু উপনিষদৰ দৰ্শন তেনে নহয়। ঋষি-মুনি সকলে গভীৰ চিন্তাৰ দ্বাৰা যেতিয়াই যি সত্যত উপনীত হৈছিল তাকেই এফালৰ পৰা লিখি গৈছিল; বিভিন্ন মনীষীয়ে যি উপলব্ধি কৰিছিল সেইবোৰ বিক্ষিপ্তভাৱে উপনিষদৰ পাতত সিচৰতি হৈ আছে। সেয়ে কব পাৰি, উপনিষদত দাৰ্শনিক চিন্তাধাৰাৰ শৃংখলা আৰু সুসংবদ্ধতাৰ অভাৱ অনুভৱ হয়। গতিকে দৰ্শন হিচাপে পাবলৈ হ'লে ভাৱধাৰাৰ [ ৯৭ ] সাদৃশ্য অনুসৰি তত্ত্বসমুহ গোটাই-পিতাই উপনিষদৰ দৰ্শন গঢ় দি লব লগীয়া হয়। নিৰস আৰু দুৰ্বোধ্য ব্ৰহ্মতত্ত্বক সহজ আৰু সৰস কৰি তুলিবলৈ ইয়াত নানা আখ্যান-উপাখ্যান আৰু কথোপকথনৰ অৱতাৰণা কৰা হৈছে।

 উপনিষদৰ ভষাৰ প্ৰাচীন ঠাঁচবোৰ বাবে ই সহজে বোধগম্য নহয়। ইয়াৰ ভাষা বৈদিক সংস্কৃতৰে শেহতীয়া ৰূপ! : গতিকে সংস্কৃত ভাষাৰ জ্ঞান থাকিলেও ইয়াক সহজে বুজা টান। তদুপৰি উপনিষদৰ বাক্য-গঠনৰ প্ৰণালী চুটি অথচ সাৰগৰ্ভ, অলপ কথাতে বহুখিনি অৰ্থ লুকাই থাকে। ইয়াত এনে কিছুমান বাক্যাংশ আছে যিবোৰৰ ব্যাখ্য বিভিন্ন ভাষ্যকাৰে বিভিন্ন ধৰণে কৰি গৈছে। উদা- হৰণ স্বৰূপে, “তত্ত্বমসি” (সেইজন তুমিয়েই)—এই অমৰ উক্তিৰ অৰ্থ কেইবাধৰণেৰে কৰা দেখা যায়। উপনিষদৰ অগ্ৰণী ভাষ্যকাৰ শঙ্কাৰাচাৰ্য্যই বাৰখন বৈদিক উপনিষদৰ এঘাৰখনৰে ভাষ্য ৰচনা কৰি গৈছে। এই গ্ৰন্থৰ কেইবাজনো প্ৰাচীন ভাষ্যকাৰৰ মাজত শঙ্কৰৰ ভাষ্যই সবাতোকৈ নিৰ্ভৰযোগ্য।

 উপনিষদৰ অমৰ বাণীয়ে যুগে যুগে মানৱ অন্তৰ আলোড়িত কৰি- বলৈ সমৰ্থ হৈছে। মোগল যুগতে ভাৰতত ইয়াৰ প্ৰভাৱ অম্লান হৈ আছিল। সম্ৰাট চাহজাহানৰ জেষ্ঠ পুত্ৰ উদাৰ হৃদয় দাৰাৰ চেষ্টাত ১৬৫৭ খৃষ্টাব্দত পঞ্চাশখন উপনিষদ ফৰাচী ভাষালৈ অনূদিত হৈছিল। ফলত সমগ্ৰ বিশ্বতে উপনিষদৰ বাণী প্ৰচাৰ হ'ল। সেই ফৰাচী অনুবা- দৰ অৱলম্বন ১৮০১-২ চনত উপনিষদৰ এক লেটিন অনুবাদো প্ৰকাশ হয়। সেই অনুবাদে জাৰ্মান দাৰ্শনিক ছপেনহাৱাৰৰ মনোেযোগ আকৰ্ষণ কৰে। তেওঁ সেই পুথি “পাশ্চাত্যৰ চিন্তা জগতলৈ উনবিংশ শতিকাৰ সবাতোকৈ মূল্যবান অৱদান” বুলি অভিহিত কৰে। সেই উপনিষদখনেই জাৰ্মান পণ্ডিত মেক্সমূলাৰক সংস্কৃত সাহিত্যৰ প্ৰতি [ ৯৮ ] আকৃষ্ট কৰে। পিছলৈ তেওঁ আটাইকেইখন বৈদিক উপনিষদ অধ্যয়ন কৰি সেইবোৰ ইংৰাজী ভাষালৈ অনুবাদ কৰে; সেইদৰেই প্ৰাচ্যৰ অধ্যাত্ম জ্ঞানৰ দুৱাৰ পশ্চিমৰ লোকৰ বাবে উন্মুক্ত হৈ পৰে। মাৰ্কিন কবি ইমাৰ্ছ‌ন উপনিষদৰ ভাৱনাৰে বিশেষভাৱে প্ৰভাৱিত হৈছিল। ইংৰাজ কবি ওৱাৰ্ডচ্‌ ওৱৰ্থৰ কবিতাতো উপনিষদ বৰ্ণিত বিশ্বময় এক নৈৰ্ব্যক্তিক মহাশক্তিৰ অস্তিত্বৰ কথা অনুভূত হয়।

 উনবিংশ শতিকাত ইংৰাজ সংস্কৃতি আৰু খ্ৰীষ্টান ধৰ্ম্মৰ প্ৰভাৱত এচাম ভাৰতীয় নিজৰ ধৰ্ম্ম আৰু সংস্কৃতিৰ প্ৰতি উদাসীন হৈ পৰি- ছিল। তেনে পৰিস্থিতি ৰোধ কৰাৰ প্ৰচেষ্টাৰে বংগদেশত যি ব্ৰাহ্মণ ধৰ্ম্মৰ প্ৰৱৰ্ত্তন হৈছিল তাৰ মূলতে আছিল উপনিষদৰ শিক্ষা। ব্ৰহ্ম- সূত্ৰ আৰু উপনিষদক ভিত্তি কৰিয়েই পূৰ্ব্বৰ নানান দেৱ-দেৱীৰ পূজা- অৰ্চ্চণাৰ পৰিবৰ্তে নিৰাকাৰ ভগৱানৰ উপাসনা ৰীতিৰে বঙ্গত ব্ৰাহ্ম ধৰ্ম প্ৰচাৰৰ গুৰিতে আছিল ৰাজা ৰামমোহন ৰায়। তেওঁ অনুভৱ কৰিছিল, ভাৰতৰ হিন্দুসকলে যদি উপনিষদৰ ধৰ্ম্ম গ্ৰহণ কৰে তেন্তে ভাৰতত জাতীয় আৰু সামাজিক ঐক্য প্ৰতিষ্ঠা হ’ব। মহৰ্ষি দেবেন্দ্ৰ নাথ ঠাকুৰ, কবিগুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰ দুয়ো ব্ৰাহ্ম ধৰ্ম্ম গ্ৰহণ কৰি সমাজত উপনিষদৰ মৰ্ম্মবাণীৰে দেশবাসীক উদ্বুদ্ধ কৰিবলৈ আজীৱন চেষ্টা চলাইছিল। অকল ধৰ্ম্মীয় দিশতে নহয়, শিক্ষা-সাহিত্য, সামা- জিক চিন্তাধাৰা—সকলো ক্ষেত্ৰতে ৰবীন্দ্ৰনাথৰ ব্যক্তিসত্ত্বা উপনিষদৰ ঋষিসকলৰ দিব্য-চেতনা; আনন্দানুভূতিৰে অনুপ্ৰাণিত হৈছিল। “গীতা- ঞ্জলি”, নৈবেদ্য প্ৰভৃতি তেওঁৰ কাব্য গ্ৰন্থৰ পাতে পাতে উপনিষদৰ অমৃতময় বাণীৰ অনুৰণন শুনিবলৈ পোৱা যায়।

  উপনিষদৰ বাণীৰে বিশেষভাৱে প্ৰভাৱিত হোৱা আন এজন মহান ভাৰতীয় আছিল স্বামী বিবেকানন্দ। বেদান্তৰ অদ্বৈতবাদী দৰ্শনত বিশ্বাসী এই গৰাকী মনীষীয়ে উপনিষদৰ বাণীসমূহ দেশে[ ৯৯ ] বিদেশে বক্তৃতা প্ৰসংগত উদ্ধৃত কৰিছিল। উপনিষদৰ ‘অভীঃ' ( ভয় শূণ্য হোৱা) মন্ত্ৰ, “উত্তিষ্ঠত জাগ্ৰত, প্ৰাপ্য বৰাণ্‌ নিবোধত”— এই জাগৃতি মন্ত্ৰেৰে তেওঁ দেশবাসীক মহত্ত্বৰ উজ্জ্বলতৰ জীৱনৰ বাবে আহ্বান জনাইছিল। উপনিষদৰ আন দুগৰাকী ভক্ত আছিল ডঃ সৰ্ব্বেপল্লী ৰাধাকৃষ্ণণ আৰু ঋষি অৰবিন্দ। দুয়োজনা পণ্ডিতে ইং- ৰাজী গ্ৰন্থকাৰে উপনিষদৰ অনুবাদ আৰু ব্যাখ্যা আগবঢ়াই গৈছে।

 উপনিষদীয় দৰ্শনৰ মূলকথা হৈছে ব্ৰহ্মজ্ঞান। ইয়াত বিশ্বসত্ত্বা পৰিকল্পিত হৈছে এক পৰম শক্তিৰূপে যি চৰাচৰ সকলোতে পৰি- ব্যাপ্ত হৈ আছে, যি “সৰ্ব্বব্যাপী, জ্যোতিৰ্ময়, অশৰীৰী, শুদ্ধ, অপা- পবিদ্ধ, সৰ্ব্বদৰ্শী, স্বয়ম্ভু।” তেঁৱেই ব্ৰহ্ম, তেঁৱেই অক্ষৰ, পৰমাত্মা বা ভূমা। ব্ৰহ্ম “এহাতে যেনেকৈ সত্যস্বৰূপ, জ্ঞানস্বৰূপ আনহাতে আনন্দস্বৰূপ, অমৃতস্বৰূপ।” জ্ঞান কৰ্ম্ম-ভক্তিৰ পথেৰে আগবাঢ়ি দৈহিক, মানসিক, আত্মিক উৎকৰ্ষসাধনৰ দ্বাৰা ব্ৰহ্মত্ব লাভেই মানৱ জীৱনৰ চৰম প্ৰাপ্তি।

