পৃষ্ঠা:হিৰণ্ময়ী দেৱীৰ বিভিন্ন অনুভৱ.pdf/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বিশ্বাস দৃঢ় হব, মানুহে সজ কথাত আনন্দ অনুভৱ কৰিবলৈ শিকিব, কু-প্ৰবৃত্তিবোৰ আতৰিব আৰু সৎ কৰ্ম্মৰ বাবে অন্তৰত হাৱিয়াস জাগিব।

 গীতাৰ ওঠৰটা অধ্যায়ত এইদৰে আমাৰ দৈনন্দিন জীৱনৰ প্ৰয়োজনীয় আৰু শিক্ষণীয় অজস্ৰ বিষয়ৰ আলোচনা কৰা হৈছে। আমি এটা কথা মনত ৰখা উচিত যে কেইবা হেজাৰো বছৰ আগতে ৰচিত এই শাস্ত্ৰসমূহৰ সকলো কথাই আজিৰ যুগত প্ৰযোজ্য বা গ্ৰহ- ণীয় হব নোৱাৰে, তাৰ ভিতৰতে যিবোৰ বিশ্বজনীন সত্যৰ অৱতাৰণা কৰা হৈছে সেইবোৰে কাল, স্থান নিৰ্ব্বিশেষে মানৱ জাতিক পথ নিৰ্দ্দে- শনা দি আহিছে। এটা মন কৰিবলগীয়া কথা এয়ে যে আত্মাৰ মুক্তিলাভৰ বাবে গীতাই মানুহক কেতিয়াও সংসাৰ ত্যাগ কৰিবলৈ উপদেশ দিয়া নাই। সংসাৰতে থাকি ঈশ্বৰৰ চৰণত নিজকে সমৰ্পণ কৰি সংযমৰ অনুশীলনৰ দ্বাৰা ছয় ৰিপুক বশত ৰাখি, ইন্দ্ৰিয়বৰ্গক সজ কামত লগাই জীৱনত সাৰ্থকতা লাভ কৰাৰ লগতে পৰকালত মোক্ষলাভৰ পথ কিদৰে সুগম কৰিব পাৰি তাৰ শিক্ষাহে গীতাই আমাক দিয়ে। গীতাই মানুহৰ আগত কেবল জ্ঞান-ভক্তি-কৰ্ম্মৰ আদৰ্শই দাঙি ধৰা নাই সেই আদৰ্শসমূহ কাৰ্য্যক্ষেত্ৰত কেনেকৈ পালন কৰিব লাগে তাৰ কৌশলো মানুহক শিকাইছে। গ্ৰন্থখনিৰ অধ্যায়সমূহক সাংখ্যযোগ, কৰ্ম্মযোগ, ভক্তিযোগ আদি নামকৰণ কৰা হৈছে, সেই ‘যোগ’ শব্দৰ অৰ্থ হৈছে কলা বা কৌশল। “যোগ কৰ্ম্মসু কৌশলম্” অৰ্থাৎ যোগ হৈছে কৰ্ম্ম কৰাৰ কৌশল। উদা- হৰণ স্বৰূপে ষষ্ঠ অধ্যায়ত, মনটোক বিষয়ৰ পৰা টানি আনি সম্পূৰ্ণৰূপে ভগৱৎমুখী কৰিবলৈ সাধকে কোন ঠাইত কেনে আসনত কেনেভাৱে বহি ধ্যানাবিষ্ট হব লাগে তাৰ বিবৰণ আমি পাওঁ।

 গীতাই মানৱ সমাজৰ বাবে আৰু এক মহৎ শিক্ষা আগবঢ়াইছে,

॥৩৩॥