পৃষ্ঠা:হিৰণ্ময়ী দেৱীৰ বিভিন্ন অনুভৱ.pdf/৯৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সাদৃশ্য অনুসৰি তত্ত্বসমুহ গোটাই-পিতাই উপনিষদৰ দৰ্শন গঢ় দি লব লগীয়া হয়। নিৰস আৰু দুৰ্বোধ্য ব্ৰহ্মতত্ত্বক সহজ আৰু সৰস কৰি তুলিবলৈ ইয়াত নানা আখ্যান-উপাখ্যান আৰু কথোপকথনৰ অৱতাৰণা কৰা হৈছে।

 উপনিষদৰ ভষাৰ প্ৰাচীন ঠাঁচবোৰ বাবে ই সহজে বোধগম্য নহয়। ইয়াৰ ভাষা বৈদিক সংস্কৃতৰে শেহতীয়া ৰূপ! : গতিকে সংস্কৃত ভাষাৰ জ্ঞান থাকিলেও ইয়াক সহজে বুজা টান। তদুপৰি উপনিষদৰ বাক্য-গঠনৰ প্ৰণালী চুটি অথচ সাৰগৰ্ভ, অলপ কথাতে বহুখিনি অৰ্থ লুকাই থাকে। ইয়াত এনে কিছুমান বাক্যাংশ আছে যিবোৰৰ ব্যাখ্য বিভিন্ন ভাষ্যকাৰে বিভিন্ন ধৰণে কৰি গৈছে। উদা- হৰণ স্বৰূপে, “তত্ত্বমসি” (সেইজন তুমিয়েই)—এই অমৰ উক্তিৰ অৰ্থ কেইবাধৰণেৰে কৰা দেখা যায়। উপনিষদৰ অগ্ৰণী ভাষ্যকাৰ শঙ্কাৰাচাৰ্য্যই বাৰখন বৈদিক উপনিষদৰ এঘাৰখনৰে ভাষ্য ৰচনা কৰি গৈছে। এই গ্ৰন্থৰ কেইবাজনো প্ৰাচীন ভাষ্যকাৰৰ মাজত শঙ্কৰৰ ভাষ্যই সবাতোকৈ নিৰ্ভৰযোগ্য।

 উপনিষদৰ অমৰ বাণীয়ে যুগে যুগে মানৱ অন্তৰ আলোড়িত কৰি- বলৈ সমৰ্থ হৈছে। মোগল যুগতে ভাৰতত ইয়াৰ প্ৰভাৱ অম্লান হৈ আছিল। সম্ৰাট চাহজাহানৰ জেষ্ঠ পুত্ৰ উদাৰ হৃদয় দাৰাৰ চেষ্টাত ১৬৫৭ খৃষ্টাব্দত পঞ্চাশখন উপনিষদ ফৰাচী ভাষালৈ অনূদিত হৈছিল। ফলত সমগ্ৰ বিশ্বতে উপনিষদৰ বাণী প্ৰচাৰ হ'ল। সেই ফৰাচী অনুবা- দৰ অৱলম্বন ১৮০১-২ চনত উপনিষদৰ এক লেটিন অনুবাদো প্ৰকাশ হয়। সেই অনুবাদে জাৰ্মান দাৰ্শনিক ছপেনহাৱাৰৰ মনোেযোগ আকৰ্ষণ কৰে। তেওঁ সেই পুথি “পাশ্চাত্যৰ চিন্তা জগতলৈ উনবিংশ শতিকাৰ সবাতোকৈ মূল্যবান অৱদান” বুলি অভিহিত কৰে। সেই

উপনিষদখনেই জাৰ্মান পণ্ডিত মেক্সমূলাৰক সংস্কৃত সাহিত্যৰ প্ৰতি

॥৯২॥