কবিৰ মূল উদ্দেশ্য। পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাত সাধাৰণতে পদ- দলিত হৈ থকা নাৰীক তেওঁ মহিমাময়ী ৰূপত অংকন কৰি সেইসকলৰ মাজত লুকাই থকা সম্ভাৱনাৰ প্ৰতি পাঠকৰ দৃষ্টি আকৰ্ষণ কৰিছে; দেশৰ সংকটৰ সন্ধিক্ষণত দেশবাসীক তেজস্বী ভাষাৰে কৰ্তব্যৰ বাবে আহ্বান জনাইছে। মুঠতে সাহিত্য-সেৱাৰ মাজেৰে কবিয়ে প্ৰকৃততে দেশৰ প্ৰতি সেৱা আগবঢ়াইছে। উদ্দেশ্যধৰ্মী এই কবিতাখিনি কিছু ক্ষেত্ৰত বিবৃতিমূলক যেন লাগে যদিও কবিতাৰ উচ্চভাৱ আৰু মৰ্ম- বাণীৰ বাবেই ই পাঠকৰ আদৰণীয়। ভাৱৰ উপযুক্ত বাহক হিচাপে তৎসম শব্দৰ সঘন ব্যৱহাৰে পুথিখনিক এক বিশেষ গাম্ভীৰ্য্য দিছে। অৱশ্যে ‘অৰ্পনা' আৰু 'মালঞ্চ’ৰ ভাষাৰ সাৱলীলতা, সূক্ষ্ম কল্পনা আৰু ছন্দৰ লালিত্য ইয়াত কিছু ম্লান পৰা যেন অনুভৱ হয়।
কবিৰ চতুৰ্থ আৰু শেহতীয়া কাব্যগ্ৰন্থ 'একাদশী’ ১৯৯০ চনত ছপা হৈছিল যদিও, কবিতা কেইটি বহুবছৰ আগতে ৰচিত। কবি- তাৰ সংখ্যা এঘাৰটি মাথোন। মন কৰিবলগীয়া কথা যে পুথিখনিৰ মাধ্যম বঙলা ভাষা। সংকলনটোৰ অন্তৰ্ভূক্ত 'নিবেদিতা' ১৯৫২ চনত ৰচিত তেওঁৰ প্ৰথম বঙালী কবিতা। ছোৱালীকালৰে পৰা মহান সন্ন্যাসী স্বামী বিবেকানন্দৰ ব্যক্তিত্ব আৰু দৰ্শনৰ প্ৰতি বিশেষ- ভাৱে আকৃষ্টা দিব্যপ্ৰভাই তেওঁৰ লিখনিসমূহ মনোযোগেৰে অধ্যয়ন কৰিছিল। একাদশীত ঘাইকৈ ভাৰতৰ মহান নাৰী-পুৰুষ কেইগ- ৰাকীমানৰ গুণানুকীৰ্তন কৰা হৈছে। কিন্তু নামত প্ৰশস্তি যদিও সেই তেজোদ্দীপ্ত কবিতা কেইটাৰ মাজেৰে তেওঁ অতীত ভাৰতৰ শৌৰ্য-বীৰ্য্য, জ্ঞান-গৰিমাৰ উজ্জ্বল ৰূপটো প্ৰকটকৈ তুলি ধৰি বিভ্ৰান্ত দেশবাসীক উদ্বুদ্ধ কৰিবলৈ প্ৰয়াস কৰিছে। মানুহৰ অসীম-সম্ভা-
ৱনাৰ কথা সোৱঁৰাই দি কবিয়ে গাইছে-“হে মানৱ, নহ তুমি