সমললৈ যাওক

পৃষ্ঠা:হিৰণ্ময়ী দেৱীৰ বিভিন্ন অনুভৱ.pdf/৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দাৰ্শনিক চিন্তাৰ ধাৰা তাত ক্ষত্ৰিয়সকলেই প্ৰধান অংশ গ্ৰহণ কৰিছে; সকল ক্ষত্ৰিয়ই নহয়, তিৰোতা আৰু অন্য জাতিৰ লোকে। সেই অংশৰ সৈতে জড়িত হৈ থকা দেখা যায়।

 বৈদিক যুগত উপনিষদৰ প্ৰতিপত্তি আৰু মৰ্য্যাদা বৰ বেছি আছিল। সেই গ্ৰন্থত থকা মৌলিক বচনসমূহ অভ্ৰান্ত সত্য হিচাপে ধৰা হৈছিল; বিভিন্ন দাৰ্শনিক তত্ত্বৰ সমৰ্থনত সেইবোৰ, আপ্তবাক্যৰূপে ব্যৱহৃত হৈছিল। সকলো উপনিষদৰ সামৰ্ম্ম লৈয়ে শ্ৰীমদ্ভগবৎ গীতা ৰচিত হৈছিল, যি গীতাত ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক নিমিত্ত কৰি বিশ্ব- মানৱক জ্ঞান-কৰ্ম্ম-ভক্তিৰে আলোকিত সত্য, শুদ্ধ, সাৰ্থক জীৱনৰ পথ আঙুলিয়াই দিছে। পৰৱৰ্তী কালত ঋষি বাদৰায়নে উপনিষদৰ দাৰ্শনিক তত্ত্বসমূহ সূত্ৰৰ আকাৰে লিখি “ব্ৰহ্মসূত্ৰ” নামে গ্ৰন্থ ৰচনা কৰিছিল। উপনিষদত সন্নিবিষ্ট উচ্চ অধ্যাত্মজ্ঞানেই বিশ্বত আজি- কোপতি হিন্দু ধৰ্ম্ম আৰু সংস্কৃতিৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিছে। হিন্দু ধৰ্ম্মত পিছলৈ যাগ-যজ্ঞ প্ৰভৃতি কৰ্ম্মৰ চলন্তি প্ৰায় নোহোৱাৰ দৰেই হ’ল; কিন্তু উপনিষদৰ ধৰ্ম্মবাণীয়ে বৌদ্ধ, জৈন, শাক্ত, বৈষ্ণৱ, শৈৱ সকলো পন্থৰ লোককে আজিও প্ৰভাৱিত কৰে। বিৱৰ্ত্তনৰ পথেমে আগবাঢ়ি পিছলৈ যি হিন্দুধৰ্ম্মই ভাৰতত প্ৰতিষ্ঠা লাভ কৰিলে সি উপনিষদৰ ভেটিতে প্ৰতিষ্ঠিত।

 সাধাৰণতে দৰ্শনসমূহ তথ্যৰ ভিত্তিত যুক্তি আৰু সিদ্ধান্তৰ সম- ন্বয়ত গঢ় লৈ উঠে। কিন্তু উপনিষদৰ দৰ্শন তেনে নহয়। ঋষি-মুনি সকলে গভীৰ চিন্তাৰ দ্বাৰা যেতিয়াই যি সত্যত উপনীত হৈছিল তাকেই এফালৰ পৰা লিখি গৈছিল; বিভিন্ন মনীষীয়ে যি উপলব্ধি কৰিছিল সেইবোৰ বিক্ষিপ্তভাৱে উপনিষদৰ পাতত সিচৰতি হৈ আছে। সেয়ে কব পাৰি, উপনিষদত দাৰ্শনিক চিন্তাধাৰাৰ শৃংখলা আৰু সুসংবদ্ধতাৰ

অভাৱ অনুভৱ হয়। গতিকে দৰ্শন হিচাপে পাবলৈ হ'লে ভাৱধাৰাৰ

॥৯১॥