সমললৈ যাওক

পৃষ্ঠা:হিৰণ্ময়ী দেৱীৰ বিভিন্ন অনুভৱ.pdf/৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সৌন্দৰ্য্য পাঠকৰ চকুৰ আগত যেন জীৱন্ত হৈ উঠে। কিৰাট কিন্নৰ আদিৰ বাসস্থান, সিদ্ধসকলৰ তপোভূমি এই পৰ্ব্বতমালাৰ তুষাৰাবৃত শৃঙ্গত ৰ'দৰ ৰশ্মিয়ে সোণালী ৰহন সানে, নামনি অঞ্চলত ছাঁ‌-পোহৰ মায়াময় খেলা। নানা মূল্যবান খনিজ, বনজ সম্পদৰে চহকী এই পৰ্ব্বতত সিংহ-হাতী, আদি নানা জন্তু আৰু চিকাৰীসকলে বিচৰণ কৰে। চামৰী হৰিণাই অৰণ্যৰ শোভা বঢ়ায়, দুষ্প্ৰাপ্য ঔষধিজাতীয় গছে ৰাতি বনভূমি পোহৰাই তোলে। বিবিধ পুষ্পৰাজি, কস্তুৰী মৃগৰ সুবাসে বনাঞ্চল অমোল-মোলাই থাকে। হিমালয়ৰ চাক্ষুস অভিজ্ঞতা বিনে এনে প্ৰাণময় বৰ্ণনা কাৰো পক্ষে সম্ভৱ নহয় যেন লাগে।

 মেৰু পৰ্ব্বতৰ সখা এই হিমালয়ৰে জীয়ৰী পাৰ্ব্বতী বা উমা। দক্ষৰাজ নন্দিনী যি সতীয়ে স্বামীনিন্দা সহিব নোৱাৰি প্ৰাণ-ত্যাগ কৰিছিল তেৱেঁ‌ই পুনৰ্বাৰ শিৱক স্বামীৰূপে পোৱাৰ মানসেৰে জন্ম ললেহি হিমালয় পত্নী মেনকাৰ গৰ্ভত। লাহে লাহে পাৰ্ব্বতী যৌৱন প্ৰাপ্তা হ'ল; বিধাতাই যেন বিশ্বৰ সকলো সৌন্দৰ্য্য অনি উমাৰ দেহতে থূপ খুৱালেহি। পাৰ্ব্বতীৰ ক’লা চুলিটাৰী দেখি চামৰী হৰিণাই লাজতে নিজৰ চোঁ‌ৱৰ যেন নেজ লুকুৱাই থয়।

 প্ৰিয়া বিচ্ছেদত শোকাৰ্ত্ত মহাদেৱ হিমালয়ৰে কোনো এক নিৰ্জ্জন শৈল-শিখৰত তপস্যাত মগ্ন হৈ আছিল। নাৰদৰ মুখে উমাই তেওঁকে স্বামীৰূপে পাব বুলি জানিব পাৰি পিতৃ হিমালয়ে নিজ কন্যাক দুগৰাকী সখীসহ শিৱৰ সেৱা-শুশ্ৰষাত নিয়োজিত কৰিলে। সুচৰিতা উমাই পিতৃআজ্ঞা পালি ফুল, কুশবন, তীৰ্থজল আদি সংগ্ৰহ কৰি মহাদেৱক আহ্ণিক পূজা-অৰ্চ্চনাত সহায় কৰে।

 কাব্যৰ ২য় সৰ্গত দেখা যায়, তাৰকাসুৰৰ অত্যাচাৰত ত্ৰস্তমান দেৱতা সকলে ব্ৰহ্মাৰ কাষ চাপি নানাভাৱে তুতি-নতি কৰি তেওঁলোকৰ

॥৫০॥