সমললৈ যাওক

পৃষ্ঠা:হিৰণ্ময়ী দেৱীৰ বিভিন্ন অনুভৱ.pdf/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কলাৰ শিক্ষা দিয়াৰ ব্যৱস্থা আছিল। মহাভাৰতত উল্লেখ আছে, অজ্ঞাতবাসৰ কালত বৃহন্নলাৰূপী অৰ্জ্জুনে বিৰাট ৰজাৰ কন্যাক নৃত্য- গীতৰ শিক্ষা দিছিল। মোগল ৰজাসকলৰ হেৰেমতো জাহানাৰা,জেবু- ন্নিছা প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট মহিলা কবিৰ অভ্যুদয় ঘটিছিল।

 নাৰীৰ মাজত প্ৰতিভাৰ অভাৱ কোনোকালে ঘটা নাই। তাহানি বেদৰ স্তোত্ৰ ৰচনা কৰা নাৰী-ঋষি, জ্ঞান-বিজ্ঞানৰ চৰ্চ্চা কৰা বিদূষী মহিলাসকলৰ কথা আমি জানো। কিন্তু তেওঁলোকৰ সংখ্যা নিচেই নগণ্য আছিল। তাৰ কাৰণ সহজেই অনুমেয়। যুগে যুগে আমাৰ সমাজ ব্যৱস্থাই নাৰীৰ কান্ধত সাংসাৰিক দায়িত্বৰ এনে মেটমৰা বোজা তুলি দি আহিছে যে তাৰ চেপাত নাৰীৰ মাজত থকা সকলো সুকুমাৰ প্ৰবৃত্তি, সকলো সৌন্দৰ্যবোধ অবাবতে শুকাই যায়। কিছুমান দীনহীন কামত অনবৰতে ব্যস্ত থাকিবলগীয়া হয় বাবেই তিৰোতাৰ মাজত থকা শিল্পীসত্ত্বাৰ প্ৰায়েই অকালতে মৃত্যু ঘটে। বহু ক্ষেত্ৰত চকুত পৰে, বাল্যকালত নৃত্য-গীত শিল্প-সাহিত্যত প্ৰচুৰ সম্ভা- ৱনাৰ পৰিচয় দিয়া একোজনী ছোৱালীয়ে বিয়াৰ পিছত নিজৰ সকলো প্ৰতিভাৰ মূৰ খাই কেৱল ঘৰুৱা কামতে জীৱনটো শেষ কৰি দিয়ে। ফলস্বৰূপে শিল্প-সাহিত্যৰ জগৎখনত মহিলাৰ দিশৰ পৰা পাব পৰা বহুখিনি সম্পদ অনাবিস্কৃত হৈ ৰৈ যায়।

 গতিকে নাৰী কেৱল দৈহিক সৌন্দৰ্য্য সম্পৰ্কেই নহয়, সুপ্ত হৈ থকা সৌন্দৰ্য্যানুভূতিৰ বিষয়েও সচেতন হ'ব লাগিব। দীন হীন সাংসাৰিক জীৱন এটাৰ উৰ্দ্ধলৈ গৈ নিজৰ অন্তৰ্নিহিত প্ৰতি- ভাক কিবা এক শিল্প-সাধনাৰ মাধ্যমেৰে জগতৰ আগত দাঙি ধৰিবলৈ প্ৰতিগৰাকী নাৰী যত্নপৰ হোৱা উচিত। নাৰী স্বভাৱতে কল্পনা- প্ৰৱণ, আবেগ-প্ৰৱণ। এই সুকুমাৰ প্ৰবৃত্তিবোৰে নাৰীক সুন্দৰৰ

পূজাৰীৰূপে নিজকে প্ৰতিষ্ঠা কৰাত যথেষ্ট সহায় কৰে। স্বীকাৰ

॥৪১॥