মানৰ পৰা ভাৰতত বৌদ্ধধৰ্ম্মৰ প্ৰভাৱ কমি আহিবলৈ ধৰে। ফলত তাত জনসমাগম নোহোৱা হ'ল আৰু অব্যৱহাৰৰ ফলত ক্ৰমে মাটি- বালিৰে পোত খাই গুহাবোৰ লোকচক্ষুৰ আঁৰ হৈ গ'ল।
অজন্তাত খান্দি উলিওৱা ২৯ টা গুহাৰ নিৰ্ম্মাণ কাল খৃষ্টপূৰ্ব্ব ২০০ চনৰ পৰা খ্ৰীষ্টাব্দ অষ্টম শতিকালৈকে বিয়পি থকা বুলি জনা যায়। কিন্তু সময়ৰ এই ব্যৱধান সত্বেও গুহবোৰৰ নিৰ্ম্মাণ কৌশল আৰু তাত থকা চিত্ৰসমূহৰ ৰং আৰু ষ্টাইল একেধৰণৰ। আটাইবোৰ গুহাৰ শিল্পকলা বুদ্ধ আৰু বৌদ্ধধৰ্ম্মৰ সৈতে জড়িত। এই ধৰ্ম্মৰ মহাযান আৰু হীনযান দুয়ো পন্থাৰ প্ৰভাৱ ইয়াত দেখিবলৈ পোৱা যায়। মহাযান পন্থাৰ গুহাত বিশাল বৌদ্ধমূৰ্ত্তি খোদিত হৈছে। কিন্তু হীনযান-পন্থী গুহাত কেৱল বৌদ্ধস্তূপহে দেখা যায়। অজ- ন্তাৰ গুহাত খোদিত বিশাল উপাসনা গৃহক চৈত্য বোলা হৈছিল। অজন্তাত এনে চৈত্য পাঁচোটি আছে। বাকীবোৰ বৌদ্ধবিহাৰ অৰ্থাৎ ভিক্ষুসকলৰ বাসস্থান। চিনি উলিয়াবৰ সুবিধাৰ বাবে পশ্চিমৰ পৰা পূৱলৈ গুহাবোৰৰ ক্ৰমিক নম্বৰ দিয়া হৈছে। তাৰে দহোটিমান চালেই অজন্তাৰ ভাস্কৰ্য্য-স্থাপত্য আৰু চিত্ৰকলাৰ সুন্দৰ আভাষ পাব পাৰি।
অজন্তাৰ গুহা ঘাইকৈ তাৰ বেৰ আৰু চালত আঁকা চিত্ৰসমুহৰ বাবে বিখ্যাত। হেজাৰ ডেৰহাজাৰ বছৰ আগতে আঁকা এই চিত্ৰ- সমূহ আজিও যে মছ খাই যোৱা নাই ভাবিলে আচৰিত নহৈ নোৱাৰি। অৱশ্যে সময় আৰু পৰিবেশৰ প্ৰভাৱত ছবিবোৰ কিছু ম্লান হৈ গৈছে। তদুপৰি বিবেচনাহীন দৰ্শকে আঁকি-বাকি কিছু চিত্ৰ নষ্ট কৰাত বৰ্তমান সেইবোৰ আইনাৰ বেৰৰ ভিতৰত ৰখা হৈছে। সেয়ে আজিকালি গুহাৰ ভিতৰৰ স্তম্ভ আৰু বেৰবোৰত হাত দিয়া মানা। গুহাৰ ভিত-
ৰত ‘ফ্লেছ কেমেৰা’ৰ ব্যৱহাৰো নিষেধ। অৱশ্যে কেইটিমান গুহাৰ