মালঞ্চৰ কবিতাৰাজি তাৰেই কাব্যিক অভিব্যক্তি বুলিব পাৰি। “তুমি যেন সৰু এটি তৰা / অকলশৰীয়া দূৰ নীল আকাশত / মই যেন পথহাৰা জোনাকী পৰুৱা এটি/সেউজীয়া ধৰণী বুকুত।” উচ্চ ভাৱৰ এই কবিতাখিনিয়ে কবিগুৰু ৰবীন্দ্ৰনাথৰ গীতাঞ্জলিৰ কবিতালৈ মনত পেলাই দিয়ে। সু-কবি ৰত্নকান্ত বৰকাকতীদেৱৰ ভাষাত "মালঞ্চৰ এই গীতি-কবিতা সমষ্টিৰ ভিতৰেদি প্ৰৱাহিত হৈছে ৰহস্যমধুৰ এটি অন্তৰ্মুখী ভাৱ, এটি আধ্যাত্মিক ব্যঞ্জনা, অনন্তাভিমুখী, স্পৃহা আৰু নিভাঁজ প্ৰকৃতি-প্ৰেম।” আন এজন সমালোচক পণ্ডিতপ্ৰৱৰ যোগী- ৰাজ বসুৱে কৈছিল—"The poems record the heavenward promptings of the human soul--the yearning of the finite for the infinite--the longing of the river for the ocean."
১৯৭৮ চনত প্ৰকাশ হোৱা, দিব্যপ্ৰভা ভৰালীৰ তৃতীয় কাব্য সংকলন ‘ভাৰততীৰ্থ’ সোতৰটি দীঘলীয়া দেশপ্ৰেমমুলক কবিতাৰ সমষ্টি। “সৰ্বাৰ্থ সাধিকা দেৱী আৰাধ্যা জননী জন্মভূমিৰ প্ৰতি ক বৰ গভীৰ শ্ৰদ্ধা আৰু ভালপোৱা সংকলনটিৰ কবিতাৰ ছত্ৰে ছত্ৰে ফুটি উঠিছে। ঐতিহ্যমণ্ডিত, সু-প্ৰাচীন এই দেশৰ মহান জাতীয় আদৰ্শ, ধৰ্ম-সংস্কৃতি তথা দাৰ্শনিক চিন্তা আৰু আধ্যাত্মিক জ্ঞান- গৰিমাক লৈ কবি গৰ্বিতা। নিজৰ সেই গভীৰ উপলব্ধিৰ প্ৰতি পাঠকৰ মন আকৰ্ষণ কৰাই কবিৰ উদ্দেশ্য বুলি পুথিখনিৰ পাতনিত তেওঁ নিজেই উল্লেখ কৰিছে। "শ্ৰৱণে শুনক আজি/মধুৰ মংগল- বাণী দূৰ অতীতৰ, নয়নে দেখক সেই তপোবন/ সিন্ধুৰ তীৰৰ।” দেশৰ মহান সন্তানসকলৰ গুণ-গানৰ দ্বাৰা আৰু দেশৰ অতীত
গৌৰৱ আৰু শৌৰ্য-বীৰ্য্যৰ কথা সোঁৱৰাই দেশবাসীক উদ্বুদ্ধ কৰাই