 ‘ঈশা’–এই শব্দৰে আৰম্ভ হোৱা ঈশোপনিষদ ভাৱৰ উৎকৃষ্ট- তাৰ দিশৰ পৰা বিশেষভাৱে উল্লেখনীয়। ঈপোপনিষদৰ প্ৰথম মন্ত্ৰ হৈছে-

“ঈশাবস্যমিদং সৰ্ব্বং যৎকিঞ্চ জগত্যাং জগৎ
তেন ত্যক্তেন ভূঞ্জীথাঃ মা গৃধ্ৰ কস্যচিৎ ধনম্‌।”

 “এই গতিশীল বিশ্বত যত যি বস্তু আছে সকলোবোৰ ঈশ্বৰৰ দ্বাৰা পৰিব্যাপ্ত হৈ আছে। ত্যাগৰ দ্বাৰা ভোগ কৰিবা,কাৰো ধনলৈ লোভ নকৰিবা।”

 মহামানৱ মহাত্মা গান্ধীয়ে কৈছিল যে হিন্দুৰ সকলো ধৰ্ম্মগ্ৰন্থ যদি জুইত ভষ্মীভূত হয়, মাত্ৰ এইটো শ্লোক বাচে তথাপিত ইয়াৰ বলতে হিন্দুধৰ্ম্ম হিন্দুসকলৰ মনত সজীৱ হৈ থাকিব।মাত্ৰ ওঠৰটি [ ১০০ ] শ্লোকৰ এইখন উপনিষদত মূলতত্ত্বৰ অৱতাৰণা আৰু কিছুমান বিৰুদ্ধ- বাদী বিষয়, যেনে-এক আৰু বহু, বিদ্যা আৰু অবিদ্যা, ত্যাগ ও ভোগৰ সমন্বয় সাধন কৰা হৈছে।

 ‘কেনোপনিষদ’ আৰম্ভ হৈছে কেইটামান প্ৰশ্নৰে। পিছলৈ ৰূপকৰ সহায়ত আত্মতত্ত্ব ব্যাখ্যান হৈছে। কেনোপনিষদৰ এষাৰি শ্ৰেষ্ঠ উক্তি হ’ল “আত্মনা বিন্দতে বীৰ্য্যং, বিদয়া বিন্দতে অমৃতম্।” অৰ্থাৎ আত্মজ্ঞানৰ দ্বাৰা বীৰ্য্য লাভ হয়। আত্মজ্ঞানৰ দ্বাৰা মানুহে উপলব্ধি কৰিব পাৰে যে জীৱৰ আত্মা ভিন ভিন নহয়। একেজন পৰমাত্মাই বিভিন্নৰূপে বিভিন্নজনত প্ৰকাশ পায়; এই যে বহুৰ মাজত একত্বৰ অনুভৱ – সিয়েই হ’ল বিদ্যা, এই বিদ্যাৰ অধিকাৰীজনেই সক- লোতে ব্ৰহ্মৰ উপলব্ধিৰ দ্বাৰা অমৃতত্ব লাভ কৰে।

 কঠোপনিষদত ব্ৰহ্মবিদ্যা ব্যাখ্যাৰ উদ্দেশ্যে যম আক নচিকেতাৰ আখ্যান ব্যৱহাৰ কৰা হৈছে। এই কথোপকথনৰ মৰ্ম্মাৰ্থ এয়ে যে জীৱৰ অন্তৰত,আত্মা-দেহ-মন ইন্দ্ৰিয়ৰ ক্ৰিয়াৰ দ্বাৰা আবৃত হৈ প্ৰচ্ছন্ন- ভাৱে থাকে। এই আত্মাই স্বৰূপতঃ পৰমাত্মা যি জ্যোতিস্বৰূপ, দেশ কালৰ উৰ্দ্ধত—যাৰ উৎপত্তি নাই, বিনাশো নাই। মৰণশীল মানুহে আত্মাক অমৃতস্বৰূপ পৰমাত্মাৰূপে উপলব্ধি কৰিব পাৰিলে এই দেহতেই ব্ৰহ্মভাৱৰ উপলব্ধি হয়।

 মুণ্ডকোপনিষদত আত্ম-পৰমাত্মা সম্পৰ্কে আলোচনাত প্ৰশ্নকৰ্ত্তা ৰূপে শৌনক মুনি আৰু উত্তৰদাতা ৰূপে অঙ্গিৰা ঋষিয়ে ভাগ লৈছে। ইয়াত কোৱা হৈছে—বিদ্যা দুই প্ৰকাৰৰ, পৰাবিদ্যা আৰু অপৰা বিদ্যা; যি বিদ্যাৰ দ্বাৰা অক্ষৰ ( যাৰ ক্ষয় নাই) পুৰুষ অৰ্থাৎ পৰম ব্ৰহ্মৰ জ্ঞান লাভ হয় সেয়ে পৰা বিদ্যা। বেদ-বেদাঙ্গ আদিৰ পৰা লাভ কৰা আন সকলো বিদ্যাই অপৰা বিদ্যা। অঙ্গিৰাই জীৱাত্মা-পৰমা- ত্মাৰ পাৰ্থক্য বুজাবলৈ এটি সুন্দৰ উদাহৰণ দাঙি ধৰিছে; এজোপা [ ১০১ ] গছত দুটি চৰাই, এটিয়ে গছৰ সুস্বাদু ফল খাইছে; আনটোৱে নেখাই কেৱল চাই আছে। এটি জীৱাত্মা, আনটো পৰমাত্মা। জীৱাত্মাই ইন্দ্ৰিয়বিষয়ত লিপ্ত হৈ কৰ্ম্মৰ ফলস্বৰূপে সুখ দুখ ভোগ কৰিছে, আনহাতে, পৰমাত্মা সম্পূৰ্ণ নিৰ্লিপ্ত, সুখ-দুখ ৰূপী কৰ্ম্মফলৰ উৰ্দ্ধত থাকি তেওঁ কেৱল নিৰীক্ষণ কৰিছে।

 তৈত্তিৰীয় উপষিদখন তিনিভাগত বিভক্ত। প্ৰথম ভাগ শব্দ উচ্চাৰণৰ নিয়ম, উপাসনা আৰু তাৰ আচৰণবিধি সম্পৰ্কে; দ্বিতীয় ভাগত অন্ন, প্ৰাণ, মন, বিজ্ঞান আৰু আনন্দৰূপ পঞ্চকোষৰ বৰ্ণনা আছে; তৃতীয় ভাগত ভৃগু মুনি আৰু তেওঁৰ পিতৃ বৰুণৰ কথোপ- কথনৰ ছলেৰে ব্ৰহ্মৰ স্বৰূপ ব্যাখ্যা কৰা হৈছে। আনন্দৰ পৰাই জগতৰ সৃষ্টি, আনন্দতেই তাৰ স্থিতি, আনন্দতেই তাৰ লয়—এই মহান অনুভৱৰ কথা এই খন উপনিষদৰ পাততে আছে।

 সামবেদীয় ছান্দোগ্য ব্ৰাহ্মণৰ অন্তৰ্গত ছান্দোগ্য উপনিষদ অতি প্ৰাচীন আৰু আকাৰত বৃহৎ। ইয়াত সৰ্ব্বসাধাৰণৰ কৰ্ত্তব্য কৰ্ম্মৰ পৰা আৰম্ভ কৰি জ্ঞানীজনৰ উপযোগী ব্ৰহ্মতত্ত্বলৈকে সকলো কথা শৃংখলাবদ্ধভাৱে আলোচিত হৈছে। সত্যকাম জাবালাৰ কাহিনী এই- খন উপনিষদতে আছে।

 বৈদিক উপনিষদ কেইখনৰ ভিতৰত বৃহদাৰণ্যক অতি প্ৰাচীন আৰু মহত্ত্বপূৰ্ণ। ভাষ্যকাৰ শঙ্কৰাচাৰ্যৰ মতে ইয়াৰ আকাৰ বৃহৎ হোৱা বাবে আৰু উপদেশসমূহ অৰণ্যভূমিত দিয়া হৈছিল বাবেই ই “বৃহদা- ৰণ্যক” নামে পৰিচিত। ইয়াৰ বিষয়বস্তু সূক্ষ্ম আৰু জটিল; প্ৰথম অধ্যয়নত ইয়াক নিৰস আৰু দুৰ্বোধ্য যেনেই লাগে। যাজ্ঞবল্ক-মৈত্ৰে- য়ীৰ কথোপকথনৰ মাজেৰে ইয়াত পৰমাৰ্থ তত্ত্বৰ জ্ঞান আধ্যাত্মিক আলোচনাত বাদেও ব্যৱহাৰিক জীৱনৰ অনেক কথাই এই উপনিষদৰ পাতত ঠাই পাইছে। তিনিটা ’দ'ৰ শিক্ষা-দত্ত, দাম্যত, [ ১০২ ] দয়ধ্বম্'- অৰ্থাৎ দান কৰা, দমন কৰা, দয়া কৰাৰ উপদেশ এই উপনিষদতে আছে।

 মুঠ কথাত উপনিষদে মানুহক আঙুলিয়াই দিয়ে এক পৰিপূৰ্ণ জীৱনৰ পথ—য’ত ব্যক্তি আৰু সমাজ উভয়ৰে কল্যাণ চিন্তা নিহিত হৈ থাকে। উপনিষদে জীৱনৰ কোনো দিশকে হেয় নকৰে; পৰমাৰ্থ লাভৰ বাবে সংসাৰ-বিৰাগী সন্যাসী হ’বলৈ উপনিষদে উপদেশ নিদিয়ে। উপনিষদত বুদ্ধি-বৃত্তি আৰু হৃদয়-বৃত্তিক সমানে গুৰুত্ব দিয়া হৈছে। ত্যাগ আৰু ভোগৰ সমন্বয়তহে জীৱনে সাৰ্থকতা লাভ কৰে। ইন্দ্ৰিয় নিগ্ৰহৰ প্ৰয়োজন নাই, প্ৰয়োজন ইন্দ্ৰিয় নিয়ন্ত্ৰণৰ। এনে মহৎ শিক্ষাই আমি উপনিষদৰ পৰা পাওঁ।

