পৃষ্ঠা:হিৰণ্ময়ী দেৱীৰ বিভিন্ন অনুভৱ.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৬। what a man knows but what man is. Education is a social process... education is growth. Education is not preparation for life but it is life itself,"লৰা- ছোৱালীক এনে শিক্ষা দিব লাগিব, যি শিক্ষাই বিভিন্ন বিষয়ৰ জ্ঞান দিয়াৰ উপৰিও সিহঁতৰ অন্তৰ্নিহিত সুপ্ত প্ৰতিভা, সুপ্ত চেতনা জগাই তুলিব, সত্যবাদিতা, সাহস, কৰ্তব্যপৰায়ণ, নিয়মানুবৰ্তিতা, সৌন্দৰ্য্য বোধ, দয়া-প্ৰেম কৰুণা আদি মানৱীয় গুণসমূহৰ বিকাশ সাধন কৰিব, সমাজ আৰু নাগৰিক চেতনাৰ উন্মেষ ঘটাব, লগতে স্বাস্থ্য আৰু শাৰীৰিক সামৰ্থ্যৰো উন্নতি সাধন কৰিব। কেবল বিষয় বিশেষৰ শিক্ষনীয় তত্ত্ব আৰু তথ্যবোৰ আয়ত্ব কৰাকে শিক্ষালাভ বুলিব নোৱাৰি, তেনে হোৱা হলে এজন জ্ঞানী পুৰুষ আৰু এটা কম্পিউটাৰ মেচি- নৰ মাজত কোনো পাৰ্থক্য নেথাকিলহেঁতেন

 আজিৰ শিশু কাইলৈ নাগৰিক হব। এই ভবিষ্যৎ নাগৰিক- সকলেই এদিন গুৰি ধৰি দেশখনক উন্নতি পথেৰে আগুৱাই নিব লাগিব। গতিকে এইসকলক এনেভাৱে শিকাই বুজাই তুলিব লাগিব যাতে তেওঁলোকে নিজকে প্ৰকৃত মানুহ, প্ৰকৃত নাগৰিকৰূপে গঢ়ি তুলি দেশৰ ভবিষ্যতৰ দায়িত্ব কান্ধ পাতি লবলৈ সক্ষম হয়। কোঠাৰী শিক্ষা আয়োগৰ প্ৰতিবেদনত যথাৰ্থভাৱেই কোৱা হৈছে, “The des= tiny of India is now being shaped in her class-room." গতিকে ব্যক্তিগত আৰু সামাজিক জীৱনৰ উন্নতিকল্পে বিশ্বৰ কল্যাণ- কামী এখন স্বাধীন ৰাষ্ট্ৰৰ ভবিষ্যৎ নাগৰিক ৰূপে আমাৰ উঠি অহা লৰাছোৱালীহঁতৰ সুস্থ-সবল দেহ, সজ-চৰিত্ৰ গঠনৰ লগতে দেশৰ

আইন-কানুনৰ প্ৰতি আনুগত্য, নিয়মানুবৰ্তিতা, শৃঙ্খলাবোধ, সহযো-গিতা আৰু আত্মনিয়োজনৰ দৰে সামাজিক গুণবোৰৰো অভ্যাস আৰু

॥১২॥