সমললৈ যাওক

পৃষ্ঠা:হিৰণ্ময়ী দেৱীৰ বিভিন্ন অনুভৱ.pdf/৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আৰু চূণকাম কৰা জগন্নাথৰ মন্দিৰক “বগা পেগোদা বুলিছিল।

 সূৰ্য্য মন্দিৰ নিৰ্মাণ সম্পৰ্কে নানা কিম্বদন্তী জলসমাজত প্ৰচ- লিত। এটি প্ৰবাদমতে কৃষ্ণপুত্ৰ শাম্বই নিজ পিতৃৰ অভিশাপত কুষ্ঠৰোগাক্ৰান্ত হৈ পিছত পিতৃৰ উপদেশ অনুসৰি মিত্ৰবনত বাৰবছৰ সূৰ্য্যক আৰাধনা কৰাৰ অন্তত ওচৰৰে চন্দ্ৰভাগা নামৰ জলধাৰাত স্নান কৰি ৰোগমুক্ত হৈছিল। কৃতজ্ঞ শাম্বই সেয়ে মিত্ৰবনত সূৰ্য্য- মন্দিৰ স্থাপন কৰি নৈৰ বুকুত পোৱা সূৰ্য্যদেৱৰ মূৰ্ত্তি তাত প্ৰতিষ্ঠা কৰিছিল। জগন্নাথ মন্দিৰত সংৰক্ষিত হাতেলিখা বিৱৰণী মতে উৰি- য্যাৰ কেশৰী বংশৰ ৰজা পুৰন্দৰ কেশৰীয়ে এই স্থানত পোনতে মন্দিৰ স্থাপন কৰে। পৰবৰ্তী কালত গংগাবংশৰ প্ৰতাপী ৰজা নৰসিংহদেৱে পূৰ্ব্বৰ মন্দিৰৰ সন্মুখ ভাগত বৰ্তমানৰ এই সুবিশাল কাৰুকাৰ্য্যখচিত মন্দিৰ সাজি উলিয়ায় ১২/১৩ শ শতিকাত। ষোড়শ শতিকাৰ মাজভাগত বিদেশী আক্ৰমণকাৰী সকলে মন্দিৰ ধ্বংস কৰাৰ প্ৰচেষ্টাত বিফল হৈ চূড়াৰ কলচী আৰু পদ্মধ্বজ লৈ যায়। মন্দিৰত প্ৰতিষ্ঠিত “মিত্ৰদেৱ বিৰিঞ্চিদেৱ” নামে খ্যাত বিগ্ৰহ আক্ৰ মণকাৰীয়ে অপবিত্ৰ কৰাৰ ভয়ত পুৰীৰ মন্দিৰলৈ স্থানান্তৰ কৰা হৈছিল। সেইদিন ধৰি সূৰ্য্য মন্দিৰত কোনো বিগ্ৰহ নাই। মন্দিৰৰ সমুখ-ভাগত থকা কাৰুকাৰ্য্যময় অৰূপ স্তম্ভটি আতৰাই নি জগন্নাথ মন্দিৰৰ দুৱাৰমুখত স্থাপন কৰা হয়। এচাম গবেষক পণ্ডিতৰ মতে, আক্ৰমণকাৰী যৱসকলৰ সৈতে হোৱা যুঁজত জয়লাভৰ কীৰ্তিচিন স্বৰূপে ৰজা নৰসিংহদেৱে এই গগনচুম্বী ঐশ্বৰ্য্যশালী মন্দিৰটো নিৰ্ম্মাণ কৰিছিল।

 বিগ্ৰহ স্থানান্তৰৰ পিছৰ পৰা মন্দিৰত পূজা-সেৱা বন্ধ হৈছিল। পৰিত্যক্ত অৱস্থাত উপৰি ভাগত গছ-গছনি, গজি মন্দিৰৰ গাঁথনি

ক্ৰমে দুৰ্বল কৰি পেলায়। উল্লেখযোগ্য এই মন্দিৰ নিৰ্ম্মাণত

॥৫৮॥