“অচিন্ত্য অব্যক্ত ৰূপে আছে তোৰ
হিয়া মণিকূট মাজে
দেখা পাবি তাতে প্ৰাণৰ দেৱতা
মোহন মূৰতি ৰাজে।” ( প্ৰিয়লৈ)
এইবাৰ কবিয়ে নিজৰ অন্তৰতে স্বামীৰ অস্তিত্ব অনুভৱ কৰিলে। গীতা-উনিষদত পৰম বিশ্বাসী কবিয়ে উপলদ্ধি কৰিলে যে অজ্ঞান- তাই সকলো দুখ-কষ্টৰ মূল। সেয়ে পৰম পিতাৰ চৰণত নিজকে সম্পূৰ্ণ সঁপি দি জ্ঞান অন্বেষণতে তেওঁ শান্তি বিচাৰিলে। এগৰাকী ধৰ্ম্ম প্ৰাণা হিন্দু নাৰীৰ স্বাভাৱিক বিশ্বাসেৰে তেওঁ পৰজন্মত এক ৰোগ-শোকহীন চিৰ আনন্দময় লোকত স্বামীৰ সৈতে মিলনৰ সপোন দেখিলে— “পাৰ্থিব দেহ এই পৃথিৱীতে / যিদিনাই হ’ব লীন। হিয়াই হিয়াই মিলিম সিদিনা / বজাম মিলন বীণ”। ( সৰলা কৌমুদী )। কবিয়ে দৃঢ়ভাৱে বিশ্বাস কৰে, “জগতৰ জীৱ-চৈতন্য মাত্ৰেই পৰম-ব্ৰহ্মৰ একোটি অংশ বিশেষ। সেয়ে তেওঁৰ পৰৱৰ্ত্তী কবিতাত পাৰ্থিব স্বামী আৰু জগৎ স্বামীৰ বন্দনা একাকাৰ হৈ গৈছে। তেওঁৰ সসীম প্ৰেম অসীমৰ উদ্দেশ্যে ধাবিত হৈছে। এনে এটি পৰ্য্যায়ত জাগতিক দুখ-কষ্টৰ প্ৰতি কচুপাতৰ পানীৰ দৰে নিৰ্লিপ্ত হৈ এক বিশ্বময় আনন্দৰূপত অৱগাহন কৰি কবি তৃপ্ত হৈছে; ইন্দ্ৰিয়াতীত সৌন্দৰ্যানুভূতিৰ কাব্যিক প্ৰকাশে তেওঁৰ কবিতাত ৰহস্যবাদৰ ছয়া- ময়া পোহৰ পেলাইছে। ধৰ্ম্মেশ্বৰী দেৱীক এগৰাকী আগশাৰীৰ অতী- ন্দ্ৰিয়বাদী কবি আখ্যা দিব পাৰি। তেওঁৰ তৃতীয় আৰু শেহতীয়া কাব্য সংকলন ‘অশ্ৰুধাৰা আৰু জীৱন তৰী’ৰ কবিতাত ঘাইকৈ এনে অপাৰ্থিব সুৰ ধ্বনিত হৈছে।
এয়েই থলমুলকৈ ধৰ্ম্মশ্বৰী দেৱীৰ প্ৰেমৰ ইতিহাস, ইয়েই তেওঁৰ
কাব্যৰো ইতিহাস। যি যুগত পুৰুষৰ বহুবিবাহ ভাতৰ লগত পানী
॥৬৯॥