গছত দুটি চৰাই, এটিয়ে গছৰ সুস্বাদু ফল খাইছে; আনটোৱে নেখাই কেৱল চাই আছে। এটি জীৱাত্মা, আনটো পৰমাত্মা। জীৱাত্মাই ইন্দ্ৰিয়বিষয়ত লিপ্ত হৈ কৰ্ম্মৰ ফলস্বৰূপে সুখ দুখ ভোগ কৰিছে, আনহাতে, পৰমাত্মা সম্পূৰ্ণ নিৰ্লিপ্ত, সুখ-দুখ ৰূপী কৰ্ম্মফলৰ উৰ্দ্ধত থাকি তেওঁ কেৱল নিৰীক্ষণ কৰিছে।
তৈত্তিৰীয় উপষিদখন তিনিভাগত বিভক্ত। প্ৰথম ভাগ শব্দ উচ্চাৰণৰ নিয়ম, উপাসনা আৰু তাৰ আচৰণবিধি সম্পৰ্কে; দ্বিতীয় ভাগত অন্ন, প্ৰাণ, মন, বিজ্ঞান আৰু আনন্দৰূপ পঞ্চকোষৰ বৰ্ণনা আছে; তৃতীয় ভাগত ভৃগু মুনি আৰু তেওঁৰ পিতৃ বৰুণৰ কথোপ- কথনৰ ছলেৰে ব্ৰহ্মৰ স্বৰূপ ব্যাখ্যা কৰা হৈছে। আনন্দৰ পৰাই জগতৰ সৃষ্টি, আনন্দতেই তাৰ স্থিতি, আনন্দতেই তাৰ লয়—এই মহান অনুভৱৰ কথা এই খন উপনিষদৰ পাততে আছে।
সামবেদীয় ছান্দোগ্য ব্ৰাহ্মণৰ অন্তৰ্গত ছান্দোগ্য উপনিষদ অতি প্ৰাচীন আৰু আকাৰত বৃহৎ। ইয়াত সৰ্ব্বসাধাৰণৰ কৰ্ত্তব্য কৰ্ম্মৰ পৰা আৰম্ভ কৰি জ্ঞানীজনৰ উপযোগী ব্ৰহ্মতত্ত্বলৈকে সকলো কথা শৃংখলাবদ্ধভাৱে আলোচিত হৈছে। সত্যকাম জাবালাৰ কাহিনী এই- খন উপনিষদতে আছে।
বৈদিক উপনিষদ কেইখনৰ ভিতৰত বৃহদাৰণ্যক অতি প্ৰাচীন আৰু মহত্ত্বপূৰ্ণ। ভাষ্যকাৰ শঙ্কৰাচাৰ্যৰ মতে ইয়াৰ আকাৰ বৃহৎ হোৱা বাবে আৰু উপদেশসমূহ অৰণ্যভূমিত দিয়া হৈছিল বাবেই ই “বৃহদা- ৰণ্যক” নামে পৰিচিত। ইয়াৰ বিষয়বস্তু সূক্ষ্ম আৰু জটিল; প্ৰথম অধ্যয়নত ইয়াক নিৰস আৰু দুৰ্বোধ্য যেনেই লাগে। যাজ্ঞবল্ক-মৈত্ৰে- য়ীৰ কথোপকথনৰ মাজেৰে ইয়াত পৰমাৰ্থ তত্ত্বৰ জ্ঞান আধ্যাত্মিক আলোচনাত বাদেও ব্যৱহাৰিক জীৱনৰ অনেক কথাই এই
উপনিষদৰ পাতত ঠাই পাইছে। তিনিটা ’দ'ৰ শিক্ষা-দত্ত, দাম্যত,