পৃষ্ঠা:হিৰণ্ময়ী দেৱীৰ বিভিন্ন অনুভৱ.pdf/১১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দৰে মানৱ কল্যাণমূলক অনুষ্ঠানসমূহ গঢ় লৈ উঠিছে। শিশুগ্ৰামৰ সেই অখ্যাত মাতৃসকলে যদি অনাথ মানৱশিশু সকলক উদাৰ, নিস্বাৰ্থ- ভাৱে বুকুৰ মৰম দিব পাৰে তেন্তে তেওঁলোকতকৈ মহান ধাৰ্ম্মিক, মহান দেশপ্ৰেমিক এই পৃথিৱীত কোনো হ’ব নোৱাৰে।

 সেইদিনা পুৱা আমি জালুকবাৰী অঞ্চলৰ সুন্দৰবড়িত থকা শিশু- সদনতো সোমাই আহিছিলো। সেইখনৰ দাৰিদ্ৰ্যক্লিষ্ট অৱস্থা, মলিন বিবৰ্ণ সাজপাৰেৰে শিশুসকলৰ উৎসাহহীন, উদাস কৰুণ মুখবোৰ দেখি আমি অত্যন্ত ব্যথিত হ'লো । তাত শিশুসকলৰ খাদ্যৰ মান- দণ্ডও নিম্নখাপৰ বুলি আমি গম পাইছিলো। দুই চাৰিটি শিশু ওচৰৰে স্কুললৈ অহা যোৱা কৰে যদিও সদনত শিক্ষাৰ পৰিবেশ নাই বুলিলেই হয়। ৰাজ্য চৰকাৰৰ অনুদান নিচেই কম আৰু অনিয়মীয়া হোৱা বাবে সমাজ-সেৱী অনুষ্ঠান তথা ৰাইজৰ সহায়-সহযোগ যথেষ্ট নোহোৱা বাবেই সেৱামূলক অনুষ্ঠানটিৰ তেনে দুখলগা অৱস্থা বুলি সঞ্চালিকাই আমাক জনালে। আন্তৰ্জাতিক অনুষ্ঠান এছ অ’ এছৰ লগত ৰাজ্যিক পৰ্য্যায়ৰ শিশু-সদনে ফেৰ মাৰিব নোৱাৰে সঁ‌চা, কিন্তু এই দুৰ্ভগীয়া, অনাথ শিশুসকলৰ প্ৰতি দায়িত্ব আৰু কৰ্ত্তব্য সম্পৰ্কে আমাৰ চৰকাৰ আৰু ৰাইজ সচেতন হ'লে, অনুষ্ঠানটিৰ পৰিচালনাৰ ভাৰ দায়িত্বশীল, বিবেকবান লোকেৰে গঠিত কোনো কমিটীৰ ওপৰত ন্যস্ত হ'লে শিশুসকলৰ জীৱন-যাত্ৰাৰ মান উন্নততৰ হ’ব বুলি নিশ্চয় আশা কৰিব পাৰি।


সমাপ্ত

॥১১৪॥