পৃষ্ঠা:হিৰণ্ময়ী দেৱীৰ বিভিন্ন অনুভৱ.pdf/৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কবিতাৰ প্ৰকৃত বস্তু হৈছে তাৰ প্ৰাণ, তাৰ আত্মা। বিভিন্নজনে বিভিন্ন ধৰণে পিন্ধি উৰি ভাল পায়। সময় বা স্থান বিশেষে মানুহৰ সাজ- পাৰৰ ধৰণ-কৰণ সলনি হয়। সেইদৰে কবিতাৰ অবয়ব অৰ্থাৎ আঙ্গিক যুগে যুগে সলনি হ'ব পাৰে। কিন্তু তাৰ আত্মা চিৰন্তন; সেই আত্মাই অৰ্থাৎ তাৰ মূলগত ভাৱে, তাৰ গভীৰতা, সাৰ্বজনী- নতাইহে কবিতাক প্ৰকৃত সৌন্দৰ্য্য, আৰু যুগজয়ী কীৰ্ত্তি দান কৰে। গতিকে, ক'ব পাৰি, অতীত আৰু বৰ্তমানৰ সমন্বয়তেই সৃষ্টিৰ বুনি- য়াদ দৃঢ়ভাবে গঢ় লয়। কাব্য-সাহিত্যৰ ক্ষেত্ৰতো একেটা কথাই খাটে।

 শ্ৰীমতী দত্তৰ কবিতাত আমি পাওঁ – কবিৰ প্ৰকৃতি প্ৰীতি, গ্ৰামীণ জীৱনৰ প্ৰতি মোহ; সমসাময়িক জীৱনত মূল্যবোধৰ অৱ- ক্ষয়ত আহত কবিপ্ৰাণে অতীত ৰোমনৰ মাজত আশ্ৰয় বিচাৰে, মৃত্যুৰ জেউতিৰে জীৱন উদ্ভাসিত কৰি যোৱা মহান পুৰুষ-নাৰীৰ আদৰ্শেৰে ব্যক্তি ও সমাজ উদ্বুদ্ধ হোৱাৰ সপোন দেখে। প্ৰকৃতিৰ হৃদয়গ্ৰাহী বৰ্ণনা আৰু শব্দ ও ছন্দৰ মাধুৰ্য্যৰ পিনৰ পৰা তেওঁৰ কবিতা নিঃসন্দেহে ৰোমান্টিকধৰ্মী। ৰবীন্দ্ৰ সাহিত্যৰ অনুৰাগী পাঠিকা কবি গৰাকী এইক্ষেত্ৰত কবিগুৰুৰ দ্বাৰা প্ৰভাৱিত হোৱা বুলি অনুভৱ হয়। দাৰ্শনিক গভীৰতাৰ কথা বাদ দি ক’ব পাৰি যে শ্ৰীমতী দত্তৰ কবিতাত দুৰ্বোধ্যতা নাই। আনহাতে কবিতাত মন্ময়তা, মেধা আৰু হৃদয়ৰ সমন্বয়সাধন, “গভীৰ ব্যঞ্জনাৰে অনুভৱক খণ্ড খণ্ড ৰূপত প্ৰকাশ প্ৰচেষ্টা”, ছন্দবন্ধনৰ পৰা মুক্তি আদি সাম্প্ৰতিক কবিতাৰ গুণবোৰৰ তেওঁ ৰচনাত বিদ্যমান। বৰ্তমান যুগৰ দ্বিধা, সন্দেহ, সমস্যাৰ প্ৰকাশ, নানা প্ৰশ্নৰ অৱতাৰণ তেওঁৰ কবিতাতে আমি দেখিবলৈ পাওঁ।

 জনগণৰ জীৱন সংগ্ৰামৰ প্ৰতি সজাগতা কবিগৰাকীৰ কাব্যৰ

॥৭৭॥