পৃষ্ঠা:হিৰণ্ময়ী দেৱীৰ বিভিন্ন অনুভৱ.pdf/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

শ্ৰদ্ধা-ভক্তি, সংযম, আন্তৰিকতা, কৰ্ত্তব্যনিষ্ঠা, কৰ্ম্মপ্ৰেৰণা আদি মূল্য- বোধসমূহ আধুনিক জীৱনৰ পৰা ক্ৰমে লোপ পাই আহিছে। অথচ এনেবোৰ মানবীয় গুণৰ অনুশীলন অবিহনে সুস্থ, শান্তিময় সমাজ জীৱন সম্ভৱ নহয়। বৰ্ত্তমানৰ পৰিস্থিতিয়ে যে সমাজক হতাশা আৰু ধ্বংসৰ মুখে আগবঢ়াই নিছে তাত কোনো সন্দেহ নাই। অৱস্থাৰ পৰিপ্ৰেক্ষিতত গীতাৰ মহাবাণীয়ে আমাক পৰিত্ৰাণৰ পথ দেখুৱাব পাৰে। এই পৃথিৱীত কোনো মানুহেই জীৱনত সম্পূৰ্ণতা লাভ কৰিব নোৱাৰে! কিন্তু সম্পূৰ্ণতাৰ প্ৰতি হাবিয়াস, সম্পূৰ্ণ- তাৰ মুখে এটি পদক্ষেপ—সেয়েই মানৱ জীৱনক মহত্ব প্ৰদান কৰে। সমাজৰ প্ৰতিজন লোকে গীতাৰ বাণীসমূহ কিঞ্চিৎমানো হৃদয়ঙ্গম কৰি সেইমতে চলিবলৈ চেষ্টা কৰিলে অমাৰ ব্যক্তিগত জীৱনৰ

লগতে সমাজ-জীৱনো নিঃসন্দেহে উন্নততৰ হব। O

॥৩৫॥