পৃষ্ঠা:হিৰণ্ময়ী দেৱীৰ বিভিন্ন অনুভৱ.pdf/৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 প্ৰকৃতিৰ প্ৰতি কৰিগৰাকীৰ আকৰ্ষণ দুৰ্বাৰ। কবিসকলে তৃতীয় নয়নেৰে প্ৰকৃতিৰ একোটি সাধাৰণ বস্তুতে ইন্দ্ৰিয়াতীত, বিস্ময়কৰ সৌন্দৰ্য্য, কোনো পৰম সত্যৰ প্ৰকাশ দেখে। কবিৰ সৌন্দৰ্য্যবোধ: পৰ্য্যবেক্ষণ ক্ষমতা, সংবেদনশীলতা সৰ্বসাধাৰনতকৈ বেছি। হ্ৰদৰ পাৰত আপোনা-আপুনি ফুলি থকা সাধাৰণ ডেফোভিল ফুলডৰাৰ সৌন্দৰ্য্য সেয়ে কবি ওৱাৰ্ডচ্ও‌ৱাৰ্থৰ স্মৃতিৰ মণিকোঠাত অমূল্য সম্প- দৰূপে চিৰকাললৈ সঞ্চিত হৈ ৰৈছিল। শিলৰ চহৰত ফুল ফুলাবলৈ মাটি নাই, চোতালত আবৰ্জনা কোঠালিত বস্তুৰ দ’ম, শব্দ প্ৰদূষণৰ মাজত কবি যেন শ্বাসৰূদ্ধ হ’ব খোজে। সেয়ে প্ৰকৃতিৰ মাজলৈ ওলাই আহি তেওঁ মুকলিকৈ উশাহ লবলৈ বিচাৰে। নগৰীয়া সভ্য তাৰ কৃত্ৰিমতাৰ পৰা মুক্ত, প্ৰকৃতিৰ কোমল কোলাত লালিত-পালিত শান্ত নিৰিবিলি গ্ৰাম্য জীৱনৰ প্ৰতি সেয়ে কৰিগৰাকীৰ মোহ। পথ- ৰুৱা বাটেৰে বাঁহীত মুখ দি গৰখীয়াই গৰু লৈ ঘৰলৈ ওভতে “হাতত এমুঠি শাক গৃহিণীৰ বাবে৷” -হাড়-ভঙা শ্ৰমৰ অন্তত, ঘামৰ টোপাল: মচি-মচি আদিবাসী: কৃষক-কন্যাই গোদাবৰী নদীৰ এচলু পানীৰে-ভাগৰৰ ধূলি ধুবলৈ বিচাৰে ৷ উপজি পুৱাতে জালুকবাৰীৰ পথেৰে মাণিকী মধূৰী শইচ কঢ়িয়াই নিয়া গাড়ীবোৰৰ গৰুৰ ডিঙিৰ টিলিঙাৰ মিঠা শব্দ কবিয়ে মনৰ কেছেটত সফলতাৰে ধৰি ৰাখিবলৈ সক্ষম হইছে। কবিৰ চাকৰিকালৰ,বাসৃস্থান জালুকবাৰীৰ অনাদৃত বিল -দলনিও তেওঁৰ বাবে অপৰূপ সৌন্দৰ্য্যৰ খনি—

“ঘৰ আৰু অৰণ্যৰ
পখী আহি মিলিব ইয়াতে
ৰূপৱতী তোমাৰ চ'ৰাতে।”

 অকল প্ৰকৃতিৰ বুকুলৈকে নহয়,মানৱ মনৰ বৈচিত্ৰপূৰ্ণ জগত

খনলৈকো কবিয়ে তন্নয়তাৰে দৃষ্টিপাত কৰিছে। পিতৃ-মাতৃৰ সৈতে

॥৭৬॥