উমাৰ সৈতে সহজ হৈ ললে। তেওঁ জানিবলৈ বিচাৰিলে, কাক পাবৰ উদ্দেশ্যে উমাই দেৱদুলৰ্ভ ৰূপ-যৌৱনলৈ পিঠি দি সেইদৰে দুস্কৰ ব্ৰত আচৰণ কৰিছে। সখী এগৰাকীয়ে উমাৰ মনৰ কথা তেওঁক জনোৱাত এইবাৰ ব্ৰহ্মচাৰীয়ে শিৱক নিন্দা কৰি নানা কথা কবলৈ ধৰিলে। বৃষভবাহন, শ্মশানবিহাৰী, জটাধাৰী, দিগম্বৰ শিৱৰ ভয়ঙ্কৰ ৰূপৰ বৰ্ণনা দি তেওঁ ক'লে যে উমাই তেওঁক, পাবলৈ হেপাহ কৰাটো বলিয়ালি মাথোন। কথা শুনি ক্ষুদ্ধ হৈ উমা সেই ঠাইৰ পৰা আতৰি যাবলৈ উদ্যত হল, কাৰণ যিজনে মহৎলোকৰ নিন্দা কৰে, অকল তেঁৱেই নহয়, শুনোতাজনো পাপৰ ভাগী হয়। সেই মুহূৰ্ত্ততে শিৱই নিজৰূপ ধাৰণ কৰি হাঁহি মাৰি ক'লে, “হে পাৰ্ব্বতী, তুমি তপস্যাৰে মোৰ হৃদয় জয় কৰিলা, আজিৰ পৰা মই তোমাৰ দাস।”
পৰৱৰ্তী অধ্যায় হৈছে বিবাহৰ বাবে কন্যা খোজা-বঢ়াৰ পৰ্ব্ব। পাৰ্ব্বতীয়ে শিৱক জনালে যে পিতৃ হিমালয়হে তেওঁৰ বিবাহৰ গৰাকী। সেয়ে সদাশিৱই অনতিবিলম্বে অৰুন্ধতী সহ সপ্তঋষিক পঠালে হিমা- লয়ৰ ৰাজধানী ওষধিপ্ৰস্থানলৈ বিয়াৰ প্ৰস্তাৱ লৈ। নগাধিৰাজ হিমালয়ে প্ৰস্তাৱ শুনি, পত্নীৰ সৈতে আলোচনা কৰি সানন্দে বিয়াত সন্মতি দিলে।
৭ ম সৰ্গ হৈছে উমাপৰিণয়ৰ বিস্তৃত বিৱৰণ। দিন-বাৰ শুভ- ক্ষণ চাই বিবাহ-লগ্ন স্থিৰ হ’ল। আয়তীসকলে কইনাক নোৱাই- ধুৱাই বিবিধ মাঙ্গলিক আচাৰ পালন কৰিলে। বিভিন্ন প্ৰাকৃতিক প্ৰসাধনৰে উমাক সজাই পৰাই তোলা হ'ল। দৰাৰ ঘৰতো অনুৰূপ আচাৰ-আচৰণৰ অন্তত বৰৰূপী সদাশিৱ বৃষভত উঠি কন্যাঘৰত উপস্থিত হ’লহি আৰু সুচাৰুৰূপে বিবাহকাৰ্য্য সম্পন্ন হ'ল।
কুমাৰসম্ভৱৰ দুই চাৰি সংস্কৰণত হৰ-পাৰ্ব্বতীৰ বিয়াৰ লগে লগে
কাব্যৰো পৰিসমাপ্তি ঘটিছে; কিন্তু কিছু সংস্কৰণত ‘উমাসুৰতবৰ্ণনম্'