গীতাৰ তৃতীয় অধ্যায়ত কৰ্ম্মযোগৰ বিস্তাৰিত ব্যাখ্যা আছে। মানুহে কাম নকৰাকৈ এখন্তেকে থাকিব নোৱাৰে; উশাহ-নিশাহ লোৱা, লৰচৰ কৰা, মল-মূত্ৰ ত্যাগ কৰা কামবোৰ আমি স্বাভাৱিক ভাৱে কৰি থাকো। সেই নিয়মে আমাৰ দৈনন্দিন কৰ্ত্তব্যবোৰো সময়মতে কৰি যাব লাগে। কৰ্ম্মবিমুখ মানুহৰ দেহ-মন; ৰোগৰ বাহ হয়। “এলেহুৱাৰ মগজু চয়তানৰ কাৰখানা।” কামত ব্যস্ত থাকিলে নিয়মিত অঙ্গসঞ্চালনৰ ফলত শৰীৰ সুস্থ সৱল হয়, মন প্ৰফুল আৰু সৃষ্টিক্ষম হৈ উঠে, চিন্তা-শক্তিৰ বিকাশ ঘটে, লগতে তেনে- জনৰ সংসাৰ-যাত্ৰাও সুচল হয়। সৎভাবে, আন্তৰিকতা সহকাৰে কৰা কৰ্ম্মৰ দ্বাৰা সমাজ আৰু দেশৰো মহৎ উপকাৰ সাধিত হয়। কৰ্ম্মৰ লগত যেতিয়া আন্তৰিকতা থাকে সেই কৰ্ম্ম অনন্ত শক্তিৰ উৎস হৈ পৰে। কৰ্ম্ম এখন আৰ্চীৰ নিচিনা, ইয়াৰ মাজেৰে আমাৰ দোষ-ত্ৰুটি অক্ষমতাবোৰ ওলাই পৰে। তেতিয়া সংশোধন, অভ্যাস আৰু অনুশীলনৰ দ্বাৰা কৰ্ম্ম দোষমুক্ত আৰু নিৰ্ম্মল হৈ পৰিব। ইয়াৰ পৰা এটা কথা স্পষ্ট হয় যে বহুতে ভবাৰ দৰে মানুহ কাম কৰি কৰি নমৰে, কাম নকৰাৰ বাবেহে মৰে। কাম নকৰিলে শৰীৰত মেদ বাঢ়ে, মেদবহুল শৰীৰ নানা ৰোগ-বেমাৰৰ ভড়াল। নিষ্কৰ্মা মানুহক নানা দুশ্চিন্তা দুৰ্ভাৱনাই আগুৰি ধৰি মৃত্যু ওচৰ চপাই আনে। “চিন্তা জ্বৰো মনুষ্যানাং বস্ত্ৰানাং আতপো জ্বৰঃ”—মানুহৰ ব্যাধি চিন্তা আৰু কাপোৰৰ ব্যাধি হ’ল ৰ’দ। গতিকে দেহটোৱে কষ্ট পাব বুলি ভাবি আমি নিষ্কৰ্ম্মা হৈ বহি থাকিব নেলাগে। যিটো দেহ দুদিন পিছত জুইত জাহ যাব বা কবৰত সোমাব সেইটো দেহে দুখ পাব বুলি কৰ্ম্মহীন জীৱন যাপন কৰাটো মূৰ্খামি মাথোন। মৃত্যু যে অৱশ্যম্ভাৱী সেই কথা আমি সততে পাহৰি থাকিবলৈ যত্ন কৰো।
কিন্তু অন্তৰত মৃত্যু-ভাৱনা জাগ্ৰত কৰি ৰাখিব পাৰিলে আমাৰ ঈশ্বৰ