পৃষ্ঠা:হিৰণ্ময়ী দেৱীৰ বিভিন্ন অনুভৱ.pdf/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সহজ সৰল গাঁৱলীয়া ৰাইজৰ মনত ধৰ্ম্ম আৰু নৈতিকতাৰ ভাৱ জগাই তুলিবলৈ সাহিত্য, নৃত্য-গীত, ভাওনাৰ সহায় - লৈছিল। স্বভাৱতে কল্পনাপ্ৰৱণ, কৌতুহলী শিশুহঁতৰ ক্ষেত্ৰত এনে পদ্ধতি অধিক কাৰ্য্যকৰী হ’ব।

 বৰ্ত্তমান আমাৰ হাইস্কুলীয়া পাঠ্যক্ৰম মতে তলৰ শ্ৰেণী কেই- তাত 'নীতি-শিক্ষা’ বিষয়টো প্ৰৱৰ্ত্তন কৰা হৈছে। কিন্তু দুখৰ বিষয়, অধিকাংশ লৰা-ছোৱালীয়ে কেবল পৰীক্ষাত নম্বৰ গোটাবৰ বাবেহে উক্ত বিষয়ৰ পাঠসমূহ আয়ত্ব কৰে। গতিকে এইদৰে পোনপতীয়াকৈ নীতি-শিক্ষা দিয়াতকৈ সাহিত্য-বিজ্ঞান, সমাজ-বিদ্যা, বুৰঞ্জী আদি বিষয় যোগ দিলেহে ছাত্ৰ-ছাত্ৰী অধিক উপকৃত হব যেন অনুমান হয়। এজন বিজ্ঞানীয়ে সত্যৰ অন্বেষণত কটোৱা সংঘটষয় জীৱনৰ কাহিনী পঢ়িলেও লৰা-ছোৱালীয়ে অজানিতে নীতি-শিক্ষাৰ পাঠ শিকিব। আমাৰ বোধেৰে নৈতিক শিক্ষা ফলপ্ৰস, কৰিবলৈ হলে বিদ্যা- লয়ৰ বাহিৰে ভিতৰে এক নৈতিক পৰিবেশ সৃষ্টিৰ চেষ্টা অব্যাহত থাকিব লাগিব। স্কুলত এটি আনন্দ আৰু সৌন্দৰ্য্য়ৰ পৰিবেশ থকা- টোও অতি আৱশ্যকীয় কথা। বিদ্যালয়ৰ সকলো স্তৰতে অসা- প্ৰদাযুিক ধৰ্ম্মীয় শিক্ষাৰ ব্যৱস্থা থকা দৰকাৰ। মানৱধৰ্মোপদেশ- মূলক স্তোত্ৰ, ভজন, বৰগীত, গুৰু-বন্দনা ৰাষ্ট্ৰীয় সঙ্গীত, জাতীয় সঙ্গীত, শাস্ত্ৰ নিৰ্বাচিত অংশৰ পাঠ—এনেধৰণৰ ব্যৱস্থাই কোনো ধৰ্ম্মাৱ- লম্বীৰে অনুভূতিত আঘাত কৰাৰ সম্ভাৱনা নাই। লৰা-ছোৱালীক শাৰীৰিকভাৱে সুস্থ সবল, মানসিকভাৱে সজাগ কৰি ৰাখিবলৈ বিভিন্ন ধৰণৰ খেল-ধেমালি, ব্যায়াম, সাংস্কৃতিক বিষয়ৰ প্ৰতিযোগিতা আদিৰ ব্যৱস্থা বিদ্যালয়ত ৰাখিব লাগিব। : শাৰীৰিক সুস্থতাৰ লগত

মানসিক সুস্থতাৰ এৰাব নোৱাৰা সম্পৰ্ক। “নায়ুমাত্মা বলহীনেন

॥২১॥