পৃষ্ঠা:হিৰণ্ময়ী দেৱীৰ বিভিন্ন অনুভৱ.pdf/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ব্যক্ত কৰিব লাগিব সেই কৌশলৰ চৰ্চ্চা নেথাকিলে অৰ্থাৎ ৰেওৱাজ নহলে সঙ্গীতৰ সাধনা, নিস্ফল। অৱশ্যে জ্ঞান, কৰ্ম্মৰ সৈতে ভক্তিৰো সংযোগ হব লাগিব। এই ভক্তি হৈছে আদৰ্শ পুৰুষ অৰ্থাৎ গুৰুৰ প্ৰতি ভক্তি। যিজনৰ পৰা শিক্ষা গ্ৰহণ কৰা হয় সেই জনৰ প্ৰতি অন্তৰত শ্ৰদ্ধাৰ ভাৱ নেথাকিলে প্ৰকৃত জ্ঞানলাভ নহয়। গীতাৰ প্ৰথম অধ্যায়ত মোহাবিষ্ট অৰ্জুনে নিজৰ দোষ দুৰ্ব্বলতা আদি উদঙাই দি ভক্তিভাৱে জ্ঞান ভিক্ষা কৰিছিল বাবেই ভগৱান কৃষ্ণই তেওঁক গীতাৰ পৰম জ্ঞানৰ অধিকাৰী কৰিছিল। আত্ম-বিশ্লেষণৰ দ্বাৰা:নিজৰ দোষ- ক্ৰুটিবোৰ উপলব্ধি কৰিব পাৰিলেহে, যিজনৰ পৰা জ্ঞান আহৰণ কৰা হয় সেইজনৰ কাষত নিজকে উবুৰিয়াই দিব পাৰিলেহে অন্তৰত প্ৰকৃত জ্ঞানৰ উন্মেষ ঘটে। মানুহৰ জীৱনত প্ৰথম গুৰু হ'ল পিতৃ- মাতৃ। সেইসকলৰ প্ৰতি শ্ৰদ্ধাশীল হৈ তেওঁলোকৰ নিৰ্দ্দেশক্ৰমে জীৱনপথত আগবাঢ়িলে ভবিষ্যত জীৱনত সুখলাভৰ সম্ভাৱনা অধিক হয়।

 গীতাৰ ওঠৰটা অধ্যায়ৰ সাৰমৰ্ম্ম প্ৰকৃতপক্ষে সাংখ্যযোগ নামৰ দ্বিতীয় অধ্যায়টোতে থুপাই থোৱা হৈছে, পৰৱৰ্ত্তী অধ্যায়বোৰত সেই তত্ত্বসমূহৰ পুনৰালোচনা মাথোন হৈছে। দ্বিতীয় অধ্যায়ত দেহৰ ক্ষণস্থায়িত্ব আৰু আত্মাৰ অমৰ বিচাৰৰ লগতে স্বধৰ্ম্ম পালনৰ প্ৰয়ো- জনীয়তাৰ কথা আলোচিত হৈছে। আমাৰ দেহ আৰু এই দেহসজাৰ ভিতৰত বাস কৰা আত্মাৰ পাৰ্থক্য আমি সততে পাহৰি থাকো। আমাৰ ভ্ৰান্ত দৃষ্টিত এই দেহটোৱেই “মই। সেইবাবে দেহৰ সামান্য কষ্টতে আমি অধীৰ হওঁ। আত্ম অনুকম্পাই আমাৰ মন দুৰ্ব্বল কৰি তোলে। দেহৰ পৰিচৰ্য্যাতে আমাৰ সকলো সময় ব্যয় কৰো, কিন্তু আত্মাৰ বিকাশ বা অগ্ৰগতিৰ বাবে যে আমি একোকে কৰা নাই সেই

কথা আমাৰ মনলৈ নাহে। দেহটো সেৱাৰ উপকৰণহে, দেহৰ সেৱাই

॥২৮॥