নিৰাশাবাদৰ ঠাই ললে গভীৰ আশাবাদে। “দূৰ দিগন্তৰ সোণো- ৱালী ৰেখা / আজি কিয় পুনু পাৱ তই দেখা /চিৰ অন্ধকাৰ আৱৰণী ভেদি / জ্বলে কাৰ আলোশিখা? শত জনমৰ বাঞ্চিত তোৰ/হোৱা নাই যাৰে দেখা।” ( তপস্বিনী)। সংকলনটিত এনে বৈৰাগ্য ভাৱৰ কেইবাটিও সাৰ্থক কবিতা আছে।
ভাৰতীয় দৰ্শন আৰু আধাত্মিকতাত জীপ লোৱা কবি প্ৰাণে এই নিখুঁত, সুন্দৰ বিশ্ব-প্ৰকৃতিৰ অন্তৰালত উপলব্ধ পৰম সত্ত্বাত -আত্মবিলোপনেই মানৱ জীৱনৰ চৰম লক্ষ্য হিচাপে গ্ৰহণ কৰিলে; কাণ্ডাৰী-বিহীন তেওঁৰ জীৱন তৰীত সেইজনকেই কৰ্ণধাৰ ৰূপে পাবলৈ তেওঁৰ হাবিয়াস জাগিল। এইদৰে ৰূপ-ৰস-গন্ধ-স্পৰ্শৰ অনুভূতিৰ, অতীন্দ্ৰিয়ানুভূতিলৈ উত্তৰণ ঘটিল আৰু নলিনী-কাব্যৰ দৰে তেওঁৰ কবিতাতে ৰহস্যবাদৰ ছয়া-ময়া জিলিঙনি পৰিল—“ছয়া-ময়া মাথোঁ সোঁৱৰণী/ দূৰ-দূৰণিত শুনা ৰিণিৰিণি।”?
প্ৰকৃতিৰ সৌন্দৰ্য্য কবিৰ বাবে কাব্যিক আনন্দৰ উৎস, প্ৰকৃতি তেওঁৰ প্ৰেমৰ পটভূমি। পূৰ্ণিমাৰ জোনাকত কবিয়ে অতীতৰ মধু- স্মৃতি ৰোমন্থন কৰে, বিষাদময় বৰ্তমানটোক জুকিয়াই চায়। অৰ্পনাৰ প্ৰকৃতি বিষয়ক কবিতা কেইটি কবিৰ সূক্ষ্ম পৰ্যবেক্ষণ শক্তি আৰু সৌন্দৰ্য্যানুভূতিৰ পৰিচায়ক-“শুকুলা ডাৱৰে আকাশ ভৰা/ বলুকা পাৰৰ কঁহুৱা ডৰা/লুইতৰ সেই থিয় বালিগৰা ৰ’দত জিলিকি পৰা উজলিল কাৰ পূৰবী ৰাগত সেই ছবিময় ধৰা।” (মধু জাগৰণ)। বিহগী কবি ৰঘুনাথ চৌধুৰীদেৱৰ দৰে এইজনা কবিয়েও অনাদৃত ফুল আৰু চৰাই-চিৰিকতিক সৌন্দৰ্য্য আৰু অনুপ্ৰেৰণাৰ উৎস হিচাপে লৈছে। হেটুলুকা চৰাইটোৰ মাতত তেওঁ-“হৰিষে-বিষাদে ভৰা
অতীতৰ কত কথাৰ” সম্ভেদ পায়, ভূমিচম্পা ফুলপাহত নিজৰ