 আজিৰ অনাচাৰ ভ্ৰষ্টাচাৰ ধৰ্ম্মান্ধতাৰ যুগত ৰিভ্ৰান্ত মানুহৰ মাৰ্গ-দৰ্শনৰ বাবে উপনিষদৰ বাণীৰ পুনৰ্চিন্তন, পুনৰ্মূল্যায়নৰ একান্ত আৱশ্যক হৈছে। ভাৰতৰ সনাতন ঐতিহ্য বজাই ৰাখিবলৈ হ’লে উপনিষদৰ শিক্ষাৰ বহুল প্ৰচাৰ হোৱা উচিত। গতিকে আঞ্চলিক ভাষাত ইয়াৰ অনুবাদ, ভাষ্য আৰু ব্যাখ্যাৰ, প্ৰচাৰৰ বাবে সংস্কৃতজ্ঞ সুধী সমাজ আগবাঢ়ি অহাটো একপ্ৰকাৰ জাতীয় কৰ্ত্তব্য। O

[ ১০৩ ]

গুহাপুৰী অজন্তা ইলোৰাত এভুমুকি


 তাহানি হাইস্কুলত পঢ়া দিনতে ভাৰত বুৰঞ্জীৰ পাতত প্ৰাচীন ভাৰতীয় চিত্ৰকলা আৰু স্থাপত্য-ভাস্কৰ্য্যৰ অনুপম নিদৰ্শন অজন্তা ইলো- ৰাৰ কথা পঢ়ি সেই ঠাই চাবলৈ যোৱাৰ হেঁপাহ অন্তৰতে পুহি ৰাখি- ছিলো। অৱশেষত সেই সুযোগ আহিল ১৯৯২ চনৰ অক্টোবৰ মাহত, পুত্ৰ হেমন্ত আৰু নাতি লৰা ভাস্কৰৰ সৈতে সেই কীৰ্ত্তিচিহ্ন সমূহ চাবৰ বাবে বোম্বে অভিমুখী ৰেলত উঠিলো। বোম্বেত দুৰাতি- মান জিৰণি লোৱাৰ অন্তত আমি বাছেৰে গৈ মহাৰাষ্ট্ৰ ৰাজ্যৰ বুৰঞ্জী প্ৰসিদ্ধ নগৰ ঔৰংগবাদত উপস্থিত হ'লোগৈ। ঔৰংগবাদৰ পৰা অজন্তালৈ ১০৪ কিলোমিটাৰ, বাছেৰে প্ৰায় তিনিঘণ্টাৰ বাট। ইলোৰা অৱশ্যে নগৰখনৰ গাতে লগা, মাথোন ২৮ কিলোমিটাৰ-দূৰ। কিন্তু দুয়োখন ঠাই একেদিনাই চোৱা সম্ভৱপৰ নহয় বাবে পৰ্য্যটকসকলে ঔৰংগবাদ বা জলগাঁৱত এৰাতি কটাব লাগে। এই দুয়োখন ঠাইৰ পৰা অজন্তা ইলোৰালৈ নিয়মিতভাৱে ৰাজ্যিক পৰিবহন নিগমৰ বাছ চলে। অৱশ্যে প্ৰায় দুগুণ ভাড়াত মহাৰাষ্ট্ৰ পৰ্য্যটন বিভাগৰ গাড়ী- ৰেও বিলাস ভ্ৰমণ কৰিব পাৰি।

 পিছদিনা ৰাতিপুৱা অজন্তালৈ বুলি আমি পৰিবহন নিগমৰ বাছত উঠিলো। যাওঁতে বাটৰ দুয়োকাষে দেখিলে অগণন নিমগছৰ শাৰী। দাঁতিত ক’তো গাঁও-ভুঁই চকুত নপৰিল। এনি তেনি অনুচ্চ তকলা [ ১০৪ ] পাহাৰবোৰত কঁইটীয়া জুপুৰা গছৰ পাতল হাবি। কোনো কোনো অঞ্চলত দেখিলে কটুৰ মাটিত কৃত্ৰিম জলসিঞ্চনৰ সহায়ত কৰা বজৰা, জুপুৰা কপাহ আৰু সূৰ্য্যমুখী ফুলৰ সুবিশাল পথাৰৰ শোভা। অৱ- শেষত বেলি মাজমূৰত উঠাৰ আগে আগে আমি সেই কল্পনাৰ ৰূপ- ৰাজ্যত উপস্থিত হলো। বাছৰ পৰা নামি শিলৰ খটখটিৰে উঠা-নমা ভালেখিনি বাট খোজকাঢ়ি গৈ অজন্তা গুহাৰ সমুখত থিয় দিলোগৈ।

 আমাৰ লগত যোৱা গাইডৰ পৰা শুনা মতে খ্ৰীষ্টপূৰ্ব ২য় শতি- কাতে নিৰ্ম্মাণ আৰম্ভ হোৱা অজন্তা গুহাসমূহ প্ৰায় এহেজাৰ বছৰ ধৰি বিস্মৃতিৰ গৰ্ভত সোমাই আছিল। ১৮৭৯ চনত জন স্মিথ নামে চাহাব এজন এই পৰ্ব্বতত বাঘ চিকাৰলৈ আহোতে দৈৱক্ৰমে ১০ নং গুহাটো তেওঁৰ চকুত পৰে। সেইকালত এইবোৰ অঞ্চল হায়দৰা- বাদৰ নিজামৰ শাসনাধীন আছিল। চাহাবজনৰ আবেদন মৰ্ম্মে সেই ঠাইত খনন কাৰ্য্য চলোৱাত শাৰী শাৰী অসংখ্য গুহা আবিস্কৃত হয়। নিজামৰ তৎপৰতাতে গুহাবোৰ খান্দি উলিয়াই তালৈ যাব পৰা লোহাৰ ৰেলিং আৰু খটখটী নিৰ্ম্মাণ কৰা হয়। এই খটখটীয়ে প্ৰতিটো গুহাৰ পৰা পৰ্ব্বতৰ নামনিৰ নিজৰাটোলৈ থকা পূৰ্ব্বৰ লুংলু- ঙীয়া বাটবোৰ বন্ধ কৰি দিলে।

 আমি জানো যে মহাৰাজ অশোকৰ দিনত ভাৰতত বৌদ্ধধৰ্মৰ জয় জয় ময় ময় অবস্থা আছিল। সেইকালতে বৌদ্ধধৰ্মৰ প্ৰচাৰ আৰু চৰ্চ্চাৰ কেন্দ্ৰ হিচাপে বিন্ধ্য পৰ্বতৰ প্ৰায় ১৫২ ফুট ওখত অৱস্থিত অশ্বখুৰা আকৃতিৰ একেটি গ্ৰেনাইট শিলৰ পৰা এই গুহাবাৰ কাটি উলিওৱা হৈছিল। বৌদ্ধ ভিক্ষু সকলে গুহাবোৰত সংঘ হিচাপে থাকি ধৰ্ম্মা লোচনা আৰু ধৰ্ম্ম-প্ৰচাৰ কাৰ্য্য চলাইছিল। জনসাধাৰণেও তীৰ্থস্থান হিচাপে এই ঠাই দৰ্শন কৰিবলৈ আহিছিল। কিন্তু খ্ৰীষ্টীয় ৭ম শতিকা [ ১০৫ ] মানৰ পৰা ভাৰতত বৌদ্ধধৰ্ম্মৰ প্ৰভাৱ কমি আহিবলৈ ধৰে। ফলত তাত জনসমাগম নোহোৱা হ'ল আৰু অব্যৱহাৰৰ ফলত ক্ৰমে মাটি- বালিৰে পোত খাই গুহাবোৰ লোকচক্ষুৰ আঁৰ হৈ গ'ল।

 অজন্তাত খান্দি উলিওৱা ২৯ টা গুহাৰ নিৰ্ম্মাণ কাল খৃষ্টপূৰ্ব্ব ২০০ চনৰ পৰা খ্ৰীষ্টাব্দ অষ্টম শতিকালৈকে বিয়পি থকা বুলি জনা যায়। কিন্তু সময়ৰ এই ব্যৱধান সত্বেও গুহবোৰৰ নিৰ্ম্মাণ কৌশল আৰু তাত থকা চিত্ৰসমূহৰ ৰং আৰু ষ্টাইল একেধৰণৰ। আটাইবোৰ গুহাৰ শিল্পকলা বুদ্ধ আৰু বৌদ্ধধৰ্ম্মৰ সৈতে জড়িত। এই ধৰ্ম্মৰ মহাযান আৰু হীনযান দুয়ো পন্থাৰ প্ৰভাৱ ইয়াত দেখিবলৈ পোৱা যায়। মহাযান পন্থাৰ গুহাত বিশাল বৌদ্ধমূৰ্ত্তি খোদিত হৈছে। কিন্তু হীনযান-পন্থী গুহাত কেৱল বৌদ্ধস্তূপহে দেখা যায়। অজ- ন্তাৰ গুহাত খোদিত বিশাল উপাসনা গৃহক চৈত্য বোলা হৈছিল। অজন্তাত এনে চৈত্য পাঁচোটি আছে। বাকীবোৰ বৌদ্ধবিহাৰ অৰ্থাৎ ভিক্ষুসকলৰ বাসস্থান। চিনি উলিয়াবৰ সুবিধাৰ বাবে পশ্চিমৰ পৰা পূৱলৈ গুহাবোৰৰ ক্ৰমিক নম্বৰ দিয়া হৈছে। তাৰে দহোটিমান চালেই অজন্তাৰ ভাস্কৰ্য্য-স্থাপত্য আৰু চিত্ৰকলাৰ সুন্দৰ আভাষ পাব পাৰি।

