জ্ঞান আৰু অভিজ্ঞতা আগ্ৰহ আৰু ঐকান্তিকতাৰে গ্ৰহণ কৰে। গতিকে শিশুক এনেবয়সত কি শিক্ষা কেনে পদ্ধতিৰে দিয়া হয় সেই বিষয়ে যথেষ্ট সাৱধানতা অৱলম্বন কৰা আৱশ্যক।
বিভিন্ন যুগৰ শিক্ষাবিদ্, শিক্ষা-গবেষক আৰু চিন্তাশীল ব্যক্তি- সকলে নিজ জ্ঞান আৰু অভিজ্ঞতাৰে শিক্ষা-সম্পৰ্কে ভিন ভিন তত্ত্ব আগবঢ়াই গৈছে। মধ্যযুগীয় শিক্ষা-ব্যৱস্থা ঘাইকৈ পুৰোহিত শ্ৰেণীৰ হাতত আছিল। বাস্তৱ জীৱনৰ সৈতে সঙ্গতি নথকা কিছুমান জটিল দাৰ্শনিক বিষয়ৰ ওপৰত তৰ্ক বা তেনে বিষয়ৰ সূত্ৰ, সংজ্ঞ। আদি আয়ত্ব কৰাতেই সেইকালত শিক্ষা সীমাবদ্ধ আছিল। প্ৰাচ্য পাশ্চাত্য উভয় দিশতে এনে বাস্তৱ-বৰ্জিত বিষয়ত পাণ্ডিত্য প্ৰদৰ্শনকে শিক্ষা হিচাপে গণ্য কৰা হৈছিল। ইউৰোপত ৰেনেচা অৰ্থাৎ নৱজাগৰণৰ যুগ আৰম্ভ হোৱাত বেকন মন্টেন, জন লক প্ৰমুখ্যে মনীষীসকলে জ্ঞান- বিজ্ঞানৰ ক্ষেত্ৰত এনে অবাস্তৱ শিক্ষাদানৰ বিৰুদ্ধে প্ৰতিবাদৰ ধ্বনি তুলিছিল। ফৰাচী দাৰ্শনিক ৰুছোয়ে পোন প্ৰথমবাৰৰ বাবে শৈশৱৰ প্ৰকৃত মূল্যায়ন কৰিবলৈ প্ৰচেষ্টা চলাইছিল আৰু ল’ৰা-ছোৱালীৰ ৰুচি-অভিৰুচিলৈ লক্ষ্য ৰাখি সিহঁতক হাতে-কামে শিক্ষা দিয়াৰ কথা চিন্তা কৰিছিল। শিশুৰ কুমলীয়া মগজু পুথিগত বিদ্যাৰে ভৰাই তোলাৰ তেওঁ ঘোৰ বিৰোধী আছিল।তেওঁ কৈছিল, “If instead of making a child stick to his book, I employ him in a workshop his hands wor work for the development of his mind. While he fancies hims- elf a workman he is becoming a philosopher. ৰুচোৰ সুযোগ্য অনুগামী পেষ্টালজিৰ মতে শিক্ষা হৈছে “The harmom-
ous development of all the powers of the individual”.
॥৯॥