হৈ তেওঁ বিদ্যানুৰাগী দেউতাকৰ অনুপ্ৰেৰণাত ঘৰতে পঢ়ি স্নাতক ডিগ্ৰী লাভ কৰে। দিবা প্ৰভাই ঘৰ-সংসাৰ নকৰিলে।
‘অৰ্পনা', ‘মালঞ্চ’, ‘ভাৰত-তীৰ্থ’ আৰু ‘একাদশী’ নামেৰে কবি গৰাকীৰ চাৰিটা কবিতা সংকলন এতিয়ালৈকে প্ৰকাশ হৈছে। আঢ়ৈ কুৰি কবিতাৰ সংকলন ‘অৰ্পনা’ ১৯৪৭ চনত ছপা হৈ ওলায়। চল্লি- শৰ দশকৰ আৰম্ভনিতে অসমীয়া ভাষাত নতুন কবিতাৰ দুৱাৰ মুকলি হৈছিল যদিও পূৰ্বৰ ৰোমান্টিক ধাৰাটোও ক্ষীণভাৱে বৈ আছিল; ‘অৰ্পনা’ও সেই ধাৰাটোতে মিলিত হৈছিল। যৌৱন সুলভ প্ৰেম আৰু নৈসৰ্গিক সৌন্দৰ্য ‘অৰ্পনা’ৰ কবিতাসমূহৰ ঘাই উপজীব্য। সেই কবিতাৰাজি প্ৰেম-বিৰহ, আশা-নিৰাশা, স্বপ্ন-বাস্তৱব দোমোজাত ব্যথিত আলোড়িত এক নাৰী হৃদয়ৰ দাপোন স্বৰূপ। প্ৰেমত আকুল নাৰী-প্ৰাণৰ বিহ্বলতা, বিৰহ-জ্বালা, লাজ-ভয়-সংকোচ তেতিয়ালৈকে পুৰুষ কবিয়েহে কল্পনাৰে মাধ্যমেৰে নিজৰ কবিতাত ৰূপায়িত কৰি- ছিল। কিন্তু ইয়াত যেন বিৰহিনী ৰাধিকাই নিজেই অন্তৰৰ পাৰ ভঙা প্ৰেমাবেগ উদঙাই দেখুৱাইছে।—
“কত কবিতাৰ সুৰ বাজিছিল সেইদিনা।
ছন্দে ছন্দে বাজিছিল হৃদয়ৰ বীণ
কত মধু মূৰ্চ্ছনাৰ অমিয়া জোকাৰ লাগি
জাগিছিল জীৱনত বসন্তৰ দিন” ( পূৰ্ণিমা)
জীৱনক মোহনীয়, বৰ্ণময় কৰি তোলা সেই
মধুৰ দিনবোৰ।
“দিনবোৰ মোৰ ৰঙীন লহৰমালা
উঠিছে মৰিছে কৰিছে কতনো খেলা।” (বৈচিত্ৰ)
কিন্তু কবিৰ প্ৰেম অতৃপ্ত হৈয়ে ৰ’ল, কাকো তেওঁ হিয়া উজাৰি