 অজন্তাৰ গুহা ঘাইকৈ তাৰ বেৰ আৰু চালত আঁকা চিত্ৰসমুহৰ বাবে বিখ্যাত। হেজাৰ ডেৰহাজাৰ বছৰ আগতে আঁকা এই চিত্ৰ- সমূহ আজিও যে মছ খাই যোৱা নাই ভাবিলে আচৰিত নহৈ নোৱাৰি। অৱশ্যে সময় আৰু পৰিবেশৰ প্ৰভাৱত ছবিবোৰ কিছু ম্লান হৈ গৈছে। তদুপৰি বিবেচনাহীন দৰ্শকে আঁকি-বাকি কিছু চিত্ৰ নষ্ট কৰাত বৰ্তমান সেইবোৰ আইনাৰ বেৰৰ ভিতৰত ৰখা হৈছে। সেয়ে আজিকালি গুহাৰ ভিতৰৰ স্তম্ভ আৰু বেৰবোৰত হাত দিয়া মানা। গুহাৰ ভিত- ৰত ‘ফ্লেছ কেমেৰা’ৰ ব্যৱহাৰো নিষেধ। অৱশ্যে কেইটিমান গুহাৰ [ ১০৬ ] বেৰ-চালৰ চিত্ৰবোৰ সম্পূৰ্ণ নষ্ট হৈ গৈছে। ১৬ টা গুহাৰ বাহিৰে বাকীবোৰত কোনো চিত্ৰ-কৰ্ম্ম কৰা হোৱা নাছিল। তেনে কিছু গুহালৈ দৰ্শক নোযোৱাৰ ফলত সেইবোৰত বাদুলিয়ে বাঁহ লৈ দুৰ্গন্ধৰ সৃষ্টি কৰিছে। দৰ্শনযোগ্য গুহাসমূহত পোহৰৰ ব্যৱস্থা আছে।

 অজন্তাৰ চিত্ৰসমূহত ৰঙা, বগা, কলা, হালধীয়া, সেউজীয়া আৰু খুব কম পৰিমাণে নীলা ৰঙৰ ব্যৱহাৰ কৰা হৈছিল। সেই যুগৰ চিত্ৰকলা সম্পৰ্কে চলোৱা গবেষণাৰ পৰা জনা গৈছে যে চাল আৰু বেৰৰ চিত্ৰৰ (Mural Paintings) বাবে পোনতে গুহাৰ বেৰত বোকা, গোৱৰ আৰু তুঁহৰ মিশনেৰে প্ৰায় ডেৰ চেন্টিমিটাৰমান ডাঠ লেপ দিয়া হৈছিল। চিত্ৰপট মিহি কৰিবৰ বাবে তাৰ ওপৰত চূণৰ পাতল প্ৰলেপ দি পোনতে ৰেখাঙ্কন কৰি লৈ তাৰ পিছত তুলিকাৰে ৰং বোলোৱা হৈছিল। সেই কালত আজিৰ দৰে উন্নত মানৰ ৰং ওলোৱা নাছিল। গেৰুৱা মাটি, ৰঙা মাটি, চাকিৰ ছাই, কপাৰ। অক্সাইড'ৰ ৰাসায়নিক যৌগ আদি আৰু পাহাৰ পৰ্ব্বতত পোৱা সেউ- জীয়া শিল গুৰি কৰি আঠা মিলাই ৰং হিচাপে ব্যৱহাৰ কৰা হৈছিল। অজন্তাৰ বেৰত চিত্ৰিত বিভিন্ন ভঙ্গিমাৰ নাৰীমূৰ্ত্তি সমূহে যুগ যুগ ধৰি নাৰীৰ দেহ-সুষমাৰ প্ৰতীকৰূপে ভাৰতীয় শিল্প-কলাত বিশিষ্ট স্থান লাভ কৰি আহিছে।

 ভাৰ,১, ২, ১৬, ১৭ আৰু ১৯ নং হাত উৎকৃষ্ট চিত্ৰসমূহৰ সমাৱেশ দেখা যায়৷ বুদ্ধদেৱৰ জীৱন আৰু কাৰ্য্যাৱলী আৰু জাত- কমালাত পঢ়িবলৈ পোৱা, বোধিসত্ত্বৰূপে তেওঁৰ বিভিন্ন জন্মৰ কাহিনী- বোৰ অজন্তাৰ বেৰত চিত্ৰিত হৈছে। তাৰ বাহিৰেও চাল-বেৰত বিবিধ চৰাই, জন্তু; ফুল-জালি, মানুহ আৰু নানা ডিজাইন অংকিত হোৱা দেখা যায়। এই ছবিসমূহৰ পৰা সেইকালৰ মানুহৰ জীৱন- ধাৰা, তেওঁলোকে পৰিধান কৰা সাজ-পোছাক আৰু আ-অলংকাৰৰ [ ১০৭ ] বিষয়ে ধাৰণা পৰিস্ফুট হয়। ভাবিলে আচৰিত লাগে, আজিৰ পৰা হেজাৰ ডেৰহেজাৰ বছৰ পূৰ্ব্বেও ভাৰতত আজিৰ দৰে ৰং- বিৰঙৰ চাৰ্ট, মোজা জোতা, কাণৰ কেৰু, বিভিন্ন ডিজাইনৰ আ- অলংকাৰ আদিৰ ব্যৱহাৰ হৈছিল। অজন্তাৰ বিশেষভাবে উল্লেখযোগ্য চিত্ৰসমূহ হৈছে-ওচৰা ওচৰকৈ বহি থকা চাৰিটা হৰিণ- যাৰ মূৰ মাত্ৰ একটাই; নাচি থকা ছগৰাকী নৰ্ত্তকী—যাৰ মাত্ৰ ছয়খন হাতহে দৃষ্টিগোচৰ হয়; প্ৰসাধনৰতা এগৰাকী ৰাণী—যাৰ ডিঙিৰ অলংকাৰ টৰ্চৰ পোহৰত সঁচা অলংকাৰ যেন হৈ জিলিকি উঠে; ৰাজপ্ৰাসাদৰ সমুখত হাতত ভিক্ষাপাত্ৰ লৈ দণ্ডায়মান বুদ্ধলৈ চাই থকা পত্নী যশোধৰা আৰু পুত্ৰ ৰাহুল ইত্যাদি।

 খৃষ্টপূৰ্ব্ব দুই শতিকাতে সৰ্ব্বপ্ৰথমে নিৰ্ম্মিত হোৱা বুলি ধাৰণা কৰা ১০ নং গুহাটোলৈকে আমাক পোনতে লৈ যোৱা হৈছিল। ৩৯ টা আঠকোণীয়া স্তম্ভৰে এই চৈত্য বা উপাসনা গৃহটিত এটি বিশাল বৌদ্ধস্তুপ আছে। সেইকালত বৌদ্ধমুৰ্ত্তি সজাৰ ধাৰণাই প্ৰচলিত হোৱা নাছিল। কাঠত কৰা কাৰু-কাৰ্য্যৰ আৰ্হিৰে কাটি উলিওৱা ইয়াৰ বিয়াগোম শিলৰ চালখন চালে বিস্ময়াভিভূত নহৈ নোৱাৰি। ১২ নং গুহাটো ভিক্ষুসকলৰ বাসস্থান আছিল বুলি অনুমান হয়। মূল গুহাটোক আৱৰি ১২ টা সংলগ্ন সৰু সৰু কোঠা আছে। তাৰে দুটা কোঠাত শিলৰ গাৰু সহ শৈল বিচনা কেইখন দেখিলে --খন্তেক বাগৰিবলৈ সকলোৰে হাবিয়াস হয়। প্ৰথম খ্ৰীষ্টাব্দত নিৰ্ম্মিত ১৬নং গুহাটোৰ দুৱাৰমুখত এহাল নতজানু শিলৰ হাতীয়ে আমাক আদ- ৰণি জনালে। ইতিমধ্যে ভাস্কৰ্য্য শিল্পই অগ্ৰগতি লাভ কৰাৰ চিন স্বৰূপে এই গুহাত সাঁচিস্তুপৰ পৰিবৰ্ত্তে শিক্ষাদানৰ ভংগীত বহি থকা এক বিশাল বৌদ্ধমূৰ্ত্তি আমি দেখিবলৈ পালো।

 ১৭ নং গুহাতেই অজন্তাৰ চিত্ৰকলাই চৰম উৎকৰ্ষ লাভ কৰা দেখা [ ১০৮ ] যায়। পঞ্চম শতিকাৰ শেষৰপিনে নিৰ্ম্মিত বুলি অনুমান কৰা এই গুহাৰ বেৰত গৌতম বুদ্ধৰ জীৱন আৰু তেওঁৰ আধ্যাত্মিক উত্তৰণৰ স্তৰ পৰ্য্যায়ক্ৰমে দেখুৱা হৈছে। আনহাতে তাত সেইকালৰ আড়- ম্বৰপূৰ্ণ ৰাজকীয় জীৱন, আনকি সৈন্যসকলৰ যুদ্ধ-যাত্ৰাৰ ছবিও দাঙি ধৰা হৈছে। বিশেষ কাৰুকাৰ্য্যবিহীন প্ৰাচীন গুহাবোৰৰ বিপৰীতে ২ আৰু ৩ নং গুহাত উৎকৃষ্ট চিত্ৰ-শৈলীৰ নমুনা দেখিবলৈ পোৱা যায়। বেৰত হৰিণা, ময়ুৰ, বান্দৰ, হাতী আদি জন্তুৰ ছবিৰ ওপ- ৰিও গৌতমে হেলাৰঙে ত্যাগ কৰি যোৱা ৰাজপ্ৰসাদৰ বিলাসী জীৱ- নৰ ছবিও সজীৱভাৱে অংকিত হৈছে। ভাবিলে আচৰিত লাগে, বুদ্ধ আৰু বোধিসত্বৰ আধ্যাত্মিক গৰিমা, সমাহিত ৰূপ নিপুন- তাৰে ফুটাই তোলা চিত্ৰকৰ আৰু কাৰুশিল্পী সকলে একেই দক্ষতাৰে ৰূপলাবন্যময়ী নাৰীমূৰ্ত্তিসমূহৰ দেহ-সৌষ্ঠৱ আৰু সেইসকলৰ আবেগ অনুৰাগ চিত্ৰিত কৰিছে।

 দুপৰীয়া ডেৰমান বজাত আমাৰ দৰ্শনাৰ্থী দলটোক গুহাৰ পৰা উলিয়াই আনি গাইডে বিদায় ললে। আমি ওচৰৰে এখন ৰেষ্টুৰেন্টত অজস্ৰ যাত্ৰীৰ ভিৰৰ মাজত সাধাৰণভাৱে মধ্যাহ্নভোজন শেষ কৰি ওচৰে-পাজৰে থকা চকু চাট মাৰি ধৰা নানা বৰণীয়া শিল, পাথৰৰ আ-অলংকাৰ আৰু টুপীৰ দোকানবোৰ ঘূৰি-পকি চাই তিনিবজাত বাছেৰে ঔৰংগবাদমুৱা হ'লো।

