পৃষ্ঠা:হিৰণ্ময়ী দেৱীৰ বিভিন্ন অনুভৱ.pdf/৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নিৰ্ম্মাণ কৌশল আৰু শিলত খোদিত জীবন্ত যেন লগা মূৰ্ত্তিসমূহেই এই আকৰ্ষণৰ ঘাই কাৰণ। স্বৰূপাৰ্থত ই এটা মন্দিৰ নহয়, বাৰ- যোৰ অভিনৱ কাৰুকাৰ্য্যখচিত চকাৰে গতিশীল ভংগীমাত কাটি উলিওৱা সাতোটা ঘোঁৰাই টনা এখন বিয়াগোম ৰথৰ আকৃতিত সজা একাধিক মন্দিৰৰ সমষ্টিহে। মহাৰাষ্ট্ৰৰ গুহাপুৰী ইলোৰতো একেটি শিলৰ পৰা কাটি উলিওৱা, কৈলাশ মন্দিৰ নামে এটি ৰথৰ আকৃতিৰ মন্দিৰ দেখিবলৈ পোৱা যায়। কিন্তু কোণাৰ্ক মন্দিৰৰ অপূৰ্ব্ব শৈলকৰ্ম্ম, সোণাৰীৰ নিপুনতাৰে কৰা সুক্ষ্ম অলঙ্কৰণে কৈলাশ মন্দিৰৰ কাৰু-কাৰ্য্যও যেন ম্লান কৰিছে। ভাৰতীয় মন্দিৰসমূহত স্থাপত্য আক ভাস্কৰ্য শিল্পই হাত ধৰাধৰিকৈ কাম কৰে। কোণা- ৰ্কৰ সূৰ্য্যমন্দিৰত এই দুয়োটাৰে সু-সমন্বয়ে ইয়াক বিশ্বৰ এক অত্যুৎ- কৃষ্ট শিল্পৰ মৰ্য্যাদা প্ৰদান কৰিছে।

 মূল মন্দিৰ, সমুখৰ বাটচ'ৰা সদৃশ মন্দিৰ, যাক “ভোগমোচন” বোলা হয়, আৰু কাষতে থকা ভোগ-মণ্ডপৰ ভগ্নাৱশেষ লৈয়ে এই মন্দিৰ প্ৰকল্প। মূল মন্দিৰৰ তিনিদিশ আৰু সমুখ ভাগৰ বহল চিৰিৰ দুয়োকাষে খোদিত বছৰৰ বাৰটা মাহৰ প্ৰতীক বাৰযোৰ ৰথচক্ৰৰ নিৰ্ম্মাণ কৌশল দেখি স্তম্ভিত নহৈ নোৱাৰি। চকাৰ বেৰ আৰু ভিতৰৰ ষোল্লদাল দণ্ডত সোণৰ গহণাত কৰাৰ দৰে সুক্ষ্ম শিল্পকৰ্ম্ম, তাৰ মাজে মাজে দেৱ-দেৱী, চৰাই-চিৰিকতি আৰু মানৱৰ মুৰ্ত্তি। চকাৰ বিভিন্ন অংশ আৰু মন্দিৰৰ দুৱাৰত প্ৰতিফলিত সূৰ্য্যকিৰণৰ দ্বাৰা হেনো দিনটোৰ সময়ৰ সঠিক নিৰূপন কৰিব পাৰি। মন্দিৰৰ সুউচ্চ ভেটীৰ নিচেই তলৰ অংশত খোদিত সৰু-সৰু অজস্ৰ হাতীলৈ লক্ষ্য কৰিলে এনে লাগে যেন সিহঁত দলে-বলে আনন্দমনেৰে চৰি ফুৰিছে; কোনোবা অংশত হাতীয়ে পানী খাইছে, ক'ৰবাত আকৌ

খঙাল হাতীয়ে গছ-বন ভাঙি তহিলং কৰিছে, গছকত মানুহ মৰিছে।

॥৬০॥