সমললৈ যাওক

পৃষ্ঠা:হিৰণ্ময়ী দেৱীৰ বিভিন্ন অনুভৱ.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

শিশুৰ শাৰীৰিক, মানসিক, নৈতিক আৰু বৌদ্ধিক বিকাশৰ বাবে তেওঁ শিশুৰ শিক্ষাত ৰুচি অনুযায়ী কায়িক শ্ৰম আৰু পুথিগত বিদ্যা উভয়কে স্থান দিয়াৰ পোষকতা কৰিছিল। এইসকলৰ উত্তৰ- সূৰী হাৰ্বাট,ফ্ৰবেল, জন দিৱে প্ৰভৃতি মনীষীসকলেও শিশু মনস্তত্বলৈ সাৱধানে লক্ষ্য ৰাখি হাতে কামে শিক্ষাৰ মাধ্যমেৰে সিহঁতৰ সুসম ব্যক্তিত্ব-গঠনৰ সম্ভাৱনীয়তা সম্পৰ্কে বলিষ্ঠ মত দাঙি ধৰিছিল।

 বৈদিক যুগত ভাৰতবৰ্ষত গুৰুকুল শিক্ষাৰ ব্যৱস্থা আছিল। ৰাজ- পুত্ৰকে আদিকৰি সমাজৰ বিভিন্ন স্তৰৰ ছাত্ৰই গুৰু-গৃহত থাকি গৃহস্থা- লীৰ যাবতীয় কাম নিজহাতে কৰি গুৰুৰ কাষত বিভিন্ন শাস্ত্ৰাদিৰ শিক্ষা লৈছিল। কিন্তু শাস্ত্ৰজ্ঞানতকৈ ছাত্ৰৰ চৰিত্ৰ-গঠন, ব্যক্তিত্ব বিকাশ আদিৰহে সেইকালত অধিক গুৰুত্ব দিয়া হৈছিল যেন অনুমান হয়। উপমনু, আৰুণি আদি ছাত্ৰসকলৰ কাহিনীয়ে আমাৰ সেই ধাৰণা বদ্ধমূল কৰে। সেইকালত ছাত্ৰসকলে ভিক্ষাবৃত্তিৰে জীৱন-নিৰ্বাহ কৰিব লাগিছিল। বিদ্যাৰ্থীসকলক ৰাইজৰ ওচৰত মূৰ দোৱাবলৈ শিকোৱা, ব্যক্তি আৰু সমাজৰ পাৰস্পৰিক নিৰ্ভৰতা সম্পৰ্কে সজাগ কৰোৱাই সম্ভৱতঃ ভিক্ষাবৃত্তি প্ৰৱৰ্তনৰ উদ্দেশ্য আছিল। সেইকালত সাক্ষাৎ ঈশ্বৰ জ্ঞান কৰা হৈছিল আৰু গুৰুয়েও সামাজিক স্বাৰ্থৰ সমুখত ব্যক্তিস্বাৰ্থ হেলাৰঙে বিসৰ্জন দিছিল। সেইকালত চাৰিত্ৰিক উৎকৰ্ষৰ মূৰ্তিমান স্বৰূপ হিচাপে শিক্ষকসকল সমাজৰ শীৰ্ষ- স্থানত বিৰাজ কৰিছিল। নৈতিক মূল্যবোেধ আৰু ধৰ্ম্মানুভূতিয়ে সিক্ত কৰি ৰখা সেইকালৰ শিক্ষা-ব্যৱস্থাৰ মূল উদ্দেশ্য আছিল এক পৰম ঐশ্বৰিক শক্তিৰ উপলদ্ধিৰ মাধ্যমেৰে আত্মোপলদ্ধি আৰু তাৰে আলো- কত জীৱন গঢ়াৰ প্ৰচেষ্টা।

 ভাৰতত ইংৰাজ শিক্ষাৰ কালছোৱাত গুণগত ভাৱে ভাৰতীয়

।।১০।।