সুন্দৰভাৱে ফুটাই তুলিছে।
সাম্প্ৰতিক পৃথিবীত চিৰন্তন মুল্যবোধৰ অৱক্ষয় দেখি, মানুহৰ ধবংসাত্মক প্ৰবৃত্তি, নৈতিক অধঃপতন, বস্তুসৰ্বস্ব জীৱনবোধ প্ৰত্যক্ষ কৰি কবি সততে ব্যথিত হয়; তেওঁ বুজি পায়—শ্ৰেয়ৰ পৰিবৰ্তে প্ৰেয়ৰ সন্ধানে মানুহক আজি অশান্ত, অতৃপ্ত কৰি তুলিছে; সুখৰ মৰীচিকা খেদি মানুহে দুখৰ মৰণহে সাৱটি লৈছে।
“মানুহৰ এতিয়া দুৰ্ঘোৰ অভাৱ
কৰিছে হৃদয় বিক্ৰী
অন্ধকাৰ বজাৰত।” ( অভাৱ )
কিন্তু সেই বিক্ৰীৰ বিনিময়ত মানুহে জানো প্ৰকৃতাৰ্থত কিবা পাইছে? সেই প্ৰাপ্তিৰ প্ৰাসাদৰ ভেটি অতিকৈ দুৰ্বল। কুৰি শতি- কাৰ শেষত নতুন মানুহে প্ৰৱঞ্চনাৰ ফন্দীৰে কৌশলৰ কুটিল বাহ সাজিছে। কিন্তু এজাক ৰিব্ ৰিব্ বতাহতে সি ছিন্নভিন্ন হৈ গৈছে।
তথাপিতো কবিগৰাকীয়ে জীৱনৰ প্ৰতি আস্থা হেৰুওৱা নাই। পৰিবৰ্তনশীল এই পৃথিৱীত স্থিতাৱস্তা বাহাল নাথাকে। যুগৰ এই কালিমাৰ শোধন এদিন নিশ্চয় হ’ব। এজাক নতুন বতাহ বলিছে, বতাহজাকে এটি নতুন বতৰা আনিছে। সেই বতৰা আমি জানিব লাগিব, ভাবিব লাগিব, শুনিব লাগিব-(এজাক বতাহ)।
“পথাৰত জুই জ্বলিছে
লঠঙা গছত আৰু শুকান পাতত জুই জ্বলিছে
পোহৰৰ শিখা ৰঙা হৈ উঠিছে
হাঁহাকাৰ জীৱনবোৰত লগে লগে
আশাই উকি মাৰিছে
কিজানিবা গজেই আকৌ সেউজীয়া পাত,
কোমল পাত।” (এন্ধাৰৰ পৰা পোহৰলৈ)