পৃষ্ঠা:হিৰণ্ময়ী দেৱীৰ বিভিন্ন অনুভৱ.pdf/৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

উদাহৰণ স্বৰূপে মেঘদূত খণ্ডকাব্যত আষাঢ়ৰ প্ৰথম পুৱা যক্ষৰ মনত উদয় হোৱা ভাৱ-অনুভূতিৰ বৰ্ণনা আছে। আনহাতে কুমাৰসম্ভৱ মহাকাব্য, যিহেতু এই কাব্যত পাৰ্ব্বতীৰ জন্মৰে পৰা শিৱৰ সৈতে বিবাহলৈকে এক সুদীৰ্ঘ সময়ৰ ঘটনা বৰ্ণোৱা হৈছে। মহাকাব্যত কেইবাটাও সৰ্গ বা অধ্যায় থাকে। ইয়াত কাব্যৰ নায়কজন দেৱতা নাইবা উচ্চকুলজাত ব্যক্তিত্বসম্পন্ন পুৰুষ হ’ব লাগে। ঘাইকৈ শৃঙ্গাৰ, বীৰ নাইবা কৰুণ ৰস প্ৰকাশক সেই কাব্যই ধৰ্ম্ম-অৰ্থ-কাম-মোক্ষ এই চতুবৰ্গৰ কোনোবাটোৰ সাধন কাব্যৰ বিষয়বস্তু হিচাপে লয়। কাব্যৰ প্ৰথমটো শ্লোকত হয় মঙ্গলাচৰণ, নহয় কাব্যৰ বিষয়বস্তুৰ অৱতাৰণা হ’ব লাগে। কুমাৰসম্ভৱত এই লক্ষণসমূহ বিদ্যমান বাবেই ই মহাকাব্যৰূপে পৰিচিত।

 প্ৰাচীন গ্ৰন্থ শিৱপুৰাণত থকা মহাদেৱ পাৰ্ব্বতীৰ প্ৰেম-পৰিয়ণৰ কাহিনীটি জুমুঠি হিচাপে লৈ তাত নিজৰ সাতৰঙী কল্পনাৰ প্ৰলেপ সানি, অনুপম ভাষা-শৈলীৰ সোণ-পানী চৰাই কালিদাসে যি অনবদ্য কাব্যবস্তু সৃষ্টি কৰিলে সি প্ৰেমৰ কবি হিচাপে কালিদাসৰ শ্ৰেষ্ঠত্ব, প্ৰতিপন্ন কৰে। শিৱ-পুৰাণৰ হৰ-পাৰ্ব্বতীৰ বিয়াৰ কাহিনীয়ে ভাৰতৰ সকলো প্ৰান্তৰে পুৰণি কবি-শিল্পীসকলক অনুপ্ৰাণিত কৰিছিল। অজন্তা-ইলোৰাৰ গুহাতো হৰ-পাৰ্ব্বতীৰ বিবাহৰ চিত্ৰ শিলত খোদিত হৈ আছে। শিৱ-পাৰ্ব্বতীৰ বিয়া সম্পৰ্কিত গীতে অসমীয়া লোকসাহিত্যতো বিশিষ্ট স্থান পাইছে।

 কাব্যখনৰ প্ৰতিটো সৰ্গৰে একোটা বিশেষ নাম আছে। এই মহাকাব্য আৰম্ভ হৈছে ভাৰতৰ উত্তৰ দিশ তথা ভাৰতীয় সামাজিক সাংস্কৃতিক জীৱন আৱৰি থকা গিৰিৰাজ হিমালয়ৰ বৰ্ণনাৰে “অস্ত্যুত্তৰস্যাং দিশি দেৱতাত্মা হিমালয়ো নাম নগাধিৰাজঃ।” কালিদাসৰ লেখনীত হিমালয় পৰ্ব্বতৰ গাম্ভীৰ্য্য, ইয়াৰ সকলো ঐশ্বৰ্য্য, সমাহিত

॥৪৯॥