পৃষ্ঠা:হিৰণ্ময়ী দেৱীৰ বিভিন্ন অনুভৱ.pdf/৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বঞ্চিত। তেওঁৰ কবিতা সম্পৰ্কে আলোচনা-বিলোচনা তেনেকৈ হোৱা নাই। কুৰি বছৰ বয়সৰ পৰাই নিৰৱচ্ছিন্নভাৰে ভাষা জননীৰ সেৱা কৰা, সম্প্ৰতি বয়সেৰে চাৰিকুৰিৰ ওচৰ চপা চিৰকৌমাৰ্য্যব্ৰতী এই কবি গৰাকী সৌ সিদিনাখনহে সাহিত্যিক পেঞ্চন এটিৰ বাবে যোগ্য বিবেচিত হৈছে; এনেবোৰ কথাই তেওঁৰ কাব্যকৃতিক ম্লান কৰিব নোৱাৰে, বৰঞ্চ চৰকাৰ আৰু ৰাইজৰ উদাসীনতা, নিৰপেক্ষ বিচাৰ আৰু গুণগ্ৰাহিতাৰ অভাৱৰহে পৰিচয় দিয়ে। আমি মাত্ৰ কবিজনাৰ সৃষ্টিৰ এক সাধাৰণ পৰিচয়হে দাঙি ধৰিলো। কবিগৰাকীৰ অ-প্ৰকাশিত কবিতা আৰু গীতসমূহ ছপাই উলিয়াবলৈ কোনো ব্যক্তি বা প্ৰতিষ্ঠান আগবাঢ়ি আহিলে তেখেতৰ লগতে অসমীয়া ভাষা-সাহিত্যৰে উপকাৰ সাধন হ’ব।

॥৮৮॥