সমললৈ যাওক

পৃষ্ঠা:হিৰণ্ময়ী দেৱীৰ বিভিন্ন অনুভৱ.pdf/১০৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বিষয়ে ধাৰণা পৰিস্ফুট হয়। ভাবিলে আচৰিত লাগে, আজিৰ পৰা হেজাৰ ডেৰহেজাৰ বছৰ পূৰ্ব্বেও ভাৰতত আজিৰ দৰে ৰং- বিৰঙৰ চাৰ্ট, মোজা জোতা, কাণৰ কেৰু, বিভিন্ন ডিজাইনৰ আ- অলংকাৰ আদিৰ ব্যৱহাৰ হৈছিল। অজন্তাৰ বিশেষভাবে উল্লেখযোগ্য চিত্ৰসমূহ হৈছে-ওচৰা ওচৰকৈ বহি থকা চাৰিটা হৰিণ- যাৰ মূৰ মাত্ৰ একটাই; নাচি থকা ছগৰাকী নৰ্ত্তকী—যাৰ মাত্ৰ ছয়খন হাতহে দৃষ্টিগোচৰ হয়; প্ৰসাধনৰতা এগৰাকী ৰাণী—যাৰ ডিঙিৰ অলংকাৰ টৰ্চৰ পোহৰত সঁচা অলংকাৰ যেন হৈ জিলিকি উঠে; ৰাজপ্ৰাসাদৰ সমুখত হাতত ভিক্ষাপাত্ৰ লৈ দণ্ডায়মান বুদ্ধলৈ চাই থকা পত্নী যশোধৰা আৰু পুত্ৰ ৰাহুল ইত্যাদি।

 খৃষ্টপূৰ্ব্ব দুই শতিকাতে সৰ্ব্বপ্ৰথমে নিৰ্ম্মিত হোৱা বুলি ধাৰণা কৰা ১০ নং গুহাটোলৈকে আমাক পোনতে লৈ যোৱা হৈছিল। ৩৯ টা আঠকোণীয়া স্তম্ভৰে এই চৈত্য বা উপাসনা গৃহটিত এটি বিশাল বৌদ্ধস্তুপ আছে। সেইকালত বৌদ্ধমুৰ্ত্তি সজাৰ ধাৰণাই প্ৰচলিত হোৱা নাছিল। কাঠত কৰা কাৰু-কাৰ্য্যৰ আৰ্হিৰে কাটি উলিওৱা ইয়াৰ বিয়াগোম শিলৰ চালখন চালে বিস্ময়াভিভূত নহৈ নোৱাৰি। ১২ নং গুহাটো ভিক্ষুসকলৰ বাসস্থান আছিল বুলি অনুমান হয়। মূল গুহাটোক আৱৰি ১২ টা সংলগ্ন সৰু সৰু কোঠা আছে। তাৰে দুটা কোঠাত শিলৰ গাৰু সহ শৈল বিচনা কেইখন দেখিলে --খন্তেক বাগৰিবলৈ সকলোৰে হাবিয়াস হয়। প্ৰথম খ্ৰীষ্টাব্দত নিৰ্ম্মিত ১৬নং গুহাটোৰ দুৱাৰমুখত এহাল নতজানু শিলৰ হাতীয়ে আমাক আদ- ৰণি জনালে। ইতিমধ্যে ভাস্কৰ্য্য শিল্পই অগ্ৰগতি লাভ কৰাৰ চিন স্বৰূপে এই গুহাত সাঁচিস্তুপৰ পৰিবৰ্ত্তে শিক্ষাদানৰ ভংগীত বহি থকা এক বিশাল বৌদ্ধমূৰ্ত্তি আমি দেখিবলৈ পালো।

 ১৭ নং গুহাতেই অজন্তাৰ চিত্ৰকলাই চৰম উৎকৰ্ষ লাভ কৰা দেখা

॥১০২॥