 পিছদিনা ৰাতিপুৰা ইলোৰা চোৱাৰ মানসেৰে আমি পুনৰ বাছত উঠিলো। ইলোৰাৰ গুহাবোৰ আবেলি সময়ত চাবলৈ ভাল; কাৰণ অস্তগামী সূৰ্য্যৰ পোহৰে পশ্চিমমুৱা গুহাবোৰ সেইসময়ত পোহৰাই তোলে। ঔৰংগবাদৰ ওচৰে পাজৰে থকা দুই চাৰিটা প্ৰাচীন কীৰ্ত্তি- চিহ্ন চোৱাৰ অন্তত আমাৰ বাছ গৈ ইলোৰাৰ গুহাৰ কাষত ৰ'লগৈ।

 প্ৰায় ৩ কিঃ মিঃ ঠাই জুৰি উত্তৰ-দক্ষিণাকৈ থকা পৰ্ব্বতৰ বুকু খান্দি [ ১০৯ ] উলিওৱা ইলোৰাৰ ৩৪ টা গুহাৰ নিৰ্ম্মাণ কাল ৭ম শতিকাৰ পৰা ১২শ শতিকাৰ ভিতৰত বুলি ঠাৱৰ কৰা হৈছে। অজন্তাৰ দৰে ইলো- ৰাৰ-গুহাবোৰ লোকালয়ৰ পৰা বহু আঁতৰত অৱস্থিত নোহোৱা বাবে এইবোৰত সদায় জনসমাগম আছিল। বিশেষকৈ বাৰিষাকালি আৰু মহামাৰীৰ সময়ত বহু লোক আহি এই গুহাবোৱত আশ্ৰয় লৈছিলহি। ফলত মানুহৰ অত্যাচাৰত ইয়াৰ চাল-বেৰৰ চিত্ৰবোৰ নিশ্চিহ্ন হৈ গ'ল। কিন্তু ভাস্কৰ্য্য আৰু স্থাপত্য কলাৰ দিশৰ পৰা ইলোৰাৰ গুহা অজন্তাতকৈ অধিক আকৰ্ষণীয়।

 ইলোৰাত থকা একুৰি চৈধ্যটা গুহাৰ প্ৰথম ১২ টা বৌদ্ধধৰ্ম্ম বিষয়ক, ১৭ টা হিন্দুধৰ্ম্ম আৰু বাকী পাঁচোটা জৈন ধৰ্ম্মৰ সৈতে জড়িত। বৌদ্ধ গুহা কেইটাৰ ভিতৰত খ্ৰীষ্টাব্দ ৮ম শতিকাত নিৰ্ম্মিত ১০ নং গুহাটোৰ কাৰুকাৰ্য্য অপূৰ্ব্ব সুন্দৰ। কাঠত কটা শিল্পৰ আৰ্হিত কাটি উলিওৱা গুহাটিৰ অন্ধগোলাকাৰ চাল আৰু চৈত্য অতি চকুত লগা। এই গুহাত খোদিত মূৰ্ত্তিটি শিল্পকৰ্ম্মৰ অধিষ্ঠাতা দেৱতা বিশ্ব- কৰ্ম্মাৰ বুলি বিশ্বাস প্ৰচলিত। ভাৰতত সেইকাল বৌদ্ধধৰ্ম্মৰ ঠাইত ব্ৰাহ্মণ্য ধৰ্ম্মই গা কৰি উঠাৰ পৰিপ্ৰেক্ষিতত এই গুহাটিত এক মিশ্ৰিত ধৰ্ম্মীয় সংস্কৃতিৰ প্ৰভাৱ পৰা যেন অনুমান হয়। এক সুবৃহৎ ছাত্ৰা- বাসৰ আৰ্হিৰে নিৰ্ম্মিত তিনিমহলীয়া ১২নং গুহটো দেখি আমি আনন্দ আৰু বিস্ময়ত পুলকিত হ'লো। ধাৰণা হ'ল, আজিৰ যুগৰ স্থপতি- বিদ্ সকলে আধুনিক ছাত্ৰাবাসৰ ধাৰণা সেই গুহাৰ নিৰ্ম্মাণ শৈলীৰ পৰাই লৈছিল। পঞ্চাশ ফুট ওখ সেই গুহাৰ বাহিৰখন উকা যদিও ভিতৰৰ কাৰু-কাৰ্য্য অতি সূক্ষ্ম। প্ৰতিটো মহলতে একোটাকৈ ডাঙৰ হলঘৰ আৰু গেলাৰী আছে। সমুখভাগৰ চোতালৰ বাওঁকোণত আছু- তীয়াকৈ থকা ৰান্ধনীঘৰটোৰ ভিতৰত এটা কুঁৱা আৰু পানী ওলাই যাব পৰাকৈ তলে তলে নলাৰ ব্যৱস্থা আছে। চৈত্য আৰু বিহাৰ [ ১১০ ] কেইটাত বুদ্ধৰ উপৰিও হিন্দু দেৱ-দেৱীৰ মূৰ্ত্তি আছে। তাৰ ভিত- ৰত ৬নং গুহাত থকা সৰস্বতীৰ মূৰ্ত্তি উল্লেখযোগ্য।

 তাৰ পিছত আমি হিন্দুসকলৰ দেৱ-দেৱীৰ মূৰ্ত্তি থকা গুহাবোৰ চাবলৈ সোমালো। সেইবোৰ গুহাত পূৰ্ব্বৰ বুদ্ধ আৰু বোধিসত্ত্বৰ মূৰ্ত্তিবোৰকে সামান্য ইফাল-সিফাল কৰি শিৱ, বিষ্ণু আদিৰ ৰূপত দেখুৱা হৈছে। হিমালয়ত বহি শিৱই পাশা খেলা, কেইটিমান শিশুয়ে শিৱৰ বাহন নন্দীৰ নেগুৰত ধৰি টনা আদি শিলামূৰ্ত্তিয়ে তাত মানুহৰ মন আকৰ্ষিত কৰা দেখা যায়। কিন্তু অজন্তা-ইলোৰাৰ স্থাপত্য শিল্পই চমৎকাৰিত্বৰ শীৰ্ষবিন্দু চুইছেগৈ কৈলাশ মন্দিৰ নামে খ্যাত ১৬নং গুহটোত। মহাভাৰতত বৰ্ণিত অৰ্জ্জুনৰ ৰথৰ আকৃতিত কাটি উলি- ওৱা এই গুহটোৰো পিছৰ অংশ দুমহলীয়া৷ সচৰাচৰ গুহাবোৰ তলৰ পিনৰ পৰা কাটিবলৈ আৰম্ভ কৰা হয়। কিন্তু এই গুহাটো ওপৰৰ পৰা তললৈ কাটি উলিওৱা হৈছে। ৰথখনৰ নিম্নাংশত পৃথি- ৱীৰ বিভিন্ন প্ৰান্তত বাস কৰা জীৱ-জন্তু আৰু কিম্বদন্তীৰ বীৰসকলৰ যুদ্ধ, চিকাৰ, নৰহত্যা আদি বিভিন্ন ধৰণৰ মূৰ্ত্তি শিলত কাটি উলিওৱা হৈছে। মন্দিৰৰ দুয়োকাষে দুটি অপৰূপ কাৰুকাৰ্য্য খোদিত শিলৰ বিজয়স্তম্ভ আৰু হাতী। দাক্ষিণাত্যৰ ৰাষ্ট্ৰকুট বংশৰ ৰজা প্ৰথম জন কৃষ্ণই অষ্টম শতিকাত আৰম্ভ কৰা এই মন্দিৰ সম্পূৰ্ণ কৰিবলৈ সুদীৰ্ঘ সময় লাগিছিল। আন আন গুহাবোৰত ব্ৰহ্মা, বিষ্ণু, গনেশ, মহি- ষাসুৰমৰ্দ্দিনী দুৰ্গা, ঘাইকৈ শিৱলিংগ আৰু শিৱৰ মূৰ্ত্তি বিৰাজমান। ধুনীয়া কাৰুকাৰ্য্য খচিত সম্মুখভাগেৰে, ২১নং গুহাটোত হৰ-পাৰ্ব্বতীৰ বিয়া পৰ্য্যায়ক্ৰমে খোদিত হৈছে। প্ৰায় ডেৰশ ফুট ওখ ২১নং গুহাত সংহাৰৰ প্ৰতীক ভয়ংকৰ অষ্টবাহু শিৱ মূৰ্ত্তি। আন এঠাইত শিৱ তাণ্ডৱ-নৃত্যৰ ভংগিমাত। এইখিনিতে উল্লেখযোগ্য যে ভাৰতীয় নৃত্য কলাৰ বহু মুদ্ৰা আৰু নৃত্য-ভংগিমা অজন্তা-ইলোৰাৰ মূৰ্ত্তিসমূহৰ [ ১১১ ] পৰাই আহৰণ কৰা হৈছে।

 সামৰণিত আমি উত্তৰপিনে এক কিলোমিটাৰমান দূৰত অৱস্থিত জৈন গুহ পাঁচোটা চাবলৈ গ'লো। খৃষ্টীয় নৱম শতিকাৰ পৰা একাদশ শতিকাৰ মাজভাগত নিৰ্ম্মিত এইকেইটা গুহাত, পদুমফুলৰ আসনত উপবিষ্ট ভগৱান মহাবীৰ আৰু তীৰ্থঙ্কৰ সকলৰ মূৰ্ত্তি দেখি- বলৈ পোৱা যায়। ইন্দ্ৰসভা নামেৰে জনাজাত, ৩২নং গুহাৰ ওপৰ মহলাত থকা বিশাল হলঘৰ আৰু খুটাত হাতীদাঁতৰ কাৰুকাৰ্য্যৰ লেখিয়া সূক্ষ্ম শৈল কাৰু-কাৰ্য্য আন ক’তো দেখা নাযায়। ৩৪ নং গুহাৰ ধেনুভিৰীয়া দুৱাৰ মুখত জৈন ধৰ্ম্মগুৰু আৰু অনুচৰ সকলৰ মুৰ্ত্তি। ইয়াৰ খুটা আৰু বেৰত খোদিত মূৰ্ত্তি জৈন ভাস্কৰ্য্যৰ উৎকৃষ্ট নিদৰ্শন।

