পৰাই আহৰণ কৰা হৈছে।
সামৰণিত আমি উত্তৰপিনে এক কিলোমিটাৰমান দূৰত অৱস্থিত জৈন গুহ পাঁচোটা চাবলৈ গ'লো। খৃষ্টীয় নৱম শতিকাৰ পৰা একাদশ শতিকাৰ মাজভাগত নিৰ্ম্মিত এইকেইটা গুহাত, পদুমফুলৰ আসনত উপবিষ্ট ভগৱান মহাবীৰ আৰু তীৰ্থঙ্কৰ সকলৰ মূৰ্ত্তি দেখি- বলৈ পোৱা যায়। ইন্দ্ৰসভা নামেৰে জনাজাত, ৩২নং গুহাৰ ওপৰ মহলাত থকা বিশাল হলঘৰ আৰু খুটাত হাতীদাঁতৰ কাৰুকাৰ্য্যৰ লেখিয়া সূক্ষ্ম শৈল কাৰু-কাৰ্য্য আন ক’তো দেখা নাযায়। ৩৪ নং গুহাৰ ধেনুভিৰীয়া দুৱাৰ মুখত জৈন ধৰ্ম্মগুৰু আৰু অনুচৰ সকলৰ মুৰ্ত্তি। ইয়াৰ খুটা আৰু বেৰত খোদিত মূৰ্ত্তি জৈন ভাস্কৰ্য্যৰ উৎকৃষ্ট নিদৰ্শন।
অজন্তা-ইলোৰাৰ চিত্ৰকলা আৰু ভাস্কৰ্য্য-স্থাপত্য শিল্পৰ ভেটিতে আধুনিক ভাৰতীয় শিল্পকলা গঢ় লৈ উঠিছে। অজন্তাৰ গুহাত অংকিত নাৰী মূৰ্ত্তিসমূহে নাৰীদেহ-সুষমাৰ প্ৰতীকৰূপে ভাৰতীয় চিত্ৰকলাত যুগ যুগ ধৰি স্বীকৃতি পাই আহিছে। সেইদৰে শিৱৰ তাণ্ডৱকে আদি কৰি ভাৰতীয় নাট্যশাস্ত্ৰৰ ভালেমান নৃত্য-ভংগিমা অজন্তা-ইলোৰাৰ শিলত যুগমীয়া হৈ আছে৷ তাত খোদিত কিছু শিল্পকৰ্ম্মই চীন কম্বোডিয়া প্ৰভৃতি প্ৰাচ্যৰ ভালেমান প্ৰাচীন দেশৰ সৈতে সেইকালৰ ভাৰতবৰ্ষৰ সাংস্কৃতিক বিনিময়ৰ ইঙ্গিত দিয়ে। পৃথিৱীৰ আশ্চৰ্য্যজনক বস্তুবোৰৰ অন্যতম, অলেখ বিদেশী পৰ্য্যটকে ভিৰ কৰা সেই গুহাপুৰীত ঘূৰি ফুৰোতে এটা প্ৰশ্ন বাৰে বাৰে মনলৈ আহিছিল—কেইবা হাজাৰ বছৰীয়া সুসংহত ভাৰতীয় সভ্যতা, ভাৰতীয় শিল্পকলা আজি কোন মুখে- ই অগ্ৰগতি নে পশ্চাৎগতিৰ পথত? •