সাধাৰণ লক্ষণ এইদৰে বৰ্ণাইছে— “প্ৰেমিকৰ মনবোৰ কুঁৱাৰ পানী তোলা বাল্টিটোৰ দৰে—এই ওপৰ, এই তল; এই শৰতৰ ফৰকাল আকাশ, এই বাৰিষাৰ ওন্দোলোৱা বতৰ।” “দেখিছা চচাৰে কি কৈছে”.— বুলি হয়তো তেৱেঁই পোনতে হাঁহি মাৰিলে। জাক ল’ৰাই লগে লগে গিৰ্জ্জনি মাৰি হাঁহি দিলে। গহীন বিধৰ লৰা কেইটাই বয়সস্থ প্ৰফেচৰ আৰু ছোৱালীহঁতৰ আগত অপ্ৰস্তুত বোধ কৰি সেমেনা-সেমেনি কৰে। আৰু তিনিকুৰিৰ ডেওনা চেৰাই যোৱা মানুহজনে প্লেটফৰমৰ ওপৰৰ পৰা সেই আমোদজনক পৰিস্থিতিটো প্ৰাণ খুলি উপভোগ কৰে। এদিনাখন তেওঁ ক্লাচত স্কটলেণ্ডৰ কবি ৰবাৰ্ট বাৰ্ণচৰ কবিতা পঢ়ি শুনাইছিল। কবিতাৰ এঠাইত যৌৱন- চপলা গাভৰু এজনীয়ে মনে বিচৰা ডেকাজনক কৈছে- “চাৰ্চলৈ যাওঁতে মোলৈ চাই নেথাকিবা, আই-বোপাইৰ চকুত পৰিব; সেই- বুলি দহোকুৰি শপত, কেৰাহিকৈ চাই চকুৰ টিপ, এটি নমৰাকৈ হ’লে নেথাকিব। ” কথাৰ লগে লগেই ‘একটিং’ যে চলিব সেই কথাষাৰ ভাবি ছোৱালীহঁতৰ তালুয়ে-জিভাই কামোৰ খালে। কিন্তু সুখৰ কথা, কাৰ্য্যক্ষেত্ৰত দেখা গ'ল— সেই কটাক্ষপাতৰ চিকাৰ হ'ল তেওঁৰ সোঁহাতে বহা প্ৰথম বেঞ্চৰ ল’ৰাহঁতহে, বাওঁহাতৰ ছোৱালী- কেইজনী নহয়। হাঁহিত প্ৰকাণ্ড ক্লাচৰুমটো ৰজনজনাই গ'ল। মানুহজনৰ সান্নিধ্যলাভৰ সুযোপ যাৰ ভাগ্যত ঘটিছে তেওঁ ইংৰাজ কবি ক’লৰীজৰ সেই কবিতাফাকি বিশ্বাস কৰিবলৈ বাধ্য —
“Life is but thought, So think I will
That youth and I are housemates still”,
এই সেইজন মানুহৰ চিৰহস্যময় মুখখনতো এদিন গভীৰ বিষাদে
বয়সৰ ৰেখাবোৰ হঠাতে প্ৰকট কৰি তোলা দেখা গৈছিল। সেইটো