 অজন্তা-ইলোৰাৰ চিত্ৰকলা আৰু ভাস্কৰ্য্য-স্থাপত্য শিল্পৰ ভেটিতে আধুনিক ভাৰতীয় শিল্পকলা গঢ় লৈ উঠিছে। অজন্তাৰ গুহাত অংকিত নাৰী মূৰ্ত্তিসমূহে নাৰীদেহ-সুষমাৰ প্ৰতীকৰূপে ভাৰতীয় চিত্ৰকলাত যুগ যুগ ধৰি স্বীকৃতি পাই আহিছে। সেইদৰে শিৱৰ তাণ্ডৱকে আদি কৰি ভাৰতীয় নাট্যশাস্ত্ৰৰ ভালেমান নৃত্য-ভংগিমা অজন্তা-ইলোৰাৰ শিলত যুগমীয়া হৈ আছে৷ তাত খোদিত কিছু শিল্পকৰ্ম্মই চীন কম্বোডিয়া প্ৰভৃতি প্ৰাচ্যৰ ভালেমান প্ৰাচীন দেশৰ সৈতে সেইকালৰ ভাৰতবৰ্ষৰ সাংস্কৃতিক বিনিময়ৰ ইঙ্গিত দিয়ে। পৃথিৱীৰ আশ্চৰ্য্যজনক বস্তুবোৰৰ অন্যতম, অলেখ বিদেশী পৰ্য্যটকে ভিৰ কৰা সেই গুহাপুৰীত ঘূৰি ফুৰোতে এটা প্ৰশ্ন বাৰে বাৰে মনলৈ আহিছিল—কেইবা হাজাৰ বছৰীয়া সুসংহত ভাৰতীয় সভ্যতা, ভাৰতীয় শিল্পকলা আজি কোন মুখে- ই অগ্ৰগতি নে পশ্চাৎগতিৰ পথত? • [ ১১২ ]

এছ অ’ এছ শিশুগ্ৰামলৈ গৈছিলো

 গুৱাহাটীৰ শৰণীয়া আশ্ৰমত বছৰি অনুষ্ঠিত গ্ৰামীন মহিলা চেতনা জাগৃতি শিবিৰৰ শিবিৰাৰ্থী সকলৰ সৈতে এবাৰ দক্ষিণ কামৰূপৰ আজাৰাত থকা এছ অ’ এছ শিশুগ্ৰাম চোৱাৰ সৌভাগ্য হৈছিল। পুৱা ন বজাত বাছেৰে গৈ কেইটামান শিশু আৰু নাৰীকল্যাণ কেন্দ্ৰ চোৱাৰ অন্তত দুপৰীয়া ডেৰ মান বজাত আমাৰ সিদিনাৰ ভ্ৰমণৰ শেষ লক্ষ্য শিশুগ্ৰামত উপস্থিত হ'লোগৈ। আমাৰ তালৈ যোৱা সম্পৰ্কে আগতীয়াকৈ শিশুগ্ৰাম কৰ্তৃপক্ষক জনাই থোৱা হৈছিল। গৈ পোৱাত অনুষ্ঠান কৰ্ম্মকৰ্ত্তাসকলে আমাক স্বাগত জনালে। শিশু- গ্ৰাম চৌহদত প্ৰথম দৃষ্টিতে যিটো কথাই আমাৰ মন আকৰ্ষণ কৰিলে সি হ’ল চৌহদৰ সুন্দৰ আৰু পৰিস্কাৰ-পৰিচ্ছন্ন পৰিবেশ। বিশাল চৌহদটোৰ দাঁতিয়ে দাঁতিয়ে ভিন্‌ ভিন্‌ পৰিয়ালৰ বাবে একোটা সৰু অথচ সুদৃশ্য ঘৰ। একোটি ঘৰত একোগৰাকী মাতৃৰ তত্ত্বাৱধা- নত আঠ দহোটি শিশু বাস কৰে। ঘৰৰ সমুখত বাৰেবৰণীয়া ডালিয়া ফুলৰ শাৰী। মাজে মাজে সেউজীয়া ঘাঁহনি। চৌহদত সোমায়েই দেখিছিলো এখন নানা তৰহৰ গোলাপৰ চালে চকু ৰোৱা ফুলনি। জকমকাই ফুলি থকা গোলাপ আৰু ডালিয়া ফুলবোৰ দেখি এনেহে লাগিছিল যেন সেয়া ফুল নহয়, শিশুৰ একোখন হাঁহি ভৰা মুখহে। শিশুগাঁৱৰ পৰিবেশ তেতিয়া নিজম পৰি আছিল। চৌহদৰ ভিতৰতে থকা প্ৰাক্‌-প্ৰাথমিক বিদ্যালয়ৰ শিশুকেইটাই লগলাগি উমলি আছিল। [ ১১৩ ] তিনিবজাৰ পিছতহে শিশুগ্ৰামৰ নিজা বাছেৰে তেওঁলোক ঘৰলৈ উভ- তিব। অতিথিশালাৰ পৰিচালিকা গৰাকীয়ে আমাক হাত-মুখ ধোৱাৰ ব্যৱস্থা কৰি দিলে। এছ অ এছ, এক আন্তৰ্জাতিক শিশু কল্যাণ সংস্থা। বিশ্বৰ বিভিন্ন ঠাইৰ শিশুগ্ৰামৰ কৰ্ম্মকৰ্তা বা বিষয়ববীয়াসকল আহিলে সেই অতিথিশালাতেই থাকে। এখন ঘৰৰ দুৱাৰমুখত এজনী ছোৱালীৰ কোলাত এটি কেচুৱা দেখা পাই আমি অগিবাঢ়ি গ'লো। এগৰাকী গাভৰু ওলাই আহি আমাক নমস্কাৰ জনালেহি। তেঁৱেই সেই ঘৰৰ মাতৃ নেকি বুলি সোধাত গাভৰুগৰাকীয়ে ক'লে যে তেওঁ মাতৃ নহয়, মাহীহে। ঘৰখনৰ মাতৃগৰাকীয়ে অনিবাৰ্য্য কাৰণবশতঃ কিছুদিনৰ বাবে ছুটী ল'বলগীয়া হোৱাত বৰ্ত্তমান প্ৰশিক্ষণ লৈ থকা তেওঁকেই সাময়িকভাৱে শিশুকেইটিৰ তদাৰকৰ ভাৰ দিয়া হৈছে। পৰিয়ালটিৰ সাতোটি শিশুৰ ভিতৰত কনিষ্ঠ হ'ল কোলাত উঠি থকা সেই মৰম লগা ছোৱালীটি, নাম হ’ল পুষ্পা, বয়স আঠমাহ। হাত মেলোতেই কেচুৱাটি হাঁহি মাৰি আমাৰ কোলালৈ আহিল। ড্ৰইং ৰূমলৈ সোমাই গৈ দেখিলো, মাতৃ আৰু ল'ৰা-ছোৱালী কেইটিৰ কেইবাখনো ফটো ধুনীয়াকৈ সজাই থোৱা আছে। এখন পুষ্পাৰ অন্নপ্ৰাশনৰ ফটো-মোমায়েকে কেচুৱাটিৰ মুখত অন্ন দিছে। শিশুগ্ৰামৰ সঞ্চালক আৰু কাউঞ্চেলৰ—দু্যোজন আটাইবোৰ শিশুৰে উমৈহতীয়া মামা। মহিলা কাউঞ্চেলৰ এগৰাকীও আছে, তেওঁ আটাইৰে মাহী। এই কাউঞ্চেলৰ দুগৰাকীয়ে সকলো সময়তে পৰিয়াললৈ আৱশ্যকীয় দিহা-পৰামৰ্শ আৰু সহায় আগবঢ়ায়। ঘৰৰ ভিতৰ সোমাই চালো, সংলগ্ন শৌচাগাৰ, স্নানাগাৰৰ সৈতে তিনি চাৰিটা কোঠাৰ ঘৰ, অতি পৰিপাটী আৰু শৃংখলাবদ্ধ। প্ৰতিটো পৰিয়ালৰ জনসংখ্যা অনুপাতে শিশুগ্ৰাম কৰ্তৃপক্ষৰ দ্বাৰা খাদ্যবস্তুৰ যোগান ধৰা হয়। ঘৰ-সংসা- ৰৰ যাৱতীয় সকলোবোৰ কাম মাতৃগৰাকীয়ে নিজেই কৰে নেকি? [ ১১৪ ] —আমাৰ প্ৰশ্নৰ উত্তৰত মাহীয়েকগৰাকীয়ে জনালে যে শিশুগ্ৰামৰ উদ্দেশ্যই হৈছে শিশুসকলক স্বাৱলম্বী কৰি ভৱিষ্যতৰ কৰ্ম্মক্ষম, দায়িত্ব- শীল নাগৰিকৰূপে গঢ় দিয়া। সেয়ে শিশুসকলক সৰুৰে পৰাই গৃহ- কৰ্ম্মত মাতৃগৰাকীক সহায় কৰিবলৈ উৎসাহ দিয়া হয়। মাক আৰু ল’ৰা-ছোৱালী মিলি ঘৰখন চলায়।

 পুষ্পাক মাহীয়েকৰ কোলাত দি আমি আন এঘৰৰ দুৱাৰমুখত থিয় দিলোগৈ। কোলাত ধুনীয়া কেচুৱা এটিৰে সৈতে মাতৃ এগ- ৰাকী বাহিৰতে বহি আছিল। এটি পাতল গোলাপী ৰঙৰ ফ্ৰকে বগা গোলাপৰ কলি যেন কেচুৱাটিৰ মুখখন পোহৰাই তুলিছিল। তাইৰ নাম নৱনীতা। মাকৰ মুখৰ পৰা গম পালো-সেইদিনা তাইৰ এবছৰ পুৰা হৈছে। সম্পূৰ্ণ এবছৰ আগতে, জন্মৰ কেইঘণ্টামান পিছতে, পথৰ দাঁতিত পেলাই থৈ যোৱা সেই শিশুটিক তালৈ অনা হৈছিল। আমাৰ হাতত জন্মদিনৰ উপহাৰ বুলিবলৈ একো নাছিল। আমি আটায়ে শিশুটিক বুকুৰ মৰম একণকে যাচিলো। নৱনীতাৰ মাকে আমাক জনালে, তেওঁৰ ল'ৰা-ছোৱালী নটি, প্ৰথম সন্তান জোনালী নাথ সপ্তম শ্ৰেণীৰ ছাত্ৰী আৰু কনিষ্ঠা সেই নৱনীতা চৌধুৰী। চৌধুৰী? —আমি প্ৰশ্নসূচক দৃষ্টিৰে মাকৰ মুখলৈ চালো। “এৰা, চৌধুৰী; ইয়াত শিশুসকলৰ পূৰ্ব্বৰ নাম, উপাধি, ধৰ্ম্ম একোকে সলনি কৰা নহয়। কিন্তু পৰিচয়হীন শিশুসকলক মাতৃগৰাকীৰ পছন্দ অনু- সৰি নাম আৰু তেওঁৰ উপাধিকে দিয়া হয়। ভৱিষ্যতে স্কুল-কলে- জত ভৰ্ত্তি হওঁতেও অভিভাৱক হিচাপে মাতৃৰ নামকে দিয়া হয়। গতিকে মোৰে উপাধি লৈ নৱনীতা চৌধুৰী হ'ল।” তেওঁৰ কথা শুনি কিবা এটা বুজাব নোৱাৰা আনন্দত আমাৰ বুকু ভৰি উঠিছিল। আমি ঘূৰি পকি এইখন ঘৰো চালো। পৰিয়ালটোৰ কেইবাখনো ফটোৰ লগতে সজাই থোৱা আছে প্ৰথম সন্তান শ্ৰীমতী জোনালী নাথৰ খেলা-ধুলাত [ ১১৫ ] দেখুওৱা কৃতিত্ব প্ৰমাণ পত্ৰ কেইখনমান।

