পৃষ্ঠা:হিৰণ্ময়ী দেৱীৰ বিভিন্ন অনুভৱ.pdf/১০৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

গুহাপুৰী অজন্তা ইলোৰাত এভুমুকি


 তাহানি হাইস্কুলত পঢ়া দিনতে ভাৰত বুৰঞ্জীৰ পাতত প্ৰাচীন ভাৰতীয় চিত্ৰকলা আৰু স্থাপত্য-ভাস্কৰ্য্যৰ অনুপম নিদৰ্শন অজন্তা ইলো- ৰাৰ কথা পঢ়ি সেই ঠাই চাবলৈ যোৱাৰ হেঁপাহ অন্তৰতে পুহি ৰাখি- ছিলো। অৱশেষত সেই সুযোগ আহিল ১৯৯২ চনৰ অক্টোবৰ মাহত, পুত্ৰ হেমন্ত আৰু নাতি লৰা ভাস্কৰৰ সৈতে সেই কীৰ্ত্তিচিহ্ন সমূহ চাবৰ বাবে বোম্বে অভিমুখী ৰেলত উঠিলো। বোম্বেত দুৰাতি- মান জিৰণি লোৱাৰ অন্তত আমি বাছেৰে গৈ মহাৰাষ্ট্ৰ ৰাজ্যৰ বুৰঞ্জী প্ৰসিদ্ধ নগৰ ঔৰংগবাদত উপস্থিত হ'লোগৈ। ঔৰংগবাদৰ পৰা অজন্তালৈ ১০৪ কিলোমিটাৰ, বাছেৰে প্ৰায় তিনিঘণ্টাৰ বাট। ইলোৰা অৱশ্যে নগৰখনৰ গাতে লগা, মাথোন ২৮ কিলোমিটাৰ-দূৰ। কিন্তু দুয়োখন ঠাই একেদিনাই চোৱা সম্ভৱপৰ নহয় বাবে পৰ্য্যটকসকলে ঔৰংগবাদ বা জলগাঁৱত এৰাতি কটাব লাগে। এই দুয়োখন ঠাইৰ পৰা অজন্তা ইলোৰালৈ নিয়মিতভাৱে ৰাজ্যিক পৰিবহন নিগমৰ বাছ চলে। অৱশ্যে প্ৰায় দুগুণ ভাড়াত মহাৰাষ্ট্ৰ পৰ্য্যটন বিভাগৰ গাড়ী- ৰেও বিলাস ভ্ৰমণ কৰিব পাৰি।

 পিছদিনা ৰাতিপুৱা অজন্তালৈ বুলি আমি পৰিবহন নিগমৰ বাছত উঠিলো। যাওঁতে বাটৰ দুয়োকাষে দেখিলে অগণন নিমগছৰ শাৰী।

দাঁতিত ক’তো গাঁও-ভুঁই চকুত নপৰিল। এনি তেনি অনুচ্চ তকলা

॥৯৮॥