সমললৈ যাওক

পৃষ্ঠা:হিৰণ্ময়ী দেৱীৰ বিভিন্ন অনুভৱ.pdf/৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ব্ৰাহ্মণ সমাজৰ ৰীতি অনুসৰি বাৰ বছৰ বয়সতে বিয়া দিয়া হৈছিল। তেওঁৰ স্বামী আছিল প্ৰখ্যাত ৰসেন্দ্ৰ ভৰালী বংশৰ গুৱাহাটী নিবাসী ৰাধানাথ চিৰস্তাদাৰৰ পুত্ৰ দুৰ্গানাথ ওৰফে দুৰ্গী বৰুৱা। সুদৰ্শন, চৰিত্ৰবান ডেকা দুৰ্গানাথ সেই সময়ৰ গুৱাহাটীৰ এগৰাকী অতি উদ্যোগী আগশাৰীৰ ব্যৱসায়ী আছিল।

 কৈশোৰৰ ল'ৰা-ধেমালি এৰি ধৰ্ম্মেশ্বৰী এঘৰত বোৱাৰী হৈ সোমালহি। কুমলীয়া মনত হয়তো বুজা-নুবুজা কিমান আশা, কিমান স্বপ্ন-বায়েকহঁতৰ দৰে এদিন তেওঁ মাক হ’ব, স্বামী-পুত্ৰ-কন্যাৰ সেৱাৰ আনন্দৰ মাজেৰে আন দহগৰাকী তিৰোতাৰ দৰে দিনবোৰ সুখ-শান্তিৰে কটাই দিব। “কিন্তু মানুহে পাঙে ঈশ্বৰে ভাঙে।” বিয়াৰ দুই তিনি বছৰ পিছতে ধৰ্ম্মেশ্বৰী বাতৰোগত আক্ৰান্ত হয়। কোনো ধৰণৰ চিকিৎসাই তেওঁক ৰোগমুক্ত কৰিব নোৱাৰিলে। লাহে লাহে বাতবিষে তেওঁৰ ভৰি-হাত কোঙা কৰি আনিলে। হুইল চেয়া- ৰত বহি ইফাল সিফাল কৰাত বাদে বিচনাই তেওঁৰ আশ্ৰয় হ'ল। দুৰ্গী বৰুৱাৰ জীৱনলৈ এইদৰে আচম্বিতে অভাৱনীয় দুৰ্যোগ নামি আহিল। মৌ-বৰষা মাতটিৰে কোমল হৃদয় ধৰ্মেশ্বৰীৰ সৈতে এটি সুখময় দাম্পত্য জীৱনৰ যি সপোন তেওঁ দেখিছিল সি ধূলিস্যাৎ হৈ গ'ল। কিন্তু সকলো অন্তৰতে লুকুৱাই ৰাখি দুৰ্গানাথে পত্নীৰ ৰোগৰ উপশম আৰু মানসিক শান্তিৰ বাবে যথাসম্ভৱ সকলো কৰি গ’ল। ৰোগ-যাতনাৰ বাবে সততে বিমৰ্ষ হৈ থকা দেখি এদিন তেওঁ পত্নীক ক'লে, “এইদৰে মন বেয়া কৰি বহি থকাতকৈ মনলৈ অহা ভাৱবোৰ কবিতাৰ আকাৰে লিখি যোৱাচোন।” পত্নীয়ে সেই কামৰ বাবে নিজৰ অযোগ্যতা প্ৰকাশ কৰাত তেওঁ ভালে-বেয়াই সকলো লিখি যাবলৈ উপদেশ দিলে। হয়তো পত্নীৰ জন্মগত কাব্য-প্ৰতিভাৰ উমান

পায়েই তেওঁ সেইদৰে কৈছিল; কথাষাৰে গুণ নিলে। নাৰীজীৱনৰ

॥৬৪॥