 শিশুগ্ৰাম চৌহদৰ সমুখভাগতে এখন প্ৰকাণ্ড খেলপথাৰ। ইমান পৰিস্কাৰ-পৰিচ্ছন্ন, কেনিও কাগজৰ টুকুৰা এটিও পৰি থকা নেদেখিলো। তাতেই বহি আমি লগত নিয়া খাদ্য সম্ভাৰেৰে মধ্যাহ্নভোজন শেষ কৰিলো। ইতিমধ্যে স্কুল বাছখন আহি পালেহি। বিভিন্ন স্কুলৰ ইউনিফৰ্ম পিন্ধা, স্বাস্থ্যবান, পৰিপাটি সাজ-পোছাকেৰে লৰা-ছোৱালী হঁতক দেখি আমাৰ বৰ ভাল লাগিল। তেওঁলোকৰ কিছুসংখ্যক কেন্দ্ৰীয় বিদ্যালয়, ডনবস্কৰ দৰে ইংৰাজী মাধ্যমৰ বিদ্যালয়তো পঢ়ে। ল'ৰা-ছোৱালীহঁত আহি পোৱাৰ লগে লগে শিশুগ্ৰামলৈ প্ৰাণচাঞ্চল্য ঘূৰি আহিল।

 শিশুগ্ৰামৰ সঞ্চালক ডাঃ মৃণাল চৌধুৰী আৰু কাউঞ্চেলৰ, দুয়ে- জনৰ সৈতে আমি কথা-বতৰা হ'লো। সঞ্চালক মহোদয়ে এছ অ' এছ শিশুগ্ৰামৰ উৎপত্তি আৰু বৰ্তমান অৱস্থা সম্পৰ্কে আমাক বহলাই ক'লে। তেখেতৰ পৰা শুনামতে, ইয়াৰ উৎপত্তিৰ কাহিনীও অন্তৰ পৰশা। এছ অ' এছৰ জন্মদাতা জাৰ্মান দেশৰ ডঃ হাৰমেন মেইনাৰে পাঁচ বছৰ বয়সতে মাকক হেৰুৱায়। ঘৰৰ দহোটি সন্তানৰ প্ৰথম ছোৱালীটিয়ে মাতৃৰ দায়িত্ব লৈ নাজল নাথল সেই সংসাৰখন আগুৰি ৰাখিলে; অসীম ত্যাগ আৰুএবুকু মৰমেৰে তেওঁ ভাই-ভনীহঁতক মানুহ কৰিলে। বয়স হোৱাত মেইনাৰে নিজৰ জীৱনৰ অভিজ্ঞতাৰ পৰা উপলব্ধি কৰিলে যে মাতৃৰ অবিহনে এই পৃথিৱীত আনৰ পৰাও মাতৃসুলভ মৰম পাব পাৰি। সেই উপলব্ধিৰে, অনাথ শিশুক মাকৰ মৰম আৰু এখন ঘৰ দিয়াৰ পৰিকল্পনাৰে তেওঁ শিশুগ্ৰামৰ শুভাৰম্ভ কৰিলে। ১৯৪৯ চনত অষ্টিয়াত বিশ্বৰ প্ৰথমখন শিশুগ্ৰাম স্থাপিত হ’ল। ইয়াৰ প্ৰথম শিশুটি হ’ল ডাষ্টবিনৰ পৰা বুটলি অনা এটি কেচুৱা- যি হেলমেট কুট্টিন নামেৰে জনাজাত হ’ল আৰু ডঃ মেইনাৰৰ [ ১১৬ ] তদাৰকত মানুহ হৈ আজি এই বিশ্বসংস্থাৰ গুৰি ধৰিছে। সম্প্ৰতি সমগ্ৰ বিশ্বতে ডেৰহাজাৰৰো ওপৰ শিশুগ্ৰামত ১৩২ খন দেশৰ প্ৰায় ছয়কোটি অনাথ নিৰাশ্ৰয় শিশুক আশ্ৰয় আৰু শিক্ষা-দীক্ষা দি মানুহ কৰাৰ দায়িত্ব এছ অ’ এছ সংস্থাই হাতত লৈছে। "Save our Soul” “আমাক ৰক্ষা কৰা”—এই বাক্যাংশটিকে চমুৱাই ‘এছ অ’ এছ’ বুলি কোৱা হয়। স্বৰূপাৰ্থত ‘এছ অ’ এছ’ হৈছে এক বিপদৰ সংকেত, সাগৰত জাহাজ বিপদাপন্ন হলে এই সঙ্কেতৰ দ্বাৰা সহায় বিচৰা হয়। স্বাভাৱিকতে এছ অ’ এছ সংসাৰসাগৰত দিশহাৰা শিশুসকলৰ বিশ্ববাসীলৈ এক মৰ্ম্মস্পৰ্শী আবেদন।

 ভাৰতত ১৯৬৪ চনত প্ৰথমখন শিশুগ্ৰাম স্থাপিত হৈছিল। অস- মত হয় ১৯৮৩ চনত, নেলীৰ অমানুষিক হত্যাকাণ্ডৰ পিছত। মানুহ সেই পৈশাচিক নিষ্ঠুৰতাৰ বলি শিশুসকলৰ আশ্ৰয়ৰ বাবে মঙলদৈৰ ওচৰৰ ভকতপাৰাত আৰু নগাওঁ জিলাৰ হোজাইত পোন প্ৰথমে শিশুগ্ৰাম স্থাপন কৰা হয়। ১৯৮৯ চনত উন্নত ঘৰ-দুৱাৰ আৰু অধিক সা-সুবিধাৰে কামৰূপ জিলাৰ আজাৰাত তৃতীয়খন শিশুগ্ৰাম স্থাপিত হয়। বৰ্তমান ইয়াত ল'ৰা-ছোৱালীৰ সংখ্যা ১২২ টি। তাৰে ৪৭ জনী ছোৱালী আৰু ৬৫ টা ল'ৰা। শিশুগ্ৰামৰ ল'ৰা-ছোৱালীৰ শিক্ষাৰ বাবে কোনো সীমাবদ্ধতা নাই। ইচ্ছা, অভিৰুচি আৰু মানসিক সামৰ্থ্য অনুযায়ী যিকোনো বিষয়ৰে উচ্চ শিক্ষাৰ পথ তেওঁলোকৰ বাবে মুকলি। তেওঁলোকক খেলা-ধুলা বা অন্য সাংস্কৃতিক দিশতো আগবঢ়াৰ সুবিধা দিয়া হয়। চৈধ্য বছৰ বয়স হলে ল’ৰা আৰু ছোৱালীক বেলেগে বেলেগে ৰখাৰ ব্যৱস্থা কৰা হয়।

