বৈদিক যুগৰ নাৰী : মৈত্ৰেয়ী
হিন্দু সকলৰ সবাতোকৈ পুৰণি ধৰ্ম্মগ্ৰন্থ বেদক প্ৰাচীন ভাৰতীয়
আৰ্য্য সভ্যতাৰ ইতিহাস বুলিব পাৰি। ‘বেদ’ শব্দৰ অৰ্থ হৈছে জ্ঞান।
চাৰিখন বেদৰ মাজত ঋক্বেদেই আটাইতকৈ পুৰণি। ইয়াৰ ৰচনা
কাল খ্ৰীষ্টপুৰ্বব ২৫০০ ( দুহেজাৰ পাচশ) বছৰৰ ওচৰওচৰি বুলি
পণ্ডিতসকলে মত প্ৰকাশ কৰিছে। এইখন বেদত প্ৰাচীন ভাৰতীয়
আৰ্যসকলৰ ধ্যান-ধাৰণা, ৰীতি-নীতি, জীৱন-ধাৰণ পদ্ধতিৰ বিৱৰণ
পোৱা যায়। এই গ্ৰন্থৰ পৰা সেই যুগৰ সমাজত নাৰীৰ স্থান
কেনে আছিল সেই বিষয়েও নানা তথ্য আহৰণ কৰিব পৰা গৈছে।
সেইবোৰ তথ্যৰ পৰা বুজিব পৰা যায় যে বৈদিক যুগত নাৰীৰ স্থান
যথেষ্ট ওপৰত আছিল। আৰ্য্য়সমাজত নাৰী আছিল স্বামীৰ অৰ্দ্ধা-
ঙ্গিনী, সহধৰ্ম্মিনী বা সহধৰ্ম্মচাৰিণী। পত্নী কাষত নেথাকিলে পুৰুষৰ
কোনো যাগ-যজ্ঞ সফল নহৈছিল। সীতাৰ অবিহনে ৰামে যজ্ঞ
সম্পাদনৰ বাবে স্বৰ্ণ-সীতা নিৰ্মাণ কৰাৰ কথা আমি ৰামায়ণত পঢ়ি-
বলৈ পাওঁ। বেদৰ শ্লোকত নাৰীক ‘দেৱী’, ‘কল্যাণী’, ‘সুভগা’
আদি সম্বোধন কৰা দেখা যায়। হিন্দু বিবাহত যিবোৰ মন্ত্ৰ উচ্চা-
ৰণ কৰা হয় সেইবোৰৰ পৰা এটা কথা প্ৰতীয়মান হয় যে সেই
যুগৰ গৃহস্থীত নাৰীৰ পুৰুষৰ সৈতে সম-মৰ্য্য়দাই আছিল সমাজৰ
কাম্য। ধৰ্ম্ম-অৰ্থ-কাম কোনো ক্ষেত্ৰতে ভাৰ্য্যাক অতিক্ৰম কৰিব
নোৱাৰিব বুলি বিবাহৰ দিনা স্বামী প্ৰতিশ্ৰুতিবদ্ধ হয়। দুয়োৰে