পৃষ্ঠা:হিৰণ্ময়ী দেৱীৰ বিভিন্ন অনুভৱ.pdf/৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নীলিমা দত্তৰ কবিতা

 সাম্প্ৰতিক অসমীয়া কাব্য সাহিত্যত নীলিমা দত্ত এটি সুপৰিচিত নাম,। কম বয়সৰ পৰাই কবিতা ৰচনাত হাত দি শ্ৰীমতী দত্তই এতিয়ালৈকে এটি এটিকৈ পাচোটি কবিতা সঙ্কলন সঙ্কলনৰে অসমীয়া কবিতাৰ ভঁড়াল পুষ্ট কৰিছে। উল্লেখযোগ্য যে কবিতাৰ উপৰিও তেখেতে দৰ্শন আৰু সাহিত্য বিষয়ক কেইবাখনো মূল্যবান গ্ৰন্থ, কেইবাখনো উপন্যাস আৰু শিশু-সাহিত্যৰো কেইখনমান পুথি ৰচনা কৰিছে। তেখেতৰ প্ৰথম কবিতা সংকলন “শেষ নাই” ১৯৬৫ চনত প্ৰকাশ হয়। তাৰপিছত একাদিক্ৰমে ১৯৭১ চনত 'অন্ধকূপ’, ১৯৭৩ চনত ‘প্ৰভাকৰ', ১৯৮৮ চনত ‘সুৰৰ ছবি আৰু প্ৰাণৰ সুৰ’ আৰু শেহতীয়াকৈ ১৯৯৪ চনত ‘জোকাৰ’ নামৰ কাব্যগ্ৰন্থ ছপা হৈ ওলাইছে। এই সংকলন কেইটিত প্ৰকাশ হোৱা দুশৰো অধিক কবিতাৰ উপৰিও বিভিন্ন কাকত আৰু আলোচনীত তেখেতৰ কবিতা আমি পঢ়িবলৈ পাওঁ।

 নীলিমা দত্তৰ কবিতাত ৰোমান্টিক আৰু আধুনিক কবিতাৰ দুয়োটা ধাৰা মিলিত হৈছে বুলি ক'ব পাৰি। মানৱসুলভ আবেগ- অনুভূতি, প্ৰকৃতি জগতৰ প্ৰতি, বিভিন্ন সাংসাৰিক ঘটনাৰ প্ৰতি স্পৰ্শ- কাতৰ কবিপ্ৰাণৰ সঁহাৰি যুগে যুগে, দেশে দেশে একেই। মাত্ৰ চৌদিশৰ গতিশীল পৰিস্থিতিয়ে সেই ভাৱ অনুভূতিত বিশেষ ৰহণ

সানি দিয়ে। সেইকণ যুগ-বৈশিষ্ট্যৰ বাহিৰে কবিতা সদায় একে।

॥৭১॥