 এছ অ’ এছ সংস্থাই ধৰ্ম্মনিৰপেক্ষতা নীতি হিচাপে মানে। শিশুসকলৰ নৈতিক উৎকৰ্ষ সাধনৰ বাবে মানৱ ধৰ্ম্মৰ পাঠহে ইয়াত শিকোৱা হয়। কিন্তু শিশুসকলৰ পূৰ্ব্বৰ নাম-উপাধিৰে, পূৰ্ব্বৰ ধৰ্ম্মেৰে [ ১১৭ ] চলাত কোনো অসুবিধা নাই। উৎসৱৰ নামত শিশুগ্ৰামত কেৱল বিহু, ঈদ আৰু বৰদিনহে পালন কৰা হয়। ল'ৰা-ছোৱালীহঁতৰ বেমাৰ আজাৰ হ'লে ক’ত চিকিৎসা কৰে? –আমাৰ প্ৰশ্নৰ উত্তৰত সঞ্চালক মহোদয়ে ক'লে যে তেওঁ নিজে এজন চিকিৎসক; বিশেষজ্ঞৰ দৰকাৰ হ'লে বাহিৰৰ পৰা অনা হয়। জটিল ৰোগত ভোগা শিশুক অস- মৰ বাহিৰলৈ পঠোৱাৰ দৃষ্টান্তও আছে। সঞ্চালক মহোদয়ে এটা কথাই দোহাৰিছিল যে শিশুগ্ৰামৰ মুল লক্ষ্য হৈছে শিশুক এখন ঘৰ আৰু এগৰাকী মাতৃ দিয়া, যাতে সেই শিশুৱে স্বাভাৱিক পৰিবেশত ডাঙৰ-দীঘল হৈ ভৱিষ্যতে দেশৰ দায়িত্বশীল নাগৰিকৰ সংখ্যা বঢ়াব পাৰে। সেই লক্ষ্যত উপনীত হ’বলৈ হ'লে পৰিয়ালৰ মাতৃগৰাকী ধৈৰ্য্য, ত্যাগ, কৰুণা আদি নানান গুণেৰে ভূষিতা, এক বিশেষ ব্যক্তি- ত্বৰ অধিকাৰিণী হ’ব লাগিব। গতিকে মাতৃসকলক নিযুক্তি দিয়াৰ আগতে দীঘলীয়া প্ৰশিক্ষণ দিয়া হয়। এই পদৰ প্ৰাৰ্থীসকল অবি- বাহিত বা দায়িত্বমুক্ত বিধৱা নতুবা স্বামী পৰিত্যক্তা হ'ব লাগে। শিক্ষাগত অৰ্হতা অন্ততঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উৰ্ত্তীণ হোৱা হ’ব লাগে। শিশুগ্ৰামত প্ৰাথমিক প্ৰশিক্ষণৰ অন্তত তেওঁলোকক দিল্লীৰ মাতৃ প্ৰশিক্ষণ কেন্দ্ৰলৈ দুবছৰীয়া কঠিন প্ৰশিক্ষণৰ বাবে পঠোৱা হয়। মাতৃসকল নিজ পৰিয়ালৰ পৰা পাৰ্য্যমানে বিচ্ছিন্ন হ'ব লাগে যাতে তেওঁ একান্তমনে নিজ দায়িত্বত ডাঙৰ হোৱা শিশুকেইটিক প্ৰেম আৰু সেৱা দিব পাৰে। পৰিয়ালৰ পৰা যদি বিচ্ছিন্নই হ’ব লাগে তেন্তে বুঢ়াকালত তেওঁলোকক কোনে চাব? —উত্তৰত আমাক জনালে যে সেইসকলৰ সম্পূৰ্ণ দায়িত্ব এই অ’ এছ সন্থাৰ। দিল্লীত থকা এছ, অ' এছৰ বৃদ্ধ-নিবাসত নমৰা দিনলৈকে তেওঁলোক থাকিব পাৰিব। অন্য চাকৰিয়ালৰ দৰে মাতৃসকলৰ ঠাই সলনা- সলনি হয়নে? –“মানুহৰ মাক জানো বাৰে বাৰে সলনি হ'ব পাৰে?” [ ১১৮ ] —মানুহজনে ওলোটাই আমাকে প্ৰশ্ন কৰিলে। শিশুগ্ৰামত দুটা বস্তু সলনি নহয়, সেয়া হ'ল শিশুৰ মাতৃগৰাকী আৰু ঘৰখনৰ। দুৰ্দৈবাৎ যদি কোনোবা মাতৃয়ে কিবা কাৰণত কাম চলাব নোৱাৰা হয় তেতিয়া তেওঁৰ ঠাইত যি গৰাকী আহে তেওঁ মাতৃৰ সৈতে সমান দৰমহা বা একে সা-সুবিধা পায় যদিও মাতৃৰ মৰ্য্যাদা নেপায়, শিশু সকলে তেওঁক মাহী হিচাপেহে গ্ৰহণ কৰে। শিশুগ্ৰামৰ ল'ৰা- ছোৱালীহঁত ডাঙৰ দীঘল হৈ উপাৰ্জ্জনক্ষম হ'লে তেওঁলোকৰ মাজত বিয়া-বাৰু পাতি দিয়াৰ ব্যৱস্থাও শিশুগ্ৰামৰ তৰফৰ পৰা হাতত লোৱা হয়। নাইবা তেওঁলোকে স্বাধীনভাৱে বাহিৰৰ ল'ৰা-ছোৱালীকো বিয়া কৰাব পাৰে। এইদৰে সংসাৰত প্ৰতিষ্ঠিত হোৱা বহু লৰা-ছোৱা লীয়ে মৰম আৰু কৃতজ্ঞতাৰে মাতৃগৰাকীৰ সৈতে চিৰজীৱন সম্বন্ধ অটুট ৰখা দেখা যায়।

 “কোনোবাই পোষ্যৰূপে ল’বলৈ বিচাৰিলে আপোনালোকৰ অনুষ্ঠানৰ পৰা শিশু নিবলৈ অনুমতি দিবনে?”—“আমি শিশু কাকো নিদিওঁ; সমাজৰ অনাথ, অনাদৃত, অবাঞ্চিত শিশুসকলক আপোনা লোকে আমাৰ অনুষ্ঠানলৈ পঠিয়াই দিয়ক, পৃথিৱীত কোনো শিশু যেন আদৰ-যত্নৰ পৰা, সিহঁতৰ স্বাভাৱিক বিকাশৰ সুবিধাৰ পৰা বঞ্চিত হ’বলগীয়া নহয়” —আবেগ জড়িত কণ্ঠে সঞ্চালক মহোদয়ে ক'লে।

 সময়ৰ অভাৱত প্ৰতিটো পৰিয়ালকে লগ ধৰা আমাৰ পক্ষে সম্ভৱ নহ’ল। তথাপিতো মানুহ গঢ়া সেই মহান অনুষ্ঠান নিজ চকুৰে চাই পৰম তৃপ্ত হ’লো, কৃতাৰ্থ হ’লো। সেই পবিত্ৰ তীৰ্থক্ষেত্ৰৰ প্ৰতি প্ৰাণৰ প্ৰণাম জনাই যেতিয়া বাছেৰে ঘৰমুৱা হৈছিলো তেতিয়া ভাবিছিলো—কি বিচিত্ৰ এই মানৱ জাতি! এহাতে ক্ষুদ্ৰ স্বাৰ্থ চৰি- তাৰ্থৰ বাবে এচাম মানুহে ধ্বংসৰ তাণ্ডৱলীলা চলায়। আনহাতে এমুঠি মানৱ-প্ৰেমিকৰ ত্যাগ আৰু আন্তৰিক প্ৰচেষ্টাৰ ফলত শিশুগ্ৰামৰ [ ১১৯ ] দৰে মানৱ কল্যাণমূলক অনুষ্ঠানসমূহ গঢ় লৈ উঠিছে। শিশুগ্ৰামৰ সেই অখ্যাত মাতৃসকলে যদি অনাথ মানৱশিশু সকলক উদাৰ, নিস্বাৰ্থ- ভাৱে বুকুৰ মৰম দিব পাৰে তেন্তে তেওঁলোকতকৈ মহান ধাৰ্ম্মিক, মহান দেশপ্ৰেমিক এই পৃথিৱীত কোনো হ’ব নোৱাৰে।

 সেইদিনা পুৱা আমি জালুকবাৰী অঞ্চলৰ সুন্দৰবড়িত থকা শিশু- সদনতো সোমাই আহিছিলো। সেইখনৰ দাৰিদ্ৰ্যক্লিষ্ট অৱস্থা, মলিন বিবৰ্ণ সাজপাৰেৰে শিশুসকলৰ উৎসাহহীন, উদাস কৰুণ মুখবোৰ দেখি আমি অত্যন্ত ব্যথিত হ'লো । তাত শিশুসকলৰ খাদ্যৰ মান- দণ্ডও নিম্নখাপৰ বুলি আমি গম পাইছিলো। দুই চাৰিটি শিশু ওচৰৰে স্কুললৈ অহা যোৱা কৰে যদিও সদনত শিক্ষাৰ পৰিবেশ নাই বুলিলেই হয়। ৰাজ্য চৰকাৰৰ অনুদান নিচেই কম আৰু অনিয়মীয়া হোৱা বাবে সমাজ-সেৱী অনুষ্ঠান তথা ৰাইজৰ সহায়-সহযোগ যথেষ্ট নোহোৱা বাবেই সেৱামূলক অনুষ্ঠানটিৰ তেনে দুখলগা অৱস্থা বুলি সঞ্চালিকাই আমাক জনালে। আন্তৰ্জাতিক অনুষ্ঠান এছ অ’ এছৰ লগত ৰাজ্যিক পৰ্য্যায়ৰ শিশু-সদনে ফেৰ মাৰিব নোৱাৰে সঁ‌চা, কিন্তু এই দুৰ্ভগীয়া, অনাথ শিশুসকলৰ প্ৰতি দায়িত্ব আৰু কৰ্ত্তব্য সম্পৰ্কে আমাৰ চৰকাৰ আৰু ৰাইজ সচেতন হ'লে, অনুষ্ঠানটিৰ পৰিচালনাৰ ভাৰ দায়িত্বশীল, বিবেকবান লোকেৰে গঠিত কোনো কমিটীৰ ওপৰত ন্যস্ত হ'লে শিশুসকলৰ জীৱন-যাত্ৰাৰ মান উন্নততৰ হ’ব বুলি নিশ্চয় আশা কৰিব পাৰি।


সমাপ্ত

এই লেখাটো মুক্ত আৰু ইয়াক সকলোৱে যিকোনো কাৰণত বা যিকোনো উদ্দেশ্যত ব্যৱহাৰ কৰিব পাৰে। আপুনি যদি এই সমল ব্যৱহাৰ কৰিব বিচাৰে, তেন্তে এই পৃষ্ঠাত উল্লিখিত অনুজ্ঞাপত্ৰৰ প্ৰয়োজনীয়তাসমূহ অনুসৰণ কৰিলে আপুনি অনুমতি বিচৰাৰ প্ৰয়োজন নাই ।

ৱিকিমিডিয়াই ই-মেইলযোগে এই লেখাৰ স্বত্বাধীকাৰীৰ পৰা এই লেখাক এইটো পৃষ্ঠাত উল্লিখিত চৰ্তসমূহৰ অধীনত ইয়াৰ ব্যৱহাৰৰ অনুমোদন লাভ কৰিছে। এই বাৰ্তালাপক এজন OTRS সদস্যই পৰিদৰ্শন কৰিছে আৰু ইয়াক আমাৰ অনুমতিৰ সংগ্ৰহালয়ত সংৰক্ষণ কৰি ৰখা হৈছে। এই বাৰ্তালাপ বিশ্বাসযোগ্য স্বেচ্ছাসেৱকসকলৰ বাবে এই লিংকত উপলব্ধ।

 

এই লেখা ক্ৰিয়েটিভ কমন্স এট্ৰিবিউচন-শ্বেয়াৰ এলাইক 4.0 আন্তৰ্জাতিক অনুজ্ঞাপত্ৰৰ অধীনত মুকলি কৰা হৈছে, ইয়াৰ মতে আপুনি এই লেখাৰ অনুজ্ঞাপত্ৰ পৰিবৰ্তন নকৰাকৈ আৰু স্পষ্টকৈ উল্লেখ কৰি, আৰু মূল লেখকৰ নাম উল্লেখ কৰি বিনামূলীয়াকৈ ব্যৱহাৰ, বিতৰণ, আৰু বিকাশ কৰিব পাৰিব—আৰু যদি আপুনি বিকল্প, পৰিবৰ্তন, বা এই লেখাৰ পৰা অন্য কোনো লেখা প্ৰস্তুত কৰে, সেই লেখাও একে অনুজ্ঞাপত্ৰৰ অধীনতহে মুকলি কৰিব পাৰিব।