পৃষ্ঠা:হিৰণ্ময়ী দেৱীৰ বিভিন্ন অনুভৱ.pdf/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

হৈছে গৃহ শিক্ষকতাত অধিক মনোযোগ আৰু সময় খৰচ। ডাক্তৰ সকলৰ ঘৰুৱা চিকিৎসাৰ লেখিয়াকৈ ইও সম্প্ৰতি এক সামাজিক ব্যাধিত পৰিণত হৈছে। শিক্ষকে পিছ পৰা বা উচ্চাকাঙ্খী, অধিক আগবঢ়া ছাত্ৰ-ছাত্ৰীক প্ৰয়োজনৰ দাবীত ঘৰুৱাভাৱে চাই-চিতি দিয়া এক কথা, আৰু অধিক উপাৰ্জনৰ দ্বাৰা অধিকতৰ ঐহিক সুখৰ লালসাত শ্ৰেণীত শিক্ষাদানত ফাঁকি দি ছাত্ৰ-ছাত্ৰীক ‘প্ৰাইভেট টিউচন’ লবলৈ প্ৰকা- ৰান্তৰে বাধ্য কৰি সমাজৰ মধ্যবিত্ত, শ্ৰেণীৰ মূৰত টাঙোন মৰাটো সম্পূৰ্ণ বেলেগ কথা। শিক্ষকসকলে নিজৰ দায়িত্ব আৰু কৰ্ত্তব্যৰ গুৰুত্ব অনুধাৱন কৰি সততা, নিষ্ঠা আৰু আত্মবিশ্বাসেৰে শিক্ষাদানৰূপী মহৎ কাৰ্যত প্ৰবৃত্ত হলেহে শিক্ষাদানৰ উদ্দেশ্য সফল হব আৰু শিক্ষ- কসকলেও হেৰোৱা সন্মান বহুখিনি ঘূৰাই পাব বুলি আশা কৰিব পাৰি।

 নৈতিক শিক্ষা স্বাধীন ভাৰতৰ জাতীয় শিক্ষা-আঁচনিৰ বিশেষ অঙ্গৰূপে গ্ৰহণ কৰাৰ সপক্ষে গোটেই কেইটি শিক্ষা-আয়োগৰ প্ৰতি- বেদনতে সবল যুক্তি দাঙি ধৰা হৈছে। সেই শিক্ষাবিদ সকলৰ মতে চৰকাৰী, বে-চৰকাৰী সকলো শিক্ষানুষ্ঠানতে সামাজিক নৈতিক, আধ্যা- ত্মিক মূল্যবোধৰ বিকাশমুখী পাঠ্যক্ৰম প্ৰবৰ্ত্তন কৰিব লাগে। স্কুল আৰু কলেজসমূহতো প্ৰথম ডিগ্ৰী শ্ৰেণীলৈকে সকলো ধৰ্ম্মৰ সুনি- ৰ্বাচিত তত্ত্বসমূহৰ সৈতে ছাত্ৰ-ছাত্ৰীক পৰিচিত কৰোৱা দৰকাৰ। অকল সেয়েই নহয়, স্কুলীয়া পাঠ্যক্ৰমত তেনে বিষয়ৰ বাবে কেইটা- মান ঘন্টা আচুতীয়াকৈ ৰাখি সেই শ্ৰেণীত শিক্ষাদানৰ যোগ্যতা থকা বিভিন্ন ধৰ্ম্মাৱলম্বী শিক্ষকক পঢ়বলৈ দিয়া উচিত।

 মুঠতে, আমাৰ জাতীয় শিক্ষা আঁচনিত যুগৰ দাবী পূৰণ কৰিব

পৰাকৈ, পৃথিবীৰ অন্যান্য উন্নত দেশৰ সৈতে খোজ মিলাব পৰাকৈ

